ৰাছিয়াই প্ৰস্তুত কৰি উলিয়ালে কৰোনা ভাইৰাছৰ প্ৰথমটো প্ৰতিষেধক, ৰাষ্ট্ৰপতি পুটিনৰ দুই জীয়ৰীয়েও গ্ৰহণ কৰিলে এই প্ৰতিষেধক

Share This Article

ৰাছিয়াই প্ৰস্তুত কৰি উলিয়ালে কৰোনা ভাইৰাছৰ প্ৰথমটো প্ৰতিষেধক। এই খবৰ জনাইছে বিশ্বৰ অন্যতম সংবাদ প্ৰতিষ্ঠান Reuters য়ে। জানিব পৰা মতে আজি ৰাছিয়াৰ স্বাস্থ্য মন্ত্ৰালয়ে আজি বিশ্বৰ প্ৰথমটো কৰোনা ভাইৰাছ ভেকচিনক সন্মতি প্ৰদান কৰিছে।

ৰাছিয়াৰ Gamaleya ইনষ্টিটিউটযে প্ৰস্তুত কৰি উলিওৱা এই প্ৰতিষেধক যোৱা প্ৰায় দুই মাহ ধৰি মানৱ দেহত পৰীক্ষা কৰি থকা হৈছিল।

দেশখনৰ ৰাষ্ট্ৰপতি ভি ভি পুটিনে Reuters ক জনোৱা মতে কৰোনা ভাইৰাছৰ এই প্ৰতিষেধকটো প্ৰয়োজনীয় সকলোবোৰ পৰীক্ষণ নিৰীক্ষণ সুকলমে পাৰ কৰিছে। তেওঁ আৰু জনাই যে তেওঁৰ দুই জীয়ৰীয়েও এই প্ৰতিষেধক গ্ৰহণ কৰিছে আৰু সুস্থ অনুভৱ কৰিছে।

ইয়াৰ লগে লগে কৰোনা ভাইৰাছৰ প্ৰতিষেধক প্ৰস্তুত কৰি উলিওৱা ৰাছিয়া বিশ্বৰ ভিতৰত প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.