এটা ব্যৰ্থ ব্যৱস্থা, এখন নিৰুদ্দিষ্ট চৰকাৰ আৰু এটা মাফিয়া চক্ৰ | শিৱসাগৰৰ প্ৰলয়ক কেৱল পৰিসংখ্যাৰে নুজুখিব

Share This Article

১৯ জুলাই, দেওবাৰৰ দুপৰীয়ালৈ শান্ত, সমৃদ্ধ অথচ তৰুণ আৰু চঞ্চল হৈ থকা শিৱসাগৰ, চৰাইদেউৰ গাঁৱবোৰ নিশাটোৰ ভিতৰতে তচনচ হৈ গ’ল৷ যেন কোনো শত্ৰু ৰাষ্ট্ৰৰ আকস্মিক আক্ৰমণত বিধ্বস্ত হৈ পৰিল উজনিৰ এই বৃহত্তৰ অঞ্চলটো৷ এই মহাপ্ৰলয়ত চকুৰ আগত পানীত মিহলি হৈ গ’ল দুটাকৈ প্ৰজন্মই গঢ়ি তোলা সকলো প্ৰাচুৰ্য৷ উটি গ’ল গৰালৰ কুকুৰা, গোহালিৰ গৰু৷ ভৰাল ডুবি গ’ল দিখৌ, জাঁজীৰ বাঢ়নী পানীত৷ ৮০ জনকৈ মানুহ মৃত্যুমুখত পৰিল৷ আৰু বা কিমানজনে মৃত্যুৰ ক্ষণ গণিছে! কিয় এনে হ’বলৈ পালে? প্ৰতিকাৰ নাছিল নেকি? ভুল কাৰ আছিল? সাতটাকৈ দিন বানবিধ্বস্ত অঞ্চলত ঘূৰি তেনে বহু প্ৰশ্নৰ উত্তৰ বিচাৰিলো৷ 

এটা ব্যৰ্থ ব্যৱস্থা

১৯ জুলাই, দেওবাৰে দিনৰ ভাগতেই দিখৌৰ পানী সোমাইছিল নিকটৱৰ্তী গাঁৱসমূহত৷ নেপালীখুঁটিৰ গোপাল শৰ্মা নামৰ ব্যক্তিগৰাকীয়ে সেই ভয়াৱহ দিনটোৰ কথা সুঁৱৰি এইদৰে কয়,

’পুৱা ৮.৩০ – ৯  মান বজাতেই দিখৌৰ পাৰেৰে পানী বাগৰিবলৈ আৰম্ভ কৰিছিল৷ পানী বঢ়া দেখি আমি ঘৰৰ বস্তু বাহানি সামৰিবলৈ ল’লো৷ চাই থাকোতেই ১১.৩০ বজাত এটা প্ৰচণ্ড ঢৌ আহি খুন্দা মাৰিলে৷ আমি মানে বোৱাৰী, মই আৰু নাতি টিনৰ ওপৰত উঠিলো৷ দেখিলো ডাঙৰ ডাঙৰ কাঠ উটি আহিছে৷ আমাকো ঘৰৰ সৈতে উটুৱাই লৈ গ’ল৷ আন এটা ঘৰত আামি লাগি ধৰিলো৷ নিশা ১.৩০ মান বজালৈ আমি সেই ঘৰটোৰ ওপৰতে বহি থাকিলো৷ ২ মান বজাত পানী অকমান কমিল৷ তাৰ পাছত আন এখন নাও আহি আমাক ৰাস্তাৰ কাষৰ উৎপল বৰুৱাৰ ঘৰৰ ছাদলৈ লৈ গ’ল৷’

বানে উটুৱাই নিয়া ঘৰখনৰ ভেঁটিত ঠিয় হৈ গোপাল শৰ্মা

স্থানীয় আন এজন যুৱকে ক’লে,

‘দুপৰীয়া ১ মান বজাত সমগ্ৰ অঞ্চলটো পানীয়ে বুৰাই পেলালে৷ আমি এটা ঘৰৰ ছাদত উঠিলো৷ তাৰ পৰাই দেখিলো ঘৰৰ সৈতে মানুহ উটি গৈ থকা৷ বাৰম্বাৰ সহায় বিচাৰি প্ৰশাসনলৈ ফোন কৰি থাকিলো৷ তেওঁলোকে নাও গৈ আছে বুলি জনাই থাকিল৷ কিন্তু সন্ধিয়ালৈ ফোনেই নধৰা হ’ল৷ কোনো নাহিল সহায় কৰিবলৈ৷ নিশাৰ ভাগত স্থানীয় লোক এজনে আমাক উদ্ধাৰ কৰি উলিয়াই নিলে৷’ 

