Investigative reporting with dedication.

শিক্ষাৰ সংস্কাৰৰক লৈ তোলপাৰ হৈ আছে সমগ্ৰ দেশ৷ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত আজিও উত্তাল যন্তৰ মন্তৰ৷ শিক্ষাক লৈ দেশজুৰি সৃষ্টি হোৱা এই জাগৰণৰ সময়তে পোহৰলৈ আহিছে আন এক উদ্বেগজনক তথ্য৷ সমগ্ৰ দেশৰ সমন্তৰালভাৱে অসমতো শিক্ষা জগতত সৃষ্টি হৈছে আকাশ-পাতাল প্ৰভেদ৷ এফালে যদি ৰাজহুৱা খণ্ডৰ বিদ্যালয়সমূহ বন্ধ হৈ আহিছে, আনফালে পণ্য সামগ্ৰীৰ দৰে আকাশলংঘী হৈ পৰিছে ব্যক্তিগত খণ্ডৰ মাচুল৷
ৰাজ্যত ৰাজহুৱা শিক্ষাৰ পৰিকাঠামো ধ্বংস হৈ পৰাৰ সমান্তৰালভাৱে সাধাৰণ পৰিয়ালৰ সন্তানৰ বাবে সামৰ্থ্যই ঢুকি পাব নোৱাৰা দামী সামগ্ৰীত পৰিণত হৈছে শিক্ষা৷ ৰাজ্যৰ বিভিন্ন স্থানৰ আগশাৰীৰ কেইখনমান বিদ্যালয়ৰ প্ৰাথমিক শিক্ষাৰ মাচুল দেখিলেই বুজিব পাৰিব যে শিক্ষাক্ষেত্ৰত কিদৰে আকাশ-পাতাল প্ৰভেদৰ সৃষ্টি হৈছে৷ আনকি মাচুলৰ প্ৰতিযোগিতাত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বন্দ্যা ইণ্টাৰনেশ্যনেল স্কুলে দখল কৰিছে দ্বিতীয় স্থান৷
‘দ্য ক্ৰছকাৰেণ্ট’য়ে ৰাজ্যৰ কেইবাখনো বিদ্যালয়ৰ নামভৰ্তিৰ মাচুল সন্দৰ্ভত কৰা এক অধ্যয়নত অধ্যয়নত পোহৰলৈ অহা তথ্য অনুসৰি, অসমৰ দৰে দৰিদ্ৰ ৰাজ্য এখনত অকল্পনীয় হাৰত ধাৰ্য কৰা হৈছে প্ৰাথমিক শিক্ষাৰ মাচুল৷ গুৱাহাটীৰ চাৰিখন আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ মাচুলৰ পৰিমাণ শুনিলেই সকলোৰে চকু কপালত উঠিব৷ ২০২৬-২৭ বৰ্ষত গুৱাহাটীত প্ৰাথমিক পৰ্যায়ৰ শিক্ষাত সৰ্বাধিক মাচুল নিৰ্ধাৰণ ৰয়েল গ্ল’বেল স্কুলৰ। ৰয়েল গ্ল’বেলত নাৰ্ছাৰীৰ পৰা প্ৰথম শ্ৰেণীত এটা বছৰৰ মাচুল হ’ল ৩,৪৭,০০০ টকা। ইয়াৰে ১,৫৬,০০০ টকা শিক্ষাদানৰ মাচুল আৰু ১,২০,০০০ টকা ডেভেল’পমেণ্ট ফীজ হিচাপে আদায় লয় বিদ্যালয়খনে৷ ৰয়েল গ্ল’বেল স্কুলৰ পাছতেই মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ মালিকানাধীন প্ৰাথমিক শিক্ষাত দ্বিতীয় সৰ্বাধিক মাচুল বন্দ্যা ইন্টাৰনেশ্যনেল স্কুলৰ। বন্দ্যা ইণ্টাৰনেশ্যনেলৰ প্ৰাথমিক পৰ্যায়ত এবছৰৰ মাচুল ৩,১৪,০০০ টকা। ইয়াৰ ভিতৰত বিদ্যালয়খনত প্ৰাথমিক পৰ্যায়ত এবছৰৰ টিউচন ফীজ হৈছে ১,৪৫,০০০ টকা৷ ডাইনিং ফীজ হৈছে ৪৮,০০০ টকা৷ লগত আছে আনুষংগিক বাৰ্ষিক পঞ্জীয়ন মাচুল, নামভৰ্তি মাচুল ইত্যাদি৷ গুৱাহাটীৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ ভিতৰত প্ৰাথমিক পৰ্যায়ত তৃতীয় সৰ্বাধিক মাচুল নিৰ্ধাৰণ দিল্লী পাব্লিক স্কুলৰ। প্ৰাথমিক পৰ্যায়ত দিল্লী পাব্লিক স্কুলৰ এবছৰৰ মাচুল ২,৭৮,১০০ টকা। ইয়াৰ ভিতৰত আছে এবছৰৰ টিউচন ফীজ ৮২,০০০ টকা৷ একেদৰে গুৱাহাটীৰ আন এখন অভিজাত বিদ্যালয় সংস্কৃতি দ্য গুৰুকুলৰ প্ৰাথমিক পৰ্যায়ত এবছৰৰ মাচুল হৈছে ২,৬৭,০০০ টকা৷ কেৱল গুৱাহাটীয়েই নহয়, ৰাজ্যৰ আন আন স্থানতো প্ৰাথমিক পৰ্যায়ৰ শিক্ষা একেই হাৰত মহঙা হৈ পৰিছে৷ কেজি শাখাত ডিব্ৰুগড়ৰ দিল্লী পাব্লিক স্কুলৰ এবছৰৰ মুঠ মাচুল হৈছে ১,৩১,৮০০ টকা৷ একেদৰে কেজি শাখাত যোৰহাটৰ দিল্লী পাব্লিক স্কুলৰ এবছৰৰ মাচুল ১,৪১,৬০০ টকা আৰু নগাঁওৰ দিল্লী পাব্লিক স্কুলৰ এবছৰৰ মাচুল ১,১২,৬০০ টকা নিৰ্ধাৰণ কৰা হৈছে৷ এইদৰেই উৰ্ধ্বমুখী হৈ গৈ আছে ব্যক্তিগত বিদ্যালয়ৰ মাচুলৰ পৰিমাণ৷ ফলত সমাজত শিক্ষাক্ষেত্ৰত এক আকাশ-পাতাল প্ৰভেদৰ সৃষ্টি হৈছে৷
শিক্ষা এক বাণিজ্যিক উপাদানত পৰিণত হোৱা সময়ছোৱাত বন্ধ হৈ পৰিছে হাজাৰ হাজাৰ চৰকাৰী বিদ্যালয়৷ কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ তথ্য অনুসৰি, বিগত ১০ বছৰত ৰাজ্যত বিলুপ্ত ৮,১৮৬ খন চৰকাৰী বিদ্যালয়। ২০১৪-১৫ বৰ্ষত অসমত চৰকাৰী বিদ্যালয়ৰ সংখ্যা আছিল ৫২,৯২৭ খন৷ ২০২৪-২৫ বৰ্ষত এই সংখ্যা ৪৪,৭৪১ খনলৈ হ্ৰাস পালে৷
এই সময়ছোৱাত লক্ষ্যণীয়ভাৱে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ সংখ্যা ২,৯২৬ খন বৃদ্ধি পাইছে৷ ২০১৪-১৫ বৰ্ষত ৰাজ্যত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ সংখ্যা আছিল ৩৫৫৪ খন৷ ২০২৪-২৫ বৰ্ষত এই সংখ্যা ৬,৪৮০ খনলৈ বৃদ্ধি পালে৷ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে শিক্ষা কেনেকৈ সাধাৰণ মানুহে চুব নোৱাৰা দামী সামগ্ৰীত পৰিণত হৈছে, সেয়া এই পৰিসংখ্যাৰ পৰাই প্ৰমাণ হয়৷ সি যি কি নহওক, শিক্ষাক লৈ দেশজুৰি সৃষ্টি হোৱা নৱ জাগৰণে শিক্ষাৰ সংস্কাৰক লৈ এক নতুন আশা কঢ়িয়াই আনিছে৷



