Cyber Dome কি? ইজৰাইলৰ সহযোগত এই বিশেষ ব্যৱস্থাৰ বাবে সাজু হৈছে জাৰ্মানী

Share This Article

আপুনি ইজৰাইলৰ আইৰণ ড’মৰ কথা হয়তো শুনিছে। আইৰণ ড’মৰ দৰেই আমেৰিকাৰ সপোন গোল্ডেন ড’ম সজাৰ, ইতিমধ্যে আৰম্ভ হৈছে পৰিকল্পনাও। আজি আইৰণ ড’ম বা গোল্ডেন ড’মৰ কথা নহয়। আজি ক’ব বিচাৰিছো চাইবাৰ ড’ম (Cyber Dome)ৰ কথা। ইজৰাইলৰ সহযোগত এইবাৰ জাৰ্মানীয়ে গঢ়িব ওলাইছে চাইবাৰ ড’ম।

আইৰণ ড’ম (Iron Dome) ইজৰাইলৰ অত্যাধুনিক বায়ু প্ৰতিৰোধী ব্যৱস্থা। পেলেষ্টাইন, লেবানন আৰু শেহতীয়াকৈ ইৰাণৰ সৈতে ইজৰাইলৰ যুদ্ধৰ সময়ত বিশেষভাৱে চৰ্চালৈ আহিছিল আইৰণ ড’মৰ কথা। পৰৱৰ্তী সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰই ঘোষণা কৰিছিল গোল্ডেন ড’ম (Golden Dome)ৰ কথা।

দেওবাৰে জাৰ্মানীৰ ইন্টেৰিয়ৰ মন্ত্ৰী আলেকজেণ্ডাৰ ডব্ৰিণ্ডে ঘোষণা কৰে যে জাৰ্মানীয়ে ইজৰাইলৰ সহযোগত এটা চাইবাৰ গৱেষণা কেন্দ্ৰ স্থাপন কৰাৰ পৰিকল্পনা কৰিছে, যাৰ নাম ৰখা হ’ব চাইবাৰ ড’ম। ই দুয়োখন দেশৰ মাজত চাইবাৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত উন্নত সহযোগিতাৰ বাবে কাম কৰিব।

জাৰ্মানীৰ কাকত বিল্ডৰ মতে, মন্ত্ৰী ডব্ৰিণ্টে জাৰ্মানীৰ চাইবাৰ প্ৰতিৰক্ষা কৌশলৰ প্ৰমোট কৰি “চাইবাৰ ড’ম” স্থাপনৰ বাবে পাঁচটা দফীয়া পৰিকল্পনাৰ ৰূপৰেখা দাঙি ধৰিছে।

Cyber Domeৰ বাবে যুগুত কৰা পাঁচদফীয়া পৰিকল্পনাত আছে-

১। জাৰ্মান-ইজৰাইলৰ যৌথ চাইবাৰ গৱেষণা কেন্দ্ৰ স্থাপন কৰা।

২। চাইবাৰ প্ৰতিৰক্ষা সহযোগিতা শক্তিশালী কৰা।

৩। ইজৰাইলৰ চোৰাংচোৱা সংস্থা মোছাদ আৰু জাৰ্মানীৰ চোৰাংচোৱা সংস্থা বিএনডিৰ মাজত সহযোগিতা বৃদ্ধি কৰা।

৪। জাৰ্মানীৰ ড্ৰোন বিৰোধী প্ৰতিৰক্ষাৰ সম্প্ৰসাৰণ।

৫। ইৰাণৰ সৈতে ১২ দিনীয়া যুদ্ধৰ সময়ত ইজৰাইলে ব্যৱহাৰ কৰা অসামৰিক আশ্ৰয় আৰু জৰুৰীকালীন সতৰ্কবাণী ব্যৱস্থা গঢ়ি তোলা আদি অন্তৰ্ভুক্ত কৰা হৈছে।

কিন্তু জাৰ্মানীয়ে ইজৰাইলৰ সৈতে চাইবাৰ সহযোগিতা বৃদ্ধি কৰাৰ সিদ্ধান্ত কিয় লৈছে? ইয়াৰ এটা কাৰণ হ’ল শেহতীয়া যুদ্ধৰ সময়ত ইৰাণৰ বৃহৎ আক্ৰমণ বিফল কৰাত ইজৰাইলৰ চাইবাৰ ক্ষমতাই গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল।

Cyber Dome কি?

