অসমৰ বানঃ প্ৰতিশ্ৰুতি নহয়, বাস্তৱ সমাধান লাগে

Share This Article

মহাপ্ৰলয়ৰ ১৮ দিন পাছত প্ৰধানমন্ত্ৰীৰ দূত হৈ অসমলৈ আহিছে কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা৷ বানপীড়িত অঞ্চল ভ্ৰমণ কৰি মন্ত্ৰীগৰাকীয়ে সকলো প্ৰকাৰৰ সহায়ৰ আশ্বাস দিছে৷ এই আশ্বাস কোনো নতুন কথা নহয়৷ ইয়াৰ আগতেও চৰকাৰে বহুবাৰ আশ্বাস দিছে৷ আনকি প্ৰতিবাৰেই নিৰ্বাচনৰ এটা মূল প্ৰতিশ্ৰুতিয়েই হৈ আহিছে বানমুক্ত অসম৷ 

২০১৬ চনৰ নিৰ্বাচনৰ বিজেপিৰ ভিজন ডকুমেণ্টত অসমৰ বানক লৈ দিয়া মূল প্ৰতিশ্ৰুতিসমূহ আছিল–

  • শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰক্ষ্মপুত্ৰৰ তলি খনন কৰা হ’ব, নদীত গেদ জমা হোৱাৰ মূল কাৰণ চিনাক্ত কৰি গুৰিৰ পৰাই সমস্যা সমাধান কৰা হ’ব৷ 
  • ব্ৰক্ষ্মপুত্ৰ বোৰ্ডৰ পৰ্যালোচনা কৰা হ’ব৷ 
  • মনৰেগাৰ অধীনত নদীৰ পাৰত বাঁহ আৰু মেংগ্ৰোভৰ দৰে খহনীয়া প্ৰতিৰোধী গছ গছনি ৰোপণক বিস্তাৰিত কৰিবলৈ এক বিশেষ আঁচনি ৰূপায়ণ কৰা৷
  • বানপীড়িত অঞ্চলৰ বাসিন্দাসকলৰ জীৱিকা সুৰক্ষিত কৰা৷ 
  • বানপানী আৰু খহনীয়াৰ বলি হোৱা লোকসকলৰ বাবে ৰাজ্য চৰকাৰৰ দ্বাৰা বীমা আৰু পুনৰ সংস্থাপন আঁচনি প্ৰৱৰ্তন কৰা৷ 
  • ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগক উন্নীত আৰু আধুনিকীকৰণ কৰা।
  • কাৰ্যকৰী আৰু দীৰ্ঘম্যাদী, হ্ৰস্বম্যাদী সমাধানসূত্ৰ প্ৰস্তুত কৰিবলৈ নদী গৱেষণা প্ৰতিষ্ঠানক  পুনৰুজ্জীৱিত কৰা৷ 

২০২৫ চনৰ ভিতৰত বিজেপি চৰকাৰে এই প্ৰতিশ্ৰুতিসমূহ পালন কৰিব বুলি ভিজন ডকুমেন্টত ঘোষণা কৰিছিল৷ কিন্তু ইয়াৰে কোনো এটাই বাস্তৱত ৰূপায়ণ নহ’ল৷ না বান প্ৰতিৰোধ, না বীমা আঁচনি, না দুৰ্যোগ ব্যৱস্থাপনা বিভাগ উন্নীতকৰণ কৰা হ’ল৷ 

২০১৬ চনত অসমৰ বানপানীক লৈ বিজেপিৰ ভিজন ডকুমেণ্টৰ প্ৰতিশ্ৰুতি

২০২৬ ত আকৌ নিৰ্বাচন আহিল৷ এইবাৰো দিয়া হ’ল বানমুক্ত অসমৰ প্ৰতিশ্ৰুতি৷ সংকল্পপত্ৰত লিখা হ’ল এইদৰে –

অসমক বানমুক্ত কৰিবলৈ আমি ১৮,০০০ কোটিতকৈও অধিক টকাৰ বিনিয়োগেৰে বানমুক্ত অসম অভিযান মুকলি কৰিম৷ 

