ভয়ংকৰ! কেন্দ্ৰই অনুজ্ঞাপত্ৰ বাতিল কৰা কোম্পানীৰ দৰৱ অসমৰ চৰকাৰী চিকিৎসালয়ত

Share This Article

ৰাজস্থানত ৫ গৰাকী প্ৰসূতিৰ মৃত্যুৰ বাবে দায়ী ‘জেকশ্যন লেব’ৰেটৰীজ’ৰ দৰৱ ক্ৰয় ৰাজ্য চৰকাৰৰ
৫ বাৰকৈ ব্লেকলিষ্টেড হোৱা পঞ্জাৱৰ দৰৱ কোম্পানীৰ দৰৱক লৈ শংকা , উদ্বিগ্নতা

অৰিন্দম বুঢ়াগোহাঁই, গৌতম প্ৰতিম গগৈ

গুৱাহাটী, ৪ জুলাইঃ অসমৰ চৰকাৰী চিকিৎসালয়ত এতিয়াও বিতৰণ হৈ আছে কেন্দ্ৰীয় চৰকাৰে অনুজ্ঞাপত্ৰ বাতিল কৰা কোম্পানীয়ে প্ৰস্তুত কৰা দৰৱ৷ বৃক্ক সংৰোপনৰ দৰে স্পৰ্শকাতৰ ৰোগীৰ মাজতো নিষিদ্ধ কোম্পানীৰ দৰৱ বিতৰণ কৰাৰ ভয়ানক ঘটনা পোহৰলৈ আহিছে ‘দ্য ক্ৰছকাৰেণ্ট’ৰ অনুসন্ধানত৷ ৰাজস্থানত ৫ গৰাকীকৈ প্ৰসূতিৰ আকস্মিক মৃত্যুৰ পাছতেই তদন্তৰ সন্মুখীন হৈছিল পঞ্জাৱৰ দৰৱ নিৰ্মাণকাৰী কোম্পানী জেকচন লেব’ৰেটৰীজ৷ তদন্তত কোম্পানীটোৰ ভয়ানক গাফিলতি প্ৰমাণ হয়৷ ইয়াৰ পাছতেই বিগত ২৭ জুনত কেন্দ্ৰীয় চৰকাৰে বাতিল কৰে জেকচন লেব’ৰেটৰীজৰ অনুজ্ঞাপত্ৰ৷ কিন্তু আচৰিত কথাটো হ’ল, সেই একেটা কোম্পানীৰ দৰৱ বিতৰণ কৰা হৈ আছে অসমৰ চৰকাৰী চিকিৎসালয়সমূহত৷

অসমৰ চৰকাৰী চিকিৎসালয়সমূহত ৰোগীক যোগান ধৰা জেকচন লেব’ৰেটৰীজৰ ঔষধ

বিগত ৪ মে’ত ৰাজস্থানৰ কোটাত সংঘটিত হৈছিল এক ভয়ংকৰ ঘটনা৷ কোটাৰ নিউ মেডিকেল কলেজ হাস্পতালত অস্ত্ৰোপচাৰৰ জৰিয়তে সন্তান জন্ম দিয়াৰ পাছতেই মৃত্যুমুখত পৰিছিল ৫ গৰাকীকৈ প্ৰসূতি৷ তাৰ পাছৰে পৰা আন কেইবাগৰাকীও প্ৰসূতিৰ বৃক্ক বিকল হোৱাৰ তথ্য প্ৰকাশ পায়৷ এই ঘটনাই জোকাৰি যায় সমগ্ৰ দেশ৷ প্ৰসূতিৰ মৃত্যুৰ ঘটনাক গুৰুত্বসহকাৰে লয় বিশ্ব স্বাস্থ্য সংস্থাইও৷ প্ৰথমাৱস্থাত অস্ত্ৰোপচাৰ কক্ষৰ সংক্ৰমণৰ বাবে প্ৰসূতিৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছিল যদিও তদন্তত আন এক তথ্যহে পোহৰলৈ আহে৷ তদন্তৰ প্ৰতিবেদনত কোৱা হয় যে প্ৰসূতিৰ অস্ত্ৰোপচাৰৰ পাছত ৰক্তক্ষৰণ ৰোধ কৰিবলৈ ‘অক্সিটচিন’ নামৰ এবিধ ইনজেকশ্যন দিয়া হয়৷ কিন্তু নিউ মেডিকেল কলেজত প্ৰসূতিক দিয়া অক্সিটচিন ইনজেকশ্যন আছিল ভেজাল৷ যাৰ বাবে প্ৰসূতিক এই ইনজেকশ্যন দিয়াৰ পাছতেই তেওঁলোকৰ ৰক্তচাপ অস্বাভাৱিকভাৱে কমি আহে৷ শেষত বৃক্ক পৰ্যন্ত বিফল হৈ তেওঁলোকৰ মৃত্যু হয়৷ এই ভেজাল ইনজেকশ্যন প্ৰস্তুত কৰিছিল পঞ্জাৱৰ অমৃতসৰৰ জেকশ্যন লেব’ৰেটৰীজ নামৰ কোম্পানীটোৱে৷ ৰোগীৰ জীৱনৰ সৈতে হেতালি খেলা কোম্পানীটোৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি কেন্দ্ৰই জেকশ্যন লেব’ৰেটৰীজৰ পঞ্জাৱ আৰু হিমাচলত থকা উদ্যোগৰ অনুজ্ঞাপত্ৰ বাতিল কৰে৷

