সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ডেংগুক পাত্তাই নিদিয়ে ‘মহাশক্তিমান’ স্বাস্থ্যমন্ত্ৰীয়ে

ৰাজ্যত বিগত কেইদিনমান ধৰি বৃদ্ধি পোৱা ডেংগু ৰোগ বৰ্তমান কিছু পৰিমাণে নিয়ন্ত্ৰণলৈ আহিছে ।দুই-এদিনৰ পৰা আক্ৰান্তৰ সংখ্যা কমিছে । ক’ভিডৰ সৈতে যুঁজ কৰা অসমবাসীয়ে এই ৰোগক লৈ শংকিত হোৱাৰ প্ৰয়োজন নাই । এই মন্তব্য স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ।নগাঁৱৰ অন্যতম শিক্ষানুষ্ঠান নৱৰূপ জাতীয় বিদ্যাপীঠৰ উদ্যোগত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত দেওবাৰে বিয়লি মঞ্চস্থ হোৱা ‘ৰামবিজয়’ আৰু ‘পাৰিজাত হৰণ’ অংকীয়া নাট উদ্ধোধন কৰি সংবাদ মাধ্যমৰ আগত এই মন্তব্য প্ৰদান কৰে নগঞা মন্ত্ৰী গৰাকীয়ে । ইপিনে অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী গৰাকীয়ে হোমিঅ’পেথিক কলেজৰ একত্ৰীকৰণ হ’বই বুলি উল্লেখ কৰি নগাঁও আৰু যোৰহাট হোমিঅ’পেথিক কলেজৰ গৃহত স্বাস্থ্য বিভাগে অন্য আঁচনি গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে । উল্লেখ্য যে, হেমিঅ’পেথিক কলেজ একত্ৰীকৰণৰ বিৰুদ্ধে একাংশ দল-সংগঠনে ক্ষোভ উজাৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব বুলি হুংকাৰ প্ৰদান কৰিছিল।

Leave A Reply

Your email address will not be published.