Investigative reporting with dedication.

‘বধিৰক শুনাবলৈ প্ৰয়োজন ডাঙৰ শব্দৰ’ – এইদৰে আৰম্ভ হৈছিল ছহিদ ভগত সিঙৰ বিখ্যাত ‘দ্য ৰেড পামফ্লেট’ৰ৷ দিনটো আছিল ৮ এপ্ৰিল, ১৯২৯৷ যিদিনা দিল্লীৰ চেন্ট্ৰেল এছেম্বলীত বোমা নিক্ষেপ কৰিছিল ভগত সিং আৰু তেওঁৰ সহযোগী বটুকেশ্বৰ দত্তই৷
চেন্ট্ৰেল এছেম্বলীত সিদিনা ‘ট্ৰেড ডিছপুইট বিল’ৰ ওপৰত আলোচনা হৈ আছিল৷ ইতিমধ্যে গৃহীত হৈ গৈছে ‘পাব্লিক চেফটী বিল’৷ এই আইনৰ অধীনত সন্দেহজনক বুলি ভবা যিকোনো ব্যক্তিক বিনা বিচাৰে গ্ৰেপ্তাৰ কৰাৰ ক্ষমতা চৰকাৰক দিয়া হৈছিল৷ একেদৰে ট্ৰেড ডিছপুইট বিলে দিছিল শ্ৰমিক আন্দোলনৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰাৰ ক্ষমতা৷ দুয়োখন আইনৰ ভয়াৱহতাৰ বিষয়ে ভালদৰে বুজি উঠিছিল স্বাধীনতা আন্দোলনৰ বিপ্লৱীসকলে৷ তেওঁলোকে ভাবিবলৈ আৰম্ভ কৰিছিল যে পানী মূৰৰ ওপৰেদি ববলৈ আৰম্ভ কৰিছে৷ ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ভগত সিং আৰু তেওঁৰ সহযোগীসকলে ল’লে এক অভিনৱ পন্থা৷
৮ এপ্ৰিলৰ দিনা ভগত সিং আৰু তেওঁৰ সহযোগী বটুকেশ্বৰ সিঙে চেন্ট্ৰেল এছেম্বলীত প্ৰৱেশ কৰিলে আৰু দুটাকৈ বোমা নিক্ষেপ কৰিলে৷ হাহাকাৰ লাগিল সমগ্ৰ ভাৰত আৰু ব্ৰিটেইনত৷ ভগত সিং আৰু তেওঁৰ সহযোগীসকলে ভালদৰেই জানিছিল যে বোমা নিক্ষেপ কৰি তেওঁলোকে এই আইন ৰোধ কৰিব নোৱাৰে৷ কিন্তু বোমা নিক্ষেপক তেওঁলোকে এক প্ৰতিবাদৰ মাধ্যম হিচাপে লৈছিল৷ জনাই দিব বিচাৰিছিল যে এই জনবিৰোধী আইনৰ বিৰুদ্ধে ভাৰতৰ জনতাৰ মনত কিমান ক্ষোভ আছে৷ লগতে ভগত সিং আৰু সহযোগীসকলে ইমানখিনি সাৱধনতা অৱলম্বন কৰিছিল যাতে বোমাৰ ফলত কোনো মানুহৰ একো ক্ষতি নহয়৷ বোমা তেওঁলোকৰ বাবে আছিল কেৱল প্ৰতিবাদৰ এক প্ৰতীক৷ দুটাকৈ বোমা নিক্ষেপৰ পাছতো কোনো মানুহৰ সেইদিনা প্ৰাণহানি হোৱা নাছিল৷
ভগত সিং আৰু বটুকেশ্বৰ দত্তই সংসদত বোমাৰ নিক্ষেপৰ লগতে বিলাই দিছিল লগত লৈ যোৱা সেই বিখ্যাত ‘দ্য ৰেড পামফ্লেট’৷ যাৰ আৰম্ভণিত লিখা হৈছিল – ‘বধিৰক শুনাবলৈ প্ৰয়োজন ডাঙৰ শব্দৰ’৷

