যিখন চাৰ্জশ্বীটলৈ অসমীয়াই অপেক্ষা কৰি আছে…

Share This Article

✍🏻জিতুমণি বৰা

#JusticeForZubeenGarg –ছ’চিয়েল মিডিয়াত অসমৰ তৰুণ প্ৰজন্মৰ লগতে জ্যেষ্ঠ নাগৰিকেও ১৯ ছেপ্টেম্বৰৰ পৰা ধাৰাবাহিকভাৱে দিয়া এই ধবনিৰ প্ৰতিফলন আজি ঘটিবনে? মুখ্যমন্ত্ৰীৰ ঘোষণা অনুসৰি আজি ১২ ডিচেম্বৰত এছ আই টিয়ে জুবিন গাৰ্গ হ*ত্যাৰ অভিযোগনামা আদালতত দাখিল কৰিব৷ ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত জুবিন গাৰ্গক হ*ত্যা কৰাৰ পাছত ইয়াৰ তদন্ত কৰিবলৈ গঠন কৰি দিয়া বিশেষ তদন্তকাৰী গোটে আজি আদালতত অভিযোগনামা দাখিল কৰাৰ কথা৷ জুবিন গাৰ্গক হ*ত্যা৷ হ*ত্যাৰ অভিযোগত এতিয়ালৈকে ৭ জনক বন্দী কৰি থোৱা হৈছে৷ বন্দী নোহোৱাকৈয়ো বহুজন বাহিৰত থকা বুলি অভিযোগ আছে৷ আজি দাখিল কৰিবলগীয়া অভিযোগনামাক লৈ অসমৰ সৰ্বস্তৰৰ নাগৰিকৰ উৎকণ্ঠা৷ ৰাইজৰ এটাই দাবী-জুবিন গাৰ্গৰ দৰে এই শতিকাৰ আটাইতকৈ জনপ্ৰিয় আৰু কোনো ধৰণৰ গোপন এজেণ্ডা নথকাকৈ অসমীয়া মানুহৰ আপদে-বিপদে একেবাৰে সন্মুখত থাকি নেতৃত্ব দিয়া মানুহজনক যিসকলে হত্যা কৰিলে, তেওঁলোকে কোনো ধৰণৰ ৰাজনৈতিক সুৰক্ষা পাব নালাগিব৷ প্ৰতিগৰাকী অসমীয়াই এতিয়াও বিশ্বাস কৰিবলৈ টান পাই যে জুবিন গাৰ্গ নামৰ অসমৰ আকাশে-বতাহে সিঁচৰতি হৈ থকা সত্তাটো কায়িকভাৱে নোহোৱা হৈ গ’ল৷ যিজন মানুহৰ কেতিয়াও মৃত্যুৱে নহয় বুলি মানুহে ভাবিব পাৰিছিল, সেই মানুহজনকো কেইজনমান অসমীয়াই সংঘবদ্ধভাৱে হত্যা কৰিব যে পাৰে, সেয়াও বিশ্বাস কৰিবলৈ টান লাগিছিল৷ কিন্তু এয়াই সত্য৷ আজি আদালতত দাখিল কৰিবলগীয়া অভিযোগনামাত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, অমৃতপ্ৰভা মহন্ত, শেখৰ গোস্বামী, সন্দীপন গাৰ্গ আৰু দুগৰাকী দেহৰক্ষীৰ বাবে কি শাস্তিৰ বিধান দিয়ে, সেয়া জানিবলৈ অসমবাসী উদ্বিগ্ন৷ সমান্তৰালভাৱে যিসকল এই হ*ত্যাৰ সৈতে জড়িত হৈয়ো বাহিৰত ৰৈ গ’ল, তেওঁলোকক তদন্তৰ আউটিলৈ আনিব পৰা যাব নে নাযায়, সেই সম্পৰ্কে অভিযোগনামাত কি থাকিব? এইবোৰ কথা পুংখানুপুংখভাৱে অসমৰ ৰাইজে জানিবলৈ ৰৈ আছে৷ আদালতত অভিযোগনামা দাখিলৰ পাছতে যিকোনো এজন ভাৰতীয় নাগৰিকে আৱেদন কৰিলে এইখন লাভ কৰিব৷ সেয়ে প্ৰতিগৰাকী সজাগ আৰু সচেতন অসমীয়াই প্ৰায় ৩,৫০০ পৃষ্ঠাৰ অভিযোগনামাখন আবেদন কৰি হাতত লওক৷ চৰকাৰে যদি অভিযুক্তসকলক আইনী সুৰুঙাৰে বচাব বিচাৰিছে, ইয়াৰ বিৰুদ্ধে সৰৱ হওক৷ অসমৰ অধিবক্তাসকলক পুনৰ ধন্যবাদ আৰু কৃতজ্ঞতা৷ তেওঁলোকে শ্যামকানু, সিদ্ধাৰ্থহঁতৰ দৰে জুবিন হ*ত্যাত অভিযুক্তসকলৰ গোচৰ নচলোৱাৰ সিদ্ধান্ত লৈছিল৷ এই সিদ্ধান্তটোৰ কথা বুৰঞ্জীয়ে প্ৰজন্মৰ পাছত প্ৰজন্মলৈ কঢ়িয়াই নিব৷ ই অসমৰ অধিবক্তাসকলৰ জাতীয় দায়বদ্ধতাক সোঁৱৰাই থাকিব৷ অধিবক্তাসকলে আবেদন কৰি অভিযোগনামাখন লগত ৰাখক৷ কিবা আইনী সুৰুঙাৰে জুবিন হ*ত্যাত জড়িত শক্তিবোৰে নিজকে খালাচ কৰিবলৈ চেষ্টা চলাব পাৰে নেকি?- এই কথাবোৰ আইনী দৃষ্টিৰে অধিবক্তাসকলে পৰ্যালোচনা কৰক৷ প্ৰয়োজনত ইয়াৰ বিৰুদ্ধে অধিবক্তাসকল ঐক্যবদ্ধ হৈ আদালতত থিয় হওক৷ কোনো কাৰণতে এজনো অভিযুক্ত (কাৰাবন্দী হোৱা-নোহোৱা) সাৰি যাব যাতে নোৱাৰে৷ এই দায়িত্ব অসমৰ ৰাইজে লওক৷ অধিবক্তাসকল অসমীয়া সমাজখনৰ অবিচ্ছেদ্য অংগ৷ তেওঁলোকৰ দায়িত্ব সাধাৰণ নাগৰিকতকৈ আইনৰ সভাত অধিক৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.