শ্ৰেণী স্বাস্হ্য

ব্লেকলিষ্টেড মাৰ্টিন এণ্ড ব্ৰাউন আকৌ সাজু অসমত দৰৱ যোগান ধৰিবলৈ

অসমৰ চৰকাৰী চিকিৎসালয়ত ৰোগীয়ে লাভ নকৰে প্ৰয়োজনীয় ঔষধ। চিকিৎসকে পৰামৰ্শ দিয়া ঔষধ বিনামূলীয়াকৈ লাভ নকৰাৰ বাবে ব্যক্তিগত ফাৰ্মাচীৰ পৰা চ’ৰা দামত ঔষধ ক্ৰয় কৰিবলৈ বাধ্য চৰকাৰী চিকিৎসালয়ৰ ৰোগী। কিন্তু ব্যক্তিগত ফাৰ্মাচীত উপলব্ধ ঔষধ কিয় চৰকাৰী চিকিৎসালয়ৰ ফাৰ্মাচীত বিনামূলীয়াকৈ লাভ নকৰে…

WHOৰ নিয়ম উলংঘাকাৰী কোম্পানীৰ পৰা কেঞ্চাৰৰ দৰৱ ক্ৰয় অসম চৰকাৰৰ

ভাৰত চৰকাৰে নিষিদ্ধ কৰা কোম্পানীৰ দৰৱ চৰকাৰী চিকিৎসালয়ত বিতৰণ কৰিছে অসম চৰকাৰে৷ জনস্বাস্থ্যক লৈ চলা এই চৰম হেতালিৰ ঘটনা প্ৰকাশ পোৱাৰ পাছতো গা ল’ৰা নাই অসম চৰকাৰৰ বিয়াগোম স্বাস্থ্য বিভাগ আৰু স্বাস্থ্যমন্ত্ৰী অশোক সিংহালৰ। নীৰৱ-নিৰ্বিকাৰ দৰৱ ক্ৰয়ৰ দায়িত্বত থকা অসম…

কি শপত পাহৰিলে জি এম চি এইচৰ জ্যেষ্ঠ চিকিৎসকে?

হিপ্প’ক্ৰেটিক অথ্ (Hippocratic Oath)-চিকিৎসকৰ নৈতিকতাৰ পাঠ হিচাপে বিশ্বজুৰি স্বীকৃত আৰু গৃহীত৷ যেতিয়া এজন চিকিৎসকে পেছাগত জীৱন আৰম্ভ কৰে, তেতিয়াই গ্ৰহণ কৰে হিপ’ক্ৰেটিক অথ্৷ হিপ্প’ক্ৰেটিক অথ্ পোনতে লিখা হৈছিল গ্ৰীক ভাষাত৷ যাক সমগ্ৰ বিশ্বই চিকিৎসাজগতত মানি চলিবলগীয়া নৈতিকতাৰ পাঠ হিচাপে গ্ৰহণ…

এটা MRIৰ বাবে ৰ’ব লাগে দুমাহ- কি চলিছে অসমৰ স্বাস্থ্যখণ্ডত?

জিএমচিএইছত চিকিৎসা কৰিবলৈ আহি কেনেকৈ হাহাকাৰ কৰিছে ৰোগীয়ে? দ্য ক্ৰছকাৰেণ্টৰ এক চৰজমিন অনুসন্ধান৷

EXCLUSIVE : কোভিড ভেকচিন মৃত্যুদূত আছিল নেকি ?

গৌতম প্ৰতিম গগৈ   বহুতৰ বাবে মৃত্যুদূত হৈ পৰিছে নেকি কোভিড ভেকচিন? কোভিশ্বিল্ড ভেকচিনৰ পৰা গুৰুতৰ পার্শ্বক্ৰিয়া সংঘটিত হ’ব পাৰে বুলি ইংলেণ্ডৰ আদালতত স্বীকাৰোক্তি দিছে প্ৰস্তুতকাৰী প্ৰতিষ্ঠান AstraZeneca-য়ে৷  কিন্তু  ভেকচিন লোৱাৰ পাছত সৃষ্টি হোৱা প্ৰতিক্ৰিয়াই বহুতকে অসুস্থ কৰি তোলাৰ কিছু…

ডেংগুক পাত্তাই নিদিয়ে ‘মহাশক্তিমান’ স্বাস্থ্যমন্ত্ৰীয়ে

ৰাজ্যত বিগত কেইদিনমান ধৰি বৃদ্ধি পোৱা ডেংগু ৰোগ বৰ্তমান কিছু পৰিমাণে নিয়ন্ত্ৰণলৈ আহিছে ।দুই-এদিনৰ পৰা আক্ৰান্তৰ সংখ্যা কমিছে । ক’ভিডৰ সৈতে যুঁজ কৰা অসমবাসীয়ে এই ৰোগক লৈ শংকিত হোৱাৰ প্ৰয়োজন নাই । এই মন্তব্য স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ।নগাঁৱৰ অন্যতম শিক্ষানুষ্ঠান…

কি,তেজৰ গ্ৰুপো সলনি হয় ?

যিকোনো ব্যক্তিৰ শাৰীৰিক সমস্যা হ’লে চিকিৎসকে প্ৰথমে বিভিন্ন পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিয়ে। সেই অনুসৰি বিভিন্ন লেবৰটৰীত পৰীক্ষা কৰি তাৰ পৰা পোৱা ৰিপৰ্টৰ ভিত্তিতে চলোৱা হয় চিকিৎসা।কিন্তু আপুনি -মই ভৰসা কৰা এই লেবৰটৰীবোৰে কিমান দায়বদ্ধতাৰে সেই পৰীক্ষাবোৰ সম্পন্ন কৰে? নগাঁৱৰ শৰ্মা…

ওদালগুৰিত গৰ্ভৱতীৰ মৃত্যু

ওদালগুৰি জিলাৰ মাজবাটৰ অন্তৰ্গত লামাবাৰীৰ প্ৰেম বস্তিৰ নয়মী বাৰ্লা নামৰ এগৰাকী গৰ্ভৱতী মহিলাৰ অকালতে মৃত্যু ঘটে। লামাবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত অবৈতনিক ভাবে শিক্ষকতা কৰা নয়নী বাৰ্লা সকলো শিক্ষক- শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ -ছাত্ৰী সকলৰ মাজত জনপ্ৰিয় আছিল। নয়মী বুধবাৰে আবেলি গা…

ওদালগুৰিত স্বাস্থ্য সেৱা অভিযান

ওদালগুৰি জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত তথা ওদালগুৰি আৰু ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত ‘স্বাস্থ্য সেৱা অভিযান’ শীৰ্ষক স্বাস্থ্য পৰীক্ষা শিবিৰ শনিবাৰে অনুষ্ঠিত হয়। ওদালগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত কুন্দৰবিল মজলীয়া বিদ্যালয় আৰু ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত নেপালী…