নৰ্থ ইষ্ট ফেষ্টিভেল : RTIৰ তথ্য নিদিয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে

Share This Article

দ্য ক্ৰছকাৰেণ্টৰ প্ৰতিবেদনঃ শ্যামকানু মহন্তই ছিংগাপুৰত আয়োজন কৰা নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত কি সহায় কৰিছিল বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে? ছিংগাপুৰত আয়োজিত এই ফেষ্টিভেলত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ভূমিকা কি আছিল? এই প্ৰশ্নৰ উত্তৰ দিবলৈ অস্বীকাৰ কৰিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে৷ অথচ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্বত আছে অসমৰ ৰাজ্যসভাৰ সাংসদ তথা প্ৰয়াত জুবিন গাৰ্গৰ বন্ধু পবিত্ৰ মাৰ্ঘেৰিটা। ছিংগাপুৰত অনুষ্ঠিত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত অংশ ল’বলৈ গৈ বিগত ১৯ ছেপ্তেম্বৰত ৰহস্যজনকভাৱে প্ৰাণ হেৰুৱাইছিল জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে৷ শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুক লৈ শোকাচ্ছন্ন হৈ আছে সমগ্ৰ ৰাজ্য৷ কি পৰিস্থিতিত, কেনেকৈ জুবিন গাৰ্গৰ মৃত্যু হ’ল, সেয়া এতিয়াও পোহৰলৈ অহা নাই৷ তাতোকৈ ডাঙৰ কথাটো হ’ল, ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেল আয়োজন কৰিবলৈ শ্যামকানু মহন্তই লাভ কৰিছিল নেকি চৰকাৰী পৃষ্ঠপোষকতা? ছিংগাপুৰৰ এই ফেষ্টিভেলত কেনেকৈ জড়িত আছিল বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়? এই প্ৰশ্নৰ উত্তৰ এতিয়াও দিয়া নাই কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰে৷ নীৰৱ ভূমিকা পালন কৰিছে বিদেশ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাইও৷ সেইবাবেই শ্যামকানু মহন্তই ছিংগাপুৰত আয়োজন কৰা নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত বিদেশ মন্ত্ৰালয়ৰ ভূমিকাক লৈ তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত এক আবেদন দাখিল কৰিছিল ‘দ্য ক্ৰছকাৰেণ্টে’৷ কিন্তু অতি ৰহস্যজনকভাৱে এই আৰ টি আই আবেদনৰ উত্তৰ দিবলৈ অস্বীকাৰ কৰিছে বিদেশ মন্ত্ৰালয়ে৷ অথচ এই বিভাগৰে ৰাজ্যিক মন্ত্ৰী হ’ল জুবিন গাৰ্গৰ বন্ধু পবিত্ৰ মাৰ্ঘেৰিটা৷ ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পাছতেই ‘দ্য ক্ৰছকাৰেণ্টে’ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ত দাখিল কৰিছিল এক আৰ টি আই আবেদন৷ এই আবেদনত প্ৰশ্ন কৰা হৈছিল যে ছিংগাপুৰত অনুষ্ঠিত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল, ২০২৫ সম্পৰ্কত তলত দিয়া তথ্যসমূহ প্ৰদান কৰিব – ১) ফেষ্টিভেল অনুষ্ঠিত কৰিবলৈ কি ধৰণে সহায় কৰা হৈছিল? ২) কিমান ধনৰ অনুমোদন প্ৰদান কৰা হৈছিল? ৩) উদ্যোক্তাই সহায় বিচাৰি দাখিল কৰা আবেদন, আবেদনৰ লগত দাখিল কৰা বাজেট আৰু ৪) অনুমোদন দিয়া পত্ৰ৷ বিগত ৬ নৱেম্বৰত এই আবেদনৰ উত্তৰ প্ৰদান কৰে ছিংগাপুৰৰ ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয়ে৷ ছিংগাপুৰৰ হাই কমিছন অৱ ইণ্ডিয়াই প্ৰেৰণ কৰা উত্তৰত স্পষ্টভাৱে উল্লেখ কৰে যে বিষয়টো বৰ্তমান তদন্তাধীন হৈ থকা বাবে ‘দ্য ক্ৰছকাৰেণ্টে’ বিচৰা তথ্যসমূহ প্ৰদান কৰিব নোৱাৰে৷ ইয়াৰ অজুহাত হিচাপে ছিংগাপুৰৰ হাই কমিছন অৱ ইণ্ডিয়াই তথ্য জনাৰ অধিকাৰ আইনৰ ধাৰা ৮(ক)(এইচ)ৰ বিষয়ে উল্লেখ কৰে৷ RTI আইনৰ ধাৰা ৮(ক)(এইচ) অনুসৰি, এনে কোনো তথ্য, যিয়ে অপৰাধীৰ অনুসন্ধান, কৰায়ত্ত বা অভিযোগনামা দাখিলৰ প্ৰক্ৰিয়াক বাধাগ্ৰস্ত কৰিব পাৰে, সেই তথ্য প্ৰদান কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষ বাধ্য নাথাকিব৷ গুৰুত্বপূৰ্ণ কথাটো হ’ল, ‘দ্য ক্ৰছকাৰেণ্টে’ বিচৰা তথ্য জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ লগত কোনো সম্পৰ্ক নাই, কেৱল কি ধৰণৰ সাহাৰ্য্য আগবঢ়াইছিল সেই সন্দৰ্ভতহে তথ্য বিচৰা হৈছিল। এই তথ্যই অনুসন্ধান প্ৰক্ৰিয়াক বাধাগ্ৰস্ত কৰাৰ কোনো সম্ভাৱনা নাই৷ কিয়নো শ্যামকানু মহন্ত ইতিমধ্যে কাৰাবন্দী হৈ আছে৷ এনে পৰিস্থিতিত পবিত্ৰ মাৰ্ঘেৰিটাই মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কিয় ছিংগাপুৰৰনৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ তথ্য প্ৰদান নকৰে, সেয়া গভীৰ ৰহস্যৰ বিষয় হিচাপে বিবেচিত হৈছে৷ তথ্য প্ৰদান নকৰাৰ আঁৰত আছে নেকি অন্য কোনো অভিসন্ধি? সকলো ৰহস্যৰ সন্ধানত অব্যাহত আছে ‘দ্য ক্ৰছকাৰেণ্ট’ৰ অনুসন্ধান৷ শীঘ্ৰেই পোহৰলৈ আহিব শ্যামকানু মহন্তই ছিংগাপুৰত আয়োজন কৰা নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল সন্দৰ্ভত অনেক অপ্ৰকাশিত তথ্য৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.