সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

১৯৭১ত কেনেকৈ পাকিস্তানক দুফাল কৰিছিল ভাৰতে?

THE CROSSCURRENT TAKE

আৰম্ভ হ’ল ভাৰত পাকিস্তানৰ সমুখ সমৰ৷ পহলগাম আক্ৰমণৰ যথোচিত প্ৰত্যুত্তৰ দিলে ভাৰতে।

- Donation -

ইয়াৰ লগে লগে প্ৰশ্ন উঠিছে-পুনৰাবৃত্তি হ’ব নেকি ১৯৭১ৰ? কি ঘটিছিল ১৯৭১ত? কেনেকৈ আমেৰিকা আৰু চীনৰ প্ৰবল প্ৰত্যাহ্বানকো নেওচি ভাৰতে বিজয় সাব্যস্ত কৰিছিল? কিদৰে পাকিস্তানক দুফাল কৰি জন্ম দিছিল স্বাধীন বাংলাদেশ (Independence of Bangladesh)ৰ? নতুন এখন যুদ্ধৰ উত্তেজনাৰ মাজত আকৌ এবাৰ প্ৰাসংগিক হৈ উঠিছে ১৯৭১ৰ Indo-Pakistan warৰ প্ৰসংগ৷

 

  • ১৯৭১ত পাকিস্তানৰ সৈতে আছিল আমেৰিকা আৰু চীন

  • মিত্ৰশক্তিক পৰাভূত কৰি ‘৭১ৰ যুদ্ধত বিজয় সাব্যস্ত কৰিছিল ভাৰতে

  • পাকিস্তানক পৰাজিত কৰি স্বাধীন বাংলাদেশৰ জন্ম দিছিল ভাৰতে

বাংলাদেশত আৰম্ভ হৈছিল মুক্তিযুদ্ধৰ নিৰ্ণায়ক ক্ষণ৷ ভাৰত মুকলিকৈ থিয় হৈছে পূব-পাকিস্তান অৰ্থাৎ বাংলাদেশৰ স্বাধীনতাৰ পক্ষত৷ তাৰ বাবে পাকিস্তানৰ হৈ যুঁজিবলৈও সাজু হৈছিল৷ সেই সময়ত আমেৰিকাই পাকিস্তানক অস্ত্ৰ-শস্ত্ৰ যোগান ধৰিছিল ভাৰতৰ বিৰুদ্ধে যুঁজিবলৈ। আমেৰিকাৰ সহায় পাই পাকিস্তান অধিক আত্মবিশ্বাসী হৈ পৰিছিল৷ ইফালে, চীন আৰু আমেৰিকা পাকিস্তানৰ পক্ষত থিয় হোৱা খবৰে ভাৰতক অতিশয় উদ্বিগ্ন কৰি তোলে৷ তেনে এক সময়ত ভাৰত আৰু ৰাছিয়াৰ মাজত স্বাক্ষৰিত হয় ঐতিহাসিক মৈত্ৰী চুক্তি৷ এনেদৰেই স্বাধীন বাংলাদেশৰ সমৰ্থনত থিয় হ’ল ভাৰত আৰু ছোভিয়েট ৰাছিয়া৷ আনহাতে, পাকিস্তানৰ সমৰ্থনত চীন আৰু আমেৰিকা৷ সমুখ সমৰৰ বাবে সাজু হ’ল ভাৰত আৰু আমেৰিকা৷ অৱশেষত ১৯৭১ৰ ডিচেম্বৰ মাহত আৰম্ভ হ’ল সমুখ সমৰ৷

 

