Investigative reporting with dedication.
অসাৰ অসমক ৫ বছৰত বানমুক্ত কৰাৰ কেন্দ্ৰৰ প্ৰতিশ্ৰুতি

অসমৰ বান আৰু খহনীয়া সমস্যা সমাধানৰ বাবে বিগত ৫ বছৰত কেন্দ্ৰীয় চৰকাৰে মোকলাই দিছে মাত্ৰ ৩৪২ কোটি টকা৷ হয়, আপুনি বিশ্বাস কৰকেই বা নকৰক, এই কথাই সত্য৷ খোদ লোকসভাৰ মজিয়াত এই তথ্য দাঙি ধৰিছে ড’নাৰ মন্ত্ৰালয়ে৷ বুধবাৰে লোকসভাৰ মজিয়াত এই সন্দর্ভত প্ৰশ্ন উত্থাপন কৰিছিল সাংসদ ৰকিবুল হুছেইনে৷ ৰকিবুলৰ হুছেইনৰ প্ৰশ্নত সোধা হৈছিল- ড’নাৰ মন্ত্ৰালয়ৰ বিভিন্ন আঁচনিৰ অধীনত অসমৰ বানপানী সমস্যাৰ সমাধান আৰু নদীপৰীয়া অঞ্চলৰ সুৰক্ষাৰ বাবে কি কি প্ৰকল্প আবণ্টন দিয়া হৈছে৷ এই প্ৰশ্নৰ উত্তৰত ড’নাৰ মন্ত্ৰালয়ে কয়, যে জল শক্তি মন্ত্ৰালয়ৰ নীতি মতে, বান নিয়ন্ত্ৰণ আৰু খহনীয়া ৰোধৰ প্ৰকল্পসমূহ অগ্ৰাধিকাৰ ভিত্তিত ৰাজ্য চৰকাৰসমূহে ৰুপায়ন কৰে৷ কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহ কাৰিকৰী পৰামর্শ আৰু বিত্তীয় সাহায্যৰে সহযোগিতা কৰে৷
একেটা প্ৰশ্নৰ উত্তৰত কোৱা হয়, বান নিয়ন্ত্ৰণ, খহনীয়া প্ৰতিৰোধ,নলা-নদর্মা উন্নীতকৰণ আদিৰ ক্ষেত্ৰত ৰাজ্যসমূহক সহযোগিতা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে “Flood Management and Border Areas Programme নামৰ এখন আঁচনি কেন্দ্ৰীয়ভাবে ৰুপায়ন কৰিছে৷ বিগত ৫ বছৰত অসম চৰকাৰক বান নিয়ন্ত্ৰণ আৰু খহনীয়া প্ৰতিৰোধ প্ৰকল্পৰ বাবে সর্বমুঠ ৩৪২.৬৩ কোটি টকাৰ কেন্দ্ৰীয় সাহায্য মুকলি কৰি দিয়া হৈছে৷
একেই উত্তৰত কেন্দ্ৰীয় চৰকাৰে কয়, যে ২০৭ কোটি টকাৰে ৰুপায়ন হোৱা Protection of Majuli Island from Flood and Erosion of River Brahmaput শীর্ষক প্ৰকল্পত ড’নাৰ মন্ত্ৰালয়ে সহযোগিতা কৰিছে আৰু নর্থ ইর্ষ্টান কাউন্সিলৰ অধীনষ্ঠ আঁচনিৰ অধীনত সর্বমুঠ ৩৩.৪০ কোটি টকাৰ ৬ টাকৈ প্ৰকল্পত পুজি আগবঢ়োৱা হৈছে৷
অসমলৈ আহি বিভিন্ন সময়ত বিজেপিৰ শীর্ষ নেতৃত্বই ৰাজ্যখনক বানমুক্ত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে৷ ৫ বছৰত অসমক বানমুক্ত কৰা, অসমত বানক ইতিহাসত পৰিণত কৰা, ব্ৰহ্মপুত্ৰৰ খনন চলোৱা অথবা বৃহৎ বৃহৎ পুখুৰী খান্দি অসমৰ বানপানী সমস্যাক নিয়ন্ত্ৰণ কৰা আদি এশ এবুৰি প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে শাসকীয় দলটোয়ে৷ কিন্তু বাস্তবত অসমৰ বান সমস্যাৰ সমাধান আৰু খহনীয়া ৰোধ প্ৰকল্পৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিগত ৫ বছৰত ৰাজ্য চৰকাৰক প্ৰদান কৰিছে মাত্ৰ ৩৪২ কোটি৷ আজি লোকসভাত উন্মোচিত হোৱা এই তথ্যই অসমৰ বান সমস্যাৰ প্ৰতি কেন্দ্ৰৰ দায়িত্বহীনতাকেই উদঙাই দিছে৷




