Toll Tax at Toll Gates: অসমৰ ৯ খন টোলগেটৰ পৰা সংগ্ৰহ ১,৯৯৭ কোটি

এফালে পথৰ দুৰৱস্থা , আনফালে Toll Gates ত জনতাক টোল কৰেৰে মাধমাৰ। তেনেকৈয়ে মাধমাৰ শোধাইছে সাধাৰণ জনতাক। অস্বাভাৱিক হাৰত অসমত বৃদ্ধি হৈছে টোল কৰ সংগ্ৰহ। মুঠতে কেৱল কৰ আৰু কৰৰ বোজাত ভাৰাক্ৰান্ত হৈ পৰিছে সাধাৰণ জনতা ৷ জি এছ টিৰ পৰা পেট্ৰ’লজাত কৰলৈ – নিত্য ব্যৱহাৰ্য সামগ্ৰীত কৰ আদদয় দি জুৰুলা হৈ পৰা জনতাৰ বাবে মাধমাৰ হৈ পৰিছে টোলকৰৰ মাচুল ৷ অসমত ৰাষ্ট্ৰীয় ঘাইপথৰ শোচনীয় অৱস্থাৰ বিপৰীতে ইখনৰ পাছত সিখন নতুন টোলকৰ স্থাপনৰ প্ৰতিযোগিতাত নামি পৰিছে অসম চৰকাৰ ৷ তাৰ মাজতে অসমৰ ৯ খন টোল প্লাজাৰ পৰা সংগ্ৰহ মুঠ ১৯৯৭ কোটি টকা।

Toll Gates সমূহত কিমান টোলকৰ সংগ্ৰহ হৈছে?

ৰাজ্যসভাত কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰালয়ে দাখিল কৰা তথ্য অনুসৰি , অসমত টোল প্লাজা আৰম্ভ কৰাৰ সময়ৰে পৰা এতিয়ালৈকে সংগ্ৰহ কৰা হৈছে মুঠ ১৯৯৯ কোটি ৯৫ লাখ টকা ৷ তথ্য অনুসৰি –পাটগাঁও টোল প্লাজাৰ পৰা ২০৯.৭১ কোটি, দাহালপাৰা টোল প্লাজাৰ পৰা ২৫৬.৯৩ কোটি, গলিয়া-বজালী টোল প্লাজাৰ পৰা ১৫৪.১৯ কোটি, মদনপুৰ টোল প্লাজাৰ পৰা ৫৩৮.১৬ কোটি, নাজিৰাখাট টোল প্লাজাৰ পৰা ৪১১.২৮ কোটি, ৰহা টোল প্লাজাৰ পৰা ২৬৬.৯৮ কোটি, মিকিৰাটি হাওগাঁও টোল প্লাজাৰ পৰা ১৩২.৪৯ কোটি, মন্দেৰদিশা টোল প্লাজাৰ পৰা ২১.৬৭ কোটি, বালাচেৰা টোল প্লাজাৰ পৰা ৬.৫৪ কোটি টকা সংগ্ৰহ কৰা হৈছে ৷

ইয়াৰ মাজত অসমৰ টোলপ্লাজাত অস্ভাৱিক হাৰত টোপলকৰ সংগ্ৰহৰ হাৰ বৃদ্ধি পোৱাৰ তথ্যও পোহৰলৈ আহিছে ৷ যাৰ বাবে চেন্ট্ৰেল ভিজিলেন্স কমিছনৰ দাৰস্থ হৈছে Centre for Efficient Governanceৰ কাৰ্যবাহী সঞ্চালক ৰাকেশ হাজৰিকা৷ এক বিবৃতিত ৰাকেশ হাজৰিকাই উল্লেখ কৰা অনুসৰি- গালিয়া টোলগেটত দেখা গৈছে টোলকৰৰ অস্বাভাৱিক বৃদ্ধি। সেই অনুসৰি,  ২০২৩ৰ প্ৰথম দুশ দিনত গালিয়া টোলগেটত সংগ্ৰহ ১১ কোটি ৭২ লাখ টকা, অৰ্থাৎ  ২০২৩ ৰ প্ৰথম দুশ দিনত প্ৰতিদিনে গালিয়াত সংগ্ৰহ ৫.৮৬ লাখ টকা। ইয়াৰ বিপৰীতে  ২০২৩ ৰ পাছৰ ১৬৫ দিনত গালিয়া টোলগেটত সংগ্ৰহ ২৪.০১ কোটি টকা অৰ্থাৎ ২০২৩ ৰ পাছৰ ১৬৫ দিনত প্ৰতিদিনে সংগ্ৰহ ১৪.৫৫ লাখ টকা। অভিযোগকাৰীৰ মতে হঠাৎ গালিয়া টোলগেটত টোলকৰ সংগ্ৰহ বৃদ্ধি পালে ১৪৮ শতাংশ। কিন্তু এই বৃদ্ধিৰ বিপৰীতে কোনো সন্তোষজনক কাৰণ দেখুৱাব পৰা নাই গালিয়া টোলগেট কৰ্তৃপক্ষই ৷ গালিয়া কেৱল এটা উদাহৰণ মাত্ৰ ৷ এইদৰেই বিগত সময়ছোৱাত অসমৰ টোলগেটসমূহত অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে টোলকৰৰ সংগ্ৰহ ৷ অসমৰ ৯ খন টোলগেটৰ পৰা সংগ্ৰহ কৰা হৈছে মুঠ ১৯৯৭ কোটি টকা ৷ এই সমগ্ৰ ঘটনাৰ তদন্ত বিচাৰি ইতিমধ্যে চেন্ট্ৰেল ভিজিলেন্স কমিছনত দাখিল কৰা হৈছে অভিযোগ ৷

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296