Investigative reporting with dedication.

বতাহত কেচেমা কেচেম গোন্ধ৷ মুখ মেলিলেই ওকালি অহা দুৰ্গন্ধ৷ পথৰ কাষে কাষে মৃত গৰু-ছাগলীৰ শৱদেহ৷ ১৯ জুলাই, দেওবাৰৰ বিয়লিলৈ সুখে-সন্তোষে থকা নাজিৰাৰ হুলাং কাটনি গাঁৱৰ পাছৰতো দেওবাৰ অৰ্থাৎ ২৬ জুলাইৰ পৰিৱেশ এয়া৷
এবুকু বোকা পানীত ডুব গৈ থকা ঘৰখনলৈ চাই দুখ কৰিবলৈও আহৰি পোৱা নাই বানত পিতৃহাৰা হোৱা এইখন গাঁৱৰে পিংকী নেওগে৷ পিংকীৰ পিতৃ ৰজ নেওগ যোৱা ১৯ জুলাই, দেওবাৰৰ বানত সন্ধানহীন হ’ল৷ বুধবাৰে গাঁৱতে ওলাল মৃতদেহ৷ কি হৈছিল, কি ঘটিছিল সেই নিশা হুলাং কাটনিত?

‘দেওবাৰ আছিল৷ বৰষুণ দি আছিল৷ আমি মানে, মা-দেউতা আৰু ভণ্টী ঘৰতে আছিলো৷ সন্ধিয়া কাৰেণ্ট গ’ল৷ বৰষুণো কমা নাই৷ পথাৰত অলপ অলপকৈ পানী বঢ়া দেখিলো৷ দেউতাক ক’লো – ৰাতিলৈ কাৰেণ্ট নাহিবই চাগে৷ মমবাতি কেইডালমান লৈ আনকগৈ৷ দেউতা ওলাই গ’ল৷ কিছু সময় পাছত আকৌ উভতি আহিল৷ ওচৰৰ দোকানত মমবাতি নাছিল৷ তেওঁ ভণ্টীৰ চাইকেলখন লৈ আকৌ ওলাই গ’ল৷ সেয়াই শেষ যোৱা৷’ – পিংকীয়ে কৈ গ’ল৷
– তাৰ পাছত?
‘দেউতা ওলাই যোৱাৰ পাছতেই হুৰহুৰকৈ পানী বাঢ়িবলৈ ধৰিলে৷ ঘৰ বুৰি গ’ল পানীত৷ আমি বস্তু-বাহানি সামৰিবই পৰা নাই৷ দেউতাও উভতি অহা নাই৷ নিশালৈ পানী বহুত বাঢ়িল৷ আমি ভাবি থাকিলো – দেউতাই সাঁতুৰিব জানে৷ হয়তো ৰাস্তাৰ কাষত কোনোবা মানুহৰ ঘৰত আশ্ৰয় ল’লে৷ পানীত পৰিলেও তেওঁ সাঁতুৰি ওচৰৰ গাঁৱলৈ যাব পাৰিব৷ কিন্তু সোমবাৰেও তেওঁ নাহিল৷ আমি বিচাৰ-খোচাৰ কৰিলো৷ মঙলবাৰেও কোনো খবৰ নাপালো৷ বুধবাৰে প্ৰথমতে কোনোবাই চাইকেলখন দেখিলে৷ পাছত দেখিলে পথৰ দাঁতিত পৰি আছে দেউতাৰ মৃতদেহ৷ ময়েই তেওঁক মমবাতি আনিবলৈ পঠিয়াইছিলো যে৷’ – বোকাত ডুবি থকা আধাবন্ধা পকী ঘৰটোলৈ দেখুৱাই উচুপি উঠিল পিংকী৷

‘দেউতাই দিন হাজিৰা কৰি, মাই অশেষ কষ্ট কৰি এই ঘৰটো বনাইছিল৷ ভাবিছিলো মই এইবাৰ কলেজ শেষ কৰিলো, নিজে কিবা কাম কৰিম৷ দেউতা হাজিৰা কৰিবলৈও আৰু যাব নালাগে৷ ৫২ বছৰ বয়স হ’ল, বহুত কষ্ট কৰিলে৷ কিন্তু এই ঘৰটোত আমি একেলগে থকাই নহ’ল আৰু৷’ – হুলাং কাটনিৰ পিংকী এই বানত পিতৃহাৰা হ’ল৷ ঘৰৰ আন্ধাৰ আঁতৰাবলৈ মমবাতি কিনিবলৈ যোৱা ৰজ নেওগ উটি গ’ল বানত৷

