শ্ৰেণী স্বাস্হ্য

ভাৰতক লাগে অধিক জনসংখ্যা –কিয় কৈছে এজন অৰ্থনীতিবিদে?

জনসংখ্যা বৃদ্ধি অসমৰ এটা বৃহৎ সমস্যা হিচাপে সহমতত উপনীত হৈছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ লগতে সংখ্যালঘু সমাজৰ প্ৰায় ১৫০ গৰাকী আগশাৰীৰ নাগৰিক ৷ কালি মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সংখ্যালঘু সমাজৰ বিশিষ্ট নাগৰিকসকল এক আলোচনাত মিলিত হয় ৷ এই আলোচনাতে অসমৰ…

হৃদৰোগত আক্ৰান্ত হৈছে বলীউদৰ প্ৰখ্যাত কোৰিঅ’গ্ৰাফাৰ ৰেম’ ডিছুজা।

হৃদৰোগত আক্ৰান্ত হৈছে বলীউদৰ প্ৰখ্যাত কোৰিঅ’গ্ৰাফাৰ তথা পৰিচালক ৰেম’ ডিছুজা। শুকুবাৰে দুপৰীয়া হাৰ্ট এটেক হয় পৰিচালকগৰাকীৰ।ৰেম’ ডিছুজাক মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হাস্পতালত ভৰ্তি কৰোৱা হয়। বৰ্তমান পূৰ্বতকৈ স্বাস্থ্যৰ অৱস্থা কিছু সুস্থিৰ হোৱা বুলি জানিব পৰা গৈছে।

কৰোনা ভাইৰাছৰ উৎস সম্পৰ্কে প্ৰকাশ পাইছে নতুন তথ্য, ২০১২ তে চীনত প্ৰথম ওলাইছিল ক’ভিড-১৯

photo courtesy:The New York Times

ক’ভিড-১৯ ৰ উৎপত্তি সম্পৰ্কে ওলাইছে নতুন তথ্য। New York Post ৰ বাতৰিত প্ৰকাশ পাইছে যে বাদুলিৰ লগত সংস্পৰ্শত অহাৰ বাবে চীনৰ য়ুন্নান(Yunnan) ৰাজ্যৰ মজিয়াঙত খনিত কাম কৰা ৬ জন শ্ৰমিকৰ কৰোনা ভাইৰাছত আক্ৰান্তৰ লক্ষণ সমূহে দেখা দিছিল। উল্লেখযোগ্য যে শ্ৰমিক…

ৰাছিয়াই প্ৰস্তুত কৰি উলিয়ালে কৰোনা ভাইৰাছৰ প্ৰথমটো প্ৰতিষেধক, ৰাষ্ট্ৰপতি পুটিনৰ দুই জীয়ৰীয়েও গ্ৰহণ কৰিলে এই প্ৰতিষেধক

ৰাছিয়াই প্ৰস্তুত কৰি উলিয়ালে কৰোনা ভাইৰাছৰ প্ৰথমটো প্ৰতিষেধক। এই খবৰ জনাইছে বিশ্বৰ অন্যতম সংবাদ প্ৰতিষ্ঠান Reuters য়ে। জানিব পৰা মতে আজি ৰাছিয়াৰ স্বাস্থ্য মন্ত্ৰালয়ে আজি বিশ্বৰ প্ৰথমটো কৰোনা ভাইৰাছ ভেকচিনক সন্মতি প্ৰদান কৰিছে। ৰাছিয়াৰ Gamaleya ইনষ্টিটিউটযে প্ৰস্তুত কৰি উলিওৱা এই…

ভাৰতে প্ৰস্তুত কৰি উলিয়াব নেকি কৰোনাৰ ভেকচিন?

কৰোনা ভাইৰাছৰ সংকতৰ পৰা ৰক্ষা পাবলৈ যি সময়ত সমগ্ৰ বিশ্বই ইয়াৰ প্ৰতিষেধক বিচাৰি হাবাথুৰি খাইছে, ভাৰতবৰ্ষৰ এটা ভেকচিন নিৰ্মাণ প্ৰতিষ্ঠানে এই ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে। পুনেস্থিত এডাৰ পুনেৱালাৰ ছিৰাম ইনষ্টিটিউতে ১০ নিযুত পালি কৰোনা ভাইৰাছৰ প্ৰতিষেধক প্ৰস্তুত…

প্লাজমা থেৰাপি কৰোনা ভাইৰাছ আৰোগ্য কৰাৰ বাবে উপযুক্ত নহয় নেকি?

কৰোনা ভাইৰাছৰ চিকিৎসাত বৰ্তমানে ভাৰত বৰ্ষত বহুল ভাৱে চৰ্চিত হৈছে প্লাজমা থেৰাপি। ভাৰতবৰ্ষৰ প্ৰায় সকলো ৰাজ্যিক চৰকাৰে প্লাজমা থেৰাপিক কোভিড- ১৯ চিকিৎসাৰ এক অংশ ৰূপে গ্ৰহণ কৰাই নহয় প্লাজমা দানৰ বাবে কোভিড-১৯ ত আক্ৰান্ত হৈ আৰোগ্য হোৱা সকলক প্লাজমা দানৰ…

ভাৰতৰ ১৬০০ ব্যক্তিৰ দেহত ক’ৰোনা ভেকছিনৰ পৰীক্ষা

শীঘ্ৰে অন্ত পৰিব অপেক্ষাৰ ৷ ভাৰততো অতি সোনকালে অক্সফ’ৰ্ডে প্ৰস্তুত কৰা ক’ৰোনা ভেকছিনৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ক্লিনিকেল ট্ৰায়েল আৰম্ভ হ’ব ৷ দেওবাৰে নিশা টিকা প্ৰস্তুতকাৰী কোম্পানী ছেৰাম ইনষ্টিটিউটক দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ক্লিনিকেল ট্ৰায়েলৰ অনুমতি প্ৰদান কৰিছে ড্ৰাগ কন্ট্ৰ’লাৰ…