World’s largest dam on Brahmaputra: ব্ৰহ্মপুত্ৰৰ ওপৰত চীনে আৰম্ভ কৰিলে বিশ্বৰ সৰ্ববৃহৎ বান্ধৰ নিৰ্মাণকাৰ্য

Share This Article

বৰলুইতক ভেটিবলৈ আৰম্ভ কৰিলে ৰঙা চীনে। ব্ৰহ্মপুত্ৰৰ ওপৰত চীনে আৰম্ভ কৰিলে বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধৰ নিৰ্মাণ কাৰ্য (World’s largest dam on Brahmaputra)। তিব্বতত নদীবান্ধ নিৰ্মাণত শংকিত অৰুণাচল, অসম, বাংলাদেশ।

ব্ৰহ্মপুত্ৰক লৈ চীনৰ ভাবুকি এতিয়া বাস্তৱত পৰিণত হোৱাৰ দিশে। কিয়নো ৰঙাচীনে বৃহত নদীবান্ধেৰে বৰলুইতক ভেটা দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিলে। ইয়াৰলুং চাংপোত নদীবান্ধ নিৰ্মাণৰ শুভাৰম্ভ। বিশ্বৰ সৰ্ববৃহত নদীবান্ধটোৰ বাবে চীনে ব্যয় কৰিব ১৬৭.৮ বিলিয়ন মাৰ্কিন ডলাৰ। শনিবাৰে চীনৰ প্ৰধানমন্ত্ৰী লি কিয়াঙে শুভাৰম্ভ কৰিলে এই বান্ধৰ নিৰ্মাণ কাৰ্য। অৰুণাচল প্ৰদেশ সীমান্তৰ সমীপৱৰ্তী তিব্বত স্বায়ত্ত শাসিত অঞ্চলৰ নিয়িংচি চহৰৰ মানলিং জলবিদ্যুৎ কেন্দ্ৰৰ স্থানত আৰম্ভ হৈছে এই মেগা প্ৰকল্প।

চীনৰ সংবাদ সংস্থা জিনহুয়াৰ মতে, জলবিদ্যুৎ প্ৰকল্পটো বিশ্বৰ সৰ্ববৃহৎ আন্তঃগাঁথনি প্ৰকল্প হিচাপে বিবেচিত হৈছে। এই প্ৰকল্পত পাঁচটা কেছকেড জলবিদ্যুৎ কেন্দ্ৰ নিৰ্মাণ কৰা হৈছে।

২০২৩ চনৰ এক প্ৰতিবেদন অনুসৰি এই জলবিদ্যুৎ কেন্দ্ৰটোৱে বছৰি ৩০০ বিলিয়ন কিলোৱাট-ঘণ্টাতকৈ অধিক বিদ্যুৎ উৎপাদন কৰিবলৈ সক্ষম হ’ব, যিয়ে ৩০ কোটিতকৈ অধিক লোকৰ বাৰ্ষিক বিদ্যুতৰ প্ৰয়োজনীয়তা পূৰণৰ কৰিব। এই প্ৰকল্পটোৱে মূলতঃ বাহ্যিক ব্যৱহাৰৰ বাবে বিদ্যুৎ যোগান ধৰাৰ লগতে তিব্বতৰ স্থানীয় চাহিদা পূৰণ কৰিব।

কিন্তু এই প্ৰকল্পই ভাৰত আৰু বাংলাদেশত গভীৰ উদ্বেগ সৃষ্টি কৰিছে কিয়নো উত্তৰপূব ভাৰত আৰু বাংলাদেশৰ জীৱনৰেখা ব্ৰহ্মপুত্ৰৰ বাবে অনিব অশনি সংকেত। ইতিমধ্যে ভাৰতে এই প্ৰকল্পৰ পৰিৱেশ আৰু কৌশলগত প্ৰভাৱক লৈ উদ্বেগ প্ৰকাশ কৰিছে। ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে জানুৱাৰী মাহত এই প্ৰকল্পটো নিৰীক্ষণ কৰি নিজৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰিছিল।

অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু এই সন্দৰ্ভত কৈছে যে – চীনৰ এই প্ৰকল্পই কেৱল পৰিৱেশৰ বিপদৰ সৃষ্টি কৰাই নহয়, ই কৌশলগতভাৱেও বিপদজনক হ’ব পাৰে। খাণ্ডুৱে সকীয়াই দিয়ে যে যদি চীনে হঠাতে পানী এৰি দিয়ে তেন্তে অৰুণাচল প্ৰদেশৰ ছিয়াং অঞ্চল আৰু তাত বসবাস কৰা জনজাতিসকল ভয়ংকৰ বিপদৰ সন্মুখীন হ’ব পাৰে।

লগতে পঢ়ক: ঠিকাদাৰ-বিল্ডাৰৰ সৈতে গোপন নেক্সাচ নেকি আমোলা-বিষয়াৰ? কোনে সুৰক্ষা দিছে বিল্ডাৰ অনিল কুমাৰ শর্মাৰ প্ৰতিষ্ঠানক?

বিশেষজ্ঞসকলৰ মতে এই বান্ধটোৰ আকাৰ আৰু ইয়াৰ স্থানে চীনক নদীখনৰ পানীৰ সোঁত নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা প্ৰদান কৰিব।  ইয়াৰ ফলত ভাৰত আৰু বাংলাদেশত বানপানীৰ আশংকা বৃদ্ধি কৰিব পাৰে। একেদৰে পানীৰ নাটনিৰ বাবে কৃষি, মীন পালন আৰু জীৱিকাৰ ক্ষেত্ৰতো প্ৰভাৱ পেলাব পাৰে।

এই প্ৰকল্পটোৱে অভিযান্ত্ৰিক প্ৰত্যাহ্বানৰো সৃষ্টি কৰিছে। কাৰণ চীনৰ এই মেগা বান্ধ টেকটনিক প্লেটৰ সীমাত অৱস্থিত

য’ত ভূমিকম্পৰ প্ৰৱণতা থাকে। এনে পৰিস্থিতি, চীনে নিৰ্মাণকাৰ্য আৰম্ভ কৰা ইয়াৰলুং চাংপোৰ বৃহত নদীবান্ধক লৈ নামনিৰ ভাৰত-বাংলাদেশত শংকা হোৱাটো স্বাভাৱিক। সকলোতকৈ চিন্তনীয় বিষয়, এই বান্ধৰ সৰ্বাধিক প্ৰভাৱ পৰিব অসম আৰু অৰুণাচল প্ৰদেশত।

শেহতীয়াভাৱে চীন-ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্কই অগ্ৰগতি লাভ কৰা বুলি কোৱা হয়। কিন্তু তাৰ পাছতো চীনে তিব্বতত ইয়াৰলুং চাংপো হিচাপে জনাজাত ব্ৰহ্মপুত্ৰ নদীত বিশ্বৰ সৰ্ববৃহত নদীবান্ধ নিৰ্মাণৰ ক্ষেত্ৰত দুই দেশৰ কোনো মিমাংসা নহ’ল নেকি? জলবোমা সৃষ্টি কৰিব পৰা বা উত্তৰ-পূব ভাৰত আৰু বাংলাদেশত জলসংকট নমাব পৰা চুবুৰীয়া চীনৰ এই পদক্ষেপৰ পাছত ভাৰত চৰকাৰৰ স্থিতি এতিয়া কি হ’ব সেয়াও এক লক্ষণীয় বিষয়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.