ওদালগুৰিত গৰ্ভৱতীৰ মৃত্যু

Share This Article

ওদালগুৰি জিলাৰ মাজবাটৰ অন্তৰ্গত লামাবাৰীৰ প্ৰেম বস্তিৰ নয়মী বাৰ্লা নামৰ এগৰাকী গৰ্ভৱতী মহিলাৰ অকালতে মৃত্যু ঘটে। লামাবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত অবৈতনিক ভাবে শিক্ষকতা কৰা নয়নী বাৰ্লা সকলো শিক্ষক- শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ -ছাত্ৰী সকলৰ মাজত জনপ্ৰিয় আছিল। নয়মী বুধবাৰে আবেলি গা বেয়া লগাত ততাতৈয়াকৈ ওচৰৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ গৈছিল যদিও সমস্যা গভীৰ হোৱা বাবে অন্য ঠাইলৈ নিবলৈ পৰামৰ্শ দিয়ে। মাজবাটৰ মহলীয়া পাৰা চিকিৎসালয় তাৰপিছত ওৰাং চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে অন্য চিকিৎসালয়লৈ নিয়াৰ পৰামর্শ দিয়ে।পৰিয়ালৰ লোকে নয়মী বাৰ্লাক সঙ্কটজনক অৱস্থা তেজপুৰ চিকিৎসালয়লৈ নি থকা অৱস্থাত আধাবাটতে নয়মীৰ মৃত্যু হয়। পৰিয়ালৰ লোকে জানিবলৈ দিয়ে যে নয়মী বাৰ্লাৰ গৰ্ভত দুটিকৈ সন্তান আছিল।মাতৃৰ লগতে দুটা কৈ সন্তানৰ গৰ্ভতে মৃত্যু হোৱা খবৰে লামাবাৰী অঞ্চলৰ ৰাইজৰ মাজত শোকৰ ছাঁ পৰিছে।লামাবাৰী অঞ্চলৰ একাংশ লোকে কয় যে মাজবাট অঞ্চলত চিকিৎসাৰ সু-ব্যৱস্থা থকা হ’লে নয়মী বাৰ্লাৰ অকাল বিয়োগ নহ’ল হেঁতেন বুলি স্বাস্হ্যবিভাগৰ ওপৰত ক্ষোভ উজাৰে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.