সোনম ৱাংছুকঃ এজন দেশপ্ৰেমিকৰ আত্মত্যাগ 

Share This Article

কোৱা হয় – এখন কিতাপ, এটা কলম, এটি শিশু আৰু এজন শিক্ষকে সলাই দিব পাৰে সমগ্ৰ পৃথিৱী৷ সোনম ৱাংছুক এনে এজন শিক্ষক, যিয়ে পৃথিৱী সলাই দিয়া নাই৷ কিন্তু সলনি কৰিছে শিক্ষা সন্দৰ্ভত চলি থকা প্ৰচলিত ধ্যান ধাৰণা৷ শিক্ষাৰ উদ্দেশ্য যে কেৱল পাঠদান, পৰীক্ষা আৰু ফলাফল নহয়, সেয়া আৰম্ভণিৰে পৰা বিশ্বাস কৰি আহিছে সোনম ৱাংছুকে৷ তেওঁ প্ৰমাণ কৰি দিছে যে শিক্ষা মানেই হ’ল নতুন চিন্তাৰ বাট৷ শিক্ষা মানেই হ’ল নতুন উদ্ভাৱনৰ চিন্তা৷ লাডাখৰ SECMOLয়ে ইতিমধ্যে সেই আৰ্হি দাঙি ধৰিছে৷ এক সফল শিক্ষা ব্যৱস্থাৰ আৰ্হি প্ৰস্তুত কৰা শিক্ষাবিদগৰাকী আজি অনশনৰত৷ বিগত ১৮ দিন ধৰি কেৱল পানী সেৱন কৰি জীয়াই আছে তেওঁ৷ এটাই দাবী – দেশৰ ভাগি পৰা শিক্ষা ব্যৱস্থাৰ বাবে চৰকাৰ জবাবদিহি হওক৷ ব্যৰ্থ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰক৷ কাৰণ সোনাম ৱাংছুকে হাড়ে-হিমজুৱে বিশ্বাস কৰিছে যে এইগৰাকী শিক্ষামন্ত্ৰীৰ ওচৰত কোনো কাৰণতে নিৰাপদ  নহয় দেশৰ কোটি কোটি শিক্ষাৰ্থীৰ ভৱিষ্যত৷ সেইবাবে তেওঁৰ একমাত্ৰ দাবী – শিক্ষামন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰক৷ চৰকাৰে জবাবদিহিতা দেখাওক৷ কিন্তু চৰম অহংকাৰেৰে সোনম ৱাংছুকক উপেক্ষা কৰি গৈছে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে৷ আশ্চৰ্যজনকভাৱে নিৰ্বিকাৰ হৈ ৰৈছে শিক্ষাৰ্থী আৰু অভিভাৱকসমাজ৷ অথচ এইগৰাকী শিক্ষাবিদৰ জীৱন আধাৰিত ‘থ্ৰী ইডিয়টছ’ চিনেমাখনে চকু মুকলি কৰি দিছিল এইখন দেশৰ অজস্ৰ অভিভাৱকৰ৷ উদ্বুদ্ধ কৰিছিল কোটি কোটি শিক্ষাৰ্থীক৷ সেইগৰাকী পথ প্ৰদৰ্শক শিক্ষাবিদে আজি জীৱনৰ বাজিমাৎ কৰিছে দেশৰ নতুন প্ৰজন্মৰ বাবে৷ ১৮ দিনৰ অনশনৰ পাছত তেওঁৰ শৰীৰ ভাগি পৰিছে৷ কন্ঠ মন্থৰ হৈ পৰিছে৷ তাৰ পাছতো কি চৰকাৰ, কি ছাত্ৰ-ছাত্ৰী, কি অভিভাৱক সকলো নিশ্চুপ, নিৰুদ্বিগ্ন, নিৰ্বিকাৰ৷ সকলোৱে যেন পাহৰি গৈছে সোনম ৱাংছুক কোন আছিল, কিয় এই দেশৰ বাবে তেওঁ জীয়াই থকাটো জৰুৰী!

শিক্ষা একক প্ৰচেষ্টাৰ বিষয় নহয় 

সোনম  ৱাংচুকৰ জন্ম ১৯৬৬ত লাডাখত৷ এন আই টি শ্ৰীনগৰৰ পৰা মেকানিকেল ইঞ্জিনীয়াৰিঙৰ ডিগ্ৰী লোৱাৰ পাছত তেওঁ ফ্ৰান্সত আৰ্কিটেকচাৰ বিষয়ত অধ্যয়ণ কৰে৷ তাৰ পাছত ১৯৮৮ চনত প্ৰতিষ্ঠা কৰে Students’ Educational and Cultural Movement of Ladakh (SECMOL)৷

SECMOLৰ চৌহদ

SECMOL প্ৰতিষ্ঠাৰ কাৰণ আৰু প্ৰেক্ষাপট আছিক তেনেই সুকীয়া৷ যি বছৰত SECMOL প্ৰতিষ্ঠা  কৰা হৈছিল, তাৰ দহ বছৰ পাছতো ১৯৯৮ চনত লাডাখৰ ৯৫ শতাংশ ছাত্ৰ ছাত্ৰীয়েই হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুত্তীৰ্ণ হৈছিল৷ লাডাখৰ শিক্ষাৰ শোচনীয় অৱস্থাক লৈ চৰকাৰ যিমান চিন্তিত আছিল, সিমানেই উদ্বিগ্ন হৈ পৰিছিল সোনম ৱাংচকুৰ দৰে লাডাখৰ উচ্চশিক্ষিত প্ৰজন্মও৷ তেওঁলোকে লাডাখৰ শিক্ষাৰ অৱনতিৰ কাৰণসমূহ বিশ্লেষণ কৰিবলৈ আৰম্ভ কৰে৷ SECMOLৰ বিশ্লেষণত ওলাই পৰে যে লাডাখৰ শিক্ষা পদ্ধতিয়ে তেতিয়াও ছাত্ৰ ছাত্ৰীক স্পৰ্শ কৰিবলৈ সক্ষম হোৱা নাই৷ ইয়াৰ কাৰণ আছিল কেবাটাও –

