শ্ৰেণী ৰাজ্য

অসমৰ বানঃ প্ৰতিশ্ৰুতি নহয়, বাস্তৱ সমাধান লাগে

মহাপ্ৰলয়ৰ ১৮ দিন পাছত প্ৰধানমন্ত্ৰীৰ দূত হৈ অসমলৈ আহিছে কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা৷ বানপীড়িত অঞ্চল ভ্ৰমণ কৰি মন্ত্ৰীগৰাকীয়ে সকলো প্ৰকাৰৰ সহায়ৰ আশ্বাস দিছে৷ এই আশ্বাস কোনো নতুন কথা নহয়৷ ইয়াৰ আগতেও চৰকাৰে বহুবাৰ আশ্বাস দিছে৷ আনকি প্ৰতিবাৰেই নিৰ্বাচনৰ এটা…

বান সমস্যা সমাধানৰ বাবে ৫ বছৰত অসমক মাত্ৰ ৩৪২ কোটি

অসমৰ বান আৰু খহনীয়া সমস্যা সমাধানৰ বাবে বিগত ৫ বছৰত কেন্দ্ৰীয় চৰকাৰে মোকলাই দিছে মাত্ৰ ৩৪২ কোটি টকা৷ হয়, আপুনি বিশ্বাস কৰকেই বা নকৰক, এই কথাই সত্য৷ খোদ লোকসভাৰ মজিয়াত এই তথ্য দাঙি ধৰিছে ড’নাৰ মন্ত্ৰালয়ে৷ বুধবাৰে লোকসভাৰ মজিয়াত এই…

এটা ব্যৰ্থ ব্যৱস্থা, এখন নিৰুদ্দিষ্ট চৰকাৰ আৰু এটা মাফিয়া চক্ৰ | শিৱসাগৰৰ প্ৰলয়ক কেৱল পৰিসংখ্যাৰে নুজুখিব

১৯ জুলাই, দেওবাৰৰ দুপৰীয়ালৈ শান্ত, সমৃদ্ধ অথচ তৰুণ আৰু চঞ্চল হৈ থকা শিৱসাগৰ, চৰাইদেউৰ গাঁৱবোৰ নিশাটোৰ ভিতৰতে তচনচ হৈ গ’ল৷ যেন কোনো শত্ৰু ৰাষ্ট্ৰৰ আকস্মিক আক্ৰমণত বিধ্বস্ত হৈ পৰিল উজনিৰ এই বৃহত্তৰ অঞ্চলটো৷ এই মহাপ্ৰলয়ত চকুৰ আগত পানীত মিহলি হৈ…

মহাপ্ৰলয়ৰ পাছৰ নাজিৰাঃ ঘৰবোৰ পোত খাইছে বোকাত, মানুহৰ মনবোৰ হুমুনিয়াহত

বতাহত কেচেমা কেচেম গোন্ধ৷ মুখ মেলিলেই ওকালি অহা দুৰ্গন্ধ৷ পথৰ কাষে কাষে মৃত গৰু-ছাগলীৰ শৱদেহ৷ ১৯ জুলাই, দেওবাৰৰ বিয়লিলৈ সুখে-সন্তোষে থকা নাজিৰাৰ হুলাং কাটনি গাঁৱৰ পাছৰতো দেওবাৰ অৰ্থাৎ ২৬ জুলাইৰ পৰিৱেশ এয়া৷ এবুকু বোকা পানীত ডুব গৈ থকা ঘৰখনলৈ চাই দুখ…

১৯ জুলাইৰ পুৱাই আৰম্ভ হৈছিল দিখৌৰ তাণ্ডৱ, শুই থাকিল জিলা প্ৰশাসন

বিহুবৰ, নেপালীখুঁটিৰ পৰা অৰূপ কলিতা আৰু অৰিন্দম বুঢ়াগোহাঁইঃ শিৱসাগৰ জিলা প্ৰশাসনৰ চৰম হেমাহি আৰু গাফিলতিৰ বাবেই বিধ্বস্ত হৈ পৰিল উজনিৰ তিনি জিলা৷ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ বানৰ প্ৰলয়ৰ অন্যতম অপৰাধী হিচাপে বিবেচিত হৈছে শিৱসাগৰ জিলা উপায়ুক্ত মৃদুল যাদৱ৷ কাৰণ, দিখৌৰ সংহাৰ অকস্মাৎ…

