কৰোনা ভাইৰাছৰ উৎস সম্পৰ্কে প্ৰকাশ পাইছে নতুন তথ্য, ২০১২ তে চীনত প্ৰথম ওলাইছিল ক’ভিড-১৯

Share This Article

ক’ভিড-১৯ ৰ উৎপত্তি সম্পৰ্কে ওলাইছে নতুন তথ্য। New York Post ৰ বাতৰিত প্ৰকাশ পাইছে যে বাদুলিৰ লগত সংস্পৰ্শত অহাৰ বাবে চীনৰ য়ুন্নান(Yunnan) ৰাজ্যৰ মজিয়াঙত খনিত কাম কৰা ৬ জন শ্ৰমিকৰ কৰোনা ভাইৰাছত আক্ৰান্তৰ লক্ষণ সমূহে দেখা দিছিল। উল্লেখযোগ্য যে শ্ৰমিক কেইজনে প্ৰায় ১৪ দিন ধৰি খনিটোৰ ভিতৰত বাদুলিৰ মল আঁতৰোৱাৰ কামত নিয়োজিত আছিল।

তাৰপিছতে তেওঁলোকৰ জ্বৰ, নিম’নীয়া,শুকান কাঁহ,মূৰ বিষ আদি কৰোনা ভাইৰাছৰ লক্ষণে দেখা দিছিল। ইয়াৰে জানিব পৰা মতে ৩ জন শ্ৰমিকৰ মৃত্যুও হৈছিল।

এই সমগ্ৰ তথ্য সম্বলিত অধ্যয়ন ভাইৰলজিষ্ট জনাথন লাথাম আৰু ম’লেকুলাৰ বয়লজিষ্ট এলিচন ৱিলছনে নিজৰ ৱেবছাইটত শেহতীয়াকৈ প্ৰকাশ কৰিছে। ইয়াৰ পিছতে এই অধ্যয়নকলৈ যথেষ্ট চর্চা চলিছে।

তেওঁলোকৰ অধ্যয়নত তেওঁলোকে এই খনিত কাম কৰা শ্ৰমিক সকলৰ চিকিৎসাত নিয়োজিত চীনৰ ডক্টৰ Li Xu ৰ এখন ৬৬ পৃষ্ঠাৰ ঠেছিছক বিশ্লেষণ কৰি বহু তথ্য লাভ কৰিছে।

শ্ৰমিক কেইজনৰ কোষৰ নমুনা ৱুহানৰ ভাইৰ’লজিৰ লেব লৈও পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল। উক্ত ঠেছিছত উল্লেখ থকা অনুসৰি ৱুহানৰ লেবৰ বিজ্ঞানী সকলে শ্ৰমিক কেইজনৰ এই বেমাৰ SARS- কৰোনা ভাইৰাছৰ নিচিনা বাদুলিৰ পৰা সংক্ৰমিত হোৱা এক ভাইৰাছৰ বাবে হোৱা বুলি দাবী কৰিছিল।

উল্লেখনীয় যে চীনৰ বিজ্ঞানী সকলে এই একেটা খিনিৰ পৰাই কৰোনা ভাইৰাছৰ নমুনা সংগ্ৰহ কৰিছিল।

চিকিৎসা বিজ্ঞানী সকলে এই অধ্যয়নক যথেষ্ট গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা লগতে ই কৰোনা ভাইৰাছ উৎপত্তি সম্পৰ্কে এক ডাঙৰ ৰহস্য উদ্ঘাটন কৰাত সহায়ক হব বুলি মতপোষণ কৰিছে।
featured photo courtesy:The New York Times

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.