নৰেন্দ্ৰ মোদীৰ বন্ধু গৌতম আদানিৰ দখলত দেশৰ বিদ্যুৎ খণ্ড

Share This Article

দেশত এতিয়া চলিছে আদানিৰে বাবে আদানিৰ চৰকাৰ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ বন্ধু গৌতম আদানিৰ দখলত সোমাই পৰিছে দেশৰ বিদ্যুৎ খণ্ড৷ অসমৰ স্মাৰ্ট মিটাৰ যোগানৰ ৮৪৪ কোটি টকাৰ ঠিকা লাভ কৰা আদানিৰ স্বাৰ্থতে বিদ্যুৎ ক্ৰয়ৰ নিবিদা আহ্বান কৰিছে ইখনৰ পাছত সিখন ৰাজ্যই৷ বাংলাদেশে অধিক দামত আদানিৰ বিদ্যুৎ ক্ৰয় কৰিবলৈ অস্বীকাৰ কৰাৰ পাছতেই এইবাৰ আদানিৰ বিদ্যুৎ ক্ৰয় কৰিবলৈ আগবাঢ়িছে দুখনকৈ বিজেপি শাসিত ৰাজ্য৷ এই দুখন ৰাজ্যত যাতে আদানিয়েহে বিদ্যুৎ যোগান ধৰিব পাৰে, তাৰ বাবেও আদানিৰ সুবিধা হোৱাকৈ নিৰ্ধাৰণ কৰা হৈছে নিবিদাৰ চৰ্ত৷ ‘ৰিপোৰ্টাৰ্ছ কালেক্টিভ’ৰ শেহতীয়া প্ৰতিবেদনত পোহৰলৈ আহিছে আদানিৰ স্বাৰ্থত বিজেপি শাসিত ৰাজ্যই কৰা কাৰছাজিৰ নতুন নতুন তথ্য৷

ৰিপোৰ্টাৰ্ছ কালেক্টিভৰ শেহতীয়া প্ৰতিবেদন অনুসৰি, মহাৰাষ্ট্ৰ আৰু ৰাজস্থান চৰকাৰে আগন্তুক ২৫ বছৰলৈ বিদ্যুৎ ক্ৰয় কৰিবৰ বাবে নিবিদাৰ আহ্বান কৰিছে৷ এই দুয়োখন ৰাজ্যই নিবিদাৰ চৰ্তত এইদৰে উল্লেখ কৰিছে যে বিদ্যুৎ যোগান ধৰা কোম্পানীৰ সৌৰশক্তি আৰু কয়লা চালিত থাৰ্মেল প্ৰকল্পৰ পৰা বিদ্যুৎ উৎপাদনৰ অৰ্হতা থাকিব লাগিব৷ এই চৰ্তৰ দ্বাৰাই আদানিৰ বাবে নিবিদা লাভৰ পথ প্ৰশস্ত কৰি দিয়ে মহাৰাষ্ট্ৰ আৰু ৰাজস্থান চৰকাৰে৷

মহাৰাষ্ট্ৰ চৰকাৰে ক্ৰয় কৰিবলগীয়া ৬,৬০০ মেগাৱাটৰ নিবিদাত উল্লেখ কৰা হয় যে ইয়াৰে ৫ হাজাৰ মেগাৱাট বিদ্যুৎ সৌৰশক্তিৰ পৰা আৰু বাকী বিদ্যুৎ কয়লাৰ পৰা উৎপাদিত হ’ব লাগিব৷ একেদৰে ৰাজস্থান চৰকাৰে ক্ৰয় কৰিবলগীয়া ১১,২০০ মেগাৱাট বিদ্যুতৰ ৮ হাজাৰ মেগাৱাট সৌৰশক্তিৰ পৰা আৰু বাকী বিদ্যুৎ কয়লাৰ পৰা উৎপাদন হ’ব লাগিব বুলি চৰ্ত বান্ধি দিয়া হয়৷

