সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

‘ভোটবন্দী’ আহি আছে; কৰ্তন হ’ব লাখ লাখ নাগৰিকৰ ভোটাধিকাৰ!

মহাৰাষ্ট্ৰত যদি অভাৱনীয় হাৰত ৪০ লাখ নতুন ভোটাৰ সংযোজন হৈছে, দিল্লীত আকৌ অৰবিন্দ কেজৰিৱালৰ সমষ্টিত হাজাৰ হাজাৰ ভোটাৰৰ নাম কৰ্তন হৈছে৷ এই গুৰুতৰ অভিযোগ তথ্যসহ উত্থাপণ হোৱাৰ পাছতো প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত আছে ভাৰতৰ নিৰ্বাচনী আয়োগ৷

২০২৬ ৰ প্ৰথমভাগৰ পৰাই অসমত আৰম্ভ হ’ব নিৰ্বাচনী কুচকৱাজ৷ মে’ মাহত নতুন চৰকাৰে দায়িত্বগ্ৰহণ কৰিব৷ ইতিমধ্যে নিৰ্বাচনকেন্দ্ৰিক বতাহ বলিবলৈ আৰম্ভ কৰিছে ৰাজ্যৰ ৰাজনীতিত৷ অভিযোগ প্ৰতি অভিযোগেৰে উত্তাল হৈ পৰিছে ৰাজনৈতিক পৰিৱেশ৷ কিন্তু সমস্ত শক্তি প্ৰয়োগ কৰিলেও বিৰোধীয়ে আশাপ্ৰদ ফলাফল লাভ কৰিবলৈ সক্ষম হ’বনে? তাক লৈ এতিয়া সন্দেহ গভীৰৰ পৰা গভীৰতৰ হৈ গৈ আছে৷ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালত দুখনকৈ ৰাজ্যত অনুষ্ঠিত বিধানসভা নিৰ্বাচনে ইতিমধ্যে সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোক লৈ গভীৰ সন্দেহৰ উদয় কৰিছে৷ মহাৰাষ্ট্ৰত যদি অভাৱনীয় হাৰত ৪০ লাখ নতুন ভোটাৰ সংযোজন হৈছে, দিল্লীত আকৌ অৰবিন্দ কেজৰিৱালৰ সমষ্টিত হাজাৰ হাজাৰ ভোটাৰৰ নাম কৰ্তন হৈছে৷ এই গুৰুতৰ অভিযোগ তথ্যসহ উত্থাপণ হোৱাৰ পাছতো প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত আছে ভাৰতৰ নিৰ্বাচনী আয়োগ৷ মহাৰাষ্ট্ৰ , দিল্লীৰ পাছত এইবাৰ বিহাৰৰ নিৰ্বাচন সমাগত৷ তাৰ পাছতেই অনুষ্ঠিত হ’ব অসম আৰু পশ্চিমবংগৰ নিৰ্বাচন৷ কিন্তু বিহাৰৰ নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচন আয়োগে এনে কেতবোৰ কুচকাৱাজ আৰম্ভ কৰিছে, যাৰ পৰা নিশ্চিত হৈছে যে নোটবন্দীৰ পাছত অন্য এক ভোটবন্দীৰ সন্মুখীন হ’বলৈ গৈ আছে এই দেশৰ ভোটদাতাসকল৷ কিন্তু কেনেকৈ? লাখৰ হিচাপত ভোটাৰৰ নাম কৰ্তন কৰিবলৈ কি পন্থা হাতত লৈছে নিৰ্বাচন আয়োগে? কিয় নিৰ্বাচন ব্যৱস্থাক লৈ সন্দেহ দিনে দিনে অধিক গভীৰ হৈ গৈ আছে? কিয় গৌৰৱ গগৈ, অখিল গগৈ অথবা লুৰীনজ্যোতি গগৈ ভোটাৰ তালিকাক লৈ সাৱধান হোৱাৰ সময় সমাগত , সেই বিষয়ে আলোচনা কৰিম এই বিশেষ প্ৰতিবেদনত৷

অহা নৱেম্বৰ মাহত অনুষ্ঠিত হ’ব বিহাৰৰ বিধানসভা নিৰ্বাচন৷ তাৰ পূৰ্বে নিৰ্বাচন আয়োগে হঠাৎ জাৰি কৰিছে এক নিৰ্দেশনা৷ যাক কোৱা হৈছে – ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ বুলি৷ জনপ্ৰতিনিধি আইনৰ আধাৰত এই পুনৰীক্ষন কৰিবলৈ লোৱা হৈছে যদিও ইয়াৰ আঁৰত নিৰ্বাচন আয়োগৰ বিশেষ উদ্দেশ্য নিহিত হৈ থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ কাৰণ বিশেষ পুনৰীক্ষণৰ সময়ছোৱাত ব্লক লেভেল অফিচাৰসকলে ঘৰে ঘৰে গৈ ভোটাৰ তালিকা পৰীক্ষা কৰিব৷

- Donation -

এই বিশেষ পুনৰীক্ষণৰ অধীনত, ব্লক লেভেল অফিচাৰসকলে ঘৰে ঘৰে গৈ ভোটাৰ তালিকা পৰীক্ষা কৰিব, য’ত কেৱল আধাৰ বা ৰেচন কাৰ্ড নহয়—জন্মৰ প্ৰমাণপত্ৰ বাধ্যতামূলক হিচাপে দাঙি ধৰা হৈছে। নিৰ্দেশনাৰ অনুসৰি:

