EXCLUSIVE || দেশৰ ভিতৰত সৰ্বাধিক নিৰিখত অসমে আদানিৰ পৰা কিনিব বিদ্যুৎ

Share This Article

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ শোকত ডুব গৈ আছে সমগ্ৰ ৰাজ্য ৷ তাৰ মাজতে ৰাজ্য চৰকাৰে গৌতম আদানি মালিকানাধীন আদানি পাৱাৰ লিমিটেডৰ পৰা অধিক দামত ৰাজ্যৰ ইতিহাসৰ সৰ্ববৃহৎ বিদ্যুৎ ক্ৰয়ৰ চুক্তি স্বাক্ষৰ কৰিবলৈ সাজু হৈছে ৷ ইতিমধ্যে আদানি দাখিল কৰা অধিক নিৰিখত মোহৰ লগাইছে ৰাজ্যৰ বিদ্যুৎ নিয়ামক আয়োগে ৷ আদানি পাৱাৰে পৰৱৰ্তী ২৫ বছৰলৈ অসমক যি দৰত বিদ্যুৎ বিক্ৰী কৰিবলৈ ওলাইছে , সেয়া দেশৰ আন ৰাজ্যসমূহতকৈ অধিক ৷ ‘দ্য ক্ৰছকাৰেণ্ট’ৰ অনুসন্ধানত পোহৰলৈ অহা তথ্য অনুসৰি, বিগত ২২ অক্টোবৰত ৰাজ্যিক বিদ্যুৎ নিয়ামক আয়োগে আদানি পাৱাৰৰ পৰা প্ৰতি ইউনিটত ৬.৩০ টকা দৰত বিদ্যুৎ ক্ৰয় কৰিবলৈ অনুমতি প্ৰদান কৰিছে ৷ নিবিদা মুকলিৰ পৰা বিদ্যুৎ ক্ৰয়ত মোহৰ লগোৱালৈ এই সমগ্ৰ প্ৰক্ৰিয়া মাত্ৰ ১২ দিনত সম্পন্ন কৰা হৈছে ৷ যি সময়ত আদানি পাৱাৰে বিহাৰক প্ৰতি ইউনিটত ৬.০৭৫ টকা, মধ্যপ্ৰদেশক প্ৰতি ইউনিটত ৫.৮১-৫.৮৩ টকা, মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশক ৫.৩৯ টকা দৰত প্ৰতি ইউনিট বিদ্যুৎ বিক্ৰী কৰিবলৈ চুক্তি স্বাক্ষৰ কৰিছে, সেই সময়ত অসমক প্ৰতি ইউনিট বিদ্যুৎ ৬.৩০ টকা দৰত ক্ৰয় কৰিবলৈ সাজু হৈছে৷

৩২০০ মেগাৱাট বিদ্যুৎ কিনিবলৈ এ পি ডি চি এলে প্ৰকাশ কৰা নিবিদা

উল্লেখ্য যে, অসম ৰাজ্যিক বিদ্যুৎ বিতৰণ কোম্পানী( এ পি ডি চি এল) য়ে ৩২০০ মেগাৱাট কয়লাৰ পৰা উৎপাদিত বিদ্যুৎ ক্ৰয় কৰিবৰ বাবে বিগত আগষ্ট মাহত নিবিদা আহ্বান কৰিছিল৷ নিবিদাত অংশগ্ৰহণৰ শেষ তাৰিখ আছিল ৩ অক্টোবৰ৷ নিবিদা মুকলি কৰা হয় ১০ অক্টোবৰত৷ য’ত আদানি পাৱাৰে নূন্যতম প্ৰতি ইউনিটত ৬.৩০ টকা দৰত বিদ্যুৎ বিক্ৰীৰ বাবে নিবিদা দাখিল কৰে৷ ইয়াৰ পাছত ১৫ অক্টোবৰত এ পি ডি চি এলে এই দৰত অনুমোদন দিবৰ বাবে বিদ্যুৎ নিয়ামক আয়োগৰ ওচৰত আবেদন দাখিল কৰে৷ ১৭ অক্টোবৰত আবেদনৰ শুনানি গ্ৰহণ কৰি বিদ্যুৎ নিয়ামক আয়োগে কয় যে আদানি পাৱাৰে অধিক দৰত বিদ্যুৎ যোগানৰ বাবে নিবিদা দাখিল কৰা পৰিলক্ষিত হৈছে৷ এইক্ষেত্ৰত নিৰিখ হ্ৰাসৰ বাবে এ পি ডি চি এলক আদানি পাৱাৰৰ সৈতে যোগাযোগ কৰিবলৈ নিয়ামক আয়োগে নিৰ্দেশ দিয়ে৷

আদানিৰ পৰা বিদ্যুৎ ক্ৰয়ৰ অনুমোদন বিচাৰি এ পি ডি চি এলে নিয়ামক আয়োগত দাখিল কৰা আবেদন

মন কৰিবলগীয়া কথাটো হ’ল ১৭ অক্টোবৰৰ শুনানিৰ দিনটোতেই আদানি পাৱাৰে এ পি ডি চি এলক জনাই দিয়ে যে তেওঁলোকে মধ্যপ্ৰদেশ আৰু বিহাৰৰ তুলনাত অসমৰ ক্ষেত্ৰত ফিক্সড চাৰ্জ কমকৈ নিৰ্ধাৰণ কৰিছে৷ মধ্যপ্ৰদেশত প্ৰতি ইউনিটত ফিক্সড চাৰ্জ ৪.২২-৪.৩০ টকা, বিহাৰত প্ৰতি ইউনিটত ফিক্সড চাৰ্জ ৪.১৭ টকা নিৰ্ধাৰণ কৰিছে৷ তাৰ তুলনাত অসমৰ ক্ষেত্ৰত প্ৰতি ইউনিটত ফিক্সড চাৰ্জ ৪.১৬ টকা নিৰ্ধাৰণ কৰা হৈছে৷ এ পি ডি চি এলে আদানি পাৱাৰৰ এই যুক্তিক সমৰ্থন জনাই আদানি পাৱাৰে নিবিদাত দাখিল কৰা প্ৰতি ইউনিটত ৬.৩০ টকা দৰত অনুমোদন জনাবলৈ পুনৰবাৰ আবেদন কৰে৷ ২২ অক্টোবৰত এই আবেদনৰ চূড়ান্ত শুনানি গ্রহণ কৰি নিয়ামক আয়োগে এ পি ডি চি এলৰ আবেদন মঞ্জুৰ কৰে৷ ইয়াৰ লগে লগে আদানি পাৱাৰৰ পৰা প্ৰতি ইউনিটত ৬.৩০ টকা দৰত বিদ্যুৎ ক্ৰয়ৰ প্ৰক্ৰিয়াত চূড়ান্ত মোহৰ লাগে৷

আদানিৰ পৰা বিদ্যুৎ কিনিবলৈ নিয়ামক আয়োগে দিয়া অনুমোদন

গুৰুত্বপূৰ্ণ কথাটো হ’ল, আদানি গ্ৰুপে নিৰিখ হ্ৰাস নকৰাৰ অজুহাত হিচাপে অসমৰ ফিক্সড চাৰ্জ বিহাৰৰ তুলনাত ১ পইচা কম বুলি উল্লেখ কৰিছিল৷ কিন্তু বিদ্যুৎ পৰিবহণ মাচুল বিহাৰৰ তুলনাত অসমৰ ক্ষেত্ৰত ২৩ পইচা অধিক নিৰ্ধাৰণ কৰিছে৷ যাৰ বাবে বিহাৰত প্ৰতি ইউনিটৰ নিৰিখ ৬.০৭৫ টকা হোৱাৰ বিপৰীতে অসমৰ ক্ষেত্ৰত এই নিৰিখ ৬.৩০ টকা হয়গৈ৷

বিহাৰত ৬২ হাজাৰ কোটিৰ কেলেংকাৰীৰ অভিযোগ, অসমত কিমান হ’ব ?

বিহাৰ বিধানসভা নিৰ্বাচনৰ এদিন পূৰ্বে মোদী চৰকাৰৰ প্ৰাক্তন শক্তিমন্ত্ৰী আৰ কে সিঙে আদানি পাৱাৰৰ পৰা বিদ্যুৎ ক্ৰয়ৰ নামত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে ৷ মোদী চৰকাৰৰ প্ৰাক্তন মন্ত্ৰীগৰাকীৰ অভিযোগ অনুসৰি, বিহাৰ চৰকাৰে আদানি পাৱাৰৰ পৰা ৬.০৭৫ টকা দৰত বিদ্যুৎ ক্ৰয় কৰাৰ নামত ৬২ হাজাৰ কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰিবলৈ গৈ আছে৷ এই কেলেংকাৰীত বিহাৰ চৰকাৰৰ মন্ত্ৰী আৰু বহু বিষয়া জড়িত হৈ আছে৷ প্ৰাক্তন মন্ত্ৰীগৰাকীৰ মতে বিহাৰ চৰকাৰ আৰু আদানি পাৱাৰৰ মাজত প্ৰতি ইউনিটত ৬.০৭৫ টকা দৰত ২৪০০ মেগাৱাট বিদ্যুৎ ক্ৰয়ৰ এক চুক্তি স্বাক্ষৰ হৈছে৷ এই নিৰিখত বিহাৰ চৰকাৰে বছৰি অতিৰিক্ত ২৫০০ কোটি টকা আদানি পাৱাৰক দিব লাগিব৷ এইদৰে ২৫ বছৰত কমেও ৬২ হাজাৰ কোটি টকাৰ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰে মোদী চৰকাৰৰ প্ৰাক্তন শক্তি মন্ত্ৰী আৰ কে সিঙে৷ তেওঁ এই বৃহৎ কেলেংকাৰীৰ চি বি আই তদন্তৰ দাবী উত্থাপন কৰি কয় যে তেওঁ নিজে হিচাপ কৰি ৬২ হাজাৰ কোটি টকাৰ কেলেংকাৰীৰ সম্ভেদ পাইছে৷ চি বি আয়ে অনুসন্ধান কৰি প্ৰকৃততে কিমান কোটি টকাৰ কেলেংকাৰী সংঘটিত হৈছে, তাৰ হিচাপ উলিয়াওক আৰু কেলেংকাৰীত জড়িত সকলোকে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰক ৷

বিহাৰ বিদ্যুৎ নিয়ামক আয়োগে দিয়া অনুমোদন

এতিয়া প্ৰশ্নটো হ’ল, বিহাৰে অসমতকৈ কম দৰত আদানি পাৱাৰৰ পৰা বিদ্যুৎ ক্ৰয় কৰিবলৈ লৈছে৷ প্ৰতি ইউনিটত ৬.০৭৫ টকা দৰত ২৪০০ মেগাৱাট বিদ্যুৎ ক্ৰয় কৰিলে ৬২ হাজাৰ কোটি টকাৰ কেলেংকাৰী সংঘটিত হ’ব বুলি মোদী চৰকাৰৰ প্ৰাক্তন শক্তি মন্ত্ৰীয়ে অভিযোগ উত্থাপন কৰিছে৷ তেনেস্থলত অসমে প্ৰতি ইউনিটত ৬.৩০ টকা দৰত আদানি পাৱাৰৰ কৰা বিদ্যুৎ ক্ৰয় কৰিলে কিমান টকাৰ কেলেংকাৰী সংঘটিত হ’ব পাৰে? এয়া অসমৰ বাবেও এক গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈ পৰিছে৷

সকলো ৰাজ্যতকৈ অধিক দৰত অসমে কিনিব আদানিৰ বিদ্যুৎ

ভাৰত চৰকাৰ সংশোধিত শক্তি পলিচী- ২০২৫ৰ অধীনত অসমত ৩২০০ মেগাৱাট বিদ্যুৎ যোগানৰ বাবে এ পি ডি চি এলে নিবিদা আহ্বান কৰিছিল৷ ইয়াৰ পূৰ্বে বিহাৰ, উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশেও কয়লাচালিত তাপবিদ্যুৎ যোগানৰ বাবে নিবিদা আহ্বান কৰিছিল৷ উক্ত নিবিদাৰ জৰিয়তে বিদ্যুৎ যোগানৰ ঠিকা লাভ কৰা একমাত্ৰ প্ৰতিষ্ঠানটো আছিল আদানি পাৱাৰ৷ তাৰ পাছত অসমত একেই প্ৰক্ৰিয়াৰে নিবিদা আহ্বান কৰা হয়৷ উক্ত নিবিদাত অংশগ্ৰহণ কৰে ৫ টাকৈ প্ৰতিষ্ঠানে৷ এই প্ৰতিষ্ঠানসমূহ আছিল আদানি পাৱাৰ লিমিটেড, জে এছ ডব্লিউ এনাৰ্জী লিমিটেড, ললিতপুৰ পাৱাৰ জেনেৰেশ্যন কোম্পানী লিমিটেড, এম বি পাৱাৰ আৰু টৰেণ্ট পাৱাৰ লিমিটেড৷ তাৰ ভিতৰত আদানি পাৱাৰে প্ৰতি ইউনিটত ৬.৩০ টকা দৰত অসমত কয়লাচালিত তাপবিদ্যুৎ যোগান ধৰাটো নিশ্চিত হৈ পৰিছে৷ কিন্তু সেই একেই আদানি পাৱাৰে মহাৰাষ্ট্ৰত প্ৰতি ইউনিটত ৫.৩৯ টকা, উত্তৰ প্ৰদেশত ৫.৩৮৩ টকা, মধ্যপ্ৰদেশত ৫.৮১-৫.৮৩ টকা আৰু বিহাৰত ৬.০৭৫ টকা দৰত কয়লাচালিত তাপবিদ্যুৎ যোগান ধৰিব৷

আদানি পাৱাৰে কোন ৰাজ্যত কিমান নিৰিখত যোগান ধৰিব কয়লাচালিত বিদ্যুৎ?

*এই বাতৰি সন্দৰ্ভত আমি আদানি পাৱাৰ আৰু এ পি ডি চি এলৰ পৰা বিদ্যুতৰ নিৰিখ সন্দৰ্ভত প্ৰতিক্ৰিয়া জানিব বিচাৰিছিলো৷ আদানি পাৱাৰৰ পৰা কোনো প্ৰতিক্ৰিয়া বাতৰি লিখা সময়লৈ লাভ কৰা নাই৷ এ পি ডি চি এলৰ পৰা তেওঁলোকৰ ভাষ্য ই মেইলযোগে প্ৰেৰণ কৰা বুলি জনাইছে যদিও আমি লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ আদানি পাৱাৰ আৰু এ পি ডি চি এলৰ ভাষ্য লাভ কৰাৰ লগে লগে আমি প্ৰকাশ কৰিম৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.