২০২৬ চনত পুনৰ বানমুক্ত অসমৰ প্ৰতিশ্ৰুতি বিজেপিৰ

বিগত ১০ বছৰত ৰূপায়ণ নোহোৱা ঘোষণাবোৰ কাৰ্যকৰী কৰিবলৈ আকৌ ৫ বছৰৰ সময় বিচাৰিলে বিজেপি চৰকাৰে৷ তাৰ পাছৰ পৰিস্থিতি আজি সকলোৰে চকুৰ আগত৷ যাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা অসমলৈ আহিছে আৰু আকৌ এবাৰ সহায়ৰ আশ্বাস দিছে৷ কিন্তু মূল কথাটো হ’ল – প্ৰতিশ্ৰুতি নহয়, অসমক লাগে এক বাস্তৱ সমাধান৷ 

দৃষ্টিভংগী সলনি কৰাৰ সময়ঃ নদীক অধিক ঠাই দিয়ক

নদী আৰু পাহাৰেৰে আবৃত অসমক বানমুক্ত কৰাৰ আশ্বাস আৰু প্ৰতিশ্ৰুতি তেনেই অমূলক৷ যিদৰে সাগৰৰ পাৰত থকা ৰাজ্যসমূহক সাগৰীয় ধুমুহাৰ পৰা বচোৱাৰ প্ৰতিশ্ৰুতি দিব নোৱাৰি, ঠিক তেনেদৰেই নদী জীপাল অসমকো বানৰ পৰা মুক্ত কৰিব নোৱাৰি৷ গতিকে অসমৰ বানপানী নোহোৱা কৰি দিয়াৰ ধাৰণা এৰিবৰ হ’ল৷ বানৰ প্ৰভাৱ আৰু ক্ষয় ক্ষতি কম কৰাৰ দৃষ্টিভংগীৰেহে এই সমস্যাৰ মোকাবিলা কৰিব লাগিব৷ 

লাহে লাহে স্পষ্ট হৈ পৰিছে যে অসমত দিখৌৰ বুকুত চলা অবাধ শিল, বালি খনন আৰু নাগালেণ্ডত নদীৰ গতিপথ বন্ধ কৰি চলি থকা কয়লা খননৰ বাবেই এই মহাপ্ৰলয়ৰ সূচনা হ’ল৷ সেইবাবেই বানৰ মোকাবিলা কৰিবলৈ হ’লে নদীৰ গতি প্ৰবাহ স্বাভাৱিক কৰি ৰাখিব লাগিব৷ জলপ্ৰলয়ৰ পৰা বাচি থকাৰ এইটোৱে হৈছে প্ৰথম চৰ্ত৷ এই দৃষ্টিভংগীৰেই বানৰ ক্ষয় ক্ষতিক নিয়ন্ত্ৰণলৈ অনা এখন দেশ হৈছে নেদাৰলেণ্ড৷ 

নেদাৰলেণ্ডৰ ২৬ শতাংশ অঞ্চলেই সাগৰপৃষ্ঠৰ পৰা তলত থাকে৷ ৫৯ শতাংশ অঞ্চল অত্যন্ত বানপ্ৰৱণআৰু তাতেই দেশখনৰ ৭০ শতাংশ জনসাধাৰণে বাস কৰে৷  এই অঞ্চলসমূহক বান্ধ আৰু মথাউৰিৰ জৰিয়তে সুৰক্ষিত কৰি ৰখাৰ চেষ্টা চলোৱা হৈছিল৷ কিন্তু ১৯৫৩ চনত প্ৰলয়ংকৰী বানত ৬৭ টাকৈ বান্ধ ভাঙি প্ৰায় ২ হাজাৰ লোকৰ মৃত্যু হয়৷ ১৯৯৩ আৰু ১৯৯৫ চনত নেদালেণ্ডত হোৱা প্ৰলয়ংকাৰী বানত দেশখনৰ ২ লক্ষাধিক লোক গৃহহীন হৈ পৰে৷ তাৰ লগে লগে দেশখনে বান নিয়ন্ত্ৰণৰ পূৰ্বৰ দৃষ্টিভংগীও সলনি কৰে৷ নেদাৰলেণ্ড চৰকাৰে অনুধাৱন কৰে যে পানীৰ সোঁতক বাধা দি, নদী খনন কৰি বানক বাধা দিয়াটো সম্ভৱ নহয়৷ তাৰ পূৰ্বে ১৯৯২ চনত নেদালেণ্ডৰ সদনত গৃহীত হৈছিল ৰাষ্ট্ৰীয় বান ব্যৱস্থাপনা নীতি৷ বানপানীৰ পৰা সুৰক্ষাক নাগৰিকৰ সাংবিধানিক অধিকাৰত পৰিণত কৰা হৈছিল৷ এই নীতিৰ অধীনতে অহা ১০ হাজাৰ বছৰলৈ নেদাৰলেণ্ডক বানৰ পৰা সুৰক্ষাৰ আঁচনি যুগুতাবলৈ আৰম্ভ কৰা হয়৷ যাক জনা যায় ‘ডেল্টা প্লেন’ বুলি৷ এই ডেল্টা প্লেনৰ শেহতীয়া অংশ আছিল ‘ৰুম ফৰ দ্য ৰিভাৰ’ প্ৰকল্প৷ 