দিনটো আছিল ৩ ডিচেম্বৰ, ১৯৭১৷

ৰাতি পুৱা ঠিক ৬ বজাৰ আশে পাশে আৰম্ভ হ’ল পাকিস্তানী সেনাৰ অতৰ্কিত আক্ৰমণ– Operation Chengiz Khan৷ ভাৰতৰ উত্তৰ পশ্চিম সীমান্তৰ বিমান ঘাটিসমূহত পাকিস্তানৰ প্ৰথম আঘাত৷ পাকিস্তানৰ হাতত তেতিয়া আমেৰিকাত নিৰ্মিত এফ ১০৪  ষ্টাৰ ফাইটাৰ, চীনত নিৰ্মিত এফ ৬ চেনয়াং, ফ্ৰান্সত নিৰ্মিত থ্ৰী ই পি৷ কমেও ৫০ খন বিমানেৰে আক্ৰমণ চলিল৷ কিন্তু আক্ৰমণৰ ভয়াৱহতাতকৈ ক্ষয় ক্ষতি কমেই হ’ল৷

ভাৰতো প্ৰত্যুত্তৰ দিবলৈ সাজু হ’ল৷ পুৱা ৯ বজাত আকাশবাণীৰে প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ ঘোষণা–পাকিস্তানী বায়ুসেনাই আকস্মিক আক্ৰমণেৰে ভাৰতৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে৷ প্ৰত্যুত্তৰত ভাৰতীয় বায়ুসেনাইও পূৰ্ণ পৰ্যায়ৰ আক্ৰমণ আৰম্ভ কৰিছে৷ বায়ু, স্থল আৰু সাগৰ পৃষ্ঠৰে এই আক্ৰমণ অব্যাহত আছে৷ ভাৰত আৰু পাকিস্তানৰ মাজত পূৰ্ণাংগ যুদ্ধ ইতিমধ্যে আৰম্ভ হৈছে৷ ভাৰতে সকলো পৰ্যায়তে সেনা বাহিনী নিয়োগ কৰিছে৷ যাতে এই ৰক্তক্ষয়ী যুদ্ধক সোনকালে সামৰণিৰ পথলৈ আনিব পৰা যায়৷

প্ৰত্যাক্ৰমণ চলিল৷ কিন্তু পাকিস্তান নিৰ্লিপ্ত৷ বিস্তৰ ক্ষয় ক্ষতিৰ পাছতো নিশ্চুপ হৈ ৰ’ল পাকিস্তানী সেনা৷ আচলতে পাকিস্তানী সেনাৰ মাজত সূত্ৰপাত হৈছিল আভ্যন্তৰীণ সংঘাতৰ৷ বায়ুসেনাৰ অধিকাংশ জোৱানেই আছিল বাঙালী৷ বাংলাদেশৰ মুক্তিযুদ্ধৰ প্ৰতি আছিল তেওঁলোকৰ নৈতিক সমৰ্থন৷ বহুতেই পাকিস্তানৰ হৈ যুদ্ধত অংশগ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল৷ আন বহুতেই গোপনে মুক্তিবাহিনীক সমৰ্থন জনাইছিল৷ যাৰ বাবে প্ৰথমটো আকাশী আক্ৰমণত পাকিস্তান ভবাধৰণে সফল হ’বই নোৱাৰিলে৷

প্ৰথমখন যুদ্ধতেই বায়ু সেনাৰ দুৰ্গতি দেখি মাৰ্কিন ৰাষ্ট্ৰপতি নিক্সন চিন্তিত হৈ পৰিল৷ তেওঁ যিমান পাৰি সিমান সোনকালে এফ ৮৬ আৰু এফ ১০৪ যুঁজাৰু বিমান পাকিস্তানলৈ প্ৰেৰণ কৰিবলৈ ইৰাণক অনুৰোধ জনালে। একেই অনুৰোধ জৰ্দানলৈও প্ৰেৰণ কৰা হ’ল৷ কিন্তু যুদ্ধৰ সময়ত সেই বিমান পাকিস্তান আহি নাপালেহি৷ কাৰণ ভাৰতৰ প্ৰত্যাক্ৰমণ ইমানেই তীব্ৰ গতিত চলিছিল যে পাকিস্তানে উৱাদিহ হেৰুৱাই পেলোৱাৰ উপক্ৰম হ’ল৷