এই দুঃসাহসিক কামৰ পৰিণতি কি হ’ব পাৰে, সেয়া তেওঁলোকে ভালদৰেই জানিছিল৷ কিন্তু বিচাৰৰ সময়ত যাতে নিজৰ পক্ষ ভালদৰে, সকলোৱে জনাকৈ উত্থাপন কৰিব পাৰে, তাৰ বাবেই বৃটিছৰ ওচৰত নিজে ধৰা দিছিল৷ বিচাৰ চলিল৷ ভগত সিং আৰু বটুকেশ্বৰ দত্তক দোষী সাব্যস্ত কৰা হ’ল৷ দুয়োকে যাৱজ্জীৱন কাৰাদণ্ড দিয়া হ’ল৷ বটুকেশ্বৰক কালাপানীলৈ প্ৰেৰণ কৰা হ’ল৷ ইয়াৰ পাছত বৃটিছ আৰক্ষী বিষয়া জন ছাণ্ডাৰ্ছক হত্যাৰ গোচৰত ভগত সিং, সুখদেৱ আৰু ৰাজগুৰুক দোষী সাব্যস্ত কৰি মৃত্যুদণ্ড দিয়া হ’ল৷ ১৯৩১ চনৰ ২৩-২৪ মাৰ্চৰ মাজনিশা ফাঁচীকাঠত ওলমিল ভগত সিং, সুখদেৱ আৰু ৰাজগুৰু৷
মৃত্যুৰ সময়ত ভগত সিঙৰ বয়স আছিল ২৩ বছৰ৷ আজিৰ ভাষাত জেন জিৰ প্ৰতিনিধি আছিল ভগত সিং৷ হয়তো বয়সৰ বাবেই ৰোমান্টিচিজিম আছিল ভগত সিঙৰ চিন্তা ধাৰাত৷ কিন্তু তেওঁৰ দেশপ্ৰেম আছিল সকলো প্ৰকাৰৰ সন্দেহৰ উৰ্ধত৷ এখন পৰাধীন ৰাষ্ট্ৰত বোমাৰ শব্দৰে তেওঁ উপনিৱেশিক শাসকক ভয় খুওৱাৰ দুঃসাহস কৰিছিল৷ যাৰ অৱধাৰিত পৰিণতিও ভোগ কৰিছিল৷ মৃত্যুৰ ৯৫ বছৰ পাছতো ভগত সিং আজিও দেশৰ কোটি কোটি যুৱক-যুৱতীৰ বাবে দেশপ্ৰেমৰ এক উজ্জ্বল প্ৰতীক হৈ ৰৈছে৷
চেন্ট্ৰেল এছেম্বলীৰ বোমা কাণ্ডৰ ৯৭ বছৰ পাৰ হৈ গ’ল৷ ভাৰতত বৃটিছ ৰাজৰ যৱনিকাৰো ৭৮ বছৰ পাৰ হ’ল৷ কিন্তু ক্ষোভ আৰু ক্ষমতাৰ সংঘাতৰ আজিও যৱনিকা নপৰিল৷ এই সংঘাত আকৌ এবাৰ দৃশ্যমান হৈ পৰিল ২০ জুলাইৰ দিনটোত ৰাজধানী নতুন দিল্লীত৷ জেন জিৰ প্ৰতিবাদে আকৌ এবাৰ কঁপাই গ’ল সংসদ ভৱন৷ বিগত ২০ জুনৰ পৰাই আৰম্ভ হৈছিল ভাৰতৰ যুৱ প্ৰজন্মৰ এটা নতুন আন্দোলন৷ এই আন্দোলনৰ লক্ষ্য আৰু দাবীও বৃহৎ নাছিল৷ নীটৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ বাবে চৰকাৰৰ জবাবদিহিতা বিচাৰিছিল প্ৰতিবাদকাৰীয়ে৷ বিচাৰিছিল শিক্ষামন্ত্ৰীৰ পদত্যাগ৷ এই সামান্য দাবী লৈ আৰম্ভ হোৱা আন্দোলনত যোগ দিলে প্ৰখ্যাত শিক্ষাবিদ–উদ্ভাৱক সোমন ৱাংছুকে৷

২১ দিন ধৰি যন্তৰ মন্তৰত তেওঁ অনশন কৰিলে৷ লগত নগণ্য সংখ্যক প্ৰতিবাদকাৰী৷ সেয়ে হয়তো চৰকাৰেও গুৰুত্ব প্ৰদান কৰিবলগীয়া বিষয় বুলি বিবেচনা নকৰিলে৷ আৰম্ভ নহ’ল আলোচনাৰ কোনো প্ৰক্ৰিয়া৷ শেষত প্ৰতিবাদকাৰীৰ সীমিত সঁহাৰিলৈ চাই চৰকাৰে জোৰ-জবৰদস্তিৰে এই আন্দোলনক মষিমূৰ কৰিবলৈ বিচাৰিলে৷