দিখৌৰ নিকটৱৰ্তী অঞ্চলৰ স্থানীয় লোকৰ ভাষ্যৰ পৰা প্ৰমাণ হৈ পৰে যে পুৱাৰ পৰাই সেই অঞ্চলসমূহত দিখৌৰ বাঢ়নী পানী সোমাইছিল৷ দুপৰীয়ালৈ পানীয়ে প্ৰলয়ৰ ৰূপ লৈছিল৷ এই বিষয়ে জিলা প্ৰশাসনক সময়মতে অৱগতও কৰোৱা হৈছিল৷ জিলা প্ৰশাসনে দিয়া নাছিল কোনো সঁহাৰি৷ আনকি কোনো সতৰ্কতা বাৰ্তাও জাৰি কৰা নাছিল৷ প্ৰশাসনৰ এই হেমাহি আছিল অক্ষমণীয়৷ যাৰ বাবে জিলাখনৰ আন অঞ্চলৰ ৰাইজ সাজু হ’বলৈ কোনো সময় আৰু সুযোগেই  নাপালে৷ ফলত নিশাৰ ভাগলৈ হাজাৰ হাজাৰ পৰিয়াল সৰ্বস্বান্ত হৈ পৰিল৷ এটা ব্যৰ্থ প্ৰশাসন ব্যৱস্থাৰ গাফিলতিৰ বাবেই এটা নিশাৰ ভিতৰত শিৱসাগৰ, চৰাইদেউৰ লাখ লাখ লোকৰ জীৱনলৈ নামি আহিল অমানিশা৷

এখন নিৰুদ্দিষ্ট চৰকাৰ

১৯ জুলাই, দেওবাৰৰ নিশালৈ জলমগ্ন হৈ পৰিছিল সমগ্ৰ অবিভক্ত শিৱসাগৰ জিলা৷ কিন্তু ৪৮ ঘণ্টালৈ নিৰুদ্দিষ্ট আছিল চৰকাৰ৷ ভুক্তভোগীৰ ভাষ্যই এই কথাৰ প্ৰমাণ দিয়ে৷

বানৰ সোঁতে উটুৱাই নিছিল ৰজাপুল দুৱৰা গাঁৱৰ নিৰুপমা দুৱৰা আৰু  নিশাৰাণী দুৱৰাক৷ বৰমাক আৰু ভনীয়েকক হেৰুৱাই পেলোৱা নৱজ্যোতি দুৱৰাই কয়,

‘আমাৰ ফোন এবাৰ এছ ডি আৰ এফে ৰিছিভ কৰিলে৷ লাইভ লোকেশ্যন দিবলৈ ক’লে৷ আমি দহ-পোন্ধৰ মিনিটৰ মূৰে মূৰে লোকেশ্যন দি থাকিলো৷ কিন্তু তাৰ পাছত এছ ডি আৰ এফ আৰু এন ডি আৰ এফ কোনেও ৰিছিভ নকৰিলে৷ সোমবাৰেও কোনো নাহিল৷ মঙলবাৰে পানী অলপ কমাৰ পাছত নিজে নাও লৈ ভণ্টী আৰু বৰমাক বিচাৰি যাও৷ ওচৰতে বৰমাক মৃত অৱস্থাত দেখা পাও৷ অলপ দূৰত উদ্ধাৰ হয় ভণ্টীৰ মৃতদেহ৷’

দুটা দিন তেওঁলোকে আশ্ৰয় লৈ আছিল ওচৰৰ এঘৰৰ ছাদত৷ পানী এটোপালো মহাৰ্ঘ্য হৈ পৰিছিল সেই সময়ত৷ প্ৰথমদিনা বৰষুণৰ পানী সেৱন কৰি নিশাটো অতিবাহিত কৰে৷ কিন্তু পাছদিনা বৰষুণ নাছিল৷ পিয়াহত আঁতুৰ হৈ ৰজাপুল দুৱৰা গাঁৱৰ বন্যাক্ৰান্তই ঘোলাপানীকেই সেৱন কৰিবলগীয়া হয়৷ নৱজ্যোতি দুৱৰাই জনোৱা মতে, তেওঁলোকৰ সৈতে এতি এবছৰীয়া শিশুও ছাদত আশ্ৰয় লৈ আছিল৷ কেঁচুৱাটোৱে পিয়াহত কান্দিবলৈ ধৰে৷ উপায়হীন হৈ তাকো বানৰ পানীকেই খুৱাবলগীয়া হয়৷

