অৱশেষত আমেৰিকাত গৃহীত হ’ল ‘One Big Beautiful Bill’

Share This Article

ছিনেটৰ ভোট যুদ্ধত জয়ী হ’ল ড’নাল্ড ট্ৰাম্প। অৱশেষত গৃহীত হ’ল ‘One Big Beautiful Bill’। মঙলবাৰে আমেৰিকাৰ ছিনেটত উপ-ৰাষ্ট্ৰপতি জে ডি ভ্যান্সৰ টাই ব্ৰেকিং ভোটেৰে গৃহীত হ’ল বহু বিতৰ্কিত বিলখন। বিলৰ বিপক্ষে ভোট দিলে ডেমক্ৰেটিক পাৰ্টিৰ সদস্যসকলে। ডেমক্ৰেটিক পাৰ্টিৰ লগতে এই বিলৰ  বিপক্ষে ভোট দিলে শাসনাধিষ্ঠ ৰিপাব্লিকান দলৰ তিনিজন সদস্যইও। ছিনেটত এই বিল গৃহীত হোৱাৰ পাছত ফ্ল’ৰিডাৰ ‘এলিগেটৰ আলকাট্ৰাজ’ নামেৰে অভিহিত প্ৰব্ৰজনকাৰী আটক কেন্দ্ৰ ভ্ৰমণলৈ যোৱা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এই বিজয় উদযাপন কৰে। ট্ৰাম্পে কয়- “ই এখন ডাঙৰ বিল। ইয়াত সকলোৰে বাবে কিবা নহয় কিবা আছে”
অহা চাৰি জুলাইত আমেৰিকাৰ স্বাধীনতা দিৱস। ইয়াৰ পূৰ্বে আমেৰিকাৰ ছিনেটে বহু চৰ্চিত ‘One Big Beautiful Bill’ গৃহীত কৰাতো বিশেষভাৱে তাতপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে। প্ৰায় ৮৮৭ পৃষ্ঠাৰ এই বিলখন কৰ ৰেহাই, ব্যয় কৰ্তন আৰু অন্যান্য ৰিপাব্লিকান অগ্ৰাধিকাৰেৰে সন্নিবিষ্ট বুলি প্ৰকাশ পাইছে।


এই বিলৰ মূল লক্ষ্য হৈছেঃ

  • ২০১৭ চনত প্ৰৱৰ্তিত ধনী ব্যক্তিসকলৰ কৰ হ্ৰাস ব্যৱস্থাৰ পৰিসৰ বৃদ্ধি কৰা
  • নতুন কৰ হ্ৰাসৰ ব্যৱস্থা কৰা
  • ফেডাৰেল খৰচ হ্ৰাস কৰি প্ৰতিৰক্ষা খৰচ বৃদ্ধি কৰা
  • ঋণৰ সীমা ৫ ট্ৰিলিয়ন ডলাৰলৈ বৃদ্ধি কৰা
  • অবৈধ প্ৰব্ৰজনকাৰীৰ বহিস্কাৰৰ বাবে পুঁজিৰ ব্যৱস্থা কৰা

ইপিনে, এই বিলৰ জনপ্ৰিয়তা কম বুলি চৰ্চিত হৈছে। এটা সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি এই বিলখন এখন অন্যতম অজনপ্ৰিয় বিল।
৮৮৭ পৃষ্ঠাৰ এই বিশাল বিলখনত বিভিন্ন বিষয় সামৰি লোৱা হৈছে। ইয়াৰ মূল দিশসমূহ হৈছে-

