ঠিকাদাৰ-বিল্ডাৰৰ সৈতে গোপন নেক্সাচ নেকি আমোলা-বিষয়াৰ? কোনে সুৰক্ষা দিছে বিল্ডাৰ অনিল কুমাৰ শর্মাৰ প্ৰতিষ্ঠানক?

গৌতম প্ৰতিম গগৈ
চর্ত আৰু নীতি উলংঘনেৰে নির্মাণ কার্য চলাই পৰিৱেশতন্ত্ৰলৈ ভয়াৱহ সংকট নমাই আনিছে একাংশ ঠিকাদাৰ-বিল্ডাৰে৷ উত্তৰ গুৱাহাটীত প্ৰায় ৩০ বিঘা ভূমিত নির্মিত আর্য স্মাট লিভিং প্ৰকল্প ৰুপায়ণত হোৱা চর্ত আৰু নীতিৰ চৰম উলংঘাক লৈ ইতিমধ্যে উদ্বিগ্নতা প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে৷ নীতি উলংঘাৰ অপৰাধত বিল্ডাৰক পৰিৱেশ ক্ষতিপূৰণৰ জৰিমনাও বিহিছে ন্যায়াধীকৰণে৷ কিন্তু এনে নীতি উলংঘাকাৰী নির্মাণকার্যক লৈ এতিয়া বিষয়া-আমোলাৰ ভূমিকাও সন্দেহৰ আৱর্তত সোমাই পৰিছে৷ ৰাজ্যিক পর্যায়ৰ বিভাগীয় কর্তৃপক্ষৰ ভূমিকা আৰু ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ এক ৰায়ৰ পাছতে প্ৰশ্ন উত্থাপন হৈছে, বিষয়া আমোলাৰে বুজাবুজিৰ সুযোগতেই এনে ধৰণৰ নীতি উলংঘনকাৰী নির্মাণকার্য চলাইছে নেকি ঠিকাদাৰ-বিল্ডাৰে?

উত্তৰ গুৱাহাটীৰ অভয়পুৰত প্ৰায় ৩০ বিঘা মাটিত আর্য ইলের্ক্টছ ইণ্ডিয়া প্ৰাইভেট লিমিটেডে গঢ়ি তুলিছে বিশাল আৱাসিক অঞ্চল- আর্য স্মার্ট লিভিং৷ এই প্ৰকল্পৰ বাবে ২০১৪ চনৰ ২১ জানুৱাৰীত যাৱতীয় পৰিৱেশীয় অনুমোদন লাভ কৰিছিল সংস্থাটোয়ে৷ কিন্তু এই প্ৰকল্পটো নির্মাণৰ ক্ষেত্ৰত পৰিৱেশীয় অনুমোদন পত্ৰত বান্ধি দিয়া একাধিক চর্ত পালন নকৰাৰ অভিযোগ আনিছে আর্য স্মার্ট লিভিঙত ফ্লেট ক্ৰয় কৰা একাংশ আৱাসীয়ে৷ এই সমূহ চর্ত পালন নকৰাকৈ চলোৱা নির্মাণ কার্যৰ বাবেই কৃত্ৰিম বানকে ধৰি বিভিন্ন দুর্যোগত ইয়াৰ আৱাসীসকল আক্ৰান্ত হ’বলগীয়া হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ তাৰ মাজতে চাৰিজনকৈ ফ্লেট ক্ৰেতাই দাখিল কৰা অভিযোগৰ ভিত্তিত ২০২৪ চনৰ ১২ ছেপ্টেম্বৰত এক ঐতিহাসিক ৰায় প্ৰদান কৰিছে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ পূব মণ্ডলে৷ এই ৰায়ত আর্য স্মার্ট লিভিং প্ৰকল্প ৰুপায়ণত অনুমোদন অবিহনে প্ৰকল্প সম্প্ৰসাৰণ আৰু প্ৰকল্পৰ গাঁথনি সলনিৰ বাবে ন্যায়াধীকৰণে নির্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে পৰিৱেশ ক্ষতিপূৰণ হিচাপে জৰিমনাও বিহিছে৷ তাৰ মাজতে ৰাজ্যিক পৰিৱেশ প্ৰভাৱ মূল্যায়ন কর্তৃপক্ষ, অসমৰ পূর্বৰ এক ৰায় খাৰিজ কৰি কঠোৰ সমালোচনাও আগবঢ়াইছে সেউজ ন্যায়াধীকৰণে৷

২০২৪ চনৰ ১২ ছেপ্টেম্বৰত সেউজ ন্যায়াধীকৰণে দিয়া ৰায়ত কোৱা হৈছে যে, ‘২০২২ চনৰ ৬ জুলাই আৰু ২০ অক্টোবৰত আর্য স্মার্ট লিভিং প্ৰকল্পত পৰিৱেশীয় অনুমোদন পত্ৰত বান্ধি দিয়া চর্ত ৰূপায়ণ নকৰাক লৈ আবেদনকাৰীয়ে অভিযোগ দাখিল কৰিছিল৷ কিন্তু ইয়াক সঠিকভাবে পর্যবেক্ষণ নকৰাকৈ ২০২৩ চনৰ ৯ মে’ত এক নির্দেশনাৰ জৰিয়তে সেই আবেদন ৰাজ্যিক পৰিৱেশ প্ৰভাৱ মূল্যায়ন কর্তৃপক্ষই খাৰিজ কৰে৷’

কি আছিল ৰাজ্যিক পৰিৱেশ প্ৰভাৱ মূল্যায়ন কর্তৃপক্ষৰ নির্দেশনাত?