ভনীয়েক আৰু বৰমাকক সোঁতে উটুৱাই নিয়া ঠাইটুকুৰা দেখুৱাইছিল নৱদ্বীপ দুৱৰাই

ভুক্তভোগীৰ এই ভাষ্যই স্পষ্ট কৰি দিয়ে যে বানত উটি যোৱা মানুহক উদ্ধাৰ কৰা বাদেই এটোপাল পানী যোগান ধৰিবলৈও অক্ষম আছিল চৰকাৰ – প্ৰশাসন৷ স্থানীয় বিধায়কো এসপ্তাহলৈ এই ভুক্তভোগী পৰিয়ালটোৰ ঘৰলৈ যোৱা  নাছিল৷ শিৱসাগৰৰ আন আন অঞ্চলৰ বানাক্ৰান্ত ৰাইজেও একেই কথাকেই কয়৷ মহাপ্ৰলয়ৰ সময়ত ৪৮ ঘণ্টা পৰ্যন্ত এখন চৰকাৰ ভুক্তভোগীৰ ওচৰত উপস্থিত নোহোৱাটোৱে দুৰ্যোগৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত চৰকাৰখনৰ অক্ষমতাক উদঙাই দিয়ে৷

কেৱল ৰাজ্য চৰকাৰেই নহয়, আজি পৰ্যন্ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অসমত উপস্থিত নোহোৱাটোৱে কেন্দ্ৰৰ অৱজ্ঞাও স্পষ্টকৈ প্ৰতিফলিত কৰিছে৷ 

এটা মাফিয়া চক্ৰ

নাজিৰাৰ বানপীড়িত অঞ্চলৰ ৰাইজে অকপটে এটা কথা উল্লেখ কৰে যে দিখৌৰ সীমান্তৱৰ্তী অঞ্চলত দীৰ্ঘদিনৰ পৰাই চলি আছিল অবাধ শিল আৰু বালি খনন৷ যাৰ বাবে বানৰ সৈতে অহা পলসে সমগ্ৰ অঞ্চলটোত আন এক অভাৱনীয় দুৰ্যোগৰ সূচনা কৰিছে৷ বানৰ পোন্ধৰ দিন পাছতো ঘৰৰ পৰা পলস আঁতৰাবলৈ সক্ষম হোৱা নাই অনেক পৰিয়াল৷ যাৰ বাবে তেওঁলোকে আজিও শিবিৰত নতুবা আন আত্মীয়ৰ ঘৰত নিশা কটাবলগীয়া হৈছে৷ দিখৌৰ এই প্ৰলয়ংকৰী বানৰ বাবে তেওঁলোকে শিল আৰু বালি খনন কৰা এই চক্ৰটোক পোনপটীয়াকৈ যোগাযোগ কৰে৷ 

স্থানীয় সাংবাদিক নিপন বৰগোহাঞিয়ে ২০২২ চনৰ পৰা বিহুবৰ অঞ্চলত চলি থকা বালি, শিল খননৰ এটা ভিডিও শ্বেয়াৰ কৰি কয়,

‘বিহুবৰ আৰু তাৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত দীৰ্ঘদিন ধৰি এটা মাফিয়া চক্ৰই অবাধ গতিত শিল আৰু বালি খনন চলাই আছে৷ তেতিয়াৰ পৰাই আমি এই  বিষয়ত প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে ৰাইজক সজাগ কৰিবলৈ চেষ্টা কৰি আহিছো৷ তেতিয়া বহুতেই উপলুঙাও কৰিছিল৷ কিন্তু আজি তাৰ ফল সমগ্ৰ শিৱসাগৰবাসীয়ে ভুগিবলগীয়া হৈছে৷’

স্থানীয় সাংবাদিক নিপন বৰগোহাঁইৰ ফেছবুক পোষ্ট

নাজিৰা অঞ্চলৰ স্থানীয় ৰাইজ আৰু সাংবাদিকৰ ভাষ্যই কয় যে উজনিৰ এই মহাপ্ৰলয়ৰ আঁৰত শিল আৰু বালি মাফিয়া চক্ৰৰ আটাইতকৈ ডাঙৰ ভূমিকা আছে৷ সমানেই ভূমিকা আছে নাগালেণ্ডৰ পাহাৰত দীৰ্ঘদিনৰ পৰা চলি থকা কয়লা খননৰো৷ এই মাফিয়া চক্ৰটোৱে ৰাজনীতিক, প্ৰশাসন আৰু চৰকাৰৰ প্ৰশ্ৰয় অবিহনে নিশ্চয় বছৰ বছৰ ধৰি এনেদৰে এটা পৰিৱেশতন্ত্ৰ ধ্বংস কৰি যাব নোৱাৰে৷ মাফিয়া আৰু চৰকাৰী বিষয়াৰ ন্যস্ত স্বাৰ্থই কেনেকৈ এখন জিলাক ধ্বংসৰ গৰাহলৈ ঠেলি দিব পাৰে, শিৱসাগৰৰ প্ৰলয় তাৰেই উদাহৰণ হৈ ৰ’ব৷ 