হুলাং কাটনিৰ ৮২ বছৰীয়া বসন্ত দত্তই ক’লে – ‘২৬ বস্তা ধান উটি গ’ল৷ একোৱেই বচাব নোৱাৰিলো৷ মানুহকেইটা কোনোমতে থাকিলো৷’ তেওঁ ক’লে যে নাজিৰা অঞ্চলত বানপানী তেওঁ কেতিয়াও দেখা নাই৷ ৰিণিকি ৰিণিকি মনত আছে ১৯৫০ৰ কথা৷ সেইবাৰ অলপ পানী সোমাইছিল ঘৰত৷ দেউতাকহঁতে আন ঠাইলৈ লৈ গৈছিল৷ তাৰ পাছত আৰু হুলাং কাটনিত কেতিয়াও বানপানী হোৱা নাই৷ এইবাৰো পথাৰত অলপ পানী আহিছিল৷ এইখন গাঁৱতে শৈশৱ–কৈশোৰ–যৌৱন পাৰ কৰি ৮২ ভৰি দিয়া বসন্ত দত্তইও অনুমান কৰিব পৰা নাছিল যে এক মহাপ্ৰলয় সন্নিকট৷

দিখৌৰ বানে তচনচ কৰি নিয়া হুলাং কাটনিত এতিয়া যুদ্ধবিধ্বস্ত পৰিৱেশ৷ ঘৰবোৰ পোত খাই আছে বোকাত, মানুহৰ মনবোৰ হুমুনিয়াহত৷
একেই অৱস্থা ৰজাপুল দুৱৰা গাঁৱতো৷ বানত ভগ্নী আৰু বৰমাকক হেৰুওৱা নৱজ্যোতি দুৱৰা (দ্বীপ) ই এতিয়াও ভাবি পোৱা নাই ক’ৰ পৰা আকৌ আৰম্ভ কৰিব৷ মনত বাজি আছে ভনীয়েক নিশাৰ সেই মৰণ কাতৰ চিঞৰ – ‘দাদা, মোক বচা৷’

‘সন্ধিয়ালৈ আমাৰ সন্মুখৰ পথাৰত অলপ অলপ পানী হৈছিল৷ আগে পিছেও হয়৷ আমি মাছ মাৰো৷ সেইদিনা দেওবাৰেও পথাৰত মাছ মাৰিলো৷ সন্ধিয়ালৈ বৰষুণ ডাঙৰ হ’ল৷ ওচৰৰ ঘৰত বৰমা অকলে আছিল৷ আমাৰ ঘৰলৈকে তেওঁক লৈ আনিলো৷ সন্ধিয়া ৭ মান বজাত হঠাৎ পানীৰ ধল সোমাই আহিল ঘৰৰ ভিতৰলৈ৷ একো ভাবি পোৱা নাই৷ বাট-পথ নেদেখা হৈ পৰিছে পানীত৷ ঘৰৰ বস্তু-বাহানি তেনেকৈ এৰি ওচৰৰ ঘৰটোৰ চাদত আশ্ৰয় লোৱাটোৱে ভাল হ’ব বুলি ভাবিলো৷ বৰমা আৰু ভণ্টী আগে আগে ওলাই গ’ল৷ মই তলা মাৰি আছো৷ হঠাৎ বৰমাই চিঞৰিলে৷ দেখিলো তেওঁ পিছলি সোঁতত উটিবলৈ ধৰিছে৷ ভণ্টীয়ে তেওঁক বচাবলৈ চেষ্টা কৰি আছে৷ পৰা নাই৷ মই গৈ পোৱালৈ তাইও উটি গ’ল৷ মই সাঁতুৰিব জানো৷ পানীত জঁপিয়াই দিলো৷ দেখি আছো ওচৰৰ খুঁটি এটাত ধৰি ভণ্টীয়ে চিঞৰি আছে৷ মই যাবলৈ চেষ্টা কৰিছো৷ কিন্তু পানীৰ পকনীয়াত আগুৱাই যাব পৰা নাই৷ নোৱাৰিলোয়েই৷ চকুৰ সন্মুখতে পানীৰ মাজত নোহোৱা হৈ গ’ল ভন্টী আৰু বৰমা৷’ – ভনীয়েক নিশাৰানী আৰু বৰমাক নিৰুপমা দুৱৰাক হেৰুওৱা দ্বীপে কৈ গৈছিল প্ৰলয়ৰ সেই নিশাৰ কাহিনী৷