সষ্টম হৈ উঠিল ভাৰতৰ নৌ সেনাও৷ কৰাছীৰ পৰা অহা সকলো সাগৰীয় পথ বন্ধ কৰি দিয়া হ’ল৷ কৰাছীৰ বন্দৰত চলিল এটা অপ্ৰত্যাশিত বৃহৎ আক্ৰমণ– Operation Trident (1971)৷ আক্ৰমণ ইমানেই ভয়াৱহ আছিল যে পাকিস্তানৰ পি এন এছ খাইবাৰ আৰু পি এন এছ মুহাফিজ সম্পূৰ্ণ ধ্বংস হৈ গ’ল৷ প্ৰায় ৭০০ পাকিস্তানী সেনা মৃত্যুমুখত পৰিল৷ ইখনৰ পাছত সিখন পাকিস্তানী জাহাজ চকুৰ সন্মুখয় নিশ্চিহ্ন হৈ গ’ল৷ ভাৰতৰ নৌ সেনাৰ বাবে এয়া কল্পনাতীত সাফল্য৷

পুনৰ কৰাছী বন্দৰত চলিল দ্বিতীয়টো আক্ৰমণ–Operation Python ৷ গুজৰাটৰ ওখাৰ পৰা আৰম্ভ হোৱা এই অভিযানত ছখন মজলীয়া জাহাজেৰে ইটোৰ পাছত সিটো মিছাইল নিক্ষেপ কৰা হ’ল কৰাছীৰ তেল শোধানাগাৰলৈ৷ জ্বলি ছাৰ খাৰ হৈ গ’ল তেল শোধানাগাৰ৷ কেইবাদিনলৈ নুনুমাল জুই৷ কৰাছী বিমান বন্দৰলৈ যোৱা পথো বিধ্বস্ত হৈ পৰিল৷

সমান্তৰালভাৱে বায়ু সেনাই আঘাত কৰি গ’ল পাকিস্তানৰ তেল ডিপোবোৰত৷ যুঁজাৰু বিমানেৰে সৰু সৰু বোমা নিক্ষেপ কৰা হ’ল ডিপোবোৰত৷ যুদ্ধৰ এই সৰু সময়ছোৱাতে ফুটি উঠিছিল পাকিস্তানী সেনাৰ দৈন্যতা৷ অস্ত্ৰ–শস্ত্ৰৰ আমদানি ঠিকেই হৈছিল, কিন্তু প্ৰশিক্ষণ আৰু প্ৰস্তুতি আছিল তেনেই পুতৌলগা৷

আকাশমাৰ্গ আৰু সাগৰপৃষ্ঠত এই তৈয়াময়া ৰণ চলি থাকিলেও ভাৰতৰ স্থল সেনাই আৰম্ভণিৰে পৰা লৈছিল এক বিশেষ নীতি৷ প্ৰথম, পাকিস্তানৰ সেনা বাহিনীক ভাৰতত প্ৰৱেশ কৰিবলৈ নিদিয়া৷ দ্বিতীয়, পাকিস্তানক অধিক আক্ৰমণ কৰাৰ সলনি বাংলাদেশৰ সুৰক্ষা সুনিশ্চিত কৰা৷ কিন্তু ৰাৱলপিণ্ডিত বহি থকা পাকিস্তানী সেনাৰ মন আছিল বিপৰীত৷ তেওঁলোকে পশ্চিম দিশৰ পৰা ভাৰতক আক্ৰমণ কৰাৰ পৰিকল্পনা যুগুতালে৷ পাকিস্তানৰ এনে আগ্ৰাসনৰ প্ৰত্যুত্তৰ দিবলৈ গৈ ভাৰতীয় সেনাই পঞ্জাৱৰ দিশৰ পৰা পাকিস্তানৰ ভিতৰলৈ ১৪ কিলোমিটাৰ আগবাঢ়ি গ’ল৷ একপ্ৰকাৰ দখলেই কৰিলে। তেনে সময়তে ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কামাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল জগজিত সিঙ অৰোৰাই ইণ্ডিয়ান আৰ্মী আৰু বাংলাদেশ লিবাৰেশ্যন আৰ্মীৰ যুটীয়া মুৰব্বীৰ দায়িত্ব গ্ৰহণ কৰে৷ ইষ্টাৰ্ণ কামাণ্ডত দুয়োটা বাহিনীয়েই সংঘবদ্ধভাৱে যুঁজত নামিল৷

