Asset Watch: মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ সম্পত্তিৰ পাহাৰ

Share This Article

সমষ্টিৰ উন্নয়ণতকৈ বিধায়কৰ সম্পত্তিহে এতিয়া মাৰ্ঘৰিটাৰ ৰাইজৰ মাজত প্ৰধান চৰ্চাৰ বিষয় হৈ পৰিছে ৷ কয়লা ব্যৱসায়ক কেন্দ্ৰ কৰি সততে বিতৰ্কৰ আৱৰ্তত থকা বিধায়ক ভাস্কৰ শৰ্মাৰ ব্যৱসায় এতিয়া কেৱল কয়লাত সীমাৱদ্ধ হৈ থকা নাই ৷ ইটোৰ পাছত সিটো কোম্পানী , এডোখৰৰ পাছত আন এডোখৰ ভূ- সম্পত্তি অবাধে গঢ়ি গৈছে বিধায়ক ভাস্কৰ শৰ্মাই ৷ এইগৰাকী বিধায়ক ভাস্কৰ শৰ্মাৰ পৰ্বতসম সম্পত্তিৰ তথ্য আহি পৰিছে ‘দ্য ক্ৰছকাৰেণ্ট’ৰ হাতত ৷ ‘দ্য ক্ৰছকাৰেণ্ট’ৰ নতুন অনুষ্ঠান ‘এচেট ৱাটছ’ সম্প্ৰচাৰ হোৱাৰ পাছতেই নাম প্ৰকাশত অনিচ্ছুক অনেক সূত্ৰই যোগান ধৰিছে বিতৰ্কিত বিধায়ক ভাস্কৰ শৰ্মাৰ সম্পত্তিৰ এটাৰ পাছত আন এটা তথ্য ৷ এই তথ্যসমূহৰ ভিতৰত আছে মাৰ্ঘেৰিটা নগৰত থকা বিধায়কগৰাকীৰ কমেও ৬ টা স্থানৰ ভূ- সম্পত্তি , চাৰিটাকৈ কোম্পানী , এটা বটলিং প্লাণ্ট আৰু এটা তেল ডিপ’ৰ তথ্য ৷
আমি লাভ কৰা তথ্য অনুসৰি , বিধায়কগৰাকীৰ মাৰ্ঘেৰিটা টাউনত কমেও ছটা স্থানত ভূ- সম্পত্তি আছে ৷ এই ভূ- সম্পত্তিসমূহৰ পট্টা নম্বৰ হৈছে ৩৯১ , ৩৯২ , ২৮৪২ , ১২৭৬ আৰু ৫৩৩ ৷ নিজৰ লগতে পত্নী নাংখামা শৰ্মাৰ নামত এই ভূ- সম্পত্তি ক্ৰয় কৰিছে বিধায়ক ভাস্কৰ শৰ্মাই ৷ ইয়াৰে কেবাটাও স্থানৰ মাটি তেওঁ ২০২১ চনত দ্বিতীয়বাৰ বিধায়ক হোৱাৰ পাছত ক্ৰয় কৰিছে ৷
মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা এটা তেল ডিপোৰো গৰাকী ৷ সকলোৱে জানে যে মাৰ্ঘেৰিটাত থকা ভাৰত পেট্ৰ’লিয়াম তেল ডিপ’ৰ স্বত্বাধিকাৰী হৈছে ভাস্কৰ শৰ্মা ৷ এই তেল ডিপ’টোৰ কাগজে কলমে স্বত্বাধিকাৰী হৈছে বিধায়কৰ মালিকানাধীন আইছানি ট্ৰেড এণ্ড এলায়েন্স ৷ একেটা নামত তেওঁৰ মালিকানাধীন আন এটা প্ৰতিষ্ঠান আছে ৷ সেয়া হ’ল – ‘আইছানি ৱাটাৰ ইণ্ডাষ্ট্ৰীজ’ ৷ এই প্ৰতিষ্ঠানৰ নামত লিডুত স্থাপন কৰা হৈছে এটা পানীৰ বটলিং প্লাণ্ট ৷
কেৱল এয়াই নহয় , কয়লা ,পানী , তেলৰ ব্যৱসায় কৰা ভাস্কৰ শৰ্মাই বিধায়ক হোৱাৰ পাছত ৰিয়েল ইষ্টেট ব্যৱসায়তো হাত দিছে ৷ ৰিয়েল ইষ্টেট ব্যৱসায়ৰ বাবে তেওঁ নিজৰ আৰু পত্নীৰ নামত গঠন কৰিছে কেইবাটাও কোম্পানী ৷ তাৰ ভিতৰত আছে ২০২৩ চনত গঠন হোৱা এন বি এ ৰিয়েল্টী এল এল পি ৷ য’ত জড়িত হৈ আছে বিধায়ক ভাস্কৰ শৰ্মাৰ পত্নী নাং খামা শৰ্মা ৷ বিধায়কগৰাকীয়ে একেটা বছৰত গঠন কৰিছে বি এছ আৰ এছ নামৰ আন এটা ৰিয়েল ইষ্টেট কোম্পানী ৷ কেৱল সেয়াই নহয় , ৰিয়েল ইষ্টেট ব্যৱায়ক অধিক বিস্তাৰ দিবলৈ ভাস্কৰ শৰ্মাই ২০২৪ চনত ব্ৰক্ষ্মপুত্ৰ ভেনছাৰ্ছ এল এল পি নামৰ আন এটা কোম্পানীও গঠন কৰিছে ৷ তাৰ পূৰ্বে ২০২০ চনতেই তেওঁ গাছজেন ফেৰ’ এলইছ এল এল পি নামৰ আন এটা কোম্পানীও গঠন কৰিছিল ৷এইদৰে বিধায়ক ভাস্কৰ শৰ্মাই কয়লাৰ পৰা আৰম্ভ কৰি তেল , পানী , ৰিয়েল ইষ্টেট সকলো খণ্ডলৈ নিজৰ ব্যৱসায় বিস্তাৰ কৰি গৈছে ৷ এয়া আমি নিশ্চিত কৰিব পৰা কেইটামান তথ্যহে ৷ বিধায়কগৰাকীয়ে নামে – বেনামে গঢ়ি তোলা অনেক সম্পত্তিৰ তথ্যও আমাৰ হাতত আহি পৰিছে ৷ এই তথ্যসমূহ সত্যাসত্য নিৰূপণৰ পাছত পৰ্যায়ক্ৰমে প্ৰকাশ কৰা হ’ব ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.