১. আর্য স্মার্ট লিভিং প্ৰকল্প নির্মাণৰ বাবে বান্ধি চর্তৰ ভিতৰত এটা অন্যতম চর্ত আছিল- প্ৰকল্পস্থলীৰ ভূ পৃষ্ঠৰ অধ্যয়ন আৰু বর্জিত পানী পৰিশোধন প্ৰকল্প স্থাপন৷ এইক্ষেত্ৰত ৰাজ্যিক পৰিৱেশ প্ৰভাৱ মূল্যায়ন কর্তৃপক্ষৰ নির্দেশনাত কোৱা হয় যে, প্ৰকল্প নির্মাতাই প্ৰকল্পৰ কাম আৰম্ভ হোৱাৰ পূর্বে এই অধ্যয়ন কৰা বুলি অৱগত কৰিছে৷ ‘জিএমডিএ’ৰ অনুমোদিত ছার্ভে মেপ দাখিল কৰিছে৷ এই প্ৰকল্পটো সম্পূর্ণ হোৱাৰ পাছত ২০১৯ চনত আর্য স্মার্ট লিভিং ছ’ছাইটিৰ হাতত গতাই দিয়া হৈছে৷ কেম্পাচৰ ভিতৰত পানী জমা হোৱা ঘটনা লোক নির্মাণ বিভাগে ২০১৭ চনৰ পৰা ২০২০ চনৰ ভিতৰত পথ উন্নতকৰণ আৰু নর্দমা নির্মাণ কৰাৰ পাছতে আৰম্ভ হৈছে৷

২. পৰিৱেশীয় অনুমোদন পত্ৰৰ আন এক চর্ত আছিল- ধূসৰ আৰু ক’লাপানীৰ বাবে পৃথক প্লাম্বিং চিষ্টেম৷ এই সন্দর্ভত ৰাজ্যিক পৰিৱেশ প্ৰভাৱ মূল্যায়ন কর্তৃপক্ষৰ ৰায়ত কোৱা হয় যে, পৃথক পৃথক প্লাম্বিং চিষ্টেমৰ চর্ত আংশিকভাবে পালন কৰা হৈছে৷

৩. বর্জিত পানী পৰিশোধন প্ৰকল্প সন্দর্ভতো ৰাজ্যিক পৰিৱেশ প্ৰভাৱ নিৰুপণ পৰিষদে প্ৰকল্পটো স্থাপন কৰা বুলি ৰায়ত উল্লেখ কৰে৷

৪. পৰিৱেশ অনুমোদন পত্ৰত প্ৰকল্প চৌহদৰ চাৰিওফালে ৩ মিটাৰ পর্যন্ত সেউজ ভূমি গঢ়ি তোলাৰ চর্ত প্ৰদান কৰা হৈছিল৷ সেই সন্দর্ভত ৰাজ্যিক পৰিৱেশ প্ৰভাৱ মূল্যায়ন কর্তৃপক্ষৰ প্ৰতিবেদনত কোৱা হয় যে, ৯ হাজাৰ বর্গমিটাৰ অঞ্চলত সেউজ ভূমি গঢ়ি তোলা হৈছে৷ চৌহদৰ মাত্ৰ দুটা চুকক বাদ দি সেউজ ভূমি গঢ়ি তোলা হৈছে৷