জেকচনৰ ভেজাল দৰৱৰ বাবে ৰাজস্থানত মৃত্যু ৫ প্ৰসূতিৰ, দৈনিক ভাস্কৰৰ বাতৰি

অনুজ্ঞাপত্ৰ বাতিল হোৱা জেকচন লেব’ৰেটৰীজ নামৰ কোম্পানীটোৰ দৰৱ অসমৰ চৰকাৰী চিকিৎসালয়ত এতিয়াও বিনামূলীয়াকৈ বিতৰণ কৰা হৈ আছে৷ ‘দ্য ক্ৰছকাৰেণ্ট’য়ে লাভ কৰা তথ্য অনুসৰি, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়তো ৰোগীক মৃত্যুমুখলৈ ঠেলি দিয়া জেকশ্যন লেব’ৰেটৰীজৰ দৰৱ বিতৰণ কৰা হৈছে৷ বৃক্ক সংৰোপনৰ দৰে স্পৰ্শকাতৰ ৰোগীক চিকিৎসা মহাবিদ্যালয়খনত দিয়া হৈছে এই কোম্পানীটোৱে প্ৰস্তুত কৰা ‘টেক্ৰ’লিমাছ’ নামৰ এবিধ কেপচুল৷ ফাৰ্মাচীত তেনে ১০ টা কেপচুলৰ দাম ৪০০ৰ পৰা ৫০০ টকাৰ ভিতৰত৷ কেৱল সেয়াই নহয়, আন কেইবাটাও দৰৱ জেকশ্যন লেব’ৰেটৰীজে অসমৰ চিকিৎসালয়ত বিতৰণ কৰাৰ তথ্য লাভ কৰা গৈছে৷

বাতিল জেকচন লেব’ৰেটৰীজৰ সকলো অনুজ্ঞাপত্ৰ, টাইমছ অৱ ইণ্ডিয়াৰ বাতৰি

অসমৰ চৰকাৰী চিকিৎসালয়ত প্ৰয়োজন হোৱা দৰৱসমূহ ক্ৰয় কৰে আছাম মেডিকেল চাৰ্ভিছ কৰ্প’ৰেশ্যন লিমিটেডে৷ তাৰ পাছত দৰৱসমূহ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জৰিয়তে চিকিৎসালয়সমূহত বিতৰণ কৰা হয়৷ আছাম মেডিকেল চাৰ্ভিছ কৰ্পোৰেশ্যনে ২০২৫ চনৰ ২৮ নৱেম্বৰত ৩২৭ বিধ আৰু ২০২৬ চনৰ ২৯ জানুৱাৰীত ক্ৰমে ৩০৫ বিধ দৰৱ ক্ৰয়ৰ বাবে নিবিদা আহ্বান কৰে৷ ২০২৫ চনৰ নিবিদাত ৯৭ টা আৰু  ২০২৬ চনৰ নিবিদাত দেশৰ ৯১ টা দৰৱ নিৰ্মাণকাৰী কোম্পানীয়ে বিভিন্ন দৰৱ যোগানৰ বাবে নিবিদাত অংশগ্ৰহণ কৰে৷ তাৰ ভিতৰত অন্যতম আছিল পঞ্জাৱৰ জেকশ্যন লেব’ৰেটৰীজ৷

