সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

Indo Pak War: ৯৩ হাজাৰ পাকিস্তানী সেনাই  আত্মসমৰ্পণ কৰা সেই দিনটো

‘পূৱৰ ৰণাংগনত ভাৰত আৰু বাংলাদেশৰ যৌথ সামৰিক বাহিনীৰ কামাণ্ডাৰ ইন ছীফ লেফটেনেণ্ট জেনেৰেল জগজিত সিং অৰোৰাৰ ওচৰত পাকিস্তানৰ ইষ্টাৰ্ণ কামাণ্ডৰ সকলো সামৰিক বাহিনীয়ে আত্মসমৰ্পণৰ বাবে সন্মত হৈছে৷ এই আত্মসমৰ্পণ পাকিস্তানৰ সেনা, নৌ আৰু বিমান বাহিনী তথা সামৰিক আৰু অসামৰিক সশস্ত্ৰ বাহিনীৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব৷ এই বাহিনীসমূহ য’তেই আছে, তাতেই জগজিত সিং অৰোৰাৰ অধীনষ্ঠ সেনা বিষয়াৰ ওচৰত আত্মসমৰ্পণ কৰিব৷ এই চুক্তি স্বাক্ষৰৰ লগে লগে পাকিস্তানৰ পূৰ্বাঞ্চলীয় সামৰিক কামাণ্ড লেফটেনেণ্ট জেনেৰেল অৰোৰাৰ অধীনলৈ যাব৷ নিৰ্দেশ নামানিলে সেয়া আত্মসমৰ্পণৰ চৰ্ত উলংঘা কৰা বুলি গণ্য কৰা হ’ব আৰু সেই অনুসৰি যুদ্ধৰ স্বীকৃত আইন অনুযায়ী ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ আত্মসমৰ্পণৰ চৰ্তৰ কোনো অৰ্থক লৈ সন্দেহৰ সৃষ্টি হ’লে, লেফটেনেণ্ট জেনেৰেল অৰোৰাৰ সিদ্ধান্তই হ’ব চূড়ান্ত৷’

ভাৰতীয় মান অনুসৰি সময় আছিল বিয়লি ৪ বাজি ৩১ মিনিট৷ তাৰিখ ১৬ ডিচেম্বৰ ১৯৭১৷ স্থান ঢাকা৷ এইদৰেই চুক্তিপত্ৰত চহী কৰি ভাৰতীয় সেনাৰ ওচৰত আত্মসমৰ্পণ কৰিছিল পাকিস্তানে৷ আত্মসমৰ্পণৰ দলিলত চহী কৰিছিল পাকিস্তানী সেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ লেফটেনেণ্ট জেনেৰেল আমিৰ আব্দুল্লা খান নিয়াজীয়ে

- Donation -

সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক পাকিস্তানৰে ভাৰতৰ যুদ্ধ আসন্ন হৈ উঠিছে৷ তাৰ লগে লগে সজীৱ হৈ পৰিছে ১৯৭১ৰ যুদ্ধৰ স্মৃতিও৷ যিখন যুদ্ধত ভাৰতৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হৈছিল পাকিস্তান৷ ১৩ দিনৰ তৈয়া মৈয়া যুদ্ধৰ অন্তত ৯৩ হাজাৰ পাকিস্তানী সেনাই এইদৰে আত্মসমৰ্পণৰ দলিল স্বাক্ষৰ কৰি ভাৰতৰ ওচৰত আত্মসমৰ্পণ কৰিছিল৷

১৯৭১ৰ যুদ্ধত কেনেকৈ পাকিস্তানক দুফাল কৰি ভাৰতে স্বাধীন বাংলাদেশৰ জন্ম দিছিল, সেয়া ইতিমধ্যে আমাৰ প্ৰতিবেদনত উল্লেখ কৰিছোঁ৷ আজি ক’বলৈ গৈ আছো সেই বিশেষ মুহূৰ্তৰ কথা৷ যি মুহূৰ্তত ভাৰতীয় সেনাৰ আক্ৰমণ প্ৰতিহত কৰিব নোৱাৰি আত্মসমৰ্পণ কৰিবলৈ বাধ্য হৈছিল পাকিস্তান৷

ভাৰত–পাকিস্তানৰ মুখামুখি যুদ্ধ আৰম্ভ হৈছিল ১৯৭১ৰ ৩ ডিচেম্বৰত৷ ১০ দিন যুদ্ধ কৰাৰ পাছত ১৩ ডিচেম্বৰত ভাৰতীয় সেনাই প্ৰৱেশ কৰিলে ঢাকাত৷ ঢাকা তেতিয়াও পাকিস্তানী সেনাৰ দখলত৷ পাকিস্তানে কেতিয়াও ঢাকা অথবা বাংলাদেশক এৰি দিব নিবিচাৰে৷ কিন্তু ভাৰতেও অংগীকাৰ কৰিছিল পাকিস্তানক দুফাল কৰি স্বাধীন বাংলাদেশৰ জন্ম দিবলৈ৷ পাকিস্তানক পোনপটীয়া সমৰ্থন জনাই আছিল আমেৰিকা আৰু চীনে৷ কিন্তু যুদ্ধৰ মতি গতি ভাল নেদেখি চীনেও ৰহস্যজনক স্থিতি ল’বলৈ আৰম্ভ কৰিছিল৷

এনে পৰিস্থিতিত ১৯৭১ চনৰ ১০ ডিচেম্বৰত মাৰ্কিন নিৰাপত্তা উপদেষ্টা হেনৰি কিচিঞ্জাৰ আৰু  ৱাশ্বিংটনস্থিত চীনৰ ৰাষ্ট্ৰদূত হুৱাং হুৱাৰ মাজত জৰুৰী বৈঠক বহিল৷ কিচিঞ্জাৰৰ প্ৰথম প্ৰস্তাৱ আছিল যে–ভাৰতৰ কুচকাৱাজক যদি চীনে নিজৰ প্ৰতি ভাবুকি বুলি গণ্য কৰে, এই কুচকাৱাজক প্ৰতিহত কৰাৰ দায়িত্ব লয়, তেনেহ’লে ভৱিষ্যতে চীনৰ বিৰুদ্ধে চলা সকলো কাম কাজত আমেৰিকাই বাধা দিব৷ পশ্চিম পাকিস্তান আক্ৰমণ কৰিবলৈ ভাৰতে যি প্ৰস্তুতি চলাইছে, তাক বাধা দিবলৈ চীনক পোনপটীয়াকৈ আহ্বান জনালে আমেৰিকাই৷ কিচিঞ্জাৰৰ দীঘলীয়া বুজনি আৰু আহ্বানৰ পাছত হুৱাং হুৱাই দাৰ্শনিকসদৃশ উত্তৰ দিলে–‘যদি পূৱৰ পৰা সূৰ্য উদয় নহয়, পশ্চিমৰ পৰা হ’ব৷ যদি দক্ষিণত অন্ধকাৰ বিৰাজ কৰিছে, তেনেহ’লে উত্তৰত নিশ্চয় পোহৰ আছে৷ আমি যদি কোনোবা এখন ঠাইত পৰাজয়ৰ আশংকাত আমি মিলিত হৈছে, আন কৰবাত আমি নিশ্চয় জিকিম৷’

হুৱাং হুৱাৰ উত্তৰত কিচিঞ্জাৰৰ অৱধাৰিতভাৱে খং উঠিল৷ অথচ শান্তভাৱেই ক’বলৈ চেষ্টা কৰিলে–এই সকলোবোৰ কথাই সঁচা৷ কিন্তু এতিয়া তাৎক্ষণিক সমস্যাৰ উদ্ভৱ হৈছে৷ গতিকে তাৎক্ষণিক সমাধানৰ বাবে চেষ্টা কৰিব লাগে৷ হুৱাং হুৱাৰ পৰা কোনো স্পষ্ট উত্তৰ নাপাই নিৰাশ হ’ল কিচিঞ্জাৰ৷ শেষত তেওঁ ক’লে যে আমেৰিকাই চীনৰ পৰা সামৰিক সহায় বিচাৰিছিল৷ সহায় কৰা নকৰাটো চীনৰ নিজা বিষয়৷

বৈঠক ব্যৰ্থ হোৱাৰ পাছত চীনৰ লগত আলোচনা ব্যৰ্থ হোৱাৰ পাছত আমেৰিকাই এইবাৰ টোকৰ দিলেগৈ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ দুৱাৰত৷ ইয়াৰ পূৰ্বেও আমেৰিকাই পৰিষদৰ বৈঠকত ভাৰত আৰু পাকিস্তানৰ যুদ্ধবিৰতিৰ প্ৰস্তাৱ দিছিল৷ ছোভিয়েট ইউনিয়নৰ বাধাৰ বাবে সেয়া গৃহীত নহ’ল৷ তাৰ পাছতো মস্কোৱে এই সংঘাতৰ সুবিধাজনক আৰু গ্ৰহণযোগ্য সমাধান বিচাৰিছিল৷ যুদ্ধৰ সামৰণি আশা কৰিছিল৷

