অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যদা লাভ কৰাৰ পাছতো আমি শংকিত হৈছো যে অসমীয়া ভাষাটো সংখ্যালঘু ভাষাত পৰিণত হব নেকি? স্বতন্ত্ৰতা আৰু মৌলিকতা সাব্যস্ত কৰি অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যদা আদায় কৰাৰ পাছতো কোনোবাই কিয় ভাবুকি প্ৰদান কৰিব পাৰিছে অসমীয়া ভাষাক সংখ্যালঘু ভাষা কৰিম বুলি? ইয়াৰ দোষ কাৰ?
প্ৰতিটো নিৰ্বাচনৰ পূৰ্বেই আৰম্ভ হয় আমি-সিহঁতৰ ৰাজনীতি। নিৰ্বাচনৰ পূৰ্বে কোনোবাই কব আমি মিঞা চাফা কৰি দিম বুলি, কোনোবাই কব অসমীয়া ভাষাটো সংখ্যালঘু কৰি দিম বুলি। এই বিচ্ছিন্নতাবাদী সাম্প্ৰদায়িক ৰাজনীতিয়ে কেতিয়াও অসমীয়া জাতিটোক গঢ়ি উঠিবলৈ দিয়া নাই। ফলত বাৰে বাৰে সংকটত পৰিছে অসমীয়া জাতি সত্তা। আজি কোনোবাই কেনেকৈ কব পাৰিলে অসমীয়া ভাষাক আমি সংখ্যালঘু ভাষাত পৰিণত কৰিব পাৰো বুলি? আছে নেকি ইয়াৰ কিবা ভিত্তি?
- Donation -
ৰাজ্যত দ্ৰুতহাৰত কমি আহিছে অসমীয়া ভাষাৰ চৰ্চা ৷ এফালে অসমীয়া মাধ্যমৰ হাজাৰ হাজাৰ বিদ্যালয় বন্ধ হৈ গৈছে ৷ যাৰ বাবে অসমীয়া ভাষাই এক গুৰুত্বপূৰ্ণ স্বীকৃতি লাভ কৰাৰ পাছতো প্ৰশ্ন উঠিছে –- কালৰ সোঁতত পালি – প্ৰাকৃতৰ দৰেই বিলুপ্তপ্ৰায় হৈ পৰিব নেকি অসমীয়া ভাষা ?
আজিৰ তাৰিখত অসমত অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা কিমান? অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা বাঢ়িছে নে কমিছে? ১৯৫১ ৰ পৰা ২০১১ চনলৈ অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা যদি আমি চাওঁ তেন্তে দেখিবলৈ পাওঁ যে বছৰে বছৰে অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা হ্ৰাস পাইছে।
- ১৯৫১ চনত অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা আছিল ৫৬.২৯ শতাংশ
- ১৯৬১ চনত অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা আছিল ৫৭.১৪ শতাংশ
- ১৯৭১ চনত অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা ৫৯.৫৩ শতাংশ
- ১৯৯১ চনত অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা ৫৭.৮১ শতাংশ
- ২০০১ চনত অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা ৪৮.৮১ শতাংশ
- ২০১১ চনত অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা আছিল ৪৮.৩৭১ শতাংশ
১৯৫১ চনৰ পাছত ১৯৬১ আৰু ৭১ চনত অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা কিছু বৃদ্ধি পাইছিল যদিও পাছত ক্ৰমান্দ্বয়ে কমি আহিবলৈ ধৰে। ২০০১ চনৰ লোকপিয়ল অনুসৰি অসমত অসমীয়া ভাষা ব্যৱহাৰ কৰা লোকৰ সংখ্যা ৪৮.৮১ শতাংশ। আৰু ২০১১ চনত এই সংখ্যা হ্ৰাস পায় ৪৮.৩৮ শতাংশলৈ।
আনহাতে ২০০১ চনত অসমত বাংলাভাষী লোক আছিল ২৭.৫৪ শতাংশ। আৰু ২০১১ চনত এই সংখ্যা বৃদ্ধি পালে ২৮.৯১ শতাংশলৈ। ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা আছিল ৩ কোটি ১২ লাখ ৫ হাজাৰ ৫ শ ৭৬ জন। ইয়াৰ ভিতৰত অসমীয়াক মাতৃভাষা হিচাপে ব্যৱহাৰ কৰা লোকৰ সংখ্যা হৈছে ১ কোটি ৫০ লাখ ৯৫ হাজাৰ ৭৭৯ জন। আৰু বাংলা ভাষাক মাতৃভাষা হিচাপে ব্যৱহাৰ কৰা লোকৰ সংখ্যা হৈছে ৯০ লাখ ২৪ হাজাৰ ৩২৪ জন। ইয়াৰ বিপৰীতে ২০০১ চনত অসমীয়া ভাষী লোকৰ সংখ্যা আছিল ১ কোটি ৩০ লাখ ১০ হাজাৰ ৪৭৮ জন। আৰু বাংলাভাষী লোকৰ সংখ্যা আছিল ৭৩ লাখ ৪৩ হাজাৰ ৩৩৮ জন।
অৰ্থাত ২০০১ চনৰ পৰা ২০১১ চনলৈ এই দহ বছৰত বাংলাভাষীৰ সংখ্যা অসমত বৃদ্ধি পালে ১৬ লাখ ৮০ হাজাৰ ৯৮৪ জন। গতিকে ২০২১ চনৰ লোকপিয়লৰ তথ্যত বাংলাভাষী লোকৰ সংখ্যা ১ কোটিতকৈ অধিক হোৱাৰ সম্ভাৱনাই প্ৰবল।
এতিয়া আপাত দৃষ্টিত অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা অধিক যেনেই লাগে, কিন্তু জনসংখ্যা অনুপাতে অসমীয়া ভাষা ব্যৱহাৰ কৰা মানুহৰ সংখ্যা হ্ৰাস পাইছে বাবেই অসমীয়া ভাষা কোৱা মানুহৰ শতাংশটো কমি গৈছে। অৰ্থাত এটা কথা নিশ্চিত যে ধ্ৰুপদী ভাষাৰ মৰ্যদা লাভ কৰাৰ পাছতো আমাৰ অসমীয়া ভাষাক লৈ শংকা আতৰা নাই।