  • লাডাখৰ পাঠ্যপুথি আৰু পৰীক্ষাৰ মাধ্যম আছিল নন-লাডাখী ভাষাত। অষ্টমমান পৰ্যন্ত উৰ্দু আৰু নৱম-দশমত ইংৰাজী মাধ্যমত শিক্ষাদান আৰু পৰীক্ষা অনুষ্ঠিত কৰা হয়৷
  • প্ৰাথমিক পৰ্যায়ৰ পৰা সকলো পাঠ্যপুথি আহে দিল্লীৰ পৰা৷ এই পাঠ্যপুথিসমূহত যিসমূহ সাংস্কৃতিক আৰু পাৰিৱেশিক উদাহৰণ থাকে, সেয়া লাডাখৰ ছাত্ৰ-ছাত্ৰীৰ বাবে তেনেই অপৰিচিত৷ যেনে – জাহাজ, সাগৰ, নাৰিকল গছ, বাৰিষাৰ বৰষুণ আদি লাডাখৰ ছাত্ৰ-ছাত্ৰীয়ে দেখিবলৈকে পোৱা নাই৷ এই বিষয় আৰু বুজাবলৈ প্ৰয়োগ কৰা ভাষা তেওঁলোকৰ বাবে তেনেই অপৰিচিত৷ 
  • অধিকাংশ শিক্ষকেই আছিল প্ৰশিক্ষণবিহীন৷ মুখস্থ বিদ্যাতেই তেওঁলোকে বিশ্বাস কৰিছিল৷ শিক্ষকসকলক প্ৰতি দুবছৰৰ মূৰে মূৰে বদলি কৰা হৈছিল৷ ঘৰৰ পৰা নিলগত এই অনিশ্চিত বদলিয়ে তেওঁলোকক মানসিকভাৱে অৱসাদগ্ৰস্থ কৰি তুলিছিল৷ 
  • শিক্ষাত সামাজিক অংশগ্ৰহণ আছিল শূণ্যপ্ৰায়৷ বিদ্যালয় এখন কেনেদৰে চলা উচিত গঞা ৰাইজে সেয়া জনাই নাছিল৷ আনকি সপ্তাহত কেইবাদিনো বিদ্যালয় বন্ধ হৈ থাকিলেও তেওঁলোকে অভিযোগ দিবলৈ শিকা নাছিল৷ 

এই কাৰণসমূহ বিচাৰি উলিয়াই সোনম ৱাংছুক আৰু তেওঁৰ সহযোগীসকলে প্ৰতিষ্ঠা কৰে SECMOL।  SECMOLয়ে ১৯৯৪ চনত আৰম্ভ কৰে অপাৰেশ্যন নিউ হোপ –  Operation New Hope৷ চৰকাৰ,বেচৰকাৰী সংস্থা আৰু গাঁৱৰ সমাজক একেলগে লৈ আৰম্ভ কৰা এই  Operation New Hope ৰ মূল লক্ষ্য আছিল –

  • শিক্ষা ব্যৱস্থাত গাঁৱৰ ৰাইজক ওতঃপ্ৰোতভাৱে জৰিত কৰোৱা৷ 
  • ভিলেজ এডুকেশ্যন কমিটীৰ দ্বাৰা বিদ্যালয়সমূহ পৰিচালনা কৰা৷ 
  • শিক্ষকসকলক প্ৰশিক্ষণ প্ৰদান কৰি স্কুলীয়া শিক্ষা পদ্ধতিক আনন্দময় কৰি তোলা৷
  • লাডাখৰ লগত সম্পৰ্ক থকা পাঠ্যপুথি আৰু শিকন সামগ্ৰী প্ৰস্তুত কৰা৷
  • চৰকাৰী বিদ্যালয়ৰ শিক্ষকৰ মনোবল আৰু আত্মবিশ্বাস  বৃদ্ধি কৰা৷

১৯৯৪ চনত লেহ জিলাত শিক্ষা বিভাগৰ উদ্যোগত প্ৰথমবাৰৰ বাবে আৰম্ভ হয়  Operation New Hope৷ ২০০৩ পৰা ২০০৬ চনৰ ভিতৰত লাডাখৰ লেহ জিলাৰ ৫০ শতাংশ ছাত্ৰ ছাত্ৰীয়েই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ সক্ষম হয়৷ ২০০৮ চনৰ পাছত লেহৰ দুই তৃতীয়াংশ ছাত্ৰ-ছাত্ৰীয়েই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ সক্ষম হয়৷ কিন্তু ২০০৭ চনত সোনম ৱাংচুকৰ SECMOL য়ে চৰকাৰৰ সৈতে স্কুলীয়া শিক্ষাৰ বিকাশৰ বাবে কৰি অহা কাম বন্ধ কৰে৷ কিয়নো তেতিয়ালৈকে সকলো শিক্ষকৰ প্ৰশিক্ষণ সম্পন্ন হৈছিল৷ প্ৰাথমিক শিক্ষাৰ পাঠ্যপুথিসমূহ স্থানীয় ভাষাত প্ৰস্তুত কৰি উলিওৱা হৈছিল৷ যি লাডাখত ১৯৯৮ চনত মেট্ৰিকত উত্তীৰ্ণৰ হাৰ আছিল মাত্ৰ ৫ শতাংশ, সেই লাডাখৰ লেহ জিলাত ২০০৬ চনত উত্তীৰ্ণৰ হাৰ বৃদ্ধি পালে ৫০ শতাংশলৈ৷ সোনম ৱাংছুকৰ SECMOLৰ বাবে এই উপলব্ধি আছিল বৰ্ণনাতীত৷ কেনেকৈ এয়া সম্ভৱ কৰি তুলিলে SECMOL য়ে?