ইপিনে, দিল্লীত ছোভিয়েটৰ ৰাষ্ট্ৰদূতে সাক্ষাৎ কৰিলে ইন্দিৰা গান্ধীৰ প্ৰধান পৰামৰ্শদাতা পি এন হাকচাৰক৷ হাকচাৰৰ হাতত তুলি দিলে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱৰ কেইটামান নীতি৷ লগতে বাংলাদেশক ক্ষমতা হস্তান্তৰৰ জৰিয়তে যুদ্ধৰ যৱনিকা পেলোৱাৰ প্ৰস্তাৱ৷ কোৱা হ’ল ছোভিয়েটৰ বৈদেশিক মন্ত্ৰীৰ লগত ইন্দিৰা গান্ধীৰ বৈঠকৰ পূৰ্বেই বিষয়টো ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বিবেচনালৈ আনিব লাগে৷ হাকচাৰে আশংকা প্ৰকাশ কৰিলে–ইমান কম সময়ৰ ভিতৰত প্ৰধানমন্ত্ৰীয়ে কেবিনেটৰ সৈতে কথা পাতি সিদ্ধান্ত লোৱাটো কিমানদূৰ সম্ভৱ হয়, তাত সন্দেহ আছে৷ তাৰ পাছতো ছোভিয়েটৰ ৰাষ্ট্ৰদূতৰ বিনম্ৰ আহ্বান-সঠিক সময়ত যেন সঠিক সিদ্ধান্ত লোৱা হয়৷ কিন্তু তাৰ পূৰ্বেই ভাৰতীয় সেনাই প্ৰৱেশ কৰিলে ঢাকাত৷ ৰাজ্যপালৰ বাসভৱনত আক্ৰমণ আৰম্ভ হ’ল৷ বোমাৰ আঘাতত কঁপি উঠিল ৰাজভৱন৷ গভীৰ নিশালৈ ঢাকাৰ ৰাজভৱনত চলিল ভাৰতীয় সেনাৰ আক্ৰমণ৷ পাকিস্তানৰ জেনেৰেল ইয়াহিয়া খানৰ পৰা ঢাকাৰ ৰাজ্যপাললৈ খবৰ আহিল–প্ৰতিৰোধ কৰাৰ ক্ষমতা তেওঁৰ আৰু নাই৷ আত্মসমৰ্পণৰ বিকল্প নাই৷ ঘৰৰ ভিতৰত আৱদ্ধ হৈ পৰা ৰাজ্যপালৰ এ এম মালিকে চিন্তা বিবেচনাৰ মাজত শেষ সিদ্ধান্তত উপনীত হ’ল–আত্মসমৰ্পণৰ বিকল্প নাই৷ ইপিনে, ইন্দিৰা গান্ধীকো গভীৰ নিশালৈ পি এন হাকচাৰে এটাই কথা বুজাবলৈ চেষ্টা কৰিলে যে বাংলাদেশত সামৰিক অভিযান শেষ কৰিবলৈ যিমানেই সময় লোৱা হ’ব, সিমানেই জটিলতাৰ উদ্ভৱ হ’ব৷ শত্ৰু পক্ষই নতুন নতুন কূটকৌশলৰ আশ্ৰয় ল’বলৈ সুযোগ পাব৷ ইয়াৰ পাছত ১৪ ডিচেম্বৰত ছোভিয়েট ইউনিয়নৰ পৰা আমেৰিকালৈ এটা বাৰ্তা প্ৰেৰণ কৰা হ’ল–পশ্চিম পাকিস্তান আক্ৰমণ কৰাৰ কোনো পৰিকল্পনা তেওঁলোকৰ নাই৷ ভাৰতেও যুদ্ধ সামৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে৷ কিন্তু একেসময়তে বাংলাদেশৰ ক্ষমতা নিৰ্বাচিত জনপ্ৰতিনিধিৰ হাতলৈ হস্তান্তৰ হোৱাটো বিচাৰিছে৷