২০০৭ চনত নেদাৰলেণ্ড চৰকাৰে আৰম্ভ কৰিলে বান নিয়ন্ত্ৰণৰ দীৰ্ঘম্যাদী আৰু ব্যয়বহুল প্ৰকল্প ‘ৰুম ফৰ দ্য ৰিভাৰ’ ৰূপায়ণৰ কাম৷ ২.৩ বিলিয়ন ডলাৰ ব্যয়সাপেক্ষে দহ বছৰৰ ভিতৰত এই প্ৰকল্প ৰূপায়ণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হয়৷ মুঠ ৩০ টা স্থানত এই প্ৰকল্পৰ কাম আৰম্ভ কৰা হয়৷ যাৰ মূল লক্ষ্য আছিল – প্ৰবাহমান নদীৰ পানী বৈ যাবলৈ অধিক ঠাই উলিয়াই দিয়া৷ লগতে পানী বোৱাই নিয়া সুঁতিসমূহ যাতে প্ৰাকৃতিক নদীৰ দৰে হৈ থাকে আৰু কৃত্ৰিম নলাত পৰিণত নহয়, তাৰ ওপৰত বিশেষ মনোযোগ দিয়া হৈছিল৷ ২০২১ চনৰ বাৰিষাৰ পূৰ্বে ‘ৰুম ফৰ দ্য ৰিভাৰ’ প্ৰকল্পৰ প্ৰথমখন আঁচনি ‘মাছপাৰ্ক অ’ইজেন ৱানছুম’ সম্পূৰ্ণ হৈ উঠে৷ এই আঁচনিখনৰ জৰিয়তে মাছ নদীৰ বন্ধ হৈ থকা সকলো সুঁতি জীয়াই তোলা হয়৷ পানীৰ গতি স্বাভাৱিক কৰিবলৈ বহু মথাউৰি ভাঙি দিয়া হয়৷ নদীৰ গতিক বাধা দিয়া নিৰ্মাণসমূহ আঁতৰাই পেলোৱা হয়৷ প্ৰায় ১৩০০ একৰ সমতল ভূমিলৈ পাছ নদীৰ পানী বোৱাই নিয়াৰ প্ৰকল্প সম্পূৰ্ণ হৈ উঠাৰ লগে লগে মাছ নদীৰ জলপৃষ্ঠ ১৩ ইঞ্চি নামি যায়৷ যিকোনো ক্ষয় ক্ষতি ৰোধ কৰিবলৈ এয়া পৰ্যাপ্ত আছিল৷ ২০২১ চনৰ জুলাই মাহত নেডাৰলেণ্ড চৰকাৰে ৰূপায়ণ কৰা ‘ৰুম ফৰ দ্য ৰিভাৰ’ প্ৰকল্পৰ প্ৰথমখন আঁচনি সম্পূৰ্ণ হয়৷ লক্ষণীয়ভাৱে সেই বছৰত দেশখনত বানপানীত এজনো লোকৰ মৃত্যু নহ’ল৷

এই সফলতাৰ পাছতেই বিশ্বজুৰি ‘ৰুম ফৰ দ্য ৰিভাৰ’ প্ৰকল্পক লৈ চৰ্চা আৰম্ভ হয়৷ ইয়াৰ পাছতেই প্ৰকল্পটোৰ লগত জড়িত অভিযন্তা ভান ডেৰ ব্ৰ’ইকে নিউয়ৰ্ক টাইমছক কয় –‘আমি দীঘলীয়া সময় ধৰি প্ৰকৃতিৰ বিৰুদ্ধে যুঁজিলো৷ কিন্তু প্ৰতিবাৰেই নদীসমূহে আমাক শিকাই গৈছে যে নদীক বৈ যাবলৈ অধিক ঠাইৰ প্ৰয়োজন৷ আমি তাৰ বিৰুদ্ধে যুঁজিব নোৱাৰো৷ প্ৰকৃতিৰ সৈতে সহাৱস্থান কৰিবই লাগিব৷’ 