  • ১৯৮৭ চনৰ ১ জুলাইৰ পূৰ্বে জন্ম হোৱা ভোটাৰে জন্ম তাৰিখ আৰু স্থানৰ প্ৰমাণ দিব লাগিব।
  • ১৯৮৭ ৰ ১ জুলাই আৰু ২০০৪ ৰ ২ ডিচেম্বৰৰ মাজত জন্ম হোৱা ভোটাৰে নিজৰ লগতে পিতৃ বা মাতৃৰ জন্ম প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব।
  • ২০০৪ ৰ ২ ডিচেম্বৰৰ পাছত জন্ম হোৱা ভোটাৰে নিজৰ লগতে মাতৃ-পিতৃ উভয়ৰ জন্ম প্ৰমাণ দিব লাগিব।

নিৰ্বাচন আয়োগে এই নিৰ্দেশনা জাৰি কৰাৰ পাছতেই প্ৰশ্ন হৈছে, এয়া হৈছে লাখ লাখ ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাৰ আইনী প্ৰক্ৰিয়া। ইয়াৰ বাবে প্ৰদান কৰা হৈছে কেৱল এমাহৰ সময়৷ আজিও কেৱল বিহাৰ নহয়, দেশৰ কোটি কোটি নাগৰিকৰ নাই জন্মৰ প্ৰমানপত্ৰ৷ তেওঁলোকে কেৱল আধাৰ কাৰ্ড বা ৰেচন কাৰ্ডৰ জৰিয়তেই নাগৰিকৰ অধিকাৰ ভোগ কৰি আহিছে৷ কিন্তু জন্মৰ প্ৰমানপত্ৰ বিচাৰি এইবাৰ হাৰাশাস্তি কৰিব বিচৰা হৈছে কোটি কোটি ভোটাৰক৷ বিৰোধীৰ আশংকা এয়াই যে সমাজৰ পাছপৰা নাগৰিকসকল, যি নথি পত্ৰক লৈ বিশেষ সাৱধান নহয়, যিসকল ভোটাৰে এইবাৰ বিৰোধীক ভোট দিব বুলি পূৰ্বানুমান কৰা হৈছে, তেওঁলোকৰ নাম বৃহৎ হাৰত কৰ্তন কৰি বিজয়ৰ পথ প্ৰশস্ত কৰিব বিচাৰিছে শাসকীয় মিত্ৰজোটে৷ নিৰ্বাচন আয়োগৰ এই টোঘলকী নিৰ্দেশনাৰ বিৰুদ্ধে বিৰোধী দলসমূহ নিৰ্বাচন আয়োগৰ কাষ চাপিছে৷ আনহাতে বিজেপিসহ শাসক মিত্ৰজোটে ইয়াৰ সমৰ্থন কৰিছে৷

এই ভয়ংকৰ কুচকাৱাজ যে কেৱল বিহাৰতেই সীমাৱদ্ধ থাকিব, সেয়া নহয়৷ একেই পদ্ধতিৰে অসমত ভোটাৰ তালিকা সংশোধন কৰিবলৈ গৈ আছে নিৰ্বাচন আয়োগ৷ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, একেই পদ্ধতিৰে অসমত ভোটাৰ তালিকা সংশোধন কৰা হ’ব৷ বিদেশী ভোটাৰৰ নাম কৰ্তনৰ অজুহাত লৈ অসমতো ঘৰে ঘৰে ভোটাৰ তালিকা পৰীক্ষা কৰিব নিৰ্বাচন আয়োগে৷ য’ত জন্মৰ প্ৰমানপত্ৰ হ’ব বাধ্যতামূলক৷ কিন্তু প্ৰশ্ন হৈছে অসমৰ ভূমিপুত্ৰ জনজাতীয় ভোটাৰ, পাছপৰা শ্ৰেণীৰ লাখ লাখ নাগৰিক, যিয়ে আজিলৈ জন্মৰ প্ৰমানৰ প্ৰয়োজনবোধ নকৰিলে, তেওঁলোকে কেনেকৈ ক’ৰ পৰা জন্মৰ প্ৰমানপত্ৰ গোটাব পাৰিব? এয়াও আচলতে নিৰ্বাচিত ভোটাৰক ভোটাধিকাৰৰ পৰা বঞ্চিত কৰাৰ কৌশল নেকি? যাক ইতিমধ্যে বিহাৰত ভোটবন্দী বুলই অভিহিত কৰা হৈছে৷  আইনৰ আশ্ৰয়ত নাগৰিকক ভোটৰ নূন্যতম অধিকাৰৰ পৰা আঁতৰাই ৰাখিবলৈ নৰেন্দ্ৰ মোদী – অমিত শ্বাহৰ নিৰ্বাচিত নিৰ্বাচন আয়োগে নতুন ষড়যন্ত্ৰ আৰম্ভ কৰিছে নেকি? এই খবৰ পাইছেনে গৌৰৱ গগৈ , অখিল গগৈ অথবা লুৰীনজ্যোতি গগৈয়ে? নিৰ্বাচনৰ পূৰ্বে আয়োগৰ এই কাৰচাজিক লৈ সচেতন নহ’লে, নিৰ্বাচনৰ পাছত অসমৰ বিৰোধীয়েও হায়ৈ বিয়ৈ কৰাৰ বাহিৰে আন একো বিকল্প নাথাকিব৷

Leave A Reply

Your email address will not be published.