মুখ্যমন্ত্ৰীয়ে বিয়পোৱা বিভ্ৰান্তি

শিৱসাগৰৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰিবলৈ গৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়,

’এয়া আমাৰ শিল নহয়৷ নাগালেণ্ডৰ খনন অসম চৰকাৰে বন্ধ কৰিব নোৱাৰে৷ আমি বিহুবৰত থকা ক্ৰাছাৰ কেইটাহে বন্ধ কৰি দিব পাৰো৷ অসমৰ ভিতৰত কোনো অবৈধ খনন নহয়৷’

মুখ্যমন্ত্ৰীৰ এই ভাষ্য অসত্য আৰু বিভ্ৰান্তিকৰ৷ জলসম্পদ বিভাগৰ বিষয়াৰ এখন পত্ৰ আৰু চেটেলাইট ইমেজে এয়া প্ৰমাণ কৰে৷

দিখৌৰ দাঁতিৰ চলি থকা অবৈধ খনন সন্দৰ্ভত নাজিৰাৰ প্ৰাক্তন বিধায়ক দেবব্ৰত শইকীয়াই জলসম্পদ বিভাগৰ ওচৰত অভিযোগ দাখিল কৰিছিল৷ এই অভিযোগৰ উত্তৰত ২০২২ চনৰ ১২ জানুৱাৰীত নাজিৰা সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তাই শইকীয়ালৈ প্ৰেৰণ কৰিছিল এখন পত্ৰ৷ য’ত স্পষ্টকৈ উল্লেখ কৰিছিল যে বিধায়কৰ নিৰ্দেশমৰ্মে তেওঁ দিখৌৰ দাঁতিকাষৰীয়া বামুনপুখুৰী চাহ বাগিচাৰ ওচৰৰ স্থানসমূহ পৰ্যবেক্ষণ কৰিছিল৷ এই পৰ্যবেক্ষণত সেই স্থানত মুকলিকৈ বালি আৰু শিলৰ খনন চলি আছে৷ খনন চলি থকা স্থানৰ দ্ৰাঘিমাংশ আৰু অক্ষাংশ হ’ল 26050/49// N  আৰু 94047/36//৷ যদি একেদৰেই খনন চলি থাকে তেনেহ’লে অদূৰ ভৱিষ্যতে  দিখৌ নদীৰ প্ৰণালী সলনি হৈ যাব৷ ফলত ওচৰ পাজৰৰ লোকৰ জীৱন আৰু সম্পত্তিৰ বিস্তৰ ক্ষতি হ’ব৷ 

নাজিৰা সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তাই দেবব্ৰত শইকীয়ালৈ প্ৰেৰণ কৰা পত্ৰখন

চেটেলাইট ইমেজত দেখা যায় যে দিখৌৰ দাঁতিত দ্ৰাঘিমাংশ  26050/49// N  আৰু অক্ষাংশ 94047/36// ত খনন চলাই সমগ্ৰ অঞ্চলটো  উন্মুক্ত কৰি দিয়া হৈছে৷ যিটো নাগালেণ্ড সীমান্তৰ পৰা প্ৰায় ২.৫ কিলোমিটাৰ ভিতৰত অসমত আছে৷ গুগ’ল আৰ্থৰ জৰিয়তে সকলো লোকেই সহজতে অসমত দিখৌৰ দাঁতিত চলি থকা এই খনন চিনাক্ত কৰিব পাৰিব৷ গতিকে মুখ্যমন্ত্ৰীৰ বক্তব্য যে মিছা সেয়া ছবিয়েই প্ৰমাণ কৰে৷ 

দিখৌৰ দাঁতিত দ্ৰাঘিমাংশ  26050/49// N  আৰু অক্ষাংশ 94047/36// ত খনন চলাই সমগ্ৰ অঞ্চলটো  উন্মুক্ত কৰি দিয়া হৈছে

