Investigative reporting with dedication.

অসমৰ চৰকাৰী চিকিৎসালয়ত ৰোগীয়ে লাভ নকৰে প্ৰয়োজনীয় ঔষধ। চিকিৎসকে পৰামৰ্শ দিয়া ঔষধ বিনামূলীয়াকৈ লাভ নকৰাৰ বাবে ব্যক্তিগত ফাৰ্মাচীৰ পৰা চ’ৰা দামত ঔষধ ক্ৰয় কৰিবলৈ বাধ্য চৰকাৰী চিকিৎসালয়ৰ ৰোগী। কিন্তু ব্যক্তিগত ফাৰ্মাচীত উপলব্ধ ঔষধ কিয় চৰকাৰী চিকিৎসালয়ৰ ফাৰ্মাচীত বিনামূলীয়াকৈ লাভ নকৰে ৰোগীয়ে?

অসম মেডিকেল চাৰ্ভিছ কৰ্পোৰেচন লিমিটেডে মাৰ্টিন এণ্ড ব্ৰাউন বায়’ চাইন্স প্ৰাইভেট লিমিটেড নামৰ ফাৰ্মা কোম্পানীটোক ২৩ জুন ২০২৫ তাৰিখে জাৰি কৰিছিল এখন জাননী। জাননীত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে হেপাৰিন ইনজেকচন যোগানৰ বাবে নিবিদাত অংশগ্ৰহণ কৰা মাৰ্টিন এণ্ড ব্ৰাউন বায়’চাইন্স প্ৰাইভেট লিমিটেড নামৰ এই ফাৰ্মা কোম্পানীটোৱে চুক্তি অনুসৰি AMSCLক যোগান ধৰা নাছিল প্ৰয়োজনীয় পৰিমাণৰ ঔষধ। এই ঔষধ সমূহ সময়মতে লাভ নকৰাৰ বাবে সাধাৰণ জনতা অসুবিধাৰ সন্মুখীন হোৱাৰ লগতে বিনামূলীয়া ঔষধ লাভৰ পৰা জনসাধাৰণ বঞ্চিত হৈছে বুলিও এই জাননীখনত উল্লেখ কৰা হৈছে। জনসাধাৰণে সন্মুখীন হোৱা অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ২৩ জুন ২০২৫ তাৰিখে কোম্পানীটোক ৫ বছৰৰ বাবে হেপাৰিন ইনজেকচন যোগানৰ পৰা ব্লেকলিষ্টেড কৰাৰ কথা এই জাননীতেই উল্লেখ কৰিছিল AMSCLএ।

পুনৰ একেটা কোম্পানীক AMSCLএ সময়মতে ঔষধ যোগান ধৰিব নোৱাৰাৰ বাবে ২০২৫ চনৰ ২৬ নবেম্বৰত নিষেধাজ্ঞা জাৰি কৰিছিল। এইবাৰ কোম্পানীটোৱে হায়’চাইন বুটিলব্ৰমিন ইনজেকচন সময়মতে যোগান ধৰিব নোৱাৰাৰ বাবে AMSCLএ ৫ বছৰৰ বাবে এই ঔষধ যোগানৰ বাবে আহ্বান কৰা নিবিদাত অংশগ্ৰহণ কৰিব নোৱাৰাকৈ ব্লেকলিষ্টেড কৰিছিল।

ঔষধ যোগানকাৰী কোম্পানীৰ মইমতালি ইমানতে শেষ হোৱা নাই। এই কোম্পানীটোৱে নিম্নমানৰ ৰেবিপ্ৰাজ’ল টেবলেট যোগান ধৰাৰ কথা ধৰা পৰিছিল আঞ্চলিক ঔষধ পৰীক্ষণ পৰীক্ষাগাৰত। সেইবাবে কোম্পানীটোক ২০২৫ চনৰ ১০ মাৰ্চ তাৰিখে ৩ বছৰলৈকে ৰেবিপ্ৰাজ’ল টেবলেট যোগান ধৰিব নোৱাৰাকৈ নিষেধাজ্ঞা জাৰি কৰিছিল।

কিন্তু ইমানৰ পাছতো এই কোম্পানীটোৱে ২০২৬ চনত ঔষধ যোগান ধৰিবলৈ AMSCLএ আহ্বান কৰা নিবিদাত অংশগ্ৰহণ কৰিছিল। আৰু সকলোকে আচৰিত কৰি এই কোম্পানীটোৱে ২০২৫ চনৰ ২৬ নবেম্বৰত নিষেধাজ্ঞাৰ সন্মুখীন হোৱা হায়’চাইন বুটিলব্ৰমিন ইনজেকচন যোগানৰ বাবে এল ৱান অংশগ্ৰহণকাৰী হিচাপে নিৰ্বাচিত হয়। যিয়ে জনস্বাস্থ্যৰ প্ৰতি কঢ়িয়াই আনিছে তীব্ৰ আশংকা।