পৰিৱেশ প্ৰভাৱ নিৰুপণ কর্তৃপক্ষৰ ৰায়ত সন্তুষ্ট নহয় সেউজ ন্যায়াধীকৰণ

ৰাজ্যিক পৰিৱেশ প্ৰভাৱ মূল্যায়ন কর্তৃপক্ষৰ প্ৰতিবেদনক কঠোৰ সমালোচনা কৰিছে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে৷ সেউজ ন্যায়াধীকৰণে ২০২৪ চনৰ ১২ ছেপ্টেম্বৰত প্ৰদান কৰা ৰায়ত কয় যে,যেতিয়া বর্জিত পানী নিষ্কাষন প্ৰকল্প সন্দর্ভত ৰাজ্যিক পৰিৱেশ প্ৰভাৱ মূল্যায়ন কর্তৃপক্ষই পর্যবেক্ষণ আগবঢ়ায়, তেতিয়া কেৱল কয় যে, বিষয়টোৰ লগত জড়িত বিশেষজ্ঞ আৰু প্ৰতিষ্ঠানৰ দ্বাৰা বর্জিত পানী পৰিশোধন প্ৰকল্পৰ ডিজাইন আৰু যোগান ধৰা হৈছে৷ছয়মহীয়া প্ৰতিবেদন দাখিল নকৰা সন্দর্ভতো ৰাজ্যিক পৰিৱেশ প্ৰভাৱ মূল্যায়ন কর্তৃপক্ষই কয় যে, ছয়মহীয়া প্ৰতিবেদন প্ৰতিষ্ঠানটোৱে দাখিল কৰা নাই আৰু ইয়াক কমিটীয়ে গুৰুত্বসহকাৰে পর্যবেক্ষণ কৰিছে৷ কিন্তু এই সন্দর্ভত ৰাজ্যিক পৰিৱেশ প্ৰভাৱ মূল্যায়ন কর্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণৰ প্ৰস্তাৱ নিদিলে বা ব্যৱস্থা গ্ৰহণ নকৰিলে৷
ইয়াৰ ওপৰিও সেউজ ন্যায়াধীকৰণে পৰিৱেশ প্ৰভাৱ মূল্যায়ন কর্তৃপক্ষৰ ৰায় সন্দর্ভত কয় যে, এই ৰায়ত পৰিলক্ষিত হৈছে যে অভিযোগকাৰীৰ অভিযোগ সন্দর্ভত ৰাজ্যিক পৰিৱেশ প্ৰভাৱ মূল্যায়ন কর্তৃপক্ষই পর্যাপ্ত ধৰণে গুৰুত্ব আৰোপ কৰা নাই৷
সেউজ ন্যায়াধীকৰণৰ ৰায়ত কোৱা হয়, আমি লক্ষ্য কৰিছো যে অভিযোগকাৰীয়ে ২০২২ চনৰ ৬ জুলাই আৰু ২০ অক্টোবৰত দাখিল কৰা অভিযোগত আর্য ইৰের্ক্টছে পৰিৱেশ অনুমোদন পত্ৰৰ চর্তসমূহ পালন নকৰাৰ যি অভিযোগ উত্থাপন কৰিছিল তাক ৰাজ্যিক পৰিৱেশ প্ৰভাৱ প্ৰভাৱ কর্তৃপক্ষৰ ২০২৩ চনৰ ৯ মে’ৰ ৰায়ত যথাযথভাবে গুৰুত্ব দিয়া নহ’ল৷

সেই অনুসৰি ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে ৰাজ্যিক পৰিৱেশ প্ৰভাৱ মূল্যায়ন কর্তৃপক্ষৰ ৰায় সন্দর্ভত নির্দেশনা প্ৰদান কৰি কয়, ৰাজ্যিক পৰিৱেশ প্ৰভাৱ নিৰুপণ কর্তৃপক্ষই ২০২৩ চনৰ ৯ মে’ত প্ৰদান কৰা ৰায় আইনগতভাবে ত্ৰুটিপূর্ণ আছিল আৰু এই নির্দেশনাযোগে সেই ৰায় খাৰিজ কৰা হৈছে৷ সেউজ ন্যায়াধীকৰণে অভিযোগ সন্দর্ভত পুনৰ বিবেচনা কৰি আৰু নতুনকৈ সিদ্ধান্ত গ্ৰহণ কৰি উপযুক্ত পদক্ষেপ গ্ৰহণৰ বাবেও ৰাজ্যিক পৰিৱেশ প্ৰভাৱ মূল্যায়ন কর্তৃপক্ষক নির্দেশনা প্ৰদান কৰে৷

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে অসম ৰাজ্যিক পৰিৱেশ প্ৰভাৱ মূল্যায়ন কর্তৃপক্ষৰ ভূমিকা আৰু কার্যকলাপক এইদৰে কৰা সমালোচনা গুৰুতৰ হিচাপে বিবেচিত হৈছে৷ প্ৰশ্ন উত্থাপন হৈছে, আর্য স্মার্ট লিভিং প্ৰকল্প সন্দর্ভত অভিযোগকাৰীয়ে অনা অভিযোগক পূর্বতে কিয় গুৰুত্ব সহকাৰে লোৱা নাছিল ৰাজ্যিক পৰিৱেশ প্ৰভাৱ মূল্যায়ন কর্তৃপক্ষই? ৰাজ্যিক পৰিৱেশ প্ৰভাৱ মূল্যায়ন কর্তৃপক্ষৰ এনে ভূমিকাৰ বাবেই আর্য ইৰের্ক্টছ ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ দৰে প্ৰতিষ্ঠানে আইন আৰু নীতি উলংঘা কৰি নির্মাণ কার্য চলাবলৈ সুযোগ পাইছ নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *