শ্ৰেণী Breaking News

Asset Watch: জি এছ ৰ’ডত মন্ত্ৰী অজন্তা নেওগৰ পুত্ৰৰ ৭ মহলীয়া বাণিজ্যিক অট্টলিকা

দ্য ক্ৰছকাৰেণ্টৰ বিশেষ প্ৰতিবেদন : গুৱাহাটীৰ ছয়মাইলত জি এছ ৰোডৰ একেবাৰে সমীপত শেহতীয়াকৈ সম্পূৰ্ণ হৈছে এটা সাত মহলীয়া বাণিজ্যিক অট্টালিকাৰ নিৰ্মাণ ৷ অট্টালিকাটোৰ নাম- নেক্সিয়া টাৱাৰ ৷প্ৰায় ১ বিঘা মাটিৰ চৌহদত এই অট্টালিকাটো নিৰ্মাণ কৰিছে নেক্সিয়া ডেভ’লপাৰ্ছ প্ৰাইভেট লিমিটেড নামৰ…

একেদিনাই মন্ত্ৰী জয়ন্তৰ পত্নীয়ে তেজপুৰত কিনিলে ৩৬ বিঘা অনা কৃষিভূমি

তেজপুৰৰ হলেশ্বৰ মৌজাৰ পুনিয়নী গাঁৱত একেটা পৰিয়ালৰ পৰা একেদিনাই ৩৬ বিঘা ভূমি ক্ৰয় কৰি জয়ন্ত মল্ল বৰুৱাৰ পত্নী জুলি ডেকা বৰুৱাই অন্য এক অভিলেখৰ গৰাকী হয়৷ দিনটো আছিল ২০২৩ চনৰ ২৪ জুলাই৷

বিশেষজ্ঞৰ পৰামৰ্শ নস্যাৎ! স্বতন্ত্ৰ কৰ্তৃপক্ষ অবিহনে গেৰুকামুখৰ প্ৰকল্পত উৎপাদনৰ বাবে সাজু NHPC

চৰকাৰে মানি লোৱা বিশেষজ্ঞৰ প্ৰতিবেদনকো নস্যাৎ কৰি তথা সৰ্বসন্মত চৰ্ত জলাঞ্জলি দি NHPC-য়ে গেৰুকামুখৰ জলবিদ্যুত প্ৰকল্পৰ উৎপাদন কাম আৰম্ভ কৰিবলৈ আগবাঢ়িছে। প্ৰাপ্ত খবৰ অনুসৰি, মে’ৰ মাহৰ শেষৰ পৰা উৎপাদনৰ বাবে সাজু নামনি সোৱনশিৰি জলবিদ্যুত প্ৰকল্প। বহু বিৰোধিতা, প্ৰতিবাদ, আন্দোলনৰ পাছতো…

এইবাৰ তুলিৰাম ৰংহাঙৰ ভুৱা পি এইচ ডি!

২০০ কোটি টকীয়া ফাৰ্ম হাউচ নিৰ্মাণ কৰি বিতৰ্কৰ আৱৰ্তত সোমাই পৰা কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ তুলিৰাম ৰংহাঙৰ পি এইচ ডি ডিগ্ৰীক লৈ আৰম্ভ হৈছে এক নতুন বিতৰ্ক৷ তুলিৰাম ৰংহাঙে এক অস্তিত্বহীন বিশ্ববিদ্যালয়ৰ পৰা ভুৱা পি এইচ ডি ডিগ্ৰী…

মানৱ অধিকাৰ আয়োগত জবাবদিহি হ’ব লাগিব অসম আৰক্ষী

The Crosscurrent

‘দ্য ক্ৰছকাৰেণ্ট’ৰ চীফ ৰিপ’ৰ্টাৰ দিলোৱাৰ হুছেইন মজুমদাৰক যড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰি মানৱ অধিকাৰৰ উলংঘন কৰিছে অসম আৰক্ষীয়ে। এই অভিযোগত অসম আৰক্ষী আৰু অসম চৰকাৰৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে ৰুজু কৰিছে নিজাববীয়া গোচৰ।

মুখ্যমন্ত্ৰীৰ প্ৰচাৰ বিলাসিতাত ১০০ কোটি, ‘কীকী’ ৰ হাতলৈ ৩৬ কোটি

মুখ্যমন্ত্ৰীৰ প্ৰচাৰ সভা মানেই জেপ গৰম 'কীকী' ৰ। ডেৰ বছৰত অস্থায়ী মঞ্চ -পেণ্ডেলত উৰুৱালে ১০০ কোটিৰো অধিক টকা। ঋণত পোত গৈছে চৰকাৰ, জেপ গধুৰ হৈছে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ ‘কীকী’ৰ। ডেৰ বছৰত মুখ্যমন্ত্ৰীৰ প্ৰচাৰ বিলাসিতাত ১০০ কোটি, 'কীকী' ৰ হাতলৈ ৩৬ কোটি।

মেগা বিহুৰ নামত ‘কী কী’ বাহিনীৰ জেপলৈ ১২.৬৮ কোটি

বিহুৰ গীনিজ ৰেকৰ্ডত ঠিকাৰ ছিণ্ডিকেটঃ ঠিকনা হাউচ নং ১১৯। ১৭ লাখ টকা ভাড়াৰ চোফাত বহিল ভি ভি আই পি। একক নিবিদাকাৰী ভূপিন্দৰ- কমলজিৎ-গুৰজাছ সিঙ বাহিনী।

কি শপত পাহৰিলে জি এম চি এইচৰ জ্যেষ্ঠ চিকিৎসকে?

হিপ্প’ক্ৰেটিক অথ্ (Hippocratic Oath)-চিকিৎসকৰ নৈতিকতাৰ পাঠ হিচাপে বিশ্বজুৰি স্বীকৃত আৰু গৃহীত৷ যেতিয়া এজন চিকিৎসকে পেছাগত জীৱন আৰম্ভ কৰে, তেতিয়াই গ্ৰহণ কৰে হিপ’ক্ৰেটিক অথ্৷ হিপ্প’ক্ৰেটিক অথ্ পোনতে লিখা হৈছিল গ্ৰীক ভাষাত৷ যাক সমগ্ৰ বিশ্বই চিকিৎসাজগতত মানি চলিবলগীয়া নৈতিকতাৰ পাঠ হিচাপে গ্ৰহণ…

খিলঞ্জীয়াৰ ভাগ্য নিয়ন্তাৰ ৰূপত শ্বাহী এণ্ড কোম্পানী

প্ৰধানমন্ত্ৰী আদি আদৰ্শ গ্ৰাম যোজনাৰ ২৪২.৩৭ কোটিৰ ঠিকাৰ ২২০.৭৯ কোটিয়েই ৪ বিতৰ্কিত ঠিকাদাৰৰ কব্জাত