নেডাৰলেণ্ডৰ মথাউৰিবিহীন নদী

‘ৰুম ফৰ দ্য ৰিভাৰ’ৰ প্ৰথমখন আঁচনি সম্পূৰ্ণ হোৱাৰ পাছত দেখা গৈছে যে বানৰ ক্ষয় ক্ষতি শূণ্যৰ পৰ্যায়লৈ যোৱাই নহয়, মাছ নদীয়ে স্বাভাৱিক জীৱন লাভ কৰিছে৷ প্ৰকৃতিও নতুনকৈ জীয়াই উঠিছে৷ পানী হৈ যোৱা অঞ্চলসমূহত নতুন জৈৱ বৈচিত্ৰ গঢ়ি উঠিছে৷ অনেক পৰিভ্ৰমী চৰাইৰ আগমন ঘটিছে৷ প্ৰথম পৰ্যায়ৰ সফলতাৰ পাছত ২০২৫ৰ পৰা নেদাৰলেণ্ড চৰকাৰে গ্ৰহণ কৰিছে ‘ৰুম ফৰ দ্য ৰিভাৰ ২.০’ৰ ৰূপায়ণৰ কাম৷ 

নেদাৰলেণ্ড চৰকাৰৰ সফল প্ৰকল্পই সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে৷ ইয়াৰ পৰাই শিক্ষা ল’ব পাৰি যে পানীৰ গতিক বাধা দি বান নিয়ন্ত্ৰণ সম্ভৱ নহয়৷ নদীক বৈ যাবলৈ অধিক ঠাই উলিয়াই দিয়াৰহে প্ৰয়োজন৷ গতিকে অসমক বানমুক্ত কৰিবলৈ হ’লেও প্ৰথমতে বানক লৈ দৃষ্টিভংগী সলনি কৰিব লাগিব৷ অন্যথা প্ৰচলিত বান নিয়ন্ত্ৰণ আঁচনিসমূহে কেৱল জলসম্পদ বিভাগৰ ঠিকাদাৰকহে উপকৃত কৰি যাব৷ জনসাধাৰণক নহয়৷

পুনৰ বিবেচনা জৰুৰীঃ মথাউৰি – ৰেলপথ – ঘাইপথৰো সমীক্ষা হওক

বিগত ১৯ জুলাইত শিৱসাগৰক বুৰাই পেলায় দিখৌ আৰু জাঁজীৰ পানীয়ে৷ বানপানী আহে আৰু যায়৷ কিন্তু শিৱসাগৰৰ বহু অঞ্চল আজি ১৮ দিন পাছতো জলমগ্ন হৈ আছে৷ শিৱসাগৰ নগৰৰ পৰা পানী ওলাই যাব পৰা নাই৷ শেহতীয়া বানৰ আটাইতকৈ উদ্বেগজনক দিশ এইটো৷ বহু অঞ্চলৰ বানপীড়িত ৰাইজে একেমুখে অভিযোগ কৰিছে যে অপৰিকল্পিত ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ বাবে এই অৱস্থাৰ সৃষ্টি হৈছে৷ পৰ্যাপ্ত পুল, কালভাৰ্ট নথকাৰ বাবে পানী আৱদ্ধ হৈ অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ বহু ভিতৰুৱা ঠাইতো আন পথৰ বাবে একেই সমস্যাৰ সৃষ্টি হৈছে৷