পৰিসংখ্যাৰে জুখিব নোৱাৰা প্ৰলয়

কেৱল পৰিসংখ্যাৰে এই বিভীষিকাক জুখিব নোৱাৰি৷ অসম চৰকাৰৰ দুৰ্যোগ প্ৰশমন বিভাগৰ ৩ আগষ্টৰ তথ্য অনুসৰি, চৰাইদেউ জিলাৰ ৩৪ হাজাৰ আৰু শিৱসাগৰ জিলাৰ ৫৫ হাজাৰ লোক এতিয়াও বানত আক্ৰান্ত হৈ আছে৷ চৰাইদেউৰ ৭১০০ হেক্টৰ আৰু শিৱসাগৰৰ ৩৫৪৬ হেক্টৰ কৃষিভূমি পানীৰ তলত৷ শিৱসাগৰত সোমবাৰৰ দিনটোত নতুনকৈ ২ জন লোক মৃত্যুমুখত পৰিছে৷ ইয়াৰ বাহিৰেও অনেক পৰিসংখ্যা আছে ক্ষয়–ক্ষতিৰ৷ কিমান কেঁচা ঘৰ ভাঙিল, কিমান পকী ঘৰ ক্ষতিগ্ৰস্থ হ’ল ইত্যাদি ইত্যাদি৷ চৰকাৰে কিমান সাহায্য বিতৰণ কৰিলে, কিমানৰ একাউণ্টত ধন সোমাল, তাৰো পৰিসংখ্যা আছে৷ কিন্তু যি বান শিৱসাগৰে দেখিছে, সেয়া কেৱল শুকান পৰিসংখ্যাৰে জুখিব নোৱাৰি৷কেৱল পৰিসংখ্যাৰে শিৱসাগৰৰ বানপানীক জুখিবলৈ যোৱাটো হ’ব চৰম নিষ্ঠুৰতা৷ 

দুটাকৈ প্ৰজন্মই আটোম টোকাৰিকৈ গঢ়ি তোলা একোখন ঘৰ, এপদ এপদকৈ গোটোৱা মৰমৰ সকলো সম্পদ এই বানে উটুৱাই নিছে৷ এই ক্ষতি কেৱল আচবাব, কাপোৰ-কানি, গাড়ী–মটৰ বা বাচন-বৰ্তনৰ নহয়৷ শিৱসাগৰৰ মানুহে হেৰুৱাই পেলাইছে তেওঁলোকৰ সকলো আৱেগিক সম্পদো৷

বানপানীত নষ্ট হোৱা এটা ফ্ৰিজ আৰু তাৰ ওপৰত শুকাবলৈ দিছে এখন অসমীয়া অভিধান

কেৱল টকা-পইচা, সা-সম্পদৰে মানুহ জীয়াই নাথাকে৷ জীয়াই থাকে স্মৃতিৰ কলৰৱ আৰু ভৱিষ্যতৰ মধুৰ পৰিকল্পনাৰ মাজতো৷ কিন্তু শিৱসাগৰৰ ৰাইজৰ ওচৰত স্মৃতিত অৱগাহন কৰিবলৈ এতিয়া একোৱেই নাই৷ জন্মদিনত প্ৰিয় বন্ধুয়ে দিয়া উপহাৰটো, স্কুলত পুৰস্কাৰত পোৱা কিতাপখন, কলেজ উইকত পোৱা ট্ৰফীটো, আলমাৰিত সযতনে থোৱা এলবামটো, বিয়াই-সবাহে আত্মীয়ই দিয়া কাপোৰযোৰ, মাতিলেই ওচৰ চাপি অহা ছাগলীজনী, উমনিত থকা কুকুৰাজনী – এইবোৰ এতিয়া কাৰোৱে ঘৰত বিচাৰি পাবলৈ নাই৷ দীৰ্ঘদিনৰ পৰিকল্পনা আৰু হিচাপ–নিকাচৰ শেষত কিনা মৰমৰ বাহনখন অচল হৈ পৰি আছে পথৰ দাঁতিত৷ স্মৃতিক মোহাৰি নিয়া এই ক্ষতিৰ কোনো ক্ষতিপূৰণ নাই। আৰু ভৱিষ্যতৰ পৰিকল্পনা বুলিবলৈ আছেইবা কি? ভগ্নস্তুপৰ মাজত ৰৈ, উৱলি যোৱা ঘৰখনলৈ চাই সন্মুখত এটা বোকাময় – পংকিল পথৰ বাহিৰে আন একোৱেই দেখা নাই শিৱসাগৰৰ ৰাইজে৷ 

শিৱসাগৰৰ ৰাইজে যি হেৰুৱালে, তাক কেৱল পৰিসংখ্যাৰে নুজুখিব৷

Share This Article
Arup Kalita
Arup Kalita