নিজ সমষ্টিতে মন্ত্ৰীৰ কেশৱ মহন্তৰ ভাতৃ আৰু সহযোগীক জলজীৱনৰ ২৩ টা ঠিকা

Share This Article

‘দ্য ক্ৰছকাৰেণ্ট’ৰ নতুন অনুষ্ঠান এচেট ৱাটচত প্ৰকাশ পাইছে ইজনৰ পিছত সিজন নেতাৰ পৰ্বতসম সম্পত্তিৰ তথ্য। এই অনুষ্ঠানৰ যোগেদি ইতিমধ্যে পোহৰলৈ আহিছে মন্ত্ৰী অজন্তা নেওগ আৰু বিধায়ক ভাস্কৰ শৰ্মাৰ পৰিয়ালৰ বিশাল সম্পত্তিৰ তথ্য। এই অনুষ্ঠানলৈ দৰ্শকে বিপুল সঁহাৰি আগবঢ়োৱাৰ লগতে ৰাজনৈতিক মহলতো ব্যাপক চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল। এই অনুষ্ঠান সম্প্ৰচাৰ হৈ যোৱাৰ পাছতো বিভিন্ন সূত্ৰই সূত্ৰই মন্ত্ৰী অজন্তা নেওগৰ সম্পত্তিৰ তথ্য ‘দ্য ক্ৰছকাৰেণ্ট’লৈ প্ৰেৰণ কৰিয়েই আছে৷ এইবাৰ ‘দ্য ক্ৰছকাৰেণ্ট’ৰ হাতত আহি পৰিছে মন্ত্ৰী কেশৱ মহন্তৰ পৰিয়ালৰ ব্যৱসায়িক উত্থানৰ চাঞ্চল্যকৰ তথ্য৷

বিগত দহ বছৰ ধৰি অসম চৰকাৰৰ মন্ত্ৰী হৈ আছে কলিয়াবৰৰ জনপ্ৰতিনিধি কেশৱ মহন্ত৷ জলসিঞ্চনৰ পৰা ৰাজহ বিভাগলৈ বহু গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব প্ৰদান কৰা হৈছে কেশৱ মহন্তক৷ একেসময়তে কেশৱ মহন্তৰ হাতত আছে অসম গণ পৰিষদৰ কাৰ্যকৰী সভাপতিৰ দায়িত্ব৷ মন্ত্ৰী কেশৱ মহন্তৰ কাৰ্যকালত তেওঁৰ হাতত থকা বিভাগসমূহৰ উন্নতি হওক বা নহওক, অসম গণ পৰিষদ শক্তিশালী হওক বা নহওক, তেওঁৰ পৰিয়ালে কিন্তু চমকপ্ৰদ ব্যৱসায়িক উত্থান কৰিবলৈ সক্ষম হৈছে৷ আমাৰ হাতত আহি পৰা তথ্য অনুসৰি, কেৱল কলিয়াবৰত তেওঁৰ ভাতৃ আৰু ভাতৃৰ ব্যৱসায়িক সহযোগীয়ে হস্তগত কৰিছে জলজীৱন মিছনৰ কমেও ২৩ টাকৈ ঠিকা। এই ঠিকাসমূহৰ মূল্য হ’ব ২৬ কোটিতকৈও অধিক টকা৷

মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃ কৃষ্ণ মহন্তৰ ঠিকাদাৰী প্ৰতিষ্ঠানৰ নাম হ’ল মাধৱ এণ্টাৰপ্ৰাইজ৷ এই প্ৰতিষ্ঠানটোত কেশৱ মহন্তৰ অন্যতম সহযোগী হ’ল অচ্যুত শইকীয়া৷ এই মাধৱ এন্টাৰপ্ৰাইজ আৰু অচ্যুত শইকীয়াৰ নামত কেৱল কলিয়াবৰ সমষ্টিত কমেও ২৩ টা জলজীৱন মিছনৰ ঠিকা আবণ্টন দিয়া হৈছে। এই ঠিকাসমূহৰ বিপৰীতে মন্ত্ৰী ভাতৃৰ প্ৰতিষ্ঠান আৰু তেওঁৰ সহযোগীয়ে ২৬.৩০ কোটি টকাৰ আবণ্টন লাভ কৰিছে৷ মাধৱ এণ্টাৰপ্ৰাইজ আৰু কৃষ্ণ মহন্তৰ ব্যৱসায়িক সহযোগী অচ্যুত শইকীয়াই লাভ কৰা জলজীৱন মিছনৰ আঁচনি আৰু তাৰ বিপৰীতে আবণ্টিত ধনৰ পৰিমান এনেধৰণৰ – বেগেনাৱাটি উলুৱনি – ১ কোটি ৮৪ লাখ ৪৩ হাজাৰ টকা, ৰামচিং গাঁও – ৭২ লাখ ৬৫ হাজাৰ টকা, লখনাবন্ধা – ৭৯ লাখ টকা, সোণাৰি গাঁও – ৫৪ লাখ টকা, হাটবৰ – ৭৫ লাখ টকা, ভৰিধোৱা – ১ কোটি ১৮ লাখ ৩৫ হাজাৰ টকা, কুলিদঙা – ৫৯ লাখ ৫৮ হাজাৰ টকা, লখনাবন্ধা নতুন – ২ কোটি ২১ লাখ ৬৩ হাজাৰ টকা, নমশূদ্ৰ পাতলিআটি – ১ কোটি ৭৩ লাখ ৮৯ হাজাৰ টকা, খালৈআটি – ১ কোটি ৭৫ লাখ টকা, মিছামুখ পাম – ২ কোটি ৪ লাখ ৯৭ হাজাৰ টকা, মাজৰআটি আৰু কাৱৈমাৰী – ১ কোটি ৮২ লাখ ১৬ হাজাৰ টকা, শিৱস্থান – ৭৩ লাখ ৭৮ হাজাৰ টকা, নিজ বৰভগীয়া – ১ কোটি ৩৫ লাখ ৭০ হাজাৰ টকা, নামগাঁও – ১ কোটি ৩৬ লাখ ১৯ হাজাৰ টকা, ৰাধলা পাৰ্ট ২- ৫৪ লাখ ৮৯ হাজাৰ টকা, ভৰিধোৱা – ৭২ লাখ ৬৭ হাজাৰ টকা, চাকমুঠি দুই – ১ কোটি ৪৮ লাখ ১০ হাজাৰ টকা, চাকমুঠি এক- ১ কোটি ৬২ লাখ ৮৯ হাজাৰ টকা, ডিজুভেলী – ১ কোটি ৪৬ লাখ ৪১ হাজাৰ টকা, কেলিডেন চাহ বাগিচা – ১৭ লাখ টকা, মিছা চাহ বাগিচা – ৪৬ লাখ টকা, লখনাবন্ধা – ৭৯ লাখ টকা। এইদৰে এই ২৩ খন আঁচনিৰ বিনিময়ত মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃ কৃষ্ণ মহন্ত আৰু তেওঁৰ ব্যৱসায়িক সহযোগী অচ্যুত শইকীয়াৰ নামত আবণ্টন দিয়া হৈছে ২৬ কোটি ৭৩ লাখ ৩০ হাজাৰ টকাৰ ঠিকা৷ কেৱল জলজীৱন মিছনেই নহয়, আৰু বহু বিভাগৰ কোটি কোটি টকাৰ ঠিকা মন্ত্ৰীৰ ভাতৃয়ে লাভ কৰাৰ তথ্যও আমাৰ হাতত আহি পৰিছে৷ প্ৰশ্ন হৈছে – কলিয়াবৰত আন কোনো যোগ্য স্থানীয় ঠিকাদাৰ নাই নেকি? কেনেকৈ এজন মন্ত্ৰীৰ ভাতৃয়ে বছৰ বছৰ ধৰি গো-গ্ৰাসে হস্তগত কৰি আহিছে কোটি কোটি টকাৰ ঠিকা? লগতে এই প্ৰশ্নও উত্থাপন হৈছে – মন্ত্ৰী-বিধায়কৰ পত্নী, পুত্ৰ বা ভাতৃৰ হাতত কেনেকৈ আহি পৰে আলাউদ্দিনৰ চাকি? মন্ত্ৰী অজন্তা নেওগৰ পুত্ৰৰ বিশাল সম্পত্তি, বিধায়ক ভাস্কৰ শৰ্মাৰ পত্নীৰ ব্যৱসায়িক সাম্ৰাজ্যৰ পাছত এইবাৰ মন্ত্ৰী কেশৱ মহন্তৰ ঠিকাদাৰী প্ৰতিষ্ঠানৰ চমকপ্ৰদ উত্থানৰ তথ্য পোহৰলৈ আহিছে৷ মন্ত্ৰীৰ ভাতৃয়ে নিৰ্মাণ কৰা জলজীৱনৰ এই আঁচনিসমূহৰ পৰা সময়মতে পানী লাভ কৰিছেনে ৰাইজে? এই সন্দৰ্ভত আপোনাৰ মতামত জনাওক আমাৰ কমেণ্ট বক্সত৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.