কি শপত পাহৰিলে জি এম চি এইচৰ জ্যেষ্ঠ চিকিৎসকে?

Share This Article

হিপ্প’ক্ৰেটিক অথ্ (Hippocratic Oath)-চিকিৎসকৰ নৈতিকতাৰ পাঠ হিচাপে বিশ্বজুৰি স্বীকৃত আৰু গৃহীত৷ যেতিয়া এজন চিকিৎসকে পেছাগত জীৱন আৰম্ভ কৰে, তেতিয়াই গ্ৰহণ কৰে হিপ’ক্ৰেটিক অথ্৷ হিপ্প’ক্ৰেটিক অথ্ পোনতে লিখা হৈছিল গ্ৰীক ভাষাত৷ যাক সমগ্ৰ বিশ্বই চিকিৎসাজগতত মানি চলিবলগীয়া নৈতিকতাৰ পাঠ হিচাপে গ্ৰহণ কৰিছে৷ মূল লিপি অনুসৰি নহ’লেও সেই নৈতিকতা মানি চলিয়েই বৃত্তিগত জীৱনত প্ৰৱেশৰ মুহূৰ্তত গ্ৰহণ কৰি আছে হিপ্প’ক্ৰেটিক অথ্৷ এই হিপ্প’ক্ৰেটিক অথৰ মূল লিপিৰ কিয়দংশ এনেধৰণৰ–

‘মই যাৰ ঘৰতেই প্ৰৱেশ নকৰোঁ, মই ৰোগীক সহায় কৰিবলৈ প্ৰৱেশ কৰিম৷ মই সকলো ভুল আৰু ক্ষতিকৰ কামৰ পৰা জ্ঞাতসাৰে বিৰত থাকিম৷ বিশেষকৈ পুৰুষ–মহিলাৰ শৰীৰৰ অপপ্ৰয়োগ কৰাৰ পৰা৷ মই পেছাগত জীৱনৰ ভিতৰত বা বাহিৰত মানুহৰ সৈতে সম্পৰ্ক কৰোঁতে যিয়েই নেদেখো না নুশুনো, সেয়া বাহিৰত প্ৰকাশৰ পৰা বিৰত থাকিম৷ তাক পবিত্ৰ ৰহস্য হিচাপে গণ্য কৰি প্ৰকাশ কৰাৰ পৰা বিৰত থাকিম৷’

https://en.wikipedia.org/wiki/Hippocratic_Oath

হিপ্প’ক্ৰেটিক অথৰ মূল লিপিৰ আধাৰতে ১৯৪৮ চনত ৱৰ্ল্ড মেডিকেল এছ’ছিয়েশ্যনৰ জেনেভা অধিৱেশনত গ্ৰহণ কৰা হৈছিল ‘জেনেভাৰ ঘোষণাপত্ৰ৷ ‘ ২০১৭ চনত শেহতীয়াভাৱে সংশোধন কৰা হৈছে এই ঘোষণা পত্ৰ৷ য’ত উল্লেখ কৰা হৈছে এইদৰে–

‘মই নিষ্ঠাসহকাৰে প্ৰতিজ্ঞা কৰোঁ যে মই মোৰ জীৱন মানৱতাৰ সেৱাৰ বাবে উৎসৰ্গা কৰিম৷ ৰোগীৰ স্বাস্থ্য আৰু সুস্থতাই হ’ব মোৰ প্ৰথম বিবেচনাৰ বিষয়৷ মই ৰোগীৰ স্বতন্ত্ৰতা আৰু গৰিমাক সন্মান কৰিম৷ ৰোগীৰ জীৱনৰ প্ৰতি সৰ্ব্বোচ্চ সন্মান বহন কৰিম৷ মই বয়স, ৰোগ, পন্থা, লিংগ, নাগৰিকত্ব, ৰাজনৈতিক আদৰ্শ, বৰ্ণ, ধৰ্ম আদিক ৰোগী আৰু মোৰ মাজৰ সম্পৰ্কলৈ কেতিয়াও আহিব নিদিওঁ৷ মোক অৱগত কৰা ৰোগীৰ গোপনীয়তাক সদায় সন্মান কৰিম৷ আনকি ৰোগীৰ মৃত্যুৰ পাছতো৷’

WMA Declaration of Geneva

ইণ্ডিয়ান মেডিকেল কাউন্সিলৰ প্ৰফেচনেল কনডাক্ট, এটিকিউট এণ্ড এথিকছ ৰেগুলেশ্যনৰ দ্বিতীয় অধ্যায়ৰ দ্বিতীয় দফাত উল্লেখ কৰা হৈছে এইদৰে–‘ধৈৰ্য্য আৰু বিনম্ৰতা এজন চিকিৎসকৰ বিশেষত্ব হ’ব লাগে৷ ৰোগীয়ে চিকিৎসকক অৱগত কৰা ব্যক্তিগত অৰু ঘৰুৱা জীৱনৰ তথ্য বা চিকিৎসাধীন অৱস্থাত দেখা পোৱা স্বভাৱ বা চৰিত্ৰগত দোষ কেতিয়াও ৰাজহুৱা কৰিব নালাগে৷ যেতিয়ালৈকে আইনে সেয়া নিবিচাৰে৷’

https://wbconsumers.gov.in/writereaddata/ACT%20&%20RULES/Relevant%20Act%20&%20Rules/Code%20of%20Medical%20Ethics%20Regulations.pdf

এয়া হৈছে এগৰাকী চিকিৎসকৰ বৃত্তিগত নৈতিকতাৰ মূল আধাৰ৷ কিন্তু জি এম চি এইচত সংঘটিত দুৰ্ভাগ্যজনক ঘটনাটোক গাপ দিবলৈ গৈ যেন জ্যেষ্ঠ চিকিৎসকলেই পাহৰি গ’ল এই সমগ্ৰ নৈতিকতা৷ চিকিৎসাধীন কিশোৰী ৰোগী এগৰাকীৰ ৰোগ আৰু মানসিক স্বাস্থ্য সন্দৰ্ভত যিবোৰ তথ্য ৰাজহুৱা কৰা হ’ল, সেয়া চিকিৎসকৰ সকলো নৈতিকতাৰ পৰিপন্থী৷ জি এম চি এইচৰ জ্যেষ্ঠ চিকিৎসকসকল নিশ্চিতভাৱে পাৰদৰ্শী আৰু দক্ষ চিকিৎসক৷ কিন্তু নৈতিকতাৰ দিশৰ পৰা তেওঁলোক কিমান দক্ষ তাৰ ওপৰত শেহতীয়া বক্তব্যসমূহে ডাঙৰ প্ৰশ্নৰ অৱতাৰণা কৰি গ’ল৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.