পলিয়েষ্টাৰ কাপোৰৰ ইউনিফর্মৰ নামত বহিৰাগতক ৪৩ কোটি টকাৰ ঠিকা

Share This Article

নিম্নমানৰ ইউনিফর্মক লৈ সৃষ্টি হৈছে তীব্ৰ বিতর্কৰ৷ শিক্ষার্থীক যোগান ধৰা পলিষ্টাৰৰ ইউনিফর্ম সন্দর্ভত ইতিমধ্যে যুক্তি দাঙি ধৰিছে শিক্ষামন্ত্ৰীয়ে৷ কিন্তু অসমৰ বিদ্যালয়ত নিম্নমানৰ ইউনিফর্ম যোগান ধৰিছে কোনে?

ইউনিফর্ম যোগানৰ কোটি কোটি টকীয়া ঠিকা গতাই দিয়া হৈছে বহিৰাগত প্ৰতিষ্ঠানক৷ ৰাজ্যৰ থলুৱা ব্যৱসায়ী-ঠিকাদাৰক বঞ্চিত কৰি ইউনিফর্ম যোগানৰ কোটি কোটি টকাৰ ঠিকা প্ৰদান কৰা হৈছে ৰাজস্থান, মহাৰাষ্ট্ৰ, পশ্চিমবংগ আদি ৰাজ্যৰ কোম্পানীক৷ লক্ষণীয়ভাবে, যদিও ৰাজ্যৰ চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক ইউনিফর্ম যোগানৰ ঠিকা ৰাজ্যৰ থলুৱা ব্যৱসায়ী-ঠিকাদাৰক প্ৰদান কৰা হৈছে, নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ শিক্ষার্থীক এই ঠিকা কৌশলেৰে গতাই দিয়া হৈছে বহিৰাগত কোম্পানীক৷ নৱম আৰু দশম শ্ৰেণীৰ শিক্ষার্থীক ইউনিফর্ম যোগানৰ বাবে বান্ধি দিয়া হৈছে কঠোৰ নিয়ম এইসমূহ নিয়ম অনুসৰি- যোগানকাৰী প্ৰতিষ্ঠানৰ থাকিব লাগিব বহুকেইটা অর্হতা নিজেই সূতা প্ৰস্তুত কৰা প্ৰতিষ্ঠানেহে লাভ কৰিব ইউনিফর্ম যোগানৰ ঠিকা।

নৱম আৰু দশম শ্ৰেণীৰ শিক্ষার্থীক  ইউনিফর্ম যোগানৰ বাবে এনে কিছুমান কঠোৰ নিয়ম আৰু অর্হতা বান্ধি দিয়া হৈছে, যে অসমৰ থলুৱা আৰু ক্ষুদ্ৰ ব্যৱসায়ী সকলে এই ঠিকা লাভ কৰিবলৈ কোনো দিশৰ পৰাই সক্ষম নহ’ব৷ এনে এক প্ৰেক্ষাপটত ইউনিফর্ম যোগানৰ এই কোটি কোটি টকীয়া ঠিকা লাভ কৰিছে বহিৰাগত প্ৰতিষ্ঠানে৷ মন কৰক, এইখন ৱর্ক অর্ডালৈ৷ বিগত ১৫ মার্চত সমগ্ৰ শিক্ষা অসমে এই ৱর্ক অর্ডাৰ প্ৰদান কৰিছে কলকাতাৰ ক্ৰ’ন ক্লথিং প্ৰাইভেট লিমিটেডক। প্ৰতিষ্ঠানটোক প্ৰদান কৰা হৈছে ৪ লাখ ৭৫ হাজাৰ ১৩৩ যোৰ ইউনিফর্ম যোগানৰ ঠিকা। প্ৰতিষ্ঠানটোক দিয়া হৈছে ১৫ কোটি ৩৯ লাখ ৪৩ হাজাৰ ৯২ টকাৰ ঠিকা। একেদৰে একেদিনাই আন এটা ৱর্ক অর্ডাৰ প্ৰদান কৰা হৈছে মহাৰাষ্ট্ৰৰ পদ্মাচন্দ মিলাপচন্দ জৈনক। প্ৰতিষ্ঠানটোক দিয়া হৈছে ৪ লাখ ৭৫ হাজাৰ ১৪৪ যোৰ ইউনিফর্ম যোগানৰ ঠিকা। ঠিকাৰ মূল্য ১৫ কোট ৩৯ লাখ ৪৬ হাজাৰ ৬৫৬ কোটি টকা। অনুৰূপ ধৰণে সমগ্ৰ শিক্ষা অসমে আন এটা ৱর্ক অর্ডাৰ প্ৰদান কৰিছে ৰাজস্থানৰ কাঞ্চন ইণ্ডিয়া লিমিটেডক। এই প্ৰতিষ্ঠানটোৱে লাভ কৰিছে ৩ লাখ ৮৮ হাজাৰ ২২৬ যোৰ ইউনিফর্ম যোগানৰ ঠিকা। ঠিকাৰ মূল্য ১২ কোটি ৫৭ লাখ ৮৫ হাজাৰ ২২৪ টকা। এয়া মাত্ৰ উদাহৰণহে৷ এনেদৰেই নৱম আৰু দশম শ্ৰেণীৰ শিক্ষার্থীক ইউনিফর্ম যোগানৰ নামত মাত্ৰ তিনিটা বহিৰাগত প্ৰতিষ্ঠানকে প্ৰদান কৰা হ’ল সর্বমুঠ ৪৩ কোটি ৩৬ লাখ ৭৪ হাজাৰ ৯৭২ কোটি টকাৰ ঠিকা। 

ইতিমধ্যে ৰাজ্যৰ চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ শিক্ষার্থীক যোগান ধৰা ইউনিফর্মক লৈ তীব্ৰ বির্তকৰ সৃষ্টি হৈছে৷ পলিষ্টাৰ কাপোৰৰ ইউনিফর্ম যোগানক লৈ হোৱা বিতর্কৰ প্ৰত্যত্তুৰ দিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে৷ কিন্তু প্ৰশ্ন উত্থাপন হৈছে, অসমৰ শিক্ষার্থীক নিম্নমানৰ পলিষ্টাৰ কাপোৰ যোগান ধৰা এইসকল ঠিকাদাৰ-ব্যৱসায়ী কোন? কিয় অসমৰ থলুৱা ঠিকদাৰ ব্যৱসায়ীক এই কোটি কোটি টকীয়া ঠিকা প্ৰদান নকৰি গতাই দিয়া হৈছে বহিৰাগতক?

Share This Article
The CrossCurrent Bureau
The CrossCurrent Bureau