লাভলীনা : অভাৱত থাকিও যিয়ে অস্বীকাৰ কৰিছিল কৰ্প’ৰেটৰ বিজ্ঞাপনৰ প্ৰস্তাৱ

  • দেৱজিৎ ফুকন

কোনো ৰাষ্ট্ৰীয়  নাইবা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সফলতা লাভ কৰিলেই তেনে খেলুৱৈক টাৰ্গেট কৰি লয় বহুজাতিক কোম্পানীবোৰে৷ বিশ্ব চেম্পিয়নশ্বিপত পদক পোৱাৰ পাছত তেনে বহুজাতিক কোম্পানীৰ লক্ষ্যৰ পৰা বাচি যোৱা নাছিল লাভলীনাও৷ ডাঙৰ কোম্পেনীয়ে আগবঢ়াইছিল বিজ্ঞাপনৰ ‘অফাৰ’৷ তাৰ বিনিময়ত দিবলৈ ৰাজি হৈছিল কোটি টকা ৷ কেৱল এটা কোম্পেনী নহয়, বহুকেইটা কোম্পেনীয়ে হাতোৰা মেলিছিল লাভলীনাৰ প্ৰতিভাক তেওঁলোকৰ ব্যৱসায়িক স্বাৰ্থক ব্যৱহাৰ কৰিবলৈ ৷ আমি ইতিমধ্যে বিভিন্ন স্থানত কৈ আহিছো যে লাভলীনাহঁতৰ পৰিয়ালটোৱে আজিৰ পৰা দুটা দশকৰ পূৰ্বে আৰ্থিক অনাটনৰ মাজত দিন কটাবলগীয়া হৈছিল৷ ঘৰৰ খেতিৰে কোনোমতে বছৰটোলৈ চাউলৰ যোগাৰ হয় যদিও চলিবলৈ পইচাৰ অভাৱ৷ সেইবাবেই ২০০০ চনত তিনিবছৰীয়া লাভলীনাক এৰি দেউতাক টিকেন বৰগোহাঁয়ে বগীজানত গৈ এখন ক্ষুদ্ৰ চাহ বাগিচাত মাত্ৰ ২৫০০ টকাত চাকৰি কৰি ঘৰ চলাবলগীয়া হৈছিল৷ তেনে এক অভাৱী ঘৰৰ পৰা অহা ছোৱালীজনী কিন্তু বহুজাতিক কোম্পানীৰ প্ৰলোভনত ভোল নগ’ল ৷ স্পষ্ট ভাষাৰে প্ৰত্যাখ্যান কৰিলে বহুজাতিক কোম্পানীৰ বিজ্ঞাপনৰ প্ৰস্তাৱ৷ কিয়নো লাভলীনাৰ লক্ষ্য তেতিয়া মাথোঁ অলিম্পিকৰ কাৰণে যোগ্যতা অৰ্জন কৰা ৷

ইয়াত পঢ়ক-লাভলীনা বৰগোহাঁইৰ নীৰৱ , কঠিন , কষ্টকৰ জীৱন সংগ্ৰামৰ কাহিনী-১

                  লাভলীনা বৰগোহাঁইৰ নীৰৱ , কঠিন , কষ্টকৰ জীৱন সংগ্ৰামৰ কাহিনী-২

                  লাভলীনা বৰগোহাঁইৰ নীৰৱ , কঠিন , কষ্টকৰ জীৱন সংগ্ৰামৰ কাহিনী-৩

The Greatest Show of Earth হিচাপে জনাজাত অলিম্পিকত পদক লাভ কৰাটো  দূৰৈৰ কথা, যোগদানৰ কাৰণে যোগ্যতা অৰ্জন কৰাটোৱেই বিশ্বৰ লক্ষ লক্ষ খেলুৱৈৰ সপোন৷ লাভলীনা অসমৰ পঞ্চম গৰাকী অলিম্পিক খেলুৱৈ আৰু প্ৰথম মহিলা খেলুৱৈ৷ ১৯৪৮ চনত অবিভক্ত অসমৰ পৰা টি আও ভাৰতীয় অলিম্পিক দলৰ প্ৰতিনিধি হিচাপে যোগদান কৰাৰ পাছত ১৯৯২ চনৰ আটলাণ্টা অলিম্পিকত বেডমিণ্টনত দীপাংকৰ ভট্টাচাৰ্য, ২০১২ চনত লণ্ডন অলিম্পিকত আৰ্চাৰীত জয়ন্ত তালুকদাৰ, ২০১৬ চনত ৰিয়’ অলিম্পিকত বক্সিঙত শিৱ থাপা আৰু ২০২০ বৰ্ষৰ টকিঅ’ অলিম্পিকলৈ নিৰ্বাচিত হৈছে আমাৰ সকলোৰে মৰমৰ বৰপথাৰ বাৰমুখীয়াৰ কন্যা লাভলীনা৷ ২৪ তাৰিখৰ খেলখনত বাই পোৱাৰ পাছত প্ৰি-কোৱাৰ্টাৰ ফাইনেল খেলখন অনুষ্ঠিত হ’ব ২৭ জুলাইৰ পুৱা ১০.৫৭ বজাত৷ আনহাতে , সফলতা লাভ কৰিলে পৰৱৰ্তী ৰাউণ্ডসমূহৰ খেল আছে ক্ৰমে ৩০ জুলাই, ৪ আগষ্ট আৰু ৭ আগষ্টত৷ এইবাৰ ৬৯ কেজি শাখাত ৩২ গৰাকী খেলুৱৈৰ ভিতৰত সৰ্বাধিক ১৪ গৰাকী খেলুৱৈয়ে নাম প্ৰত্যাহাৰ কৰাত প্ৰতিযোগিতাত ১৮ গৰাকী খেলুৱৈ ৰৈ গৈছে৷ আমাৰ গভীৰ প্ৰত্যাশা, এইসকল খেলুৱৈৰ মাজত লাভলীনা জিলিকি উঠিবলৈ সক্ষম হ’ব৷ ‘গাঁৱলীয়া বাটেৰে লুইতৰ ঘাটেৰে জগত সভালৈ’ যোৱা ছোৱালীজনী সফল হওক আৰু ইতিহাসৰ পাতত নিজৰ নাম সোণালী আখৰেৰে খোদিত কৰক তাৰেই কামনা কৰোঁ৷

(লেখক গোলাঘাটৰ ডি আৰ কলেজৰ সহযোগী অধ্যাপক)

 

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296