‘চাইবাৰ ড’ম’ ইজৰাইলৰ আইৰন ড’মৰ আধাৰত গঠিত এক কৌশলগত চাইবাৰ সুৰক্ষা ব্যৱস্থা। কিন্তু ই মিছাইল, ড্ৰ’ণ আদিৰ আক্ৰমণ প্ৰতিৰোধৰ বাবে নহয়। চাইবাৰ ড’মে ডিজিটেল ক্ষেত্ৰখনৰ সুৰক্ষাৰ বাবে কাম কৰিব। জাৰ্মানীৰ প্ৰস্তাৱিত চাইবাৰ ড’মৰ লক্ষ্য হৈছে ৰাষ্ট্ৰৰ প্ৰতি অহা ক্ৰমবৰ্ধমান ডিজিটেল ভাবুকিৰ পৰা ৰক্ষা কৰিবলৈ এক শক্তিশালী, বহুস্তৰীয় চাইবাৰ ঢাল সৃষ্টি কৰা।

চাইবাৰ ডমৰ পৰিকল্পনাৰ আঁৰত কি?

জাৰ্মানীৰ মন্ত্ৰীয়ে নিজৰ দেশৰ বাবে “চাইবাৰ ড’ম” স্থাপনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ইজৰাইলৰ সৈতে চাইবাৰ আৰু নিৰাপত্তা চুক্তিৰ বাবে তেওঁ পাঁচটা মূল বিষয়ৰ ৰূপৰেখা দাঙি ধৰিছে।

১। চোৰাংচোৱা সেৱা (যেনে বিএনডি আৰু মোছাদ) আৰু নিৰাপত্তা বাহিনীৰ মাজত সহযোগিতা শক্তিশালী কৰা।

২। মন্ত্ৰীগৰাকীয়ে জাৰ্মান-ইজৰাইলৰ চাইবাৰ নিৰাপত্তা গৱেষণাৰ বাবে এটা কেন্দ্ৰ স্থাপন কৰা।

৩। চাইবাৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত দুয়োখন দেশৰ সহযোগিতা শক্তিশালী কৰা।

৪। জাৰ্মানীৰ নিজৰ ড্ৰ’ন প্ৰতিৰক্ষা ক্ষমতা বৃদ্ধি কৰা।

৫। নাগৰিক সুৰক্ষা আৰু সতৰ্কবাণী ব্যৱস্থা শক্তিশালী কৰা।

উল্লেখযোগ্য যে, ইউৰোপত জাৰ্মানী হৈছে ইজৰাইলৰ অন্যতম ঘনিষ্ঠ মিত্ৰ দেশ। বৰ্তমান সময়ত বিশ্বত ৰাছিয়া আৰু চীনৰ সক্ৰিয়তা যথেষ্ঠ বৃদ্ধি পাইছে। গতিকে ইয়াৰ বিপৰীতে  জাৰ্মানীয়ে ইজৰাইলৰ প্ৰতিৰক্ষা বিশেষজ্ঞতাৰ সহায় লৈ নাটোলৈ নিজৰ সামৰিক সামৰ্থ্য শক্তিশালী কৰাৰ চেষ্টা কৰিছে।

জাৰ্মানীৰ বিল্ড কাকতখনে প্ৰকাশ কৰা অনুসৰি ইজৰাইল ভ্ৰমণৰ সময়ত ডব্ৰিণ্ডে কয় যে নিৰাপত্তাৰ এই জটিল সন্ধিক্ষণৰ বাবে কেৱল সামৰিক নিৰাপত্তাই যথেষ্ট নহয়।আমাৰ সামগ্ৰিক প্ৰতিৰক্ষামূলক ক্ষমতা শক্তিশালী কৰিবলৈ নাগৰিক নিৰাপত্তাৰ ক্ষেত্ৰতো উল্লেখযোগ্য উন্নীতকৰণৰ প্ৰয়োজন। যাৰ বাবে দেশখনে ইজৰাইলৰ সহযোগত চাইবাৰ ড’ম কাৰ্যসূচী হাতত লোৱাৰ দিশে আগবাঢ়িছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.