অসমতো দৰৱ যোগানৰ নিবিদাত জেকচনৰ অংশগ্ৰহণ

২০২৫ চনৰ নিবিদাত ২৫ বিধ দৰৱৰ ক্ষেত্ৰত জেকশ্যন লেব’ৰেটৰীজ ‘L1’ অংশগ্ৰহণকাৰী হিচাপে বিবেচিত হয়৷ একেদৰে ২০২৬ চনৰ নিবিদাত ২০ টা দৰৱৰ ক্ষেত্ৰত জেকশ্যন লেব’ৰেটৰীজ ‘L1’ অংশগ্ৰহণকাৰী হিচাপে নিৰ্বাচিত হয়৷ এই কোম্পানীটোৱে নিৰ্দিষ্ট দৰৱসমূহ কিমান পৰিমানত যোগান ধৰিছিল, সেই সন্দৰ্ভত আছাম মেডিকেল চাৰ্ভিছ কৰ্পোৰেশ্যনলৈ প্ৰশ্নাৱলী প্ৰেৰণ কৰা হৈছে৷ উত্তৰ লাভ কৰাৰ পাছত সেয়া প্ৰকাশ কৰা হ’ব৷

ৰাজস্থানত প্ৰসূতিৰ মৃত্যু আৰু জেকশ্যন লেব’ৰেটৰীজৰ অনুজ্ঞাপত্ৰ বাতিলৰ পাছত স্বাভাৱিকতে কোম্পানীটোৱে অসমত যোগান ধৰা দৰৱৰ গুণগত মান সন্দৰ্ভত সন্দেহৰ সৃষ্টি হৈছে৷ যিটো কোম্পানীৰ ভেজাল দৰৱে প্ৰসূতিৰ জীৱন কাঢ়ি নিলে, সেই একেটা কোম্পানীৰ দৰৱ চৰকাৰী চিকিৎসালসমূহত বিতৰণ কৰি থকাটো কিমান নিৰাপদ তাক লৈও প্ৰশ্ন উত্থাপন হৈছে৷ এই সন্দৰ্ভত আছাম মেডিকেল চাৰ্ভিছ কৰ্পোৰেশ্যনৰ ক্ৰয়-বিক্ৰয় বিভাগৰ মহাপ্ৰবন্ধক অনিৰ্বান তালুকদাৰৰ সৈতে যোগাযোগ কৰা হৈছিল৷ তালুকদাৰে জানিবলৈ দিয়া মতে, দৰৱসমূহ ক্ৰয় কৰাৰ আগত আৰু পাছত পৰীক্ষাগাৰত পৰীক্ষা কৰা হয়৷ সেইবাবে জেকশ্যন লেব’ৰেটৰীজে যোগান ধৰা দৰৱসমূহ এতিয়াও চিকিৎসালয়ৰ পৰা প্ৰত্যাহাৰৰ কথা চিন্তা কৰা হোৱা নাই৷

বিভাগীয় কৰ্তৃপক্ষই বিষয়টোক যিমান সহজভাৱে লৈছে, সিমানেই আশংকা, উদ্বিগ্নতাও বাঢ়ি গৈ আছে৷ কিয়নো ৰাজস্থানত ঘাতক দৰৱ যোগান ধৰাৰ পূৰ্বে বহুকেইখন ৰাজ্যই ব্লেকলিষ্টেড কৰিছিল জেকশ্যন লেব’ৰেটৰীজক৷