‘কোনোমতে আমি গৈ ওচৰৰ ঘৰৰ ছাদত উঠিলো৷ জিলা প্ৰশাসনক বাৰে বাৰে ফোন কৰি থাকিলো৷ এটা নম্বৰত লাইভ লোকেশ্যন দিব ক’লে৷ আমি বহুবাৰ লোকেশ্যন দিলো৷ কিন্তু কোনো সঁহাৰি নাপালো৷ পাছদিনা আকাশত এখন হেলিকপ্তাৰ দেখি ৰঙা কাপোৰ উৰুৱাই বহুত চিঞৰিলো৷ কোনো নাহিল আমাক সহায় কৰিবলৈ৷ ভন্টী-বৰমাক বিচৰাটো বাদেই পানী এটুপিও কোনোৱে নিদিলে৷ এদিন বৰষুণৰ পানী খাই কটালো৷ পাছদিনা বৰষুণ নাই৷ ঘোলা পানীবোৰকে খালো৷ আমাৰ লগত এটা এবছৰীয়া কেচুঁৱাও আছিল৷ ভোকত–পিয়াহত চিঞৰি থাকিল৷ তাকো ঘোলা পানীকে খুৱাবলগীয়া হ’ল৷’ – দ্বীপৰ চকুৰ পৰা আঁতৰা নাই এসপ্তাহ আগৰ সেই বিভীষিকাৰ আতংক৷
মঙলবাৰে পানী অলপ কমিল৷ ওচৰৰে হুলাং কাটনিত ওলাল ২৭ বছৰীয়া নিশাৰাণী দুৱৰা আৰু ৬৫ বছৰীয়া নিৰুপমা দুৱৰাৰ মৃতদেহ৷ দ্বীপে ক’লে – ‘গড়গাঁও কলেজৰ পৰা ওলোৱাৰ পাছত ভণ্টীয়েই ঘৰখন বৰ মৰমত ৰাখিছিল৷ হাঁহ–কুকুৰা পুহি নিজৰ খৰচো নিজেই উলিয়াইছিল৷ মইতো গাড়ী চলাও৷ দিনটো বাহিৰতে থাকো৷’
মহাপ্ৰলয়ৰ পাছত এতিয়া এইদৰেই নাজিৰা হতাশা–হুমুনিয়াহেৰে ভাৰাক্ৰান্ত হৈ পৰিছে৷ বোকাত পোত খাই থকা ঘৰবোৰে কৈছে কি এক দুৰ্যোগ অতিক্ৰম কৰিছে এই সম্ভ্ৰান্ত গাঁৱবোৰে৷ ঘৰে ঘৰে পৰি ৰৈছে বানে উটুৱাই নিয়া টি ভি – ফ্ৰীজৰ অৱশিষ্ট, বিকল গাড়ী, বোকাময় আচবাব৷ একো বাচি থকা নাই৷

ভঁৰালৰ ধান, গৰালৰ কুকুৰা, কাপোৰ কানি, বাচন বৰ্তন একোৱেই বাচি থকা নাই৷ জীৱনৰ সকলো উপাৰ্জন, সাঁচতীয়া সম্পদ সকলো উটি গ’ল এই মহাপ্ৰলয়ত৷ ইমানৰ পাছত নাজিৰাই পুনৰ জনম ল’ব পাৰিবনে? এই প্ৰশ্নৰ উত্তৰ কাৰোৱেই হাতত নাই৷