১৫ ডিচেম্বৰত পাকিস্তানৰ লেফটেনেণ্ট জেনেৰেল এ কে নিয়াজী, ৰাজ্যপালৰ সামৰিক উপদেষ্টা ফাৰমান আলীৰ ঢাকাস্থিত আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ সৈতে আলোচনা হ’ল৷ আলোচনাৰ পাছত যুদ্ধ বিৰতিৰ প্ৰস্তাৱ নতুন দিল্লীলৈ প্ৰেৰণ কৰিবলৈ আহ্বান জনালে৷ কিন্তু সেইদিনাও পাকিস্তানৰ সেনা বিষয়াদ্বয় আত্মসমৰ্পণৰ দৰে শব্দ ব্যৱহাৰৰ পৰা বিৰত থাকিল৷

এই লৈ নতুন দিল্লীত দীঘলীয়া আলোচনা বহিল৷ প্ৰশ্ন উত্থাপন হ’ল–নিয়াজীৰ দৰে বিষয়াৰ যুদ্ধ বিৰতিৰ প্ৰস্তাৱ দিয়াৰ কৰ্তৃত্ব আছে জানো? কাৰণ তেতিয়াও ঢাকাত অস্ত্ৰসহ পাকিস্তানী সেনাই অৱস্থান কৰি আছিল৷ ভাৰতৰ সেনা প্ৰধানৰ পৰা জেনেৰেল নিয়াজীলৈ স্পষ্ট বাৰ্তা দিয়া হ’ল–বাংলাদেশত নিয়োজিত হৈ থকা সকলো পাকিস্তানী সেনাক তৎকালে যুদ্ধবিৰতি আৰু অস্ত্ৰসমৰ্পণৰ নিৰ্দেশ দিব লাগিব৷ ভাৰতৰ সদিচ্ছাৰ চিন স্বৰূপে সেইদিনা বিয়লি ৫ বজাৰ পৰা আকাশমাৰ্গৰ আক্ৰমণ বন্ধ থাকিব৷ যদিহে পাকিস্তানৰ সদিচ্ছা দেখা নাযায়, তেনেহ’লে পাছদিনা পুৱা ৯ বজাৰ পৰা পুনৰ আক্ৰমণ আৰম্ভ হ’ব৷

১৬ ডিচেম্বৰৰ পুৱাই জেনেৰেল নিয়াজীয়ে দিল্লীলৈ বাৰ্তা র্প্ৰেৰণ কৰিলে যে ভাৰতৰ চৰ্ত পূৰণ কৰিবলৈ আৰু অলপ সময়ৰ প্ৰয়োজন হ’ব৷ তেতিয়ালৈ যুদ্ধবিৰতিৰ চৰ্তাৱলী সম্পূৰ্ণ কৰা হ’ব৷ ভাৰতে তেওঁ বিচৰা মতেই সময় দিলে৷

দুপৰীয়া জেনেৰেল জে এফ আৰ জেকবৰ হেলিকপ্তাৰ লেণ্ড কৰিলে ঢাকাত৷ সেনাপ্ৰধান মানেকশ্বই জেকবৰ লগত আলোচনা কৰি আত্মসমৰ্পণৰ চূড়ান্ত সময়সীমা ঘোষণা কৰিলে৷ বিয়লি ৪ বজাৰ ভিতৰত সকলো পাকিস্তানী সেনাক অস্ত্ৰ সমৰ্পণ কৰিবলৈ কোৱা হ’ল৷ দুপৰীয়া প্ৰায় ১ বজাত নিয়াজীৰ কাৰ্যালয়ত উপস্থিত হ’ল জেনেৰেল জেকব৷ পাকিস্তানী সেনাৰ ওচৰত যে এতিয়া আৰু নি:শ্চৰ্ত আত্মসমৰ্পণৰ বাহিৰে আন কোনো উপায় নাই, সেয়া ভালদৰে বুজাই দিয়া হ’ল৷

কিছু সময় পাছত ঢাকাত উপস্থিত হ’ল ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কামাণ্ডাৰ জেনেৰেল জগজিত সিং অৰোৰা৷ সূৰ্যাস্তৰ পূৰ্বেই দুয়োপক্ষৰ মাজত স্বাক্ষৰ হ’ল যুদ্ধবিৰতিৰ চুক্তি৷ সময় আছিল বিয়লি ৪ বাজি ৩১ মিনিট৷ তাৰিখ ১৬ ডিচেম্বৰ ১৯৭১৷ সেইদিনাই ভাৰতৰ সৈতে যুদ্ধত তিস্তিব নোৱাৰি ৯৩ হাজাৰ পাকিস্তানী সেনাই আত্মসমৰ্পণ কৰিবলগীয়া হৈছিল৷

Leave A Reply

Your email address will not be published.