আচলতে এই বিতৰ্ক আৰু অভিযোগ নতুন নহয়৷ বিংশ শতিকাৰ আৰম্ভণিৰ পৰাই মথাউৰি, ৰেলপথ, ঘাইপথক অসমৰ বানৰ অন্যতম কাৰণ বুলি চিহ্নিত কৰা হৈছে৷ অসমৰ বানপানী দেখি ১৯০২ চনত অসমৰ মুখ্য আয়ুক্ত জে বি ফুলাৰ সাজু হ’ল পূৰ্বৰ পৰা ব্ৰক্ষ্মপুত্ৰ আৰু শিৱসাগৰ জিলাৰ উপনৈত থকা ৬০ কিলোমিটাৰ মথাউৰি পুনৰ মেৰামতি কৰিবলৈ৷ মাটিৰ গৰাকী, আমোলা, অভিযন্তাক লৈ তেওঁ এখন সমিতি গঠন কৰিলে৷ এই সমিতিয়ে অনেক গঞাৰ মতামত গ্ৰহণ কৰিলে৷ গাঁৱৰ ৰাইজৰ মতামত আছিল সমিতিৰ ধাৰণাতকৈ পৃথক৷ তেওঁলোকৰ মতে আহোম যুগৰ বান্ধ সমূহৰ ফলত খেতিপথাৰসমূহে উৰ্বৰতা হেৰুৱাই পেলাইছে৷ কিন্তু সমিতিৰ সদস্যসকলে মথাউৰি নিৰ্মাণৰ পক্ষে মত দিলে৷ যাৰ বাবে ১৯০৩ চনত চৰকাৰে দিখৌ, দিহিঙৰ পুৰণি মথাউৰি পুনৰ নিৰ্মাণৰ লগতে নতুন মথাউৰি নিৰ্মাণত অনুমোদন জনালে৷ বৃটিছ প্ৰশাসনৰ উদ্দেশ্য আছিল দ মাটি সমূহ পুনৰ উদ্ধাৰ কৰা, যাতে মাটিৰ ৰাজহ বৃদ্ধি পায়৷ সেয়াই অসমৰ মথাউৰি নিৰ্মাণৰ প্ৰথম প্ৰশাসনিক উদ্যোগ৷ কিন্তু মথাউৰিয়ে উপকাৰ নে অপকাৰ অধিক কৰিব তাক লৈ অব্যাহত থাকিল বিতৰ্ক৷ আনকি বৃটিছ আমোলাসকলেই মথাউৰিক লৈ দুটা ভাগত বিভক্ত আছিল৷  মথাউৰিয়ে কৃষিভূমিৰ উৰ্বৰতা নোহোৱা কৰিব বুলি অনেকেই মতামত দিবলৈ আৰম্ভ কৰিছিল৷ 

বিতৰ্কৰ মাজতেই শিৱসাগৰ জিলাত মথাউৰি নিৰ্মাণৰ কাম সম্পূৰ্ণ হ’ল৷ কিন্তু জিলাখনত বানৰ বিভীষিকাৰ অন্ত নপৰিল৷ ১৯২৭ চনত পুনৰ বানৰ দুৰ্যোগৰ সন্মুখীন হ’ল শিৱসাগৰ জিলা৷ ইয়াকে দেখি শিৱসাগৰৰ চেটেলমেণ্ট বিষয়া চি কে ৰ’ডেছে ক’লে – মথাউৰিৰ সহায়ত অলপ ঠাইক সুৰক্ষিত কৰিবলৈ গৈ দীঘলীয়া সময়ৰ বাবে বিপদ মাতি অনা হ’ব৷ আটাইতকৈ ডাঙৰ কথাটো হ’ল – পানীয়ে নিজৰ বাট নিজে বিচাৰি ল’ব৷ যাৰ ফলত প্ৰতি বছৰে ক্ষয় ক্ষতিৰ পৰিমাণ  বাঢ়ি যাব৷   এই আশংকা সঁচা হ’বলৈ বেছি দিন নালাগিল৷ ১৯৩৪ চনত মধ্য অসম আকৌ বানৰ কবলত পৰিল৷ মথাউৰি ভঙাৰ ফলত বিস্তৰ ক্ষয় ক্ষতি হ’ল৷ বান পৰিস্থিতিৰ পৰ্যালোচনা কৰি গড়কপ্তানি বিভাগৰ অধীক্ষক অভিযন্তা  জি ৰেইদে স্পষ্টকৈ ক’লে – মথাউৰি নিৰ্মাণ বান সমস্যা সমাধানৰ পথ নহয়৷ 

