শ্ৰেণী সবিশেষ

অৱশেষত আমেৰিকাত গৃহীত হ’ল ‘One Big Beautiful Bill’

ছিনেটৰ ভোট যুদ্ধত জয়ী হ’ল ড’নাল্ড ট্ৰাম্প। অৱশেষত গৃহীত হ’ল ‘One Big Beautiful Bill’। মঙলবাৰে আমেৰিকাৰ ছিনেটত উপ-ৰাষ্ট্ৰপতি জে ডি ভ্যান্সৰ টাই ব্ৰেকিং ভোটেৰে গৃহীত হ’ল বহু বিতৰ্কিত বিলখন। বিলৰ বিপক্ষে ভোট দিলে ডেমক্ৰেটিক পাৰ্টিৰ সদস্যসকলে। ডেমক্ৰেটিক পাৰ্টিৰ লগতে এই…

Indo Pak War: ৯৩ হাজাৰ পাকিস্তানী সেনাই  আত্মসমৰ্পণ কৰা সেই দিনটো

‘পূৱৰ ৰণাংগনত ভাৰত আৰু বাংলাদেশৰ যৌথ সামৰিক বাহিনীৰ কামাণ্ডাৰ ইন ছীফ লেফটেনেণ্ট জেনেৰেল জগজিত সিং অৰোৰাৰ ওচৰত পাকিস্তানৰ ইষ্টাৰ্ণ কামাণ্ডৰ সকলো সামৰিক বাহিনীয়ে আত্মসমৰ্পণৰ বাবে সন্মত হৈছে৷ এই আত্মসমৰ্পণ পাকিস্তানৰ সেনা, নৌ আৰু বিমান বাহিনী তথা সামৰিক আৰু অসামৰিক সশস্ত্ৰ…

১৯৭১ত কেনেকৈ পাকিস্তানক দুফাল কৰিছিল ভাৰতে?

আৰম্ভ হ’ল ভাৰত পাকিস্তানৰ সমুখ সমৰ৷ পহলগাম আক্ৰমণৰ যথোচিত প্ৰত্যুত্তৰ দিলে ভাৰতে। ইয়াৰ লগে লগে প্ৰশ্ন উঠিছে-পুনৰাবৃত্তি হ’ব নেকি ১৯৭১ৰ? কি ঘটিছিল ১৯৭১ত? কেনেকৈ আমেৰিকা আৰু চীনৰ প্ৰবল প্ৰত্যাহ্বানকো নেওচি ভাৰতে বিজয় সাব্যস্ত কৰিছিল? কিদৰে পাকিস্তানক দুফাল কৰি জন্ম দিছিল…

POK- আচলতে কিমান ‘আজাদ’?

চিৰবৈৰী পাকিস্তানে অবৈধভাৱে দখল কৰা অঞ্চল-‘আজাদ কাশ্মীৰ’ আৰু ‘গিলগিট-বাল্টিস্তান’। যাক কোৱা হয় POK বা Pakistan Occupied Kashmir। ১৯৪৭ চনত যিসময়ত পূৰ্বৰ ৰাজকীয় ৰাজ্য জম্মু আৰু কাশ্মীৰ আনুষ্ঠানিক আৰু আইনগতভাৱে ভাৰতত চামিল হৈছিল, সেই সময়তে অবৈধভাৱে পাকিস্তানে দখল কৰি লৈছিল জম্মু…

মহাত্মা গান্ধীয়ে যদি এতিয়া নিৰ্বাচন খেলিলেহেঁতেন!

মহাত্মা গান্ধীয়ে যদি এতিয়া নিৰ্বাচন খেলিলেহেঁতেন, ফলাফল কি হ’লহেঁতেন! মহাত্মা গান্ধীয়ে আজিৰ পৰিস্থিতিত ভাৰতত নিৰ্বাচনত অৱতীৰ্ণ হ’লে নিশ্চিত পৰাজয়ৰ সন্মুখীন হোৱাই নহয়, আমানতৰ ধনো জব্দ হ’লহেঁতেন ৷ শেহতীয়া কেইবাটাও সাক্ষাৎকাৰত প্ৰত্যয়ৰে এই ঘোষণা কৰিছে দেশৰ আগশাৰীৰ সাংবাদিক ৰাজদ্বীপ সৰদেশায়ে ৷…

আদানীৰ পৰা অনুদান ল’লেও হ’ব কলংকিত!

গৌতম আদানী এতিয়া বিশ্বজুৰি দুৰ্নীতিৰ প্ৰতীক হৈ পৰিছে। গৌতম আদানীৰ সৈতে সম্পৰ্ক ছেদ কৰিব বিচাৰিছে বিভিন্ন দেশে। আমেৰিকাই গৌতম আদানীৰ কু-কীৰ্তি উদঙাই দিয়া পাছত কেনিয়া, বাংলাদেশ, শ্ৰীলংকা আদি দেশে আদানী গ্ৰুপৰ সৈতে থকা তেওঁলোকৰ চুক্তি সম্পৰ্কত মুখ খুলিবলৈ বাধ্য হৈ পৰিছে। আনফালে ভাৰততো এই লৈ ব্যাপক প্ৰতিক্ৰিয়া হৈছে। বিশেষকৈ অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীৰ সৈতে গৌতম আদানীৰ সাক্ষাত্ আৰু ঘোচ দিয়াৰ প্ৰসংগ ওলোৱাৰ পাছত সন্দেহৰ আৱৰ্তত সোমাই পৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও। অন্ধ্ৰপ্ৰদেশৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে জগন মোহন আৰু আদানীৰ ঘোচ দিয়া প্ৰসংগত তদন্ত কৰাৰ লগতে কঠোৰ হ’ব বুলিও ঘোষণা কৰিছে। এনে সময়তে গৌতম আদানী সম্পৰ্কত এইবাৰ কঠোৰ হৈছে তেলেংগানা। তেলেংগানা চৰকাৰে আদানী গ্ৰুপৰ ১০০ কোটি টকাৰ অনুদানৰ প্ৰস্তাৱ নাকচ কৰিছে। আদানী গ্ৰুপে এই অনুদান ইয়ং ইণ্ডিয়া স্কিল ইউনিভাৰ্চিটিৰ বাবে প্ৰদান কৰিছিল। কিন্তু বিশ্বজুৰি কেলেংকাৰীৰ প্ৰতীক হৈ পৰা গৌতম আদানীৰ সৈতে সম্পৰ্ক ৰাখি বা তেওঁৰ কোম্পানীৰ পৰা অনুদান লৈ কোনেও নিজৰ গাত ক’লা ৰং সানিব খোজা নাই। যাৰ বাবে আদানী গ্ৰুপৰ এই অনুদান নাকচ কৰাৰ কথা সোমবাৰে এখন সংবাদমেলত সদৰি কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান আদানী গ্ৰুপ যি বিতৰ্কত সাঙোৰ খাই পৰিছে সেই বিতৰ্কৰ বাবেই এই সিদ্ধান্ত তেওঁলোকে গ্ৰহণ কৰিছে। চান্দা গ্ৰহণ কৰিলে তেলেংগানাৰ ৰাজ্য চৰকাৰ আৰু মোৰ নিজৰ ভাবমূৰ্তিৰ ক্ষতি হ’ব পাৰে বুলি আদানী গ্ৰুপৰ এই অনুদান নস্যাত্ কৰিলে ৰাজ্যখনৰ চৰকাৰে। এই কথা জনাই দেওবাৰে আদানী গ্ৰুপলৈ এখন চিঠিও প্ৰেৰণ কৰিছে তেলেংগানা চৰকাৰে। এই চিঠি যোগে আদানী গ্ৰুপক ১০০ কোটি টকা বিশ্ববিদ্যালয়লৈ হস্তান্তৰ নকৰিবলৈ অনুৰোধ জনাইছে ৰেৱন্ত ৰেড্ডীৰ চৰকাৰে। লগতে তেওঁলোকে এই কথাও জানিবলৈ দিয়ে যে, বহু কোম্পানীয়ে বিশ্ববিদ্যালয়খনক ধন দিছে যদিও তেলেংগানা চৰকাৰে এতিয়াও কোনো গোটৰ পৰা একাউণ্টত এটকাও লোৱা নাই।
উল্লেখ্য যে, আমেৰিকাৰ আদালতত কোটি কোটি টকাৰ প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপন হৈছে উদ্যোগপতি গৌতম আদানীকে ধৰি ৮ জন ব্যক্তিৰ বিৰুদ্ধে। যোৱা ২০ নৱেম্বৰত নিউয়ৰ্কৰ আদালতত অনুষ্ঠিত শুনানিত গৌতম আদানী, তেওঁৰ ভতিজা সাগৰ আদানী, বিনীত জৈন, ৰঞ্জিত গুপ্তা, এজিউৰ পাৱাৰৰ চাইৰিল কেবানিছ, সৌৰভ আগৰৱালা, দীপক মালহোত্ৰা আৰু ৰূপেশ আগৰৱালক অভিযুক্ত হিচাপে ঘোষণা কৰা হয়। সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, গৌতম আদানী আৰু সাগৰৰ আদানীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানাও জাৰি কৰা হৈছে। আমেৰিকাৰ এটৰ্নীৰ কাৰ্যালয়ে জনোৱা মতে, ভাৰতত সৌৰশক্তিৰ সৈতে জড়িত চুক্তি লাভৰ বাবে আদানীয়ে ভাৰতীয় ক্ষমতাশালী লোকক ২৬৫ মিলিয়ন ডলাৰ ভাৰতীয় হিচাপত প্ৰায় ২২০০ কোটি টকা উৎকোচ দিছিল বা দিবলৈ পৰিকল্পনা কৰিছিল। এই অভিযোগ উত্থাপন হোৱা পাছতেই গৌতম আদানীৰ কোম্পানীৰ সৈতে চুক্তি স্বাক্ষৰ কৰা দেশে সেই চুক্তি সন্দৰ্ভত মুখ খুলিবলৈ বাধ্য হৈছে। আনকি কেনিয়াই আদানী গ্ৰুপৰ সৈতে থকা একাধিক চুক্তি বাতিলো কৰিছে।
আনফালে গৌতম আদানী সম্পৰ্কে বিৰোধীয়ে চলিত শীতকালীন অধিৱেশনত আলোচনা বিচাৰিছে যদিও অধ্যক্ষই তেওঁলোকক আলোচনাৰ অনুমতি প্ৰদান কৰা নাই। কিন্তু কিয় ভাৰত চৰকাৰ আদানী সম্পৰ্কত ৰহস্যজনক স্থিতিত অৱস্থান লৈছে, সেয়াহে আজিৰ দিনটোত এক গুৰুত্বপূৰ্ণ প্ৰশ্ন।

আমেৰিকাত ফাদিল অসমত বিদ্যুৎ বিক্ৰী কৰা এজিউৰৰ ক’লা অধ্যায়

অধিক দামত বিদ্যুৎ বিক্ৰী কৰিবলৈ ৰাজ্যই ৰাজ্যই এজিউৰে দিছিল উৎকোচ। এক মেগাৱট বিদ্যুৎ ক্ৰয়ৰ বিনিময়ত ২৫ লাখকৈ উৎকোচ এজিউৰৰ। এজিউৰৰ পৰা ২৫ বছৰলৈ বিদ্যুৎ ক্ৰয়ৰ চুক্তি অসম চৰকাৰৰ। তদন্ত হ’বনে কৃষকৰ মাটি কাঢ়ি ব্যৱসায় কৰা এজিউৰৰ দুৰ্নীতিৰ?

পেকেজৰ নামত প্ৰধানমন্ত্ৰীৰ প্ৰতাৰণাঃ বানপানীৰ ২৩৫০ কোটিৰ পেকেজৰ পৰা অসমে পালে কেৱল ১০১ কোটি

২০১৭ ৰ ১ আগষ্টত উত্তৰ পূবৰ বান- প্ৰাকৃতিক দুৰ্যোগৰ বাবে ২৩৫০ কোটিৰ পেকেজ ঘোষণা। ২৩৫০ কোটিৰ পেকেজৰ পৰা ৫ ৰাজ্যক  মোকলাই দিলে কেৱল ১৯৭.৮৩ কোটি টকা।
১৪৫০ কোটি পাবলগীয়া অসমে পালে মাত্ৰ ১০১.৫২ কোটি।

Exclusive: বৃহৎ বেংক জালিয়াতি : এপেক্স বেংকত বিশ্বজিত ফুকনৰ ঘনিষ্ঠৰ সিন্ধি

অৰূপ কলিতা এইবাৰ অসমত ওলাইছে বিজয় মালিয়া , নীৰৱ মোদীৰ নতুন অৱতাৰ ৷ বেংক জালিয়াতিৰে এপেক্স বেংকৰ অধ্যক্ষ বিশ্বজিত ফুকনৰ ঘনিষ্ঠ বুলি পৰিচিত এগৰাকী ব্যৱসায়ীয়ে লাভ কৰিলে  ২০ কৌটি ৩০ লাখ টকা ৷ সাৰদা কেলেংকাৰীত নাম সাঙোৰ খোৱা এইগৰাকী ব্যক্তিক অসম কো…

৭৫ শতাংশৰ মতে নিবনুৱা সমস্যা সমাধানত বিফল অসম চৰকাৰ! দ্য ক্ৰছকাৰেণ্টৰ সমীক্ষা

( এই প্ৰতিবেদন গুৱাহাটী বিশ্ববিদ্যালয়,ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু কটন বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু গণসংযোগ বিভাগৰ ছাত্ৰছাত্ৰীৰ সহযোগত এই প্ৰতিবেদন যুগুত কৰা হৈছে।) ৭৫ শতাংশৰ মতে নিবনুৱা সমস্যা সমাধানত সফল হোৱা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ অসম চৰকাৰ।যি সময়ত ১ লাখ চাকৰি নিযুক্তিৰ…