পশ্চিম দিশৰ পৰা ভাৰতক আক্ৰমণ কৰাটো সহজ নহ’ব বুলি পতিয়ন গ’ল পাকিস্তানৰ সেনা বাহিনী৷ এইবাৰ ভাৰতৰ পৰা ঢাকা অভিমুখী পথ, ৰে’ল পথত পাকিস্তানে স্থাপন কৰিলে বাংকাৰ৷ যুদ্ধৰ ভাষাত যাক কোৱা হয় প্ৰতিৰোধ দুৰ্গ৷ ভাৰতৰ বাবে এই ৰণকৌশলৰ মুখামুখি হোৱাটোও বিশেষ কঠিন নহ’ল৷ কাৰণ, পাকিস্তানৰ সেনা বাহিনীত থকা বহু বাঙালী সৈনিকে আগতীয়াকৈ সেনাৰ কৌশল ফাদিল কৰি দিছিল৷ তদুপৰি মুক্তি বাহিনীৰ সকলো সদস্যৰ হাততে আছিল ঢাকা অভিমুখী সকলো পথৰ নিখুঁত নক্সা৷ মুক্তিৰ আকাংক্ষা আৰু ভাৰতীয় সেনাৰ সহযোগে মুক্তি বাহিনীৰ সদস্যসকলক ক্ৰমাৎ অধিক সাহসী আৰু আগ্ৰাসী কৰি তুলিছিল৷ পূব-পাকিস্তানৰ স্থানীয় লোকসকল আন্তৰিক সমৰ্থনেও বহু কাম সহজ কৰি তুলিলে৷

চীন পাকিস্তানৰ সহায়ৰ বাবে সাজু৷ কিন্তু সময় প্ৰতিকূল৷ ডিচেম্বৰ মাহ৷ বৰফাবৃত্ত পাহাৰ বগাই চীনৰ পৰা অস্ত্ৰ শস্ত্ৰ সংগ্ৰহ কৰাটো পাকিস্তানৰ বাবে অসম্ভৱ যেন হৈ পৰিল৷ ইফালে, ভাৰতীয় সেনাই মাৰ্চ কৰি আগবাঢ়িল ঢাকা অভিমুখে৷ পাকিস্তানী সেনা সোমাব পৰা সকলো পথ বন্ধ কৰি দিয়া হ’ল৷ ৰে’লপথত টল দিলে মিত্ৰবাহিনীয়ে৷ ক্ষীপ্ৰ গতিত ভাৰতীয় সেনা আগবাঢ়ি গ’ল৷ লগত ৰাছিয়াই যোগান ধৰা টি ৫৫ টেংক, অস্ত্ৰভাণ্ডাৰেৰে ভৰি থকা মিলিটেৰী ট্ৰাক জীপ৷ মিত্ৰবাহিনীৰ মুৰব্বী জগজিত সিং অৰোৰাৰ লগত এই মাৰ্চক নেতৃত্ব দিলে দক্ষ সেনা বিষয়া লেফটেনেণ্ট জেনেৰেল জে এফ আৰ জেকবে৷

অৱশেষত ১৩ ডিচেম্বৰত ভাৰতে দখল কৰিলে ঢাকাৰ ৰাজভৱন৷ গভীৰ নিশালৈ ঢাকাৰ ৰাজভৱনত চলিল ভাৰতীয় সেনাৰ আক্ৰমণ৷ পাকিস্তানৰ জেনেৰেল ইয়াহিয়া খানৰ পৰা ঢাকাৰ ৰাজ্যপাললৈ খবৰ আহিল–প্ৰতিৰোধ কৰাৰ ক্ষমতা তেওঁৰ আৰু নাই৷ আত্মসমৰ্পণৰ বিকল্প নাই৷ ঘৰৰ ভিতৰত আৱদ্ধ হৈ পৰা ৰাজ্যপালৰ এ এম মালিকে চিন্তা বিবেচনাৰ মাজত শেষ সিদ্ধান্তত উপনীত হ’ল–ইয়াহিয়া খানৰ কথাই সঁচা৷ আত্মসমৰ্পনৰ বিকল্প নাই৷ ১৪ ডিচেম্বৰৰ দিনা ছোভিয়েট ইউনিয়নৰ পৰা আমেৰিকালৈ এটা বাৰ্তা প্ৰেৰণ কৰা হ’ল–পশ্চিম পাকিস্তান আক্ৰমণ কৰাৰ কোনো পৰিকল্পনা তেওঁলোকৰ নাই৷ ভাৰতেও যুদ্ধ সামৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে৷ কিন্তু একেসময়তে বাংলাদেশৰ ক্ষমতা নিৰ্বাচিত জনপ্ৰতিনিধিৰ হাতলৈ হস্তান্তৰ হোৱাটো বিচাৰিছে৷

