BTR Elections: বি টি আৰ দখলৰ যুঁজত বি জে পি-কংগ্ৰেছ; একেদিনাই বড়োভূমিত ড° হিমন্ত বিশ্ব শৰ্মা-গৌৰৱ গগৈ

Share This Article

আসন্ন বড়ো টেৰিটৰিয়েল ৰিজিঅ’নৰ নিৰ্বাচন (BTR Elections)ক কেন্দ্ৰ কৰি অসমৰ ৰাজনৈতিক পৰিৱেশ ক্ৰমাৎ গৰম হৈ উঠিছে। শাসকীয় ভাৰতীয় জনতা পাৰ্টি (বিজেপি) আৰু বিৰোধী কংগ্ৰেছ দুয়োটা দলেই ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া এই নিৰ্বাচনত জয়ী হ’বলৈ তীব্ৰ প্ৰচেষ্টা চলাইছে। বিশেষকৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নতুন সভাপতি গৌৰৱ গগৈৰ বাবে এই নিৰ্বাচন সন্মানৰ প্ৰশ্ন হৈ পৰিছে।

মুখ্যমন্ত্ৰী শৰ্মাই বিগত বৃহস্পতিবাৰৰ পৰা ওদালগুৰি, তামুলপুৰ আৰু বাক্সা ভ্ৰমণ কৰি দলীয় কাৰ্যকৰ্তাৰ সৈতে সভা-সমিতি কৰিছে। সোমবাৰে তেওঁ কোকৰাঝাৰত এখন সভাত অংশ লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে যে, বিজেপিয়ে বি টি আৰ নিৰ্বাচনত কাৰো বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা নকৰে। এই মন্তব্যৰ জৰিয়তে তেওঁ ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল (UPPL), বড়ো পিপলছ ফ্ৰণ্ট (BPF) আৰু নৱগঠিত অল্টাৰনেটিভ পাৰ্টি অৱ বড়োলেণ্ডৰ সৈতে মিত্ৰতাৰ সম্ভাৱনাৰ দুৱাৰ খোলা ৰখাৰ ইংগিত দিয়ে। তেওঁ আগষ্টৰ প্ৰথম সপ্তাহত কেইটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব তাৰ চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব বুলিও প্ৰকাশ কৰে। ইউ পি পি এলৰ মুৰব্বী প্ৰমোদ বড়ো আৰু বি পি এফৰ হাগ্ৰামা মহিলাৰীৰ সমষ্টিত বিজেপিৰ প্ৰতিদ্বন্দ্বিতাৰ বিষয়ে এতিয়াও সিদ্ধান্ত লোৱা হোৱা নাই, যিটো দলৰ পৰ্যবেক্ষকৰ প্ৰতিবেদনৰ ওপৰত নিৰ্ভৰ কৰিব।

লগতে পঢ়ক: ‘ভোটবন্দী’ আহি আছে; কৰ্তন হ’ব লাখ লাখ নাগৰিকৰ ভোটাধিকাৰ!

ইফালে, গৌৰৱ গগৈয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্ৰহণৰ পাছত ইতিমধ্যে দুবাৰকৈ বড়োভূমি ভ্ৰমণ কৰিছে। তেওঁ সোমবাৰেও দুদিনীয়া কাৰ্যসূচীৰে ওদালগুৰিৰ ওৰাঙত এখন দলীয় সভাত অংশ লয়। তেওঁ বি টি আৰৰ ৰাইজক আহ্বান জনাই কয়, “বি পি এফ আৰু ইউ পি পি এলৰ শাসনৰ লগতে বিজেপিৰ ১০ বছৰৰ শাসনো দেখা পালে। এইবাৰ কংগ্ৰেছক সুযোগ দিয়ক।”

কিন্তু প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে এবাৰো বিৰোধীৰ মিত্ৰতা প্ৰসংগ উত্থাপন নকৰিলে।

একেদিনাই মুখ্যমন্ত্ৰী আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ বড়োভূমি ভ্ৰমণে এই নিৰ্বাচনৰ তীব্ৰতা আৰু আকৰ্ষণীয়তাৰ ইংগিত দিছে। গৌৰৱ গগৈৰ বাবে এই নিৰ্বাচন এখন অগ্নিপৰীক্ষা। তেওঁৰ সফলতাই আগন্তুক বিধানসভা নিৰ্বাচনত অসমৰ ৰাজনৈতিক সমীকৰণ সলনি কৰিব পাৰে।

বি টি আৰ নিৰ্বাচনৰ ফলাফলে অঞ্চলটোৰ ৰাজনৈতিক ভৱিষ্যতৰ লগতে ৰাজ্যৰ ৰাজনীতিতো গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব বুলি ৰাজনৈতিক বিশ্লেষকসকলে মত প্ৰকাশ কৰিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.