সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ভাৰতৰ ১৬০০ ব্যক্তিৰ দেহত ক’ৰোনা ভেকছিনৰ পৰীক্ষা

শীঘ্ৰে অন্ত পৰিব অপেক্ষাৰ ৷ ভাৰততো অতি সোনকালে অক্সফ’ৰ্ডে প্ৰস্তুত কৰা ক’ৰোনা ভেকছিনৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ক্লিনিকেল ট্ৰায়েল আৰম্ভ হ’ব ৷ দেওবাৰে নিশা টিকা প্ৰস্তুতকাৰী কোম্পানী ছেৰাম ইনষ্টিটিউটক দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ক্লিনিকেল ট্ৰায়েলৰ অনুমতি প্ৰদান কৰিছে ড্ৰাগ কন্ট্ৰ’লাৰ জেনেৰেল অব ইণ্ডিয়াই ৷ উল্লেখ্য যে অক্সফ’ৰ্ড আৰু এষ্ট্ৰাজেনেকাৰ লগত চুক্তি মৰ্মে ভাৰতত ক’ৰোনা প্ৰতিষেধক উৎপাদন কৰিব ছেৰাম ইনষ্টিটিউটে ৷ ভাৰতত প্ৰস্তুত হ’বলগীয়া এই ভেকছিনৰ নাম দিয়া হৈছে -কোভিছিল্ড৷ ইতিমধ্যে কোভিছিল্ডৰ প্ৰথম পৰ্যায়ৰ ট্ৰায়েলত আশানুৰূপ ফল পোৱা গৈছে ৷ ইয়াৰ পাছত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ হিউমেন ট্ৰায়েল আৰম্ভ কৰাৰ অনুমতি প্ৰদান কৰা হৈছে ৷ ছেৰাম ইনষ্টিটিউটে ড্ৰাগ কন্ট্ৰ’লাৰৰ ওচৰত দাখিল কৰা প্ৰতিবেদন অনুসৰি কোম্পেনীটোৱে দেশৰ ১৭ টা স্থানত ১৮ বছৰৰ ওপৰৰ ১৬০০ লোকৰ শৰীৰত এই ভেকছিনৰ পৰীক্ষা কৰিব ৷ এই ১৭ টা স্থানৰ ভিতৰত দিল্লীৰ এইমছো আছে ৷ আনহাতে , ছেৰা ইনষ্টিটিউটৰ চিইও আদৰ পুণেৱালাই জনোৱা মতে পৰৱৰ্তী দুটা পৰ্যায়ৰ ট্ৰায়েল সফলতাৰে সম্পন্ন হ’লে অহা নৱেম্বৰত কোম্পেনীটোৱে ৩০-৪০ লাখ ক’ৰোণা ভেকছিনৰ ড’জ প্ৰস্তুত কৰি উলিয়াব ৷ ইয়াৰে ৫০% ভাৰতত ব্যৱাৰ কৰা হ’ব আৰু বাকী ৫০% বিশ্বৰ বাকী স্থানলৈ প্ৰেৰণ কৰা হ’ব ৷

Leave A Reply

Your email address will not be published.