তাৰ পাছত ১৬ ডিচেম্বৰৰ দিনা আনুষ্ঠানিকভাৱে পাকিস্তানী সেনাই ভাৰতীয় সেনাৰ ওচৰত আত্মসমৰ্পণ কৰিলে৷ সূৰ্যাস্তৰ পূৰ্বেই দুয়োপক্ষৰ মাজত স্বাক্ষৰ হ’ল যুদ্ধবিৰতিৰ চুক্তি৷ এক ঐতিহাসিক সময়ৰ সাক্ষী হৈ ৰ’ল ঢাকাৰ ৰেচক’ৰ্চ৷
ভাৰতৰ সেনাপ্ৰধান মানেকশ্বই এই বিজয়ৰ বাবে টেলিফোনযোগে প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক অভিনন্দন জনালে৷ বিজয়ৰ সুনিশ্চিত খবৰ পোৱাৰ পাছতেই ইন্দিৰা গান্ধী পোনে পোনে গ’ল লোকসভালৈ৷ সদনত গৰ্বিত কণ্ঠেৰে ঘোষণা কৰিলে–ঢাকা এতিয়া এখন স্বাধীন দেশৰ মুক্ত ৰাজধানী৷ তাৰ পৰা ইন্দিৰা গান্ধী ৰাওনা হ’ল অল ইণ্ডিয়া ৰেডিঅ’লৈ৷ ৰেডিঅ’যোগে তেওঁ যুদ্ধবিৰতি ঘোষণা কৰিলে৷ কিছু সময় পাছত পাকিস্তানৰ ৰেডিঅ’ত শুনা গ’ল জেনেৰেল ইয়াহিয়া খানৰ অসহায় কণ্ঠ- পাকিস্তানৰ সকলো সেনাকে গুলীবৰ্ষণ বন্ধ কৰাৰ নিৰ্দেশ দিলে তেওঁ৷

এখন ১৬ দিনীয়া ৰুদ্ধশ্বাস সামৰিক আৰু কূটনৈতিক যুদ্ধৰ সামৰণি পৰিল৷ আমেৰিকা, চীনৰ দৰে শক্তিক নেওচি পাকিস্তানৰ কবলৰ পৰা ভাৰতে মুক্ত কৰিলে এক বৃহৎ ভূখণ্ড৷ বিশ্বৰ মানচিত্ৰত উদিত হ’ল এখন নতুন স্বাধীন দেশ৷ যাৰ নাম -বাংলাদেশ৷
এনেদৰেই অভাৱনীয় সামৰিক দক্ষতাৰ পৰিচয় দি ১৯৭১ৰ যুদ্ধত পাকিস্তানক পৰাজিত কৰিছিল ভাৰতে৷ তেতিয়াৰ আৰু এতিয়াৰ ভাৰতৰ মাজত বিপুল পাৰ্থক্য৷ ভাৰত এতিয়া বিশ্বৰ চতুৰ্থ বৃহৎ সামৰিক শক্তি৷ যদি তাৰ পাছতো পাকিস্তানে যুদ্ধৰ প্ৰতি আগ্ৰহ দেখুৱায় , তেনেহ’লে তাৰ উচিত ফলাফলো অৱধাৰিত৷

Leave A Reply

Your email address will not be published.