২০১৭ চনত ওড়িশা চৰকাৰে নিম্নমানৰ দৰৱ যোগান ধৰাৰ বাবে জেকশ্যন লেব’ৰেটৰীজক ব্লেকলিষ্টেড কৰিছিল৷ ২০২০ চনত তামিলনাডু মেডিকেল চাৰ্ভিজ কৰ্প’ৰেশ্যনৰ দুবছৰৰ নিষেধাজ্ঞাৰ সন্মুখীন হৈছিল জেকশ্যন লেব’ৰেটৰীজ৷ ২০২১ চনত নিম্নমানৰ ‘বি ভিটামিন’ টেবলেট যোগান ধৰি দুবছৰৰ বাবে জম্মু-কাশ্মীৰত ব্লেকলিষ্টেড হৈছিল এই কোম্পানীটো৷ ২০২৩ চনত কৰ্ণাটক চৰকাৰেও নিম্নমানৰ দৰৱ যোগান ধৰাৰ বাবে ৫ বছৰৰ বাবে ব্লেকলিষ্টেড কৰিছিল জেকশ্যন লেব’ৰেটৰীজক৷ তাৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ জনওষধী আঁচনি ৰূপায়ন কৰা ব্যুৰ’ অৱ ফাৰ্মা পি এছ ইউ অৱ ইণ্ডিয়াই ২০১৯ চনৰ জানুৱাৰী মাহত দুবছৰৰ বাবে ব্লেকলিষ্টেড কৰিছিল একেটা কোম্পানীক৷

জম্মু-কাশ্মীৰত ২০২১ চনতেই ব্লেকলিষ্টেড জেকচন

ইখনৰ পাছত সিখন ৰাজ্যই ব্লেকলিষ্টেড কৰাৰ পাছতো সুৰুঙা উলিয়াই আন আন ৰাজ্যত দৰৱ যোগান ধৰি গৈছিল জেকশ্যন লেব’ৰেটৰীজে৷ যাৰ পৰিণতিত ৰাজস্থানত একেদিনাই প্ৰাণ হেৰুৱাবলগীয়া হ’ল ৫ গৰাকী প্ৰসূতিয়ে৷ বৰষুণ যোৱাৰ পাছত জাপি লোৱাৰ দৰে ৫ গৰাকী প্ৰসূতিৰ মৃত্যুৰ পাছতহে সাৰ পালে কেন্দ্ৰীয় চৰকাৰে৷ ইয়াৰ পাছতেই কোম্পানীৰ দৰৱ নিৰ্মাণৰ সকলো অনুজ্ঞাপত্ৰ বাতিল কৰা হয়৷ কিন্তু আশ্চৰ্যজনকভাৱে অসমৰ চিকিৎসালয়ত এতিয়াও এই কোম্পানীৰ দৰৱ ৰোগীক প্ৰদান কৰা হৈ আছে৷ অসমত ২০২৫ চনত যিকেইটা দৰৱ যোগানৰ বাবে জেকশ্যন লেব’ৰেটৰীজ ‘L1’ অংশগ্ৰহনকাৰী হিচাপে নিৰ্বাচিত হৈছে, সেই দৰৱসমূহ হ’ল –

২০২৫ চনত জেকচন লেব'ৰেটৰীজ প্ৰাইভেট লিমিটেড 'L1' অংশগ্ৰহণকাৰী হিচাপে বিবেচিত হোৱা ঔষধৰ তালিকা
২০২৫ চনত জেকচন লেব’ৰেটৰীজ প্ৰাইভেট লিমিটেড এইসমূহ ঔষধ যোগানৰ নিবিদাত ‘L1’ অংশগ্ৰহণকাৰীৰ হিচাপে বিবেচিত হৈছিল

একেদৰে ২০২৫ চনত জেকশ্যন লেব’ৰেটৰীজ ‘L1’ অংশগ্ৰহনকাৰী হিচাপে নিৰ্বাচিত হোৱা দৰৱসমূহ হ’ল-

২০২৬ চনত জেকচন লেব’ৰেটৰীজ প্ৰাইভেট লিমিটেড এইসমূহ ঔষধ যোগানৰ নিবিদাত ‘L1’ অংশগ্ৰহণকাৰীৰ হিচাপে বিবেচিত হৈছিল

৫ বাৰকৈ ব্লেকলিষ্টেড হোৱা আৰু শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে অনুজ্ঞাপত্ৰ বাতিল কৰা জেকশ্যন লেব’ৰেটৰীজৰ দৰৱ এতিয়াও অসমৰ চৰকাৰী চিকিৎসালয়ত বিতৰণ হৈ থকাটো কেৱল উদ্বেগজনকেই নহয়, ৰোগীৰ বাবেও চিন্তাৰ বিষয় হৈ পৰিছে৷ বিষয়টোক লৈ অসম চৰকাৰে কি স্থিতি গ্ৰহণ কৰে, সেয়া লক্ষনীয় হ’ব৷

Share This Article
Arindom Buragohain
Arindom Buragohain