একেদৰেই ৰে’ল আলিবোৰো অসমৰ বানৰ অন্যতম কাৰণ বুলি ১৯২৯ চনতেই মত দি গৈছে চৰকাৰী কমিটীয়ে৷ সেই বছৰ আকস্মিক বানত বিস্তৰ ক্ষতি হোৱাৰ পাছত অসম বিধানসভাই বিষয়টো অনুসন্ধানৰ বাবে এখন সমিতি গঠন কৰিলে৷ এই কমিটীয়ে মতামত দিলে যে নতুনকৈ নিৰ্মাণ কৰা ৰেলপথ আৰু ঘাইপথসমূহে অসমৰ বান সমস্যাক অধিক গুৰুতৰ কৰি তুলিছে৷ কাৰণ, এই পথসমূহত পানী ওলাই যাব পৰা পৰ্যাপ্ত পথ নাই৷ ৰে’লপথসমূহে পানীৰ স্বাভাৱিক গতিপথক সঁচাকৈয়ে অৱৰুদ্ধ কৰিছে৷ এই কৃত্ৰিম অৱৰোধে বহু সময়ত ব্যাপক ক্ষতিসাধন কৰিছে৷ আনকি ক্ষতিগ্ৰস্থ কৃষকসকলেও ৰে’ল আলিসমূহৰ মাজেৰে পানী ওলাই যাব পৰাকৈ পৰ্যাপ্ত নলা বনাই দিয়াৰ বাবে আবেদন কৰিছিল৷ ১৯৩০ চনত বান অনুসন্ধান কমিটিয়ে বিধানসভাত দাখিল কৰা প্ৰতিবেদনত এই কথা উল্লেখ আছে৷ 

বান প্ৰতিৰোধৰ বাবে নিৰ্মাণ কৰা মথাউৰি আৰু বিস্তৃত অঞ্চলৰ মাজেৰে পাৰ হৈ যোৱা ৰে’ল আলিসমূহ অসমৰ বানৰ অন্যতম কাৰণ বুলি বৃটিছ শাসনৰ পৰাই চিহ্নিত হৈ আহিছে৷ এইবাৰ শিৱসাগৰৰ বানে এই সমস্যাক অধিক গম্ভীৰ কৰাত ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ ভূমিকাকো চৰ্চালৈ আনিছে৷ এনে প্ৰেক্ষাপটতেই সমস্যাটোৰ সমাধান সন্দৰ্ভত পুনৰ বিবেচনাৰ প্ৰয়োজনীয়তা আহি পৰিছে৷ মথাউৰি, ৰেলপথ আৰু ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ সমীক্ষা জৰুৰী হৈ পৰিছে৷ 

সতৰ্কতাই সুৰক্ষাৰ পথঃ জবাবদিহিতা নিৰূপণ হ’ব লাগিব

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৫ আগষ্টৰ দিনা ফেচবুকযোগে এক সতৰ্কতা বাৰ্তা দিছে এইদৰে –‘লখিমপুৰৰ বনপুৰৈ জামুগুৰিত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি আৰু প্ৰবল সোঁতৰ ফলত প্ৰায় ১২০ মিটাৰ মথাউৰিৰ অংশত সৃষ্টি হোৱা চাপৰ প্ৰতি লক্ষ্য ৰাখি যুদ্ধকালীন তৎপৰতাৰে সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰা হৈছে।… ধলপুৰ-হাৱাজান আৰু কাষৰীয়া অঞ্চলৰ লগতে গহপুৰ সমষ্টিৰ কিছু অঞ্চলৰ ৰাইজক সতৰ্ক আৰু সজাগ হৈ থাকি জিলা প্ৰশাসনৰ শেহতীয়া নিৰ্দেশনা মানি চলিবলৈ আমি আহ্বান জনালোঁ।’ ঠিক এনে এটা বাৰ্তাই ১৯ জুলাইৰ দিনা শিৱসাগৰৰ হাজাৰ হাজাৰ পৰিয়ালক সৰ্বস্বান্ত হোৱাৰ পৰা ৰক্ষা কৰিলেহেঁতেন৷ সেইদিনা দিনৰ ভাগতে দিখৌৰ পানী বাগৰিবলৈ আৰম্ভ কৰিছিল৷ প্ৰশাসন অৱগত আছিল৷ কিন্তু নিশা পৰ্যন্ত উদ্ধাৰ অভিযান বাদেই সতৰ্কতা বাৰ্তাও জাৰি নকৰিলে৷ এই গাফিলতিৰ বাবে আজিও কোনো জবাবদিহি হোৱা নাই৷ 