যুৱ প্ৰজন্মৰ ক্ষোভ আৰু ক্ষমতাৰ সংঘাতৰ মুখমুখি সংঘাতৰ আৰম্ভণি তাতেই৷ ২০ জুলাইত ককৰোচ জনতা পাৰ্টী নামৰ এই ব্যংগাত্মক দলটোৰ সংসদ যাত্ৰাৰ আহ্বানলৈ দেশৰ যুৱ প্ৰজন্মই যি সঁহাৰি দিলে, সেয়া চৰকাৰ, প্ৰশাসন আনকি দেশবাসীৰ বাবেও আছিল অভূতপূৰ্ব–অকল্পনীয়৷ দেশৰ নতুন প্ৰজন্মই ২০ জুলাইৰ দিনটোত দেখুওৱা পৰিপক্কতাও আছিল অবিস্মৰণীয়৷ ভগত সিং তেওঁলোকৰ বাবে আদৰ্শ হ’লেও শিকনিৰো স্ৰোত৷ সেইবাবেই হিংসাৰ বাট এৰি তেওঁলোক অটল হৈ থাকিল অহিংস আৰু গণতন্ত্ৰৰ পথত৷ কিন্তু দিল্লী আৰক্ষীয়ে যি প্ৰক্ৰিয়াৰে এই আন্দোলন দমন কৰিবলৈ চেষ্টা চলালে, তাৰ আঘাত কেৱল প্ৰতিবাদকাৰী নহয়, এই দেশৰ প্ৰতিগৰাকী নাগৰিকৰ মনত বহু দিনলৈ স্থায়ী হৈ ৰ’ব৷

অনশনৰ দৰে অতি গণতান্ত্ৰিক, আটাইতকৈ অহিংস আন্দোলনলৈ যদি চৰকাৰে সময়োচিত সঁহাৰি জনালেহঁতেন, তেনেহ’লে নিশ্চয় ২০ জুলাইৰ সংসদ যাত্ৰাৰ কাৰ্যসূচীৰো কোনো প্ৰয়োজন নাথাকিলহেঁতেন৷ তাৰ বিপৰীতে সংখ্যাৰ ক্ষমতাৰে বলীয়ান হৈ চৰকাৰে চৰম অবজ্ঞাৰ মনোভাৱ দেখুৱাই গ’ল৷ সেইবাবেই সীমিত মানুহৰ, সীমিত কণ্ঠক গুৰুত্ব নিদিয়া চৰকাৰক মনৰ খবৰ জনাবলৈ দলে বলে দিল্লী পালেহি ছাত্ৰ–যুৱকৰ সমদল৷ যেন বধিৰক মনৰ খবৰ শুনাবলৈ এক বৃহৎ সমাৱেশৰ প্ৰয়োজনবোধ কৰিলে লাখ লাখ ছাত্ৰ-যুৱকে৷ এক অৰ্থত ছাত্ৰ আৰু যুৱকৰ মনৰ খবৰ লোৱাত এই চৰকাৰ, এই প্ৰশাসন সকলো দিশৰ পৰাই ব্যৰ্থ হ’ল৷ এই ব্যৰ্থতা ঢাকিবলৈকে অৱশেষত লাঠী, কন্দুৱা গেছৰ আশ্ৰয় ল’বলগীয়া হ’ল চৰকাৰে৷ ক্ষোভ আৰু ক্ষমতাৰ এই সংঘাতে চৰকাৰ আৰু জনগর্ণ সম্পৰ্ক গাঢ় নকৰে, বৰং দূৰত্ব বঢ়াই নিব৷

ক্ষোভ আৰু ক্ষমতাৰ সংঘাত অকস্মাৎ উদ্ভৱ হোৱা বিষয় নহয়৷ পৰাধীন সময়তো আৰু স্বাধীনতাৰ পাছতো এই সংঘাত চলি আছে৷ কিন্তু স্বাধীন ভাৰতৰ চৰকাৰে যদি উপনিৱেশিক শাসকৰ মনোভাৱেৰে ক্ষোভ মষিমূৰ কৰাৰ চেষ্টা চলায়, তেনেহ’লে তাৰ পৰিণাম এই দেশৰ ভৱিষ্যতৰ বাবে অতি বিপজ্জনক হৈ উঠিব পাৰে৷ স্বাধীন, গণতান্ত্ৰিক ভাৰতত সংঘাতৰ নিৰাময় হ’ব আলোচনা আৰু বিতৰ্কৰ মাজেৰে৷ এই সামান্য সহযোগিতাৰ সলনি যদি লাঠী, গুলীৰ আশ্ৰয় চৰকাৰে ল’বলৈ আৰম্ভ কৰে, তাৰ ফলাফল কি হ’ব পাৰে, সেয়া ২০ জুলাইৰ দিনটোত ৰাজধানী দিল্লীৰ ৰাজপথত দৃশ্যমান হৈ পৰিল৷ কিন্তু চৰকাৰে যে ২০ জুলাইৰ ঘটনাৰ পৰা শিক্ষা ল’ব, তাৰ আশাও তেনেই ক্ষীণ৷



