পি জি বৰুৱাক জানো আহক…

Share This Article

✍🏻জিতুমণি বৰা

বৌদ্ধিক সমাজত পি জি বৰুৱা হিচাপে খ্যাত প্ৰফুল্ল গোবিন্দ বৰুৱাৰ মৃত্যু অসমৰ সংবাদ জগতৰ বাবে অপূৰণীয় ক্ষতি৷ কিমান পৰিমাণৰ ক্ষতি, সেয়া সংবাদ জগতৰ সেইসকল ব্যক্তিৰ জ্ঞাত হ’ব, যি মানুহজনক জানিছিল, যি সংবাদ জগতৰ ভিতৰুৱা খবৰবোৰ লয়৷ প্ৰফুল্ল গোবিন্দ বৰুৱা ট্ৰিবিউন প্ৰতিষ্ঠানৰ মুৰব্বী হিচাপে এগৰাকী সংস্কৃতিৱান অসমীয়া হিচাপে স্বাক্ষৰ ৰাখি গৈছে৷ ‘দ্য আছাম ট্ৰিবিউন’, ‘দৈনিক অসম’, ‘অসম বাণী’, ‘গৰীয়সী’, সাহিত্য প্ৰকাশৰ লগত ওতপ্ৰোতঃভাৱে জড়িত মানুহজনে কেতিয়াও আত্মপ্ৰচাৰক গুৰুত্ব দিয়া নাছিল৷ প্ৰফুল্ল গোবিন্দ বৰুৱা অসমৰ সংবাদ জগতত পিতৃ ৰাধা গোবিন্দ বৰুৱাৰ পদাংক অনুসৰণ কৰিয়ে আগবাঢ়িছিল৷ আজিৰ দিনত ভাৰতীয় সংবাদ জগতত এইগৰাকী ব্যক্তি একক আৰু অনন্য বুলি এই কাৰণেই ক’ব পাৰি যে এনেকুৱা এটা মহৎ প্ৰতিষ্ঠানৰ মুৰব্বী হৈয়ো মানুহজন কোনোদিন দিছপুৰলৈ যোৱা নাছিল৷ মন্ত্ৰী বাদেই মুখ্যমন্ত্ৰীকো কিবাকিবি বিচাৰি কোনোদিন পি জি বৰুৱাই দেখা কৰা নাছিল৷ সংবাদ মাধ্যম ব্যৱসায়ৰ আহিলা যে নহয়, সংবাদ মাধ্যমৰ মুৰব্বীয়ে চৰকাৰৰ পৰা ঠিকা-ঠুকলি বিচাৰি ঘূৰি ফুৰিব যে নালাগে– এই বাৰ্তা সমাজখনলৈ দি যোৱা মানুহজন আছিল পি জি বৰুৱা৷
বিভিন্ন সংবাদ প্ৰতিষ্ঠানত মাজে-সময়ে সাংবাদিক কৰ্তৃপক্ষৰ মানসিক নিৰ্যাতনৰ বলি হোৱাৰ অভিযোগ শুনিবলৈ পোৱা যায়৷ সাংবাদিকক ‘খেদি’ দিয়াৰ দৰে শব্দ দুই-এক সংবাদ প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীৰ মুখত আখৈ ফুটাদি ফুটে৷ এইখিনিতে ব্যতিক্ৰম আছিল পি জি বৰুৱা৷ এগৰাকী স্বাভিমানী অসমীয়া হৈয়ো এগৰাকী অতি উচ্চ খাপৰ ৰুচিৱান ব্যক্তি হিচাপে অসমৰ সমাজ জীৱনত স্থান ৰাখি যোৱা পি জি বৰুৱাই ছাত্ৰ জীৱনতো অতি মেধাৰ পৰিচয় দিছিল৷ ১৯৩৩ চনৰ ২৬ জুলাইত ডিব্ৰুগড়ত জন্মগ্ৰহণ কৰা এইগৰাকী ব্যক্তিয়ে কটন কলেজত ৰসায়ন বিজ্ঞানৰ ছাত্ৰ হিচাপে মেধাৰ পৰিচয় দি পৰৱৰ্তী সময়ত কলিকতা বিশ্ববিদ্যালয়ত অৰ্থনীতি আৰু আইন অধ্যয়ন কৰে৷ কলিকতা বিশ্ববিদ্যালয়ত ন’বেল বঁটা বিজয়ী অৰ্থনীতিবিদ অমৰ্ত্য সেনৰ সৈতে প্ৰয়াত বৰুৱা একেখন বেঞ্চতে বহিছিল৷ এইখন বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত সুখ্যাতিৰে স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰি এল এল বিত বিশ্ববিদ্যালয়ৰ ভিতৰতে প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰে৷ এগৰাকী মেধাৱী ছাত্ৰ হিচাপে প্ৰয়াত বৰুৱাই মেডেলো পাবলৈ সক্ষম হৈছিল৷ কলিকতাত পঢ়ি থকা সময়তে ‘দ্য আছাম ট্ৰিবিউন’লৈ বা-বাতৰি প্ৰেৰণ কৰাৰ উপৰি ‘দ্য ষ্টেটছমেন’ কাকতত সম্পদকীয় পৃষ্ঠাতো কৰ্মৰত হৈছিল৷ পিতৃৰ ইচ্ছা আছিল সাংবাদিকতা শিকক পুত্ৰই৷
ছবছৰীয়া অসম আন্দোলনৰ সময়ত ‘দ্য আছাম ট্ৰিবিউন’, ‘দৈনিক অসম’, ‘অসম বাণী’য়ে অসমীয়া মানুহৰ পক্ষত অৱস্থান লৈছিল৷ পি জি বৰুৱাৰ দৰে ব্যক্তিয়ে কোনোদিন তেওঁৰ প্ৰতিষ্ঠানৰ কাকতসমূহৰ সম্পাদকীয় নীতি আৰু সম্পাদকৰ কাম-কাজত হস্তক্ষেপ কৰা নাছিল৷ উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ ট্ৰিবিউন গোষ্ঠী এই গৌৰৱৰ অধিকাৰী হৈ আছে, য’ত লক্ষ্মীনাথ ফুকন, সতীশ কাকতি, কীৰ্তিনাথ হাজৰিকা, চন্দ্ৰপ্ৰসাদ শইকীয়া, হোমেন বৰগোহাঞি, তিলক হাজৰিকা, অজিত কুমাৰ ভূঞা আদিৰ দৰে লোকে বিভিন্ন সময়ত সম্পাদকৰ দায়িত্ব পালন কৰিছিল।
পি জি বৰুৱাই পদ্ম বঁটা পোৱাটো উচিত বুলি অনুভৱ কৰি সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ থকা সময়ত মুখ্যমন্ত্ৰীৰ তদানীন্তন প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামীক ব্যক্তিগতভাৱে প্ৰস্তাৱ দিছিলোঁ। প্ৰস্তাৱটোৰ গুৰুত্ব অনুভৱ কৰি হৃষীকেশ গোস্বামীয়ে বিষয়টো আগবঢ়াই নিছিল আৰু পি জি বৰুৱাই ২০১৮ চনত পদ্মশ্ৰী বঁটা লাভ কৰে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.