আগতীয়া সতৰ্কতাই কিদৰে একোটা বিপৰ্যয়ক সুকলমে অতিক্ৰম কৰাব পাৰে, তাৰ নিদৰ্শন ২০১৯ চনত দাঙি ধৰিছিল ওড়িশা চৰকাৰে৷ সেইবাৰ ওড়িশাক চুই গৈছিল সাগৰীয় ধুমুহা ফেনীয়ে৷ ধুমুহাৰ আগমণৰ খবৰ পাই ৰাজ্য চৰকাৰে ততালিকে ব্যাপক হাৰত সতৰ্কতা জাৰি কৰিলে৷ ২.৬ মিলিয়ন টেক্সট মেছেজ প্ৰেৰণ কৰা হ’ল৷ ৪৩ হাজাৰ স্বেচ্ছাসেৱক সাজু কৰা হ’ল৷ ১ হাজাৰ জৰুৰীকালীন সময়ৰ কৰ্মী নিয়োগ কৰা হ’ল৷ টেলিভিজন, বজাৰ-সমাৰ, ৰাস্তাই বাছে আৰক্ষীৰ লোকে প্ৰচাৰ চলালে যে ধুমুহা আহি আছে৷ শীঘ্ৰে আশ্ৰয়গৃহলৈ যাওক৷ ২০১৯ৰ মে’ মাহত ঘণ্টাত ১২০ কিলোমিটাৰ বেগেৰে সাগৰীয় ধুমুহাই কোবাই গ’ল ওড়িশাক৷ কিন্তু হতাহতৰ সংখ্যা আছিল কেৱল ২০৷ অথচ ২০ বছৰ আগত একেই সাগৰীয় ধুমুহাই দুখীয়া ৰাজ্যখনৰ হাজাৰৰো অধিক লোকৰ প্ৰাণ কাঢ়ি নিছিল৷ ১৯৯৯ চনৰ ধুমুহা পাৰ হৈ যোৱাৰ পাছত ঘৰে–পথাৰে, ৰাস্তাই–ঘাটে পোক-পৰুৱাৰ দৰে মানুহৰ মৃতদেহ পৰি ৰৈছিল৷ সেই ঘটনাৰ পৰা ওড়িশা চৰকাৰে শিক্ষা ল’লে৷ সাগৰৰ পৰা দূৰৈত অনেক আশ্ৰয় গৃহ নিৰ্মাণ কৰিলে৷ সতৰ্কতা ব্যৱস্থা শক্তিশালী কৰিলে৷ ২০ বছৰ ধৰি একেই সতৰ্কতাৰে ওড়িশা চৰকাৰ সাজু হৈ থাকিল৷ ২০১৯ত যেতিয়া ফেনী অহাৰ খবৰ পালে অতি তৎপৰতাৰে আগতীয়া সজাগতা লৈ ওড়িশা চৰকাৰে ৰাজ্যৰ নাগৰিকসকলৰ জীৱন ৰক্ষা কৰিলে৷

অসমতো প্ৰতি বছৰে বানপানী হয়৷ শতকৰ ঘৰত মানুহ মৃত্যুমুখত পৰে৷ অথচ সতৰ্কতা, সজাগতা বুলিবলৈ কোনো চৰকাৰী উদ্যোগ নাই৷ ১৯ জুলাই, দেওবাৰে পুৱাৰ পৰা পানী বাঢ়িল, দুপৰীয়ালৈ বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈ পৰিল৷ অথচ শুই থাকিল চৰকাৰ–প্ৰশাসন৷ ৭২ ঘন্টালৈ হাতত প্ৰাণটো লৈ ভোকে-পিয়াহে জলবন্দী হৈ থাকিল ৰাইজ৷  কাৰ গাফিলতিত এয়া হ’বলৈ পালে, সেই প্ৰশ্নৰ উত্তৰো নাই কাৰোৱে হাতত৷ এটা অকামিলা ব্যৱস্থাই কেনেদৰে লাখ লাখ লোকৰ জীৱন বিপদাপন্ন কৰিব পাৰে, শিৱসাগৰৰ প্ৰলয়ে তাৰ প্ৰমাণ৷ ইমানৰ পাছতো যদি কাৰো জবাবদিহিতা নিৰূপণ কৰা নহয়, তেনেহ’লে আকৌ একেদৰে বানে সকলোকে সৰ্বস্ব কাঢ়ি নিব৷

Share This Article
Arup Kalita
Arup Kalita