৯ মাহত বৃদ্ধি ৩৮ কোটি টকা; কেনেকৈ বাঢ়িল Bhagadatta Flyover ৰ নিৰ্মাণব্যয়?

Share This Article

মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ অধীনষ্ঠ লোকনিৰ্মাণ বিভাগত এতিয়া ঠিকাদাৰৰ কথাই শেষ সিদ্ধান্ত৷ এই কথা পুনৰ এবাৰ উন্মোচিত হৈছে গুৱাহাটীৰ নৱনিৰ্মিত ভগদত্ত উৰণ সেতু (Bhagadatta Flyover)ৰ ক্ষেত্ৰত। ‘কীকী’ৰ দৰে ঠিকাদাৰক ৰঙা দলিচা পাৰি আদৰণি জনোৱা লোকনিৰ্মাণ বিভাগত এগৰাকী যুৱতী অভিযন্তাৰ মৃত্যুকো লোৱা হয় সহজভাৱে৷ বঙাইগাঁৱত যুৱতী অভিযন্তা যোছিকা দাসে চৰম পন্থা লোৱাৰ পাছতো কেৱল বিভাগীয় তদন্ত কৰিয়েই এদিনতে বিষয়টোক গাপ দিব বিচৰা হ’ল৷ অভিযোগ উঠা ঠিকাদাৰ, জ্যেষ্ঠ অভিন্তাৰ বিৰুদ্ধে নহ’ল বিশদ তদন্ত৷ ঠিকাদাৰ ৰুদ্ৰ পাঠকক এবাৰলৈও জবাবদিহি কৰা নহ’ল৷ সেইবাবেই বাৰে বাৰে প্ৰশ্ন উঠিছে– মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ অধীনষ্ঠ লোকনিৰ্মাণ বিভাগত এতিয়া কেৱল ঠিকাদাৰ ৰাজ চলিছে নেকি? তাৰ মাজতে পোহৰলৈ আহিছে ঠিকাদাৰ ‘কীকী’ বাহিনীয়ে ঝুমইৰ বিনন্দিনীত ৮ কোটি ৮৪ লাখ টকা হস্তগত কৰাৰ কাহিনী৷ এইবাৰ ক’বলৈ লৈছো– মাত্ৰ ৯ মাহত ৩৮ কোটি টকাৰ নিৰ্মাণব্যয় বৃদ্ধি পোৱা গুৱাহাটীৰ ভগদত্ত ফ্লাই অ’ভাৰৰ কাহিনী ৷

Bhagadatta Flyover ৰ নিৰ্মাণ ব্যয় কিমান নিৰ্ধাৰিত আছিল?

গুৱাহাটীৰ ডাউন টাউনত নতুনকৈ মুকলি কৰা হৈছে Bhagadatta Flyover ৷ বিগত ৬ জুলাইত এই ফ্লাই অ’ভাৰখন মুকলি কৰে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই৷ উদ্বোধনৰ দিনা বাতৰি কাকতত প্ৰকাশ কৰা বিজ্ঞাপন অনুসৰি, ভগদত্ত ফ্লাই অ’ভাৰৰ নিৰ্মাণ ব্যয় ১১২ কোটি টকা। ১৮ মাহৰ পৰিৱৰ্তে ৯ মাহতে সম্পূৰ্ণ ফ্লাই অ’ভাৰৰ নিৰ্মাণ, কিন্তু এই ফ্লাই অ’ভাৰ নিৰ্মাণৰ ৱৰ্ক অৰ্ডাৰলৈ মন কৰক৷ ২০২৪ চনৰ ২৭ ছেপ্তেম্বৰত ফ্লাই অ’ভাৰ নিৰ্মাণৰ ৱৰ্ক অৰ্ডাৰ প্ৰদান কৰা হৈছে ঠিকাদাৰ অনিল দাসৰ মালিকানাধীন অনিল দাস কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডক। ডাউন টাউন ফ্লাই অ’ভাৰৰ নিৰ্মাণ ব্যয় ৮৪ কোটি ৮৯ লাখ টকা।

