India-China Dispute: আকৌ মূৰ দাঙি উঠিছে অৰুণাচলক লৈ চীন-ভাৰতৰ বিবাদ!

Share This Article

India-China Dispute: দেশৰ পশ্চিম সীমান্তত এতিয়াও অব্যাহত আছে উত্তেজনা। ভাৰত-পাক সংঘাতৰ অন্তত যুদ্ধবিৰতি ঘোষণা কৰা হয় যদিও সমগ্ৰ অঞ্চলটোত এতিয়াও অব্যাহত আছে চেপা উত্তেজনা। তাৰ মাজতে পাকিস্তানে উলংঘা কৰি আছে যুদ্ধবিৰতি। যাৰ বাবে পশ্চিম সীমান্তৰ ১৬খন জিলাক স্পৰ্শকাতৰ ঘোষণা কৰিবলগীয়া হৈছে ভাৰত চৰকাৰে।

পশ্চিম দিশত ভাৰত-পাকিস্তানৰ সংঘাত চলি থকাৰ মাজতে এইবাৰ পূব দিশত চীনেৰে আৰম্ভ হৈছে ভাৰতৰ সংঘাত।

উল্লেখ্য যে পাকিস্তানৰ বন্ধু চীনৰ সৈতে ভাৰতৰ সংঘাত আজিৰ নহয়। বিগত ৬০ বছৰৰো অধিক কাল এছিয়াৰ এই দুই শক্তিৰ মাজত অব্যাহত আছে সংঘাত। ১৯৬২ত প্ৰত্যক্ষভাৱে দুয়োখন দেশ যুদ্ধত লিপ্ত হৈছিল যদিও তাৰ পিছতো দুই দেশৰ মাজত অব্যাহত আছে ভিন্ন ধৰণৰ সংঘাত।

India-China Dispute: অৰুণাচল প্ৰদেশক লৈ চীনৰ আজৱ দাবী

উল্লেখনীয় ভাৱে ভাৰতৰ অৰুণাচল প্ৰদেশক নিজৰ অংশ বুলি দাবী কৰি আহিছে চীনে। অৰুণাচলক তিব্বতৰ দক্ষিণ অংশ বুলি দাবী কৰি আহিছে চীনে। কেৱল এয়াই নহয়, অৰুণাচল প্ৰদেশক নিজৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰাৰ উপৰিও অৰুণাচলৰ ভিন্ন ঠাইৰ চীনা নাম দি আহিছে চুবুৰীয়া দেশখনে। যাক আজি প্ৰত্যুত্তৰ দি অৰ্থহীন প্ৰচেষ্টা আখ্যা দিয়ে ভাৰত চৰকাৰে। বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে এই সন্দৰ্ভত আজি প্ৰকাশ কৰে এক আনুষ্ঠানিক বিবৃত্তি। ভাৰতৰ চৰকাৰৰ ফালৰ পৰা প্ৰকাশ কৰা বিবৃত্তিতো এনেধৰণৰ, আমি লক্ষ্য কৰিছোঁ যে চীনে অৰুণাচল প্ৰদেশৰ ভিন্ন ঠাইৰ নামাকৰণৰ অসাৰ আৰু অৰ্থহীন প্ৰচেষ্টা চলাই আছে। চীনৰ এনেধৰণৰ চেষ্টাক আমি নীতিগতভাৱে নাকচ কৰো। সৃষ্টিশীল নামাকৰণে সত্যক সলনি নকৰে। অৰুণাচল ভাৰতৰ অংশ আছিল, অংশ হৈ আছে আৰু সদায় থাকিব। এয়া আছিল ভাৰত চৰকাৰে চীনক লক্ষ্য কৰি প্ৰকাশ কৰা বিবৃত্তি।

লগতে পঢ়ক: ১৯৭১ত কেনেকৈ পাকিস্তানক দুফাল কৰিছিল ভাৰতে?

উল্লেখ্য যে বিগত কিছু বছৰ ধৰি এই কাৰ্য কৰি আহিছে চীনে। অৰুণাচলৰ ঠাইক চীনা নাম দি নিজৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰি আহিছে চীনে। বিগত বৰ্ষৰ এপ্ৰিল মাহতো অৰুণাচলৰ ৩০খন ঠাইৰ অন্য নাম দি তালিকা প্ৰকাশ কৰিছিল চীনে। উল্লেখ্য যে চীনে জাংনাম নামেৰে গণ্য কৰে অৰুণাচল প্ৰদেশক। ২০১৭ চনত প্ৰথম অৰুণাচলক জাংনাম নাম দি ইয়াৰে ৬খন ঠাইৰ নতুন নাম দি তালিকা প্ৰকাশ কৰিছিল চীনৰ নাগৰিক পৰিক্ৰমা মন্ত্ৰালয়ে। ইয়াৰ পিছত ২০২১ চনত পুনৰ ১৫খন ঠাইৰ নতুন নামাকৰণ কৰি দ্বিতীয়খন তালিকা প্ৰকাশ কৰিছিল চীনে। তৃতীয়খন তালিকা প্ৰকাশ কৰিছিল বিগত বৰ্ষৰ এপ্ৰিল মাহত। ভাৰতে সেই সময়তো চীনৰ এই কাৰ্যৰ বিৰোধিতা কৰিছিল। কিন্তু আজিৰ দিনটোত ভাৰতে চীনৰ এই কাৰ্যৰ বিৰুদ্ধে আনুষ্ঠানিকভাবে প্ৰকাশ কৰে বিবৃত্তি। য’ত চীনৰ এই কাৰ্যক অৰ্থহীন প্ৰচেষ্টা আখ্যা দিয়ে। যিসময়ত পশ্চিম সীমান্তত পাকিস্তানৰ লগত সংঘাত অব্যাহত আছে, তেনে সময়তে পাকিস্তানৰ বন্ধু চীনৰ প্ৰতি ভাৰতে প্ৰকাশ কৰিছে এই বিবৃত্তি। যিয়ে স্বাভাৱিকতে বহন কৰিছে বিশেষ তাৎপৰ্য।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.