Investigative reporting with dedication.

গছত উঠিলেহে পায় ইণ্টাৰনেট, শুক্ৰবাৰেহে চিকিৎসালয়ত থাকে চিকিৎসক। কেনেকৈ আছে লাম্পি? লাম্পিৰ পৰা ‘দ্য ক্ৰছকাৰেণ্ট’ৰ গ্ৰাউণ্ড জিৰ’ প্ৰতিবেদন
লাম্পিৰ পৰা অৰিন্দম বুঢ়াগোহাঁই আৰু গৌতম প্ৰতীম গগৈঃ ৰাইজে খায় পাহাৰৰ পৰা বৈ অহা নিজৰাৰ পানী৷ ঠাইখনত নাই কোনো ৰাজহুৱা পৰিবহণ ব্যৱস্থা৷ চিকিৎসাৰ কথা ক’বলৈ গ’লে বৃহত্তৰ অঞ্চলটোত আছে কেৱল এটা সৰু স্বাস্থ্যকেন্দ্ৰ৷ সপ্তাহৰ শুক্ৰবাৰৰ দিনটোতহে চিকিৎসালয়লৈ যায় চিকিৎসকৰ দল৷ প্ৰায় ২৫ খনকৈ গাঁও থকা অঞ্চলটোত আছে দুখন প্ৰাথমিক বিদ্যালয় আৰু এখন মধ্য ইংৰাজী বিদ্যালয়৷ অষ্টম শ্ৰেণীৰ পাছত পঢ়িবলৈ অঞ্চলটোত নাই কোনো উচ্চ শিক্ষাৰ অনুষ্ঠান৷ অঞ্চলটোত নাই মোবাইল ইণ্টাৰনেট সেৱাও৷ ঠাইখনৰ নাম লাম্পি৷
কামৰূপ জিলাৰ অন্তৰ্গত লাম্পিলৈ গুৱাহাটীৰ পৰা মাত্ৰ কেইঘণ্টামানৰ বাট৷ বকোৰ পৰা প্ৰায় ৩৫ কিলোমিটাৰৰ দুর্গম আৰু বিপদসংকুল পথেৰে আগুৱালে পায় লাম্পি৷ অসম-মেঘালয় সীমান্তৰ মনোৰম প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত লাম্পি বকো-ছয়গাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত৷ শেহতীয়াকৈ বকো-ছয়গাঁও সমষ্টিৰ বিজেপি বিধায়ক ৰাজু মেছে অসম বিধানসভাৰ মজিয়াতেই উদঙাই দিছিল লাম্পিৰ দুৰ্দশাৰ ছবি৷
বিধায়কগৰাকীৰ মতে, স্বাধীনতাৰ কেইবাদশক পাৰ হোৱাৰ পাছতো লাম্পিৰ জনসধাৰণে আজিৰ দিনতো খাব লাগে নিজৰাৰ পানী৷ লাম্পিত আাজিও চলে 2G ইণ্টাৰনেট সেৱা৷ দুর্গম লাম্পিত উপলব্ধ নহয় বাছ বা ৰাজহুৱা পৰিবহণ ব্যৱস্থা৷ এগৰাকী বিজেপি বিধায়কে অনা এই অভিযোগৰ পাছতেই অসম-মেঘালয় সীমান্তৰ বিবাদমান অঞ্চল লাম্পিত ‘দ্য ক্ৰছকাৰেণ্টে’ চলাইছিল চৰজমিন অনুসন্ধান৷
গুৱাহাটীৰ পৰা মাত্ৰ কেই কিলোমিটাৰমান দূৰত্বৰ লাম্পিত আজিও চলে 2 জি ইণ্টাৰনেট৷ সমীপৱর্তী মেঘালয়ত থকা এটা এয়াৰটেলৰ টাৱাৰৰ নেটৱর্কৰ জৰিয়তেহে মোবাইল ফোন ব্যৱহাৰ কৰিব পাৰে অসমৰ অধীনষ্ঠ লাম্পিৰ ৰাইজে৷ ইতিমধ্যে 4 জি ইণ্টাৰনেটৰ বাবে এটা টাৱাৰ স্থাপনৰ বাবে কেইবাবাৰো আবেদন-নিবেদন কৰিছে লাম্পিবাসীয়ে৷ কিন্তু আজিও লাম্পিত সূলভ হোৱা নাই উন্নত ইণ্টাৰনেট সেৱা৷ আনকি মেঘালয়ৰ টাৱাৰৰ নেটৱর্ক পাবলৈ আজিও ওখ টিলা অথবা গছত উঠি মোবাইল ব্যৱহাৰ কৰিব লাগে লাম্পিৰ ৰাইজে৷
লাম্পিৰ ৰাইজে আজিও পাহাৰৰ নিজৰাৰ পানী সেৱন কৰে৷ পাহাৰৰ পৰা নিজাববীয়া প্ৰচেষ্টাত পাইপ সংযোগ কৰি খোৱাপানীৰ ব্যৱস্থা কৰে লাম্পিবাসীয়ে৷ যদিও আপাৰ লাম্পিত জলজীৱন মিছনৰ এটা প্ৰকল্প স্থাপন কৰা হৈছে, তথাপি ‘দ্য ক্ৰছকাৰেণ্ট’ৰ অনুসন্ধানকালত প্ৰকল্পটো বিকল হৈ পৰি ৰোৱা দেখা গ’ল৷
এনেদৰেই স্বাধীনতাৰ কেইবাদশক পাৰ হৈ যোৱাৰ পাছতো আজি স্বাস্থ্য আৰু শিক্ষাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে লাম্পিৰ ৰাইজে৷ লাম্পিৰ ৰাইজে খাইছে নিজৰাৰ পানী-টিলা বগাই মেঘালয়ৰ টাৱাৰৰ নেটৱর্কৰ জৰিয়তে ব্যৱহাৰ কৰিছে মোবাইল ফোন৷ অসম-মেঘালয়ৰ এই বিবাদমান অঞ্চলটোত অসম চৰকাৰৰ উন্নয়নমূলক কামকাজৰ সুবিধা লৈছে মেঘালয়ে৷ ইতিমধ্যে মেঘালয় চৰকাৰে অসমৰ অধীনষ্ঠ এই লাম্পিত কেইবাখনো চৰকাৰী বিদ্যালয় স্থাপন কৰিছে৷ উল্লেখ্য যে, অসমৰ ৩৪৪১ হেক্টৰৰো অধিক ভূমি ইতিমধ্যে বেদখল কৰিছে মেঘালয়ে৷ কামৰূপ জিলাতেই মেঘালয়ৰ দখলত আছে ৮০২ হেক্টৰ ভূমি৷ কামৰূপ জিলাত মেঘালয়ে চলোৱা এই বেদখলৰ অন্যতম অঞ্চল হৈছে লাম্পি৷ অসম চৰকাৰৰ আন্ত:গাঁঠনিৰ অভাৱত উন্নয়নৰ মুখ নেদেখা লাম্পিত বিভিন্ন সময়ত অগ্ৰাসন অব্যাহত ৰাখিছে মেঘালয়ে৷



