সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কি শপত পাহৰিলে জি এম চি এইচৰ জ্যেষ্ঠ চিকিৎসকে?

হিপ্প’ক্ৰেটিক অথ্ (Hippocratic Oath)-চিকিৎসকৰ নৈতিকতাৰ পাঠ হিচাপে বিশ্বজুৰি স্বীকৃত আৰু গৃহীত৷ যেতিয়া এজন চিকিৎসকে পেছাগত জীৱন আৰম্ভ কৰে, তেতিয়াই গ্ৰহণ কৰে হিপ’ক্ৰেটিক অথ্৷ হিপ্প’ক্ৰেটিক অথ্ পোনতে লিখা হৈছিল গ্ৰীক ভাষাত৷ যাক সমগ্ৰ বিশ্বই চিকিৎসাজগতত মানি চলিবলগীয়া নৈতিকতাৰ পাঠ হিচাপে গ্ৰহণ কৰিছে৷ মূল লিপি অনুসৰি নহ’লেও সেই নৈতিকতা মানি চলিয়েই বৃত্তিগত জীৱনত প্ৰৱেশৰ মুহূৰ্তত গ্ৰহণ কৰি আছে হিপ্প’ক্ৰেটিক অথ্৷ এই হিপ্প’ক্ৰেটিক অথৰ মূল লিপিৰ কিয়দংশ এনেধৰণৰ–

‘মই যাৰ ঘৰতেই প্ৰৱেশ নকৰোঁ, মই ৰোগীক সহায় কৰিবলৈ প্ৰৱেশ কৰিম৷ মই সকলো ভুল আৰু ক্ষতিকৰ কামৰ পৰা জ্ঞাতসাৰে বিৰত থাকিম৷ বিশেষকৈ পুৰুষ–মহিলাৰ শৰীৰৰ অপপ্ৰয়োগ কৰাৰ পৰা৷ মই পেছাগত জীৱনৰ ভিতৰত বা বাহিৰত মানুহৰ সৈতে সম্পৰ্ক কৰোঁতে যিয়েই নেদেখো না নুশুনো, সেয়া বাহিৰত প্ৰকাশৰ পৰা বিৰত থাকিম৷ তাক পবিত্ৰ ৰহস্য হিচাপে গণ্য কৰি প্ৰকাশ কৰাৰ পৰা বিৰত থাকিম৷’

- Donation -

https://en.wikipedia.org/wiki/Hippocratic_Oath

হিপ্প’ক্ৰেটিক অথৰ মূল লিপিৰ আধাৰতে ১৯৪৮ চনত ৱৰ্ল্ড মেডিকেল এছ’ছিয়েশ্যনৰ জেনেভা অধিৱেশনত গ্ৰহণ কৰা হৈছিল ‘জেনেভাৰ ঘোষণাপত্ৰ৷ ‘ ২০১৭ চনত শেহতীয়াভাৱে সংশোধন কৰা হৈছে এই ঘোষণা পত্ৰ৷ য’ত উল্লেখ কৰা হৈছে এইদৰে–

‘মই নিষ্ঠাসহকাৰে প্ৰতিজ্ঞা কৰোঁ যে মই মোৰ জীৱন মানৱতাৰ সেৱাৰ বাবে উৎসৰ্গা কৰিম৷ ৰোগীৰ স্বাস্থ্য আৰু সুস্থতাই হ’ব মোৰ প্ৰথম বিবেচনাৰ বিষয়৷ মই ৰোগীৰ স্বতন্ত্ৰতা আৰু গৰিমাক সন্মান কৰিম৷ ৰোগীৰ জীৱনৰ প্ৰতি সৰ্ব্বোচ্চ সন্মান বহন কৰিম৷ মই বয়স, ৰোগ, পন্থা, লিংগ, নাগৰিকত্ব, ৰাজনৈতিক আদৰ্শ, বৰ্ণ, ধৰ্ম আদিক ৰোগী আৰু মোৰ মাজৰ সম্পৰ্কলৈ কেতিয়াও আহিব নিদিওঁ৷ মোক অৱগত কৰা ৰোগীৰ গোপনীয়তাক সদায় সন্মান কৰিম৷ আনকি ৰোগীৰ মৃত্যুৰ পাছতো৷’

WMA Declaration of Geneva

ইণ্ডিয়ান মেডিকেল কাউন্সিলৰ প্ৰফেচনেল কনডাক্ট, এটিকিউট এণ্ড এথিকছ ৰেগুলেশ্যনৰ দ্বিতীয় অধ্যায়ৰ দ্বিতীয় দফাত উল্লেখ কৰা হৈছে এইদৰে–‘ধৈৰ্য্য আৰু বিনম্ৰতা এজন চিকিৎসকৰ বিশেষত্ব হ’ব লাগে৷ ৰোগীয়ে চিকিৎসকক অৱগত কৰা ব্যক্তিগত অৰু ঘৰুৱা জীৱনৰ তথ্য বা চিকিৎসাধীন অৱস্থাত দেখা পোৱা স্বভাৱ বা চৰিত্ৰগত দোষ কেতিয়াও ৰাজহুৱা কৰিব নালাগে৷ যেতিয়ালৈকে আইনে সেয়া নিবিচাৰে৷’

https://wbconsumers.gov.in/writereaddata/ACT%20&%20RULES/Relevant%20Act%20&%20Rules/Code%20of%20Medical%20Ethics%20Regulations.pdf

এয়া হৈছে এগৰাকী চিকিৎসকৰ বৃত্তিগত নৈতিকতাৰ মূল আধাৰ৷ কিন্তু জি এম চি এইচত সংঘটিত দুৰ্ভাগ্যজনক ঘটনাটোক গাপ দিবলৈ গৈ যেন জ্যেষ্ঠ চিকিৎসকলেই পাহৰি গ’ল এই সমগ্ৰ নৈতিকতা৷ চিকিৎসাধীন কিশোৰী ৰোগী এগৰাকীৰ ৰোগ আৰু মানসিক স্বাস্থ্য সন্দৰ্ভত যিবোৰ তথ্য ৰাজহুৱা কৰা হ’ল, সেয়া চিকিৎসকৰ সকলো নৈতিকতাৰ পৰিপন্থী৷ জি এম চি এইচৰ জ্যেষ্ঠ চিকিৎসকসকল নিশ্চিতভাৱে পাৰদৰ্শী আৰু দক্ষ চিকিৎসক৷ কিন্তু নৈতিকতাৰ দিশৰ পৰা তেওঁলোক কিমান দক্ষ তাৰ ওপৰত শেহতীয়া বক্তব্যসমূহে ডাঙৰ প্ৰশ্নৰ অৱতাৰণা কৰি গ’ল৷

Leave A Reply

Your email address will not be published.