  • কৰ হ্ৰাসঃ- য’ত ৪.৫ ট্ৰিলিয়ন ডলাৰৰ হ্ৰাসৰ জৰিয়তে টিপছ, অভাৰটাইম, গাড়ীৰ ঋণৰ সুত, ৭৫,০০০ ডলাৰৰ তলৰ উপাৰ্জন কৰা বৃদ্ধ লোক কৰ, স্থানীয় কৰ আদিৰ হ্ৰাসৰ ব্যৱস্থা ৰখা হৈছে।
  • গণ-প্ৰত্যাৱৰ্তনৰ বাবে পুঁজিৰ ব্যৱস্থাঃ-ইয়াৰ দ্বাৰা সীমান্ত আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা এজেণ্ডা, আমেৰিকা-মেক্সিকো সীমান্তৰ দেৱাল আৰু প্ৰব্ৰজনকাৰীৰ বাবে আটক কেন্দ্ৰ নতুন ইমিগ্ৰেচন এণ্ড কাষ্টমছ এনফোৰ্চমেণ্ট (ICE) আৰু বৰ্ডাৰ পেট্ৰ’ল অফিচাৰ নিযুক্তিৰ বাবে বাবে পুঁজি নিৰ্ধাৰণৰ ব্যৱস্থা কৰা হৈছে।
  • শিশু কৰ ক্ৰেডিট বৃদ্ধি কৰাঃ-এই আইনৰ অধীনত আমেৰিকাত ২০২৮ চনলৈ শিশু কৰ ক্ৰেডিট ২,০০০ ডলাৰৰ পৰা ২,৫০০ ডলাৰলৈ বৃদ্ধি কৰাৰ ব্যৱস্থা আছে।
  • প্ৰতিৰক্ষা খৰচ বৃদ্ধিঃ-য’ত গোল্ডেন ড’ম মিছাইল প্ৰতিৰক্ষা ব্যৱস্থাৰ বাবে ২৫ বিলিয়ন ডলাৰ, জাহাজ নিৰ্মাণৰ বাবে ২৯ বিলিয়ন আৰু পাৰমাণৱিক নিৰোধৰ বাবে ১৫ বিলিয়ন ডলাৰ নিৰ্ধাৰণ হ’ব।
  • মেডিকেইড আৰু খাদ্য সহায়তা হ্ৰাসঃ-এই আইনৰ অন্যতম বিতৰ্কিত দিশটো হৈছে মেডিকেইড আৰু খাদ্য সহায়তা হ্ৰাস কৰাৰ ব্যৱস্থা। যাৰ ফলত লাখ লাখ লোক কেতবোৰ সুবিধাৰ পৰা বঞ্চিত হ’ব পাৰে।
  • পৰিৱেশ-বান্ধোন কৰ হ্ৰাসঃ-যাৰ ফলত নতুন বা ব্যৱহৃত বৈদ্যুতিক যান ক্ৰয়ৰ বাবে কৰ হ্ৰাস ২০৩২ৰ পৰিৱৰ্তে ৩০ ছেপ্টেম্বৰত শেষ হ’ব।

ইয়াৰ উপৰিও আন আন বিষয়সমূহ যেনে- ‘ট্ৰাম্প একাউণ্টছ’ নামৰ নতুন শিশু সঞ্চয় কাৰ্যসূচীৰ ব্যৱস্থা, আৰ্টেমিছ চন্দ্ৰ অভিযান আৰু মঙ্গল গ্ৰহৰ অন্বেষণৰ বাবে কেইবা বিলিয়ন ডলাৰৰ পুঁজি গঠন। ৰাষ্ট্ৰৰ ঋণৰ সীমা ৫ ট্ৰিলিয়ন ডলাৰ বৃদ্ধি আদিৰ ব্যৱস্থা এই ‘One Big Beautiful Bill’ ৰ অধীনত হ’ব।
উল্লেখযোগ্য যে, ‘One Big Beautiful Bill’ ক কেন্দ্ৰ কৰিয়েই ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ধনকুবেৰ এলন মাস্কৰ মাজত সংঘাত আৰম্ভ হৈছিল। ট্ৰাম্পে এই বিলখনৰ বাবে কুচকাৱাজ চলাই থকাৰ বাবেই চৰকাৰৰ পৰা আঁতৰি গৈছিল এলন মাস্ক। মাস্কে আনকি আমেৰিকান পাৰ্টি নামেৰে নতুন দল গঠনৰো হুংকাৰ দিছে। এতিয়া বহু বিতৰ্কিত এই বিল গৃহীত হোৱাৰ পাছত আমেৰিকাৰ সাধাৰণ জনতাৰ প্ৰতিক্ৰিয়া কি হয় সেয়া হ’ব লক্ষণীয়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.