কেৱল শিক্ষাৰ্থী নহয়, সমাজো শিক্ষা ব্যৱস্থাৰ অপৰিহাৰ্য অংগ

সোনম ৱাংছুকৰ আন্তৰিক প্ৰচেষ্টাতেই লাডাখৰ শোচনীয়তকৈও শোচনীয় শৈক্ষিক পৰিৱেশলৈ বৈপ্লৱিক পৰিৱৰ্তন আহিবলৈ লৈছিল৷ মাত্ৰ ছটা বছৰৰ ভিতৰত মেট্ৰিকত উত্তীৰ্ণৰ হাৰ ৫ শতাংশৰ পৰা ৫০ শতাংশ হৈছিল। কিন্তু কেনেকৈ  সোনম ৱাংছুকৰ বাবে এয়া সম্ভৱ হৈ পৰিছিল? সোনম ৱাংছুকৰ সংস্থা Students’ Educational and Cultural Movement of Ladakh (SECMOL)ৰ হাতত যাদুদণ্ড আছিল নেকি? কোনো যাদুদণ্ড নাছিল। সকলো সম্ভৱ হৈছিল এক সামূহিক প্ৰচেষ্টাৰ জড়িয়তে।

সোনম ৱাংছুকে দেখিছিল – লাডাখৰ শৈক্ষিক খণ্ডৰ দুৰাৱস্থাৰ অন্যতম কাৰণ হৈছে পৰিয়াল আৰু গাঁৱবাসীৰ দূৰ দূৰণিলৈকে বিদ্যালয়ৰ সৈতে কোনো সম্পৰ্ক নাই৷ এখন বিদ্যালয় কেনেকৈ চলে, তাৰ সামান্যতম ধাৰণাও নাছিল অভিভাৱকসকলৰ৷ দেশৰ ৰাজধানীৰ পৰা হাজাৰ কিলোমিটাৰ দূৰৈত, পৰ্বতশিখৰত এনেকৈয়ে ধ্বংস হৈ যাবলৈ লৈছিল এটা প্ৰজন্মৰ ভৱিষ্যত৷ তেনে সময়তে সোনম ৱাংছুকৰ সংস্থা SECMOL য়ে আৰম্ভ কৰিলে ‘অপাৰেশ্যন নিউ হোপ’৷ গাঁৱে গাঁৱে গঠন কৰিবলৈ ল’লে ‘ভিলেজ এডুকেশ্যন কমিটী’৷ স্থানীয় লোকক লৈ গঠন কৰা এই কমিটীসমূহৰ ওপৰত চৰকাৰী বিদ্যালয়সমূহ পৰিচালনাৰ দায়িত্ব দিয়া হ’ল৷ ক’ব পাৰি  – লাডাখৰ মৃতপ্ৰায় শিক্ষাখণ্ডক জীয়াই তোলাৰ এয়া আছিল প্ৰথমটো পদক্ষেপ।

গাঁৱে গাঁৱে চলিল SECMOLৰ অভিযান৷ বুজোৱা হ’ল – গাঁৱবোৰত থকা স্কুলবোৰ কিয় জীয়াই ৰাখিব লাগে৷ ভিলেজ এডুকেশ্যন কমিটীত কমেও এক তৃতীয়াংশ মহিলা আৰু দুগৰাকী ছাত্ৰ-ছাত্ৰী থকাটো নিশ্চিত কৰা হ’ল৷ ১৮ টা বেটছত এই কমিটীৰ সদস্যসকলৰ প্ৰশিক্ষণ চলিল – কেনেকৈ স্কুল পৰিচালনা কৰিব লাগে, শিক্ষাৰ কিয় জনতাৰ মৌলিক অধিকাৰ৷ পৰিকল্পনা আৰু তাৰ সমাধানসূত্ৰৰ মাজেৰে বেছ আকৰ্ষণীয় হৈ পৰিল প্ৰশিক্ষণপৰ্ব৷ এনেকৈয়ে সৃষ্টি হ’ল শিক্ষাৰ প্ৰতি দায়ৱদ্ধ এক নাগৰিকগোটৰ৷ এইবাৰ তেওঁলোকৰ সহযোগত গাঁৱে গাঁৱে অভিনৱ উৎসৱ, ভিডিঅ’ প্ৰদৰ্শনী, সংগীত, নৃত্য আদিৰ জৰিয়তে ব্যাপক মাত্ৰাত সজাগতা অভিযান চলোৱা হ’ল৷ নিজৰ নিজৰ বিদ্যালয়ৰ বাবে পুঁজি সংগ্ৰহ কৰাৰ ক্ষেত্ৰত এই কমিটীসমূহেই অগ্রণী ভূমিকা ল’বলৈ আৰম্ভ কৰিলে৷

ইয়াৰ মাজতে লাডাখৰ ফে’ত স্থাপন কৰা হ’ল SECMOLৰ স্থায়ী চৌহদ৷ এই চৌহদ উদ্বোধন কৰি দালাই লামাই ডেৰ লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়ালে৷ এই ধনখনিও ভিলেজ এডুকেশ্যন কমিটীসমূহৰ মাজত বিতৰণ কৰা হ’ল৷ 

ইমানতেই সকলো হৈ উঠা নাছিল৷ আন এটা প্ৰত্যাহ্বান আছিল শিক্ষকৰ প্ৰশিক্ষণ৷ SECMOLয়ে প্ৰায় ৭০০ শিক্ষকৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিলে৷ প্ৰশিক্ষণৰ মূল উদ্দেশ্য আছিল 

  • শিক্ষকৰ শিক্ষাদানৰ পদ্ধতি সলনি কৰা৷ শিক্ষাগ্ৰহণ প্ৰক্ৰিয়াক অধিক মনোগ্ৰাহী আৰু আনন্দময় কৰি তোলা৷
  • লাডাখৰ শিক্ষাৰ সমস্যাসমূহৰ বাবে শিক্ষকসকলক সজাগ কৰি তোলা আৰু ইয়াৰ সমাধানত শিক্ষকৰ ভূমিকা সম্পৰ্কে বুজোৱা৷
  • খেল, গান, কাহিনী, ভ্ৰমণক শিক্ষাৰ অংগ কৰি তোলা৷
  • ইংৰাজী শিক্ষাৰ সঠিক সম্প্ৰসাৰণ৷
  • পৰিৱেশ, গণিত আৰু ভাষা বিষয়ত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ বাবে বিশেষ শিক্ষা৷ 

লাডাখৰ স্থানীয় প্ৰশাসনে সহযোগ কৰিলে ৷ আন আন ৰাজ্যৰো সহায় লোৱা হ’ল৷ ইয়াৰ পাছৰ মূল প্ৰত্যাহ্বান আছিল পাঠ্যপুথি৷ লাডাখৰ সকলো ছাত্ৰ ছাত্ৰীৰে মৌখিক ভাষা হ’ল লাডাখী৷ কিন্তু অষ্টম মানলৈ পাঠদান কৰা হয় উৰ্দু ভাষাত আৰু তাৰ পাছত ইংৰাজী ভাষাত৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ইংৰাজী ভাষাত লিখিবলৈ গৈ ৯৫ শতাংশ ছাত্ৰ-ছাত্ৰীয়েই নিজৰ মনৰ কথা সঠিকভাৱে প্ৰকাশ কৰিব নোৱাৰে৷ পৰিণতিত অনুত্তীৰ্ণ হয়৷ ১৯৯৪ পৰা প্ৰাথমিক শিক্ষাও ইংৰাজীতেই প্ৰদান কৰিবলৈ লোৱা হ’ল৷ কিন্তু পাঠ্যপুথিসমূহ আছিল দুৰ্বোধ্য উদাহৰণৰে ভৰপূৰ৷ যেনে – জাহাজ, হাতী, বাৰিষাৰ বৰষুণ আদি লাডাখৰ ছাত্ৰ-ছাত্ৰীয়ে কেতিয়াও দেখিবলৈকে পোৱা নাই৷ সেইবাবেই পাঠ্যপুথিসমূহ সম্পূৰ্ণ লাডাখৰ পৰিৱেশৰ সৈতে খাপ খোৱাকৈ সাজু কৰা হ’ল৷ স্থানীয় শিক্ষক, SECMOLৰ সদস্য, বিশেষজ্ঞসকলে কেবালানি আলোচনাৰ পাছত পাঠ্যপুথি, ষ্ট’ৰী বুক, বিভিন্ন চাৰ্ট আদি প্ৰস্তুত কৰি উলিয়ালে৷ এঘাৰখন পাঠ্যপুথিত ইংৰাজীৰ লগতে লাডাখী ভাষাও ব্যৱহাৰ কৰা হ’ল৷ আটাইতকৈ সহজ ইংৰাজী ব্যৱহাৰত গুৰুত্ব দিয়া হ’ল৷

SECMOLৰ শিক্ষাৰ্থীয়ে কথোপকথনৰ যোগেদি শিকিছে ইংৰাজী ভাষা

বিভিন্ন সামাজিক–ৰাজনৈতিক কাৰণত সম্পূৰ্ণৰূপে মাতৃভাষাৰ ব্যৱহাৰ সম্ভৱ হৈ উঠা নাছিল৷ কিন্তু ছবিৰ সহায়ত ছাত্ৰ-ছাত্ৰীসকলে যাতে কোনো এটা প্ৰয়োজনীয় বিদেশী ভাষা শিকিব পাৰে, তাৰো ব্যৱস্থা কৰা হ’ল৷ এয়া আছিল ছাত্ৰ-ছাত্ৰীসকলৰ আত্মবিশ্বাস বৃদ্ধিৰ প্ৰচেষ্টা৷ এনেকৈয়ে লাহে লাহে লাডাখৰ শিক্ষাজগতলৈ পৰিৱৰ্তন আহিবলৈ ধৰিলে৷ ২০০৬ত মেট্ৰিকৰ উত্তীৰ্ণৰ হাৰ ৫০ শতাংশলৈ বৃদ্ধি পালে৷ যাৰ সিংহভাগ কৃতিত্বৰ দাবীদাৰেই হ’ল SECMOL আৰু সোনম ৱাংছুক৷ কিন্তু তাৰ কিছুদিন পাছতেই অন্য এক ধমুহাই কোবাই যায় সোনম ৱাংছুকৰ সংস্থা SECMOLক৷

প্ৰত্যাহ্বানপূৰ্ণ এক পথ

সাগৰ পৃষ্ঠৰ পৰা ১০,৪০০ ফুট উচ্চতাত প্ৰতিষ্ঠিত এটা সংস্থা – SECMOL৷ ঠিকনা লেহ, লাডাখ৷ য’ৰ পৰাই সোনম ৱাংছুকে এটা সপোন দেখে জন্মভূমি লাডাখৰ শিক্ষাজগত গ্ৰাস কৰি থকা আন্ধাৰ আঁতৰাই দিয়াৰ৷ বিশ্ববাসীৰ সন্মুখত শিক্ষাৰ এটা নতুন আৰ্হি গঢ়ি তোলাৰ৷ সেইবাবেই ১৯৯৪ চনৰে পৰাই লাডাখৰ স্থানীয় প্ৰশাসনৰ সহায়ত লাডাখৰ চৰকাৰী শিক্ষাখণ্ডৰ উদ্ধাৰ আৰু বিকাশৰ বাবে কাম কৰি যায়৷ মাত্ৰ ছবছৰৰ ভিতৰত লাডাখৰ শিক্ষাজগতলৈ অভাৱনীয় পৰিৱৰ্তন আহে৷ ১৯৯৮ চনত যি লাডাখত মেট্ৰিকৰ উত্তীৰ্ণৰ হাৰ মাত্ৰ ৫ শতাংশ আছিল, সেই লাডাখত ২০০৬ চনত মেট্ৰিকত উত্তীৰ্ণৰ হাৰ হয়গৈ ৫০ শতাংশ৷ ইয়াৰ আঁৰত আছিল SECMOL আৰু সোনম ৱাংছুকৰ নেৰা-নেপেৰা প্ৰচেষ্টা৷ কিন্তু ২০০৭ চনত হঠাৎ সোনম ৱাংছুকে বন্ধ কৰি দিবলগীয়া হ’ল SECMOLৰ সকলো শৈক্ষিক, সামাজিক কাম-কাজ৷ 

২০০৬ চনত লেহ জিলালৈ এজন নতুন উপায়ুক্ত বদলি হৈ আহে৷ লাডাখত ভৰি দিয়েই তেওঁ স্থানীয় এন জি অ’, বেচৰকাৰী সংস্থাসমূহৰ ওপৰত আক্ৰমণ আৰম্ভ কৰে৷ আৰম্ভ হয় এখন নতুন আইনী যুঁজ৷ উপায়ুক্তৰ জাননীৰ বিৰুদ্ধে বেচৰকাৰী প্ৰতিষ্ঠানসমূহ আদালতৰ দাৰস্থ হ’বলৈ আৰম্ভ কৰে৷ এই যুঁজ বাগৰ চলি থকাৰ মাজতে এটা বছৰ পাছত SECMOLৰ সঞ্চালক সোনম ৱাংছুকৰ বিৰুদ্ধে এলানি ভুৱা অভিযোগ উত্থাপন কৰে৷ এই খবৰ পোৱাৰ পাছতেই উপায়ুক্তৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে লাডাখৰ জনতা ৰাজপথলৈ ওলাই আহে৷ কিন্তু উপায়ুক্তই ক্ষমতাৰ অপব্যৱহাৰেৰে SECMOL আৰু জনতাৰ মাজৰ সকলো সংযোগ বিচ্ছিন্ন কৰি দিয়ে৷ প্ৰতিবাদত নিষেধাজ্ঞা আৰোপ কৰা হয়৷ SECMOLৰ শুভাকাংক্ষী, প্ৰাক্তন ছাত্ৰ, মানৱ অধিকাৰ সংগঠন সকলোৱে ৰাষ্ট্ৰপতিলৈ পত্ৰ প্ৰেৰণ কৰে – লেহৰ উপায়ুক্তক অপসাৰণ কৰাৰ দাবীত৷ 

লেহৰ উপায়ুক্তৰ প্ৰথম আৰু প্ৰধান অভিযোগেই আছিল যে – SECMOLৰ আছে চীনৰ সৈতে দেশবিৰোধী সংযোগ৷ ভূমি বেদখল, বিদেশী পুঁজি বে-আইনীভাৱে সংগ্রহৰো অভিযোগ অনা হয় SECMOLৰ বিৰুদ্ধে৷ উপায়ুক্তই SECMOLৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়ে৷ কিন্তু উপায়ুক্তৰ এনে নিৰ্দেশৰ বিৰুদ্ধে SECMOLৰ তৰফৰ পৰা এক ভিডিও প্ৰস্তুত কৰি গাঁৱে গাঁৱে প্ৰেৰণ কৰা হয়৷ গাঁৱৰ পৰাই আৰম্ভ হ’ল প্ৰতিবাদ৷ SECMOLৰ এজন কৰ্মচাৰীক জিলা উপায়ুক্তৰ নিৰ্দেশত গ্ৰেপ্তাৰ কৰা হয়৷ প্ৰতিবাদৰ বিৰুদ্ধে প্ৰশাসনে জাৰি কৰিলে ১৪৪ ধাৰা৷ চাৰিওফালে পুলিচে পিয়াপি দি ফুৰিলে৷ লেহ বজাৰত কাৰ্ফিউ সদৃশ পৰিস্থিতি৷ জিলা উপায়ুক্তগৰাকী প্ৰতিহিংসা পৰায়ন হৈ পৰিল৷ SECMOLৰ শিক্ষক, কৰ্মচাৰী, আনকি ভিলেক এডুকেশ্যন কমিটীৰ সদস্যসকলকো তেওঁ লক্ষ্য কৰি ল’লে৷

এনে এক পৰিস্থিতিত SECMOLয়ে চৰকাৰৰ সৈতে থকা সকলো সহযোগিতামূলক কাৰ্যসূচী বাতিল কৰিবলৈ বাধ্য হ’ল৷ অথচ তাৰ এটা বছৰ পূৰ্বে ২০০৬ চনত তৎকালীন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামে লাডাখ প্ৰশাসন আৰু SECMOLৰ মাজত শৈক্ষিক সহযোগিতাৰ এক নতুন অধ্যায় মুকলি কৰিছিল৷ এছিয়ান হিউমেন ৰাইট অৰ্গেনাইজেশ্যনৰ দৰে সংগঠনসমূহ সৰৱ হৈ পৰিল SECMOLৰ ওপৰত চলোৱা এই নিৰ্যাতনৰ বিৰুদ্ধে৷ অৱশেষত ২০০৭ চনৰ জুন মাহত উপায়ুক্তগৰাকীক লেহৰ পৰা বদলি কৰা হয়৷ তাৰ পাছতেই SECMOLয়ে নিজৰ শৈক্ষিক চৌহদ, বিকল্প শিক্ষা পদ্ধতিৰ ওপৰত অধিক গুৰুত্ব দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিলে৷

২০১৩ চনত আদালতে SECMOL আৰু ইয়াৰ সঞ্চালক সোনম ৱাংছুকক সকলো অভিযোগৰ পৰাই দোষমুক্ত কৰে৷ কিন্তু তেতিয়ালৈকে সোনম ৱাংছুকৰ শিক্ষা পদ্ধতিয়ে বিশ্বজুৰি চৰ্চা লাভ কৰিবলৈ আৰম্ভ কৰিছিল৷ ভাৰতত নিৰ্মাণ হৈছিল ‘থ্ৰী ইডিয়টছ’ৰ দৰে চিনেমা৷ 

শিক্ষাৰ জৰিয়তে ৰূপান্তৰৰ গতিপথ নিৰ্মাণ 

সোনম ৱাংছুকৰ সপোনৰ প্ৰতিষ্ঠান SECMOL৷ যিয়ে জন্মৰে পৰা এক বিকল্প শিক্ষাৰ আৰ্হি দাঙি ধৰিবৰ বাবে কাম কৰি আহিছে৷ সাগৰ পৃষ্ঠৰ পৰা ১০,৫০০ ফুট উচ্চতাত আছে SECMOLৰ চৌহদ৷ যাক দেখুওৱা হৈছিল ‘থ্ৰী ইডিয়টছ’ চিনেমাত আমিৰ খানৰ চৰিত্ৰৰ মাজেৰে৷ কেৱল পাঠ্যপুথিৰ মুখস্থ বিদ্যা নহয়, ব্যৱহাৰিক শিক্ষা আৰু ব্যৱহাৰিক বিজ্ঞানৰ প্ৰয়োগ – উদ্ভাৱনেই হৈছে সোনম ৱাংছুকৰ SECMOLৰ মূল উদ্দেশ্য৷ ইয়াত অধ্যয়নৰ বাবে কোনো প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ প্ৰয়োজন নাই৷ বৰং দশম শ্ৰেনীৰ পৰীক্ষাত অনুত্তীৰ্ণ আৰু কোনো আনুষ্ঠানিক শিক্ষা নথকা ছাত্ৰ-ছাত্ৰীকহে এই প্ৰতিষ্ঠানত শিক্ষাদান কৰোৱা হয়৷ তাকো তেওঁলোক হ’ব লাগিব লাডাখৰ স্থানীয় ছাত্ৰ-ছাত্ৰী৷ ব্যৱহাৰিক ভাষা হ’ব লাগিব লাডাখী৷ SECMOLত কি শিকোৱা হয়, সেয়া তাৰ চৌহদটোৱেই কৈ দিব৷ 

পৰম্পৰাৰ সৈতে শিক্ষাঃ SECMOLৰ ছাত্ৰ-ছাত্ৰী

লাডাখত শীতৰ দিনবোৰৰ তাপমাত্ৰা -২০ ডিগ্ৰীৰ পৰা -৩৫ ডিগ্ৰীলৈ হৈ পৰে৷ এই অসম্ভৱ শীত লাডাখৰ জীৱন যাত্ৰাৰ অংগ৷ কিন্তু তাৰ একমাত্ৰ ভাল লগা কথাটো হ’ল ৩০০ দিনেই সূৰ্যৰ পোহৰ পোৱা যায়৷ সেইবাবেই ১৯৯৪ চনত প্ৰতিষ্ঠাৰ দিন ধৰি SECMOLৰ চৌহদত সৌৰশক্তিৰ প্ৰয়োগ আৰু সৌৰশক্তিৰ ব্যৱহাৰৰ ওপৰত আটঅইতকৈ বেছি গুৰুত্ব দিয়া হৈছিল৷ সৌৰ বিজুলীৰ পৰা সৌৰ কুকাৰলৈকে – সৌৰ শক্তিৰ সঠিক ব্যৱহাৰৰ আটাইতকৈ উৎকৃষ্ট উদাহৰণেই হ’ব সোনম ৱাংছুকৰ SECMOL চৌহদ৷ 

কোনো শক্তি গ্ৰীডৰ সৈতে SECMOL চৌহদৰ কোনো সম্পৰ্ক নাই৷ ইয়াৰ লাইট, টি ভি, কম্পিউটাৰৰ বাবে প্ৰয়োজনীয় সকলো বিজুলী উৎপাদন কৰা হয় ফটোভলটেইক পেনেলৰ সহায়ত৷ যদিহে কেতিয়াবা বহু সময়ৰ বাবে বতৰ ডাৱৰীয়া হৈ থাকে তেনেহ’লে সৰু জেনেৰেটৰৰ সহায় লোৱা হয়৷ SECMOL চৌহদৰ পানী উত্তোলন কৰা হয় ১৩০ ফুট দ’ৰ পৰা৷ এয়াও চ’লাৰ পাম্পৰ সহায়তে উঠোৱা হয়৷ এই চৌহদৰ আটাইতকৈ আকৰ্ষণীয় ঘটনাটো হ’ল সৌৰ শক্তি চালিত কুকাৰ৷ 

১৯৯৭ চনত SECMOLৰ ছাত্ৰ আৰু উদ্ভাৱকৰ এটা দলে প্ৰস্তুত কৰি উলিয়াইছিল এই চ’লাৰ কুকাৰ৷ সূৰ্যৰ পোহৰৰ প্ৰতিফলনৰ সহায়ত বিশেষ ৰন্ধন পাত্ৰত এই কুকাৰত খাদ্য প্ৰস্তুত কৰা হয়৷ পানী গৰম কৰাৰ বাবেও আছে সৌৰ শক্তি চালিত বিশেষ হিটাৰ৷ ৰাতিপুৱা যদি এই হিটাৰত ১০০ লিটাৰ পানী গৰম হ’বলৈ দিয়া হয়, দুপৰীয়া ১২ বজালৈ পানী ৪৫ ডিগ্ৰী উষ্ণতাত গৰম হৈ যায়৷ চৰকাৰী বিভিন্ন বিভাগক যোগানৰ বাবে একেটা চৌহদতেই নিৰ্মাণ কৰা হৈছে বাণিজ্যিক হিটাৰ৷ য’ত ৭০ ডিগ্ৰী পৰ্যন্ত পানী উতলাব পাৰি৷ ঠাণ্ডা দিনত পানী গোট নমৰাকৈ ৰাখিব পাৰি৷ সেই একেদৰেই সৌৰ শক্তিৰ সহায়তেই সমগ্ৰ চৌহদটোক উষ্ণ কৰি ৰখা হয়৷ 

সৌৰশক্তিৰ সহায়ত পানী গৰম কৰাৰ পদ্ধতি


প্ৰয়োজনীয় সকলো খাদ্য, গাখীৰ উৎপাদন কৰা হয় SECMOL চৌহদৰ ভিতৰতেই৷ সকলো জৈৱিক আৰু নিজ হাতে উৎপাদন কৰা৷ ইণ্ডাছ নদীৰ ওপৰত থকা এই চৌহদত প্ৰথমতে নাছিল এজোপাও গছ৷ কিন্তু সেই চৌহদ এতিয়া বাগিচা আৰু সেউজীয়াৰ এক দৃষ্টিনন্দন স্থানত পৰিণত হৈছে৷ ইয়াৰ ছাত্ৰ–ছাত্ৰীসকলে নিজেই খেতি কৰে, নিজেই গৰু পোহে৷ নিজেই পাচলি চিঙে, নিজেই গাখীৰ খিৰাই৷ কিন্তু সমস্যাটো হয় শীতৰ ৪-৫ মাহত৷ যিসময়ত কিনিবলৈও শাক-পাচলি পোৱা নাযায়৷ এই সময়ছোৱাৰ বাবে SECMOL চৌহদতেই ছাত্ৰ-ছাত্ৰীসকলে বিশেষ পদ্ধতিৰে খাদ্য সংৰক্ষণ কৰিবলৈও শিকিছে৷ দশম শ্ৰেণী অনুত্তীৰ্ণ অথবা কোনো আনুষ্ঠানিক শিক্ষা নথকা ছাত্ৰ-ছাত্ৰীক লৈ এনেকৈয়ে স্বাৱলম্বিতা আৰু উদ্ভাৱনৰ সুকীয়া দৃষ্টান্ত দাঙি ধৰিছে সোনম ৱাংছুকে৷ সোনম ৱাংচুকে শিক্ষাৰ এই বিকল্প আৰ্হি দাঙি ধৰাই নহয়, নিজেও লাডাখৰ বাবে কেইবাটাও অবিস্মৰণীয় উদ্ভাৱন কৰিছে৷

SECMOLৰ ছাত্ৰ-ছাত্ৰীৰ ব্যৱহাৰিক শিক্ষা

এজন দেশপ্ৰেমিকৰ আত্মত্যাগ

সাগৰ পৃষ্ঠৰ পৰা ১০ হাজাৰ ফুটৰো অধিক উচ্চতাত বহি এজন শিক্ষাবিদ, উদ্ভাৱকে নীৰৱে এক পৰিৱৰ্তনৰ বাট কাটিছিল৷ থ্ৰী ইডিয়টছ চিনেমাই চিনাকি কৰাই দিয়াৰ আগলৈকে তেওঁ বহুতৰ বাবেই অচিনাকি আছিল৷ কিন্তু থ্ৰী ইডিয়টছ চিনেমাৰ পাছত সোনম ৱাংছুকক আৰু চিনি নোপোৱা শিক্ষিত মানুহ বোধকৰো আজি আৰু নাই৷ সোনম ৱাংছুকে তেওঁৰ শেহতীয়া উদ্ভাৱনৰ জৰিয়তে প্ৰমাণ কৰি দিছে যে শ্ল’গান আৰু ভাষণ সৰ্বস্ব ৰাজনৈতিক নেতাৰ তুলনাত তেওঁ হাজাৰ গুণ অধিক দেশপ্ৰেমিক৷ সোনম ৱাংছুকৰ দাবীক উপেক্ষা কৰি যেন চৰকাৰে এজন প্ৰকৃত দেশপ্ৰেমিকৰ দেশপ্ৰেমকো তুচ্ছ তাচ্ছিল্য কৰিছে৷ এই প্ৰতিবেদনত আমি আলোচনা কৰিম সোনম ৱাংছুকৰ দেশৰ প্ৰতি থকা অভূতপূৰ্ব অৱদানৰ বিষয়ে৷

সোনম ৱাংছুকৰ শেহতীয়া উদ্ভাৱন আছিল ভাৰতীয় সেনা বাহিনীৰ বাবে৷ ২০২১ চনৰ ১৯ ফেব্ৰুৱাৰীত টুইটাৰত সেই উদ্ভাৱনৰ ফটো প্ৰকাশ কৰিছিল সোনম ৱাংছুকে নিজেই৷ বৰফাবৃত্ত লাডাখত দেশৰ সুৰক্ষাৰ বাবে নিয়োজিত সেনাৰ অৱস্থা কি হ’ব পাৰে, সেয়া এবাৰ কল্পনা কৰি চাওক৷ যেতিয়া উষ্ণতা হৈ পৰে -১৫ বা -২০ ডিগ্ৰী চেলছিয়াছ, তেতিয়াও সীমাত অতন্দ্ৰ প্ৰহৰীৰ ভূমিকা পালন কৰি সেনা জোৱানসকলে৷ তাতে সীমাত ৰৈ আছে চীন৷ লাডাখত কেৰচিন বা আন ইন্ধন জ্বলোৱাটো লাডাখৰ পৰিৱেশৰ প্ৰতিও ভাবুকি স্বৰূপ৷ এনে পৰিস্থিতিত সোনম ৱাংছুকে আৱিষ্কাৰ কৰিছিল সৌৰশক্তি চালিত টেণ্ট৷ এই টেণ্টৰ ফটো ৰাজহুৱা কৰিছিল ২০২১ চনৰ ১৯ ফেব্ৰুৱাৰীৰ নিশা দহ বজাত৷ সেই সময়ত টেণ্টৰ বাহিৰৰ উষ্ণতা মাইনাছ ১৪ ডিগ্ৰী ছেলছিয়াছ৷ আৰু টেণ্টৰ ভিতৰৰ উষ্ণতা আছিল ১৫ ডিগ্ৰী চেলছিয়াছ৷ য’ত ১০ জন জোৱান থাকিব পাৰে৷ টেণ্টটোৰ ওজন হ’ল ৩০ কিলোগ্ৰাম৷