কেৱল সেয়াই নহয় মহাৰাষ্ট্ৰ চৰকাৰে বিদ্যুৎ যোগান ধৰিবলগীয়া কোম্পানীক মহাৰাষ্ট্ৰত ১৬০০ মেগাৱাটৰ থাৰ্মেল পাৱাৰ প্লাণ্ট দেশত স্থাপন কৰিবলৈ অনুমতি দিয়াৰ লগতে ৰাজ্যৰ বাহিৰৰ পৰাও সৌৰশক্তিৰ পৰা উৎপাদিত বিদ্যুত যোগানৰ অনুমতি দিয়ে৷ ইয়াৰ আঁৰৰ মূল কাৰণটো হ’ল – আদানিয়ে তিনিখন ৰাজ্যত নিজৰ থাৰ্মেল পাৱাৰ প্লাণ্ট স্থাপনৰ যোজা চলাই আছে৷ লগতে গুজৰাটৰ কুচত স্থাপন কৰা ১৬০০ মেগাৱাটৰ সৌৰশক্তি পাৰ্কতো চলিত বছৰৰ পৰাই বিদ্যুতৰ উৎপাদন আৰম্ভ হ’ব৷

একেদৰে ৰাজস্থান চৰকাৰে নিবিদাত চৰ্ত আৰোপ কৰিছে যে ৰাজ্যখনত যোগান ধৰিবলগীয়া ৮০০০ মেগাৱাট সৌৰশক্তি চালিত আৰু কয়লাৰ পৰা উৎপাদিত ৩২০০ মেগাৱাট ৰাজস্থানতে উৎপাদন হ’ব লাগিব৷ লক্ষণীয় কথাটো হ’ল আদানি গ্ৰুপে ৰাজস্থানৰ বাৰণ জিলাত ৩২০০ মেগাৱাট উৎপাদনক্ষম থাৰ্মেল প্ৰকল্পৰ বাবে ইতিমধ্যে সেউজ সংকেত লাভ কৰিছে৷ লগতে ৰাজস্থানৰ চ’লাৰ পাৰ্ক স্থাপনৰ বাবে ৰাজস্থান চৰকাৰৰ সৈতে ইতিমধ্যে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে৷

এইদৰে প্ৰথমতে বিদ্যুৎ যোগানকাৰী কোম্পানীৰ সৌৰশক্তি আৰ কয়লাৰ পৰা বিদ্যুৎ উৎপাদনৰ দুয়োটা উৎস থাকিবই লাগিব বুলি চৰ্ত নিৰ্ধাৰণ কৰি আন কোম্পানীসমূহক নিবিদা প্ৰক্ৰিয়াৰ পৰা আঁতৰাই পঠিওৱা হ’ল৷ তাৰ পাছত বিদ্যুৎ উৎপাদনৰ স্থান নিৰ্ধাৰণ কৰি দি আদানিৰ বাবে নিবিদা লাভৰ বাট নিকপকপীয়া কৰা হ’ল৷ ইয়াৰ পাছত আদানিয়ে যি দৰত বিদ্যুৎ বিক্ৰী কৰে সেই দৰতেই বিদ্যুত ক্ৰয় কৰিবলৈ বাধ্য হ’ব এই দুখন ৰাজ্য৷

মন কৰিবলগীয়া কথাটো হ’ল বিদ্যুত খণ্ডত আদানিৰ একছত্ৰী দখল সাব্যস্ত হ’লে দিনটোৰ বেলেগ বেলেগ সময়ত চাহিদা অনুসৰি বেলেগ বেলেগ মাচুল নিৰ্ধাৰণ কৰিব আদানিয়ে৷ সেইমতে স্মাৰ্ট মিটাৰত বিদ্যুতৰ মাচুল আদায় দিব লাগিব সাধাৰণ গ্ৰাহকসকলে৷ এয়াই হৈছে বিদ্যুৎ খণ্ডৰ সংস্কাৰৰ নামত বিজেপি চৰকাৰে আৰম্ভ কৰা অভিযানৰ আচল উদ্দেশ্য৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.