প্লাজমা থেৰাপি কৰোনা ভাইৰাছ আৰোগ্য কৰাৰ বাবে উপযুক্ত নহয় নেকি?

Share This Article

কৰোনা ভাইৰাছৰ চিকিৎসাত বৰ্তমানে ভাৰত বৰ্ষত বহুল ভাৱে চৰ্চিত হৈছে প্লাজমা থেৰাপি। ভাৰতবৰ্ষৰ প্ৰায় সকলো ৰাজ্যিক চৰকাৰে প্লাজমা থেৰাপিক কোভিড- ১৯ চিকিৎসাৰ এক অংশ ৰূপে গ্ৰহণ কৰাই নহয় প্লাজমা দানৰ বাবে কোভিড-১৯ ত আক্ৰান্ত হৈ আৰোগ্য হোৱা সকলক প্লাজমা দানৰ বাবে উৎসাহিত কৰিছে।

অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্লাজমা দান কৰা সকলক চৰকাৰী চাকৰি আৰু আঁচনি সমূহত অগ্ৰাধিকাৰ দিয়া হ’ব বুলিও কিছুদিন আগতে ঘোষণা কৰিছিল।

কিন্তু শেহতীয়াকৈ অল ইণ্ডিয়া মেডিকেল ইনষ্টিটিউট তথা এইমছৰ এক অভ্যন্তৰীণ বিশ্লেষণ পোহৰলৈ অহা অনুসৰি প্লাজমা থেৰাপি কৰোনা আক্ৰান্তৰ মৃত্যু সম্ভাৱনা কোনোধৰণৰ হ্ৰাস নকৰে। এই বাতৰি প্ৰকাশ পাইছে Indian Express নামৰ দেশৰ আগশাৰীৰ বাতৰি কাকত খনত।

বাতৰি কাকত খনত প্ৰকাশ পোৱা অনুসৰি এইমছৰ ৩০ জন কৰোনা আক্ৰান্তক লৈ কৰা এক পৰীক্ষাত প্লাজমা থেৰাপিৰ জৰিয়তে চিকিৎসা কৰা ৰোগী সকলৰ কোনো বিশেষ ধৰণৰ স্বাস্থ্যজনিত উন্নতি দেখিবলৈ পোৱা নগ’ল।

জানিব পৰা মতে উক্ত পৰীক্ষাত ৩০ জন ৰোগীক দুটা ভাগত বিভক্ত কৰি এটা গ্রুপক প্লাজমা থেৰাপিৰ চিকিৎসা আৰু আনটো গ্রুপক কোভিড-১৯ ৰ সকলোৰে বাবে থকা ষ্টেণ্ডাৰ্ড চাপ’ৰটিভ চিকিৎসা প্ৰদান কৰা হৈছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.