সোনম ৱাংচুকৰ উদ্ভাৱনঃ টেণ্টৰ বাহিৰত মাইনাছ ১৪ ডিগ্ৰী আৰু টেণ্টৰ ভিতৰত ১৫ ডিগ্ৰী চেলছিয়াছ

এই উদ্ভাৱন সন্দৰ্ভত সোনম ৱাংছুকে কয়, দেশৰ সেনা জোৱানসকল প্ৰতি মুহূৰ্ততে শত্ৰুৰ মোকাবিলা কৰিবলৈ সাজু হৈ থাকিব লাগে৷ গতিকে টেণ্টৰ আকাৰ তেনেই সৰু হ’ব নালাগে৷ লাডাখৰ উষ্ণতা মাইনাছ ৩০ ডিগ্ৰী চেলছিয়াছলৈ অৱনমিত হয়৷ এনে এক পৰিস্থিতিত যাতে জোৱানসকল সুৰক্ষিত হৈ থাকিব পাৰে, তাৰ বাবেই সহজতে কঢ়িয়াব পৰা এই টেণ্টটো সাজু কৰি উলিওৱা হৈছে৷ তদুপৰি সৌৰ শক্তি চালিত টেন্টটোৱে জলবায়ু পৰিৱৰ্তন প্ৰতিৰোধ কৰাটো সহায় হ’ব।

সেনাবাহিনীৰ বাবে উদ্ভাৱন কৰা টেণ্ট

সোনম ৱাংছুকৰ উদ্ভাৱনৰ আটাইতকৈ উজ্জ্বল নিদৰ্শন হ’ল কৃত্ৰিম হিমবাহ৷ জলবায়ু পৰিৱৰ্তনৰ ফলত লাডাখৰ জনজীৱনলৈও নামি আহিছে অনেক প্ৰত্যাহ্বান৷ পূৰ্বতে গ্ৰীষ্মকালত গলি যোৱা হিমবাহেই আছিল লাডাখবাসীৰ পানীৰ একমাত্ৰ উৎস৷ কিন্তু জলবায়ু পৰিৱৰ্তনৰ বাবে গ্ৰীষ্মকালত লাডাখবাসী সন্মুখীন হয় তীব্ৰ জলসংকটৰ৷ মানৱসৃষ্ট এই সংকটৰ মোকাবিলা কৰিবলৈ সোনম ৱাংছুকে আৱিষ্কাৰ কৰে কৃত্ৰিম হিমবাহৰ৷ তেওঁ শীতকালত কৃত্ৰিম হিমবাহৰ জৰিয়তে বৰফৰ ৰূপত পানী সংৰক্ষণ কৰি ৰাখে৷ গ্ৰীষ্মকালত সেই পানী সাধাৰণ মানুহৰ ব্যৱহাৰ আৰু জলসিঞ্চনৰ বাবে ব্যৱহাৰ কৰা হয়৷ এই কৃত্ৰিম হিমবাহ সৃষ্টিৰ বাবে কোনো জনতাই ঢুকি নোপোৱা প্ৰযুক্তি ব্যৱহাৰ কৰা নাই৷ সোনম ৱাংছুকৰ এই উদ্ভাৱন লাডাখৰ জনসাধাৰণে নিজেই ব্যৱহাৰ কৰিব পাৰে৷ এই উদ্ভাৱন কেৱল লাডাখৰ বাবেই নহয়, জলবায়ু পৰিৱৰ্তন প্ৰতিৰোধ কৰাৰ এক অভূতপূৰ্ব নিদৰ্শন বুলি সমগ্ৰ বিশ্বত স্বীকৃত হৈছে৷ এই আৱিষ্কাৰ সন্দৰ্ভত সোনম ৱাংছুকে এক সাক্ষাৎকাৰত কয়, ‘আমি প্রযুক্তি আৰু পৰম্পৰাক একেলগে আগুৱাই নিব খোজো৷ শীতকালত কৃত্ৰিম হিমবাহ সৃষ্টি কৰা প্ৰক্ৰিয়াটো সামান্য জটিল৷ সেইবাবেই জনতাৰ অংশগ্ৰহণ বৃদ্ধি কৰিবলৈ যুৱক–যুৱতীসকলক আমন্ত্রণ কৰিলো৷ তেওঁলোকৰ মাজত হিমবাহ সৃষ্টিৰ প্ৰতিযোগিতা আয়োজন কৰিলো৷ লাহে লাহে হিমবাহ সৃষ্টিৰ প্ৰক্ৰিয়াটোৱে খেলৰ ৰূপ ল’লে৷ সোনম ৱাংছুকৰ মতে – ইঞ্জীনিয়াৰিং মানে কেৱল মেটেৰিয়েল, পাইপ আৰু পাম্প নহয়৷ এয়া হ’ল জনতাৰ সৈতে বিজ্ঞানক সংযোগ কৰাৰ এটা প্ৰক্ৰিয়া৷

এইগৰাকী দেশপ্ৰেমিক শিক্ষাবিদ – উদ্ভাৱকৰ কাষত কেতিয়া থিয় হ’ব দেশবাসী? আজিৰ দিনটোত এয়া হৈ পৰিছে আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন৷ 

Share This Article
Arup Kalita
Arup Kalita