ৱৰ্ক অৰ্ডাৰ অনুসৰি, মুঠ ৮৪ কোটি ৮৯ লাখ ৬১ হাজাৰ ১৬৮ টকা ব্যয় সাপেক্ষে ডাউন টাউন ফ্লাই অ’ভাৰ নিৰ্মাণ কৰিবলৈ দিয়া হৈছিল অনিল দাস কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডক৷ লোকনিৰ্মাণ বিভাগৰ মতেই নিৰ্ধাৰিত সময়তকৈ ৯ মাহ পূৰ্বে সম্পূৰ্ণ হৈ উঠিছে এই ফ্লাই অ’ভাৰখন৷

৩৮ কোটি টকা নিৰ্মাণ ব্যয় বৃদ্ধি

স্বাভাৱিকতে নিৰ্ধাৰিত সময়তকৈ আগত সম্পূৰ্ণ হোৱা ফ্লাই অ’ভাৰৰ নিৰ্মাণব্যয় নিয়ম মতে হ্ৰাসহে হ’ব লাগিছিল৷ কিন্তু অসম চৰকাৰেই বিজ্ঞাপন দি প্ৰকাশ কৰিছে ফ্লাই অ’ভাৰ প্ৰকল্পৰ মুঠ ব্যয় ১১২ কোটি টকা। ৮৪ কোটিত নিৰ্মাণ হ’বলগীয়া ফ্লাই অ’ভাৰ নিৰ্মাণ হ’ল ১১২ কোটি টকাত। অৰ্থাৎ ডাউন টাউন ফ্লাই অ’ভাৰৰ নিৰ্মাণ ব্যয় বৃদ্ধি পালে ৩৮ কোটি টকা। ৯ মাহতে ৩৮ কোটি টকা নিৰ্মাণ ব্যয় বৃদ্ধি পালে ডাউন টাউন ফ্লাই অ’ভাৰত।

ঠিকাদাৰৰ কথাই এতিয়া লোকনিৰ্মাণত শেষ সিদ্ধান্ত

এই ঘটনাক লোকনিৰ্মাণ বিভাগৰেই বহুতেই অস্বাভাৱিক আখ্যা দিছে৷ বিভাগটোৰ সূত্ৰৰ মতে নিৰ্ধাৰিত সময়তকৈ বিলম্ব হ’লেহে নিৰ্মাণব্যয় বৃদ্ধি হয়৷ কিন্তু ঠিকাদাৰ অনিল দাসৰ প্ৰতিষ্ঠানে ৯ মাহত সম্পূৰ্ণ কৰা ফ্লাই অ’ভাৰৰ নিৰ্মাণ ব্যয় একেকোবে ৩৮ কোটি টকা বৃদ্ধি পোৱাটো মুঠেই স্বাভাৱিক ঘটনা নহয়৷ এই সকলোবোৰ বিষয় লোকনিৰ্মাণ বিভাগৰ ভিতৰচ’ৰাত সঘনে আলোচিত হ’লেও মুখ খুলিবলৈ সকলোৰে ভয়৷ কাৰণ ঠিকাদাৰ অনিল দাস, অনুপম শৰ্মা, অশোক সিংহী, ভূপিন্দৰ পাল সিঙ আদিৰ দৰেই ঠিকাদাৰৰ কথাই এতিয়া লোকনিৰ্মাণত শেষ সিদ্ধান্ত৷ তেওঁলোকৰ বিলক লৈ প্ৰশ্ন কৰা মানেই বিপদ অনিবাৰ্য৷ সেইবাবেই ধৃতৰাষ্ট্ৰৰ ভাও ধৰি যাবলৈ বাধ্য লোকনিৰ্মাণ বিভাগৰ নিষ্ঠাবান বিষয়া কৰ্মচাৰীসকল৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.