✍🏻ৰিপুঞ্জয় গগৈ বয়সৰ লেখেৰে নব্বৈ পাৰ কৰা মানুহগৰাকীৰ জী, পুত্ৰ, জোঁৱাই আমাৰ দেশ ৰাজ্যৰেই একোজন সুখ্যাত ব্যক্তি। ঘৰোৱা সম্পৰ্কেৰে শৰ্মা উপাধীৰ মানুহঘৰলৈ মোৰ আছে সঘন অহা যোৱা। এইগৰাকী আইমাতৃৰ পৰিয়ালৰ সাংস্কৃতিক আভিজাত্যৰে তেওঁ খুউবেই নম্ৰ ভদ্ৰ, সুশীলা। পিছে এনে এগৰাকী আই মাতৃয়েই এসময়ত মুখেৰে এনে কেতবোৰ অতি অশালীন বাক্য উচ্চাৰণ কৰিবলৈ ললে যে আমাৰ দৰে আলহী, অভ্যাগতৰ উপস্থিতিত সমস্ত পৰিয়ালটোৱেই ভীষণ অস্বস্তিত পৰিবলগীয়া অৱস্থা এটাৰ সৃষ্টি হয়। সকলো যত্ন, চিকিৎসাৰ পাছতো অনাৰোগ্য বিষৰ যন্ত্ৰণাত আই গৰাকীয়ে অনবৰতে ঘৰৰ সকলোকে অশালীন গালি-গালাজ পাৰি থাকিবলৈ ল’লে। এইবোৰ সময়তে অতি মাতৃবৎসল ৬৪ বছৰীয়া সৰুপুত্ৰই আমাৰ সৈতে অনবৰতে ইচ্ছামৃত্যুৰ “ইউথেনচীয়া”ৰ কথাবোৰ পাতিবলৈ ধৰিলে। ,,,,, বহুদিন যন্ত্ৰণা ভোগাৰ পাছত পৰিয়ালৰ সকলোকে কন্দোৱাই মৰমৰ আইগৰাকীয়ে জীৱন নাট সামৰিলে। আমাৰ এই বাস্তৱ অভিজ্ঞতাখিনি কিবা একক বিৰল ব্যতিক্ৰমী ঘটনা কিন্তু নহয়। অনেকৰেই পৰিয়ালত এনে ঘটনা অভিজ্ঞতা অতিকৈয়েই সুলভ। প্ৰায় সকলোৱেই নিজৰ মাক-দেউতাক বা আত্মীয়ক দীৰ্ঘজীৱী কৰি ৰখাৰ ইচ্ছা, হেঁপাহ কৰে। ইয়াত একো অস্বাভাৱিকতা নাই। পিছে দীৰ্ঘজীৱী কৰাৰ নামত আমি আমাৰ আত্মীয়সকলক শাৰীৰিক যন্ত্ৰণা আৰু মানসিক নিসংগতাৰ মাজত ৰখাটো কিমান বিজ্ঞোচিত কাৰবাৰ বাৰু? কোভিদ কেন্দ্ৰীক লকডাউনৰ সময়ত আমি দেখিছোঁ অনেকেই বয়সীয়াল মাক দেউতাকবোৰক কভিদ সংক্ৰমণৰ অহৈতুক ভয়ত(?) তথা সন্তানৰ দায়িত্বৰ নামত তেওঁলোক অনেককেই গৃহবন্দী কৰি ৰাখিছেতো ৰাখিছেই তেওঁলোকক আন সকলো বন্ধু বান্ধৱ বা ভক্ত অনুগামীৰ পৰা কৰুণভাৱে বিচ্ছিন্ন কৰি ৰাখিছে। এটা বয়সৰপৰা মানুহ নিজেই লকডাউনেৰে গৃহবন্দী হয়। যোৱা আগষ্ট মাহত মই গাঁৱলৈ গৈ আমাৰ গাওৰ কেইবাজনো দদাই খুৰীৰ এই অৱস্থা প্ৰত্যক্ষ কৰিছিলো। তেওঁলোকৰ সৈতে কভিদৰ অবৰ্তমানতো এইদৰে বয়সে কৰা লকডাউন গৃহবন্দীৰ কথা পাতিছিলো। হোমেন বৰগোহাঞিৰ অস্তৰাগৰ দিলীপৰ দেউতাক যেন আমাৰ অনেকৰেই বৃদ্ধ মা-দেউতা, দদাই খুৰীসকল! এইবোৰ ভাবিয়েই যোৱাবছৰ এইসময়খিনিত মোৰ মাৰ সৈতে একসপ্তাহ গাঁৱৰ ঘৰত থাকি আহিলোঁ। আৰু কাকতলীয়ভাৱে এইবছৰৰ একেখিনি সময়তে মাক এসপ্তাহ গুৱাহাটীৰ ঘৰত ৰাখিলোঁ। আজি দহবছৰৰ আগতে অকলে গুৱাহাটীলৈ অহা মা এতিয়া মোৰ একমাত্ৰ ভনী, ভনী-জোৱাঁই, ভাগিনটো আৰু ভনীৰ জাজনীৰ সৈতে গুৱাহাটীলৈ আহিল। মাৰ এতিয়া ৮৩ বছৰ যদিও এসময়ৰ শিক্ষয়িত্ৰী আৰু অতি বুদ্ধীদীপ্ত মায়ে নিজৰ নব্বৈ […]