ৰাজ্যত লাখটকীয়া হ’ল প্ৰাথমিক শিক্ষা, ব্যক্তিগত শিক্ষানুষ্ঠানত আকাশলংঘী হৈছে মাচুল

শিক্ষাৰ সংস্কাৰৰক লৈ তোলপাৰ হৈ আছে সমগ্ৰ দেশ৷ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত আজিও উত্তাল যন্তৰ মন্তৰ৷ শিক্ষাক লৈ দেশজুৰি সৃষ্টি হোৱা এই জাগৰণৰ সময়তে পোহৰলৈ আহিছে আন এক উদ্বেগজনক তথ্য৷ সমগ্ৰ দেশৰ সমন্তৰালভাৱে অসমতো শিক্ষা জগতত সৃষ্টি হৈছে আকাশ-পাতাল…

কেনে আছে লাম্পি?

গছত উঠিলেহে পায় ইণ্টাৰনেট, শুক্ৰবাৰেহে চিকিৎসালয়ত থাকে চিকিৎসক। কেনেকৈ আছে লাম্পি? লাম্পিৰ পৰা 'দ্য ক্ৰছকাৰেণ্ট'ৰ গ্ৰাউণ্ড জিৰ' প্ৰতিবেদন

ব্লেকলিষ্টেড মাৰ্টিন এণ্ড ব্ৰাউন আকৌ সাজু অসমত দৰৱ যোগান ধৰিবলৈ

অসমৰ চৰকাৰী চিকিৎসালয়ত ৰোগীয়ে লাভ নকৰে প্ৰয়োজনীয় ঔষধ। চিকিৎসকে পৰামৰ্শ দিয়া ঔষধ বিনামূলীয়াকৈ লাভ নকৰাৰ বাবে ব্যক্তিগত ফাৰ্মাচীৰ পৰা চ’ৰা দামত ঔষধ ক্ৰয় কৰিবলৈ বাধ্য চৰকাৰী চিকিৎসালয়ৰ ৰোগী। কিন্তু ব্যক্তিগত ফাৰ্মাচীত উপলব্ধ ঔষধ কিয় চৰকাৰী চিকিৎসালয়ৰ ফাৰ্মাচীত বিনামূলীয়াকৈ লাভ নকৰে…

ভয়ংকৰ! কেন্দ্ৰই অনুজ্ঞাপত্ৰ বাতিল কৰা কোম্পানীৰ দৰৱ অসমৰ চৰকাৰী চিকিৎসালয়ত

অৰিন্দম বুঢ়াগোহাঁই, গৌতম প্ৰতিম গগৈ গুৱাহাটী, ৪ জুলাইঃ অসমৰ চৰকাৰী চিকিৎসালয়ত এতিয়াও বিতৰণ হৈ আছে কেন্দ্ৰীয় চৰকাৰে অনুজ্ঞাপত্ৰ বাতিল কৰা কোম্পানীয়ে প্ৰস্তুত কৰা দৰৱ৷ বৃক্ক সংৰোপনৰ দৰে স্পৰ্শকাতৰ ৰোগীৰ মাজতো নিষিদ্ধ কোম্পানীৰ দৰৱ বিতৰণ কৰাৰ ভয়ানক ঘটনা পোহৰলৈ আহিছে ‘দ্য…

পলিয়েষ্টাৰ কাপোৰৰ ইউনিফর্মৰ নামত বহিৰাগতক ৪৩ কোটি টকাৰ ঠিকা

the crosscurrent.in

নিম্নমানৰ ইউনিফর্মক লৈ সৃষ্টি হৈছে তীব্ৰ বিতর্কৰ৷ শিক্ষার্থীক যোগান ধৰা পলিষ্টাৰৰ ইউনিফর্ম সন্দর্ভত ইতিমধ্যে যুক্তি দাঙি ধৰিছে শিক্ষামন্ত্ৰীয়ে৷ কিন্তু অসমৰ বিদ্যালয়ত নিম্নমানৰ ইউনিফর্ম যোগান ধৰিছে কোনে? ইউনিফর্ম যোগানৰ কোটি কোটি টকীয়া ঠিকা গতাই দিয়া হৈছে বহিৰাগত প্ৰতিষ্ঠানক৷ ৰাজ্যৰ থলুৱা ব্যৱসায়ী-ঠিকাদাৰক…