কিন্তু ইমানৰ পাছতো নিৰুত্তৰ স্বাস্থ্য বিভাগৰ মন্ত্ৰী অশোক সিংহল, কিম্বা AMSCLৰ পৰিচালন সঞ্চালক ডাঃ লক্ষ্মণণ এছ বা ক্ৰয়-বিক্ৰয় বিভাগৰ মহাপ্ৰবন্ধক অনিৰ্বান তালুকদাৰ।
সেয়ে প্ৰশ্ন উত্থাপন হৈছে – ২০২৫ চনৰ নবেম্বৰ মাহত ৫ বছৰৰ বাবে নিষেধাজ্ঞাৰ সন্মুখীন হোৱা মাৰ্টিন এণ্ড ব্ৰাউন বায়’ চাইন্স প্ৰাইভেট লিমিটেড কেনেকৈ ২০২৬ চনৰ নিবিদাত L1 অংশগ্ৰহণকাৰী হিচাপে নিৰ্বাচিত হ’ল? তথ্যৰ প্ৰাৰম্ভিক পৰীক্ষা নকৰাকৈয়ে নিবিদাত অংশগ্ৰহণৰ সুবিধা পায় নেকি? L1অংশগ্ৰহণকাৰী নিৰ্বাচিত হোৱা ব্লেকলিষ্টেড কোম্পানীয়ে লাভ কৰিব নেকি ঔষধ যোগানৰ ঠিকা? বাৰম্বাৰ ঔষধ যোগানত হেমাহি কৰা কোম্পানীক কিয় দিয়া হৈছে নিবিদাত অংশগ্ৰহণৰ সুযোগ?
২৩ জুন ২০২৫ তাৰিখে অসম মেডিকেল চাৰ্ভিছ কৰ্পোৰেচনে মাৰ্টিন এণ্ড ব্ৰাউন বায়’ চাইন্স প্ৰাইভেট লিমিটেডক দিয়া নিষেধাজ্ঞাৰ আদেশত উল্লেখ কৰা হৈছে যে ২০২৪ চনৰ ২ নবেম্বৰ তাৰিখে কোম্পানীটোক হেপাৰিন ইনজেকচন যোগান ধৰিবলৈ AMSCLএ পাৰ্চেজ অৰ্ডাৰ প্ৰদান কৰিছিল।

চুক্তি অনুসৰি ৭৫ দিনৰ ভিতৰত ঔষধ যোগান ধৰিব লাগিছিল কোম্পানীটোৱে। কিন্তু ২৩৩ দিন ওকলি যোৱাৰ পাছতো ২৩ জুন, ২০২৫ তাৰিখলৈকে এটা ঔষধো যোগান ধৰা নাছিল মাৰ্টিন এণ্ড ব্ৰাউন বায়’ চাইন্স প্ৰাইভেট লিমিটেডে। AMSCLএ মে’ মাহত কোম্পানীটোলৈ দুখনকৈ কাৰণ দৰ্শোৱাৰ জাননীসহ ঔষধ যোগানৰ সময়সীমা বৃদ্ধিৰ জাননী জাৰি কৰিছিল। কিন্তু নিবিদাত অংশগ্ৰহণ কৰি ঔষধ যোগানৰ চুক্তি কৰাৰ পাছতো ২০২৫ চনৰ ৫ জুন তাৰিখে কোম্পানীটোৱেAMSCLলৈ পত্ৰ লিখি ঔষধ যোগান ধৰিবলৈ অসমৰ্থ বুলি জানিবলৈ দিছিল।
হাইচ’চাইন বুটিলব্ৰমিন ঔষধ যোগানৰ বাবে নিবিদাত অংশগ্ৰহণ কৰি L1 অংশগ্ৰহণকাৰী নিৰ্বাচিত হোৱাত এই কোম্পানীটোকে ২০২৪ চনৰ ২৩ ছেপ্তেম্বৰতো পাৰ্চেজ অৰ্ডাৰ প্ৰদান কৰিছিল AMSCLএ। এই ঔষধো ৭৫ দিনৰ ভিতৰত যোগান ধৰিব লাগিছিল কোম্পানীটোৱে। কিন্তু ৪২০ দিন অৰ্থাৎ এবছৰ এমাহ ওকলি যোৱাৰ পাছতো কোম্পানীটোৱে যোগান নধৰিলে সম্পূৰ্ণ ঔষধ।

২০২৫ চনৰ ২৭ মাৰ্চৰ পৰা ৪ নবেম্বৰলৈকে AMSCLএ ৬ খন জাননী জাৰি কৰে। কিন্তু কোম্পানীটোৱে কোনো উত্তৰ প্ৰদান কৰাৰ তথ্য পোৱা নগ’ল। সময়মতে ঔষধ যোগান ধৰিব নোৱাৰা বাবে ২০২৫ চনত ২৩ জুন আৰু ২৬ নবেম্বৰত মাত্ৰ ৫ মাহৰ ব্যৱধানত দুবাৰকৈ নিষেধাজ্ঞাৰ সন্মুখীন হৈছিল।
এনেদৰে মইমতালিৰে ঔষধ যোগান নধৰাকৈ থকাৰ বাবে সাধাৰণ জনতাৰ যে অসুবিধা হৈছে, সেয়া AMSCLৰ পত্ৰতেই স্পষ্টকৈ ওলাই পৰিছে। ইয়াৰ পাছতো বাৰে বাৰে কিয় সুযোগ দি থকা হৈছে মাৰ্টিন এণ্ড ব্ৰাউন বায়’ চাইন্স প্ৰাইভেট লিমিটেডক? এই কোম্পানীটোৱে পুনৰ ঔষধ যোগানৰ ঠিকা লাভ কৰিলে সময়মতে সম্পূৰ্ণ ঔষধ যোগান ধৰাৰ নিশ্চয়তা AMSCL বা চৰকাৰে ল’বনে? যদি সেই নিশ্চয়তা ল’ব নোৱাৰে, তেনেহ’লে বিয়াগোম স্বাস্থ্য বিভাগটোৱে জনসাধাৰণৰ বাবে চৰকাৰী চিকিৎসালয়ত সকলো ঔষধ লাভ কৰাৰ নিশ্চয়তাকেই প্ৰদান কৰক।




