একেদিনাই মন্ত্ৰী জয়ন্তৰ পত্নীয়ে তেজপুৰত কিনিলে ৩৬ বিঘা অনা কৃষিভূমি

তেজপুৰৰ হলেশ্বৰ মৌজাৰ পুনিয়নী গাঁৱত একেটা পৰিয়ালৰ পৰা একেদিনাই ৩৬ বিঘা ভূমি ক্ৰয় কৰি জয়ন্ত মল্ল বৰুৱাৰ পত্নী জুলি ডেকা বৰুৱাই অন্য এক অভিলেখৰ গৰাকী হয়৷ দিনটো আছিল ২০২৩ চনৰ ২৪ জুলাই৷

মন্ত্ৰিত্ব আজি আছে, কাইলৈ নাই৷ সেইবাবেই হেনো মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এখন দুগ্ধপাম খুলিছিল। দুগ্ধপামৰ নামত মন্ত্ৰীপত্নী হৈছিল ৫০ লাখ ৰাজসাহায্যৰ গৰাকী৷ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ পত্নীৰ ৰাজসাহায্যৰ বিষয়টোক এইদৰেই মান্যতা দিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা৷ কিন্তু মুখ্যমন্ত্ৰীৰ এই ধাৰণাক সম্পূৰ্ণ ভুল প্ৰমাণিত কৰিছে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই৷ বিধায়ক হৈ থকা অৱস্থাতে ১০০ বিঘাৰো অধিক কৃষিভূমিৰ এখন ফাৰ্মৰ স্বত্বাধিকাৰী হৈছিল জয়ন্ত মল্ল বৰুৱাৰ পত্নী জুলী ডেকা বৰুৱা৷ ৰঙিয়াৰ সেই কৃষি ফাৰ্মলৈকে ক্ৰয় কৰি নিয়া হৈছিল গৰুখুঁটিৰ বাবে অনা ২০ জনী গিৰ গাই৷ পৰৱৰ্তী সময়ত জয়ন্ত মল্ল বৰুৱাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত স্থান লাভৰ পাছতেই যেন আলাদিনৰ চাকি হাতত আহি পৰে মন্ত্ৰীগৰাকীৰ পৰিয়ালৰ হাতত৷

২০২২ চনৰ ৯ জুনত হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে জয়ন্ত মল্লবৰুৱাই৷ ইয়াৰ পাছতেই মন্ত্ৰী পত্নী জুলি ডেকা বৰুৱাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত খালী ভূমি বিচৰাৰ অভিযান আৰম্ভ কৰে৷ সেই অভিযানৰ অংশ হিচাপেই তেজপুৰত একেদিনাই ক্ৰয় কৰে ৩৬ বিঘা অকৃষিভূমি৷ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ তথ্য অনুসৰি, তেজপুৰৰ হলেশ্বৰ মৌজাৰ পুনিয়নী গাঁৱত একেটা পৰিয়ালৰ পৰা একেদিনাই ৩৬ বিঘা ভূমি ক্ৰয় কৰি জয়ন্ত মল্ল বৰুৱাৰ পত্নী জুলি ডেকা বৰুৱাই অন্য এক অভিলেখৰ গৰাকী হয়৷

দিনটো আছিল ২০২৩ চনৰ ২৪ জুলাই৷ সেইদিনা জুলি ডেকা বৰুৱাই হলেশ্বৰ মৌজাৰ পুনিয়নী গাঁৱত ৭৩ নং দাগৰ ১৯ নং পট্টাৰ ৭ বিঘা ১২ লেচা, ৭৪ নং দাগৰ ১৭ নং পট্টাৰ ১৩ বিঘা ২ কঠা ১০ লেচা আৰু ১৫ বিঘা ১ কঠা ১৮ লেচা ভূমি জুলি ডেকা বৰুৱাই ক্ৰয় কৰি লয়৷ ভূমিখিনি ক্ৰয় কৰা হৈছিল একেটা পৰিয়ালৰ পৰাই৷ গৌৰী ভট্টাচাৰ্য, তুলসী চৰণ ভট্টাচাৰ্য, সমীৰণ ভট্টাচাৰ্য, অপূৰ্ব ভট্টাচাৰ্য আৰু অৰ্পণা ভট্টাচাৰ্যৰ পৰা এই ৩৬ বিঘা অ-কৃষিভূমি ক্ৰয় কৰা হয়৷

এই বাতৰিও পঢ়ক- কোন নেতাক হাতত লৈ দেবোলাল বাহিনীৰ ভূমি দখল অভিযান?

ইয়াতেই অন্ত নপৰিল মন্ত্ৰী পত্নী জুলি ডেকা বৰুৱাৰ ভূমি ক্ৰয় অভিযানৰ৷ ইয়াৰ পাছত নলবাৰী জিলাতো মন্ত্ৰী পত্নী জয়ন্ত মল্লবৰুৱাৰ পত্নী জুলি ডেকা বৰুৱাই নিস্ফি খেৰাজী পট্টাৰ ভূমি ক্ৰয় কৰা বুলি বাতৰি প্ৰকাশ পাইছে৷ যি ভূমি ৰাজহ আন ম্যাদী মাটিৰ আধা৷ এইদৰেই মন্ত্ৰী পত্নী জুলি ডেকা বৰুৱাই জয়ন্ত মল্লবৰুৱাৰ মন্ত্ৰীত্ব লাভৰ পাছতেই বিঘাই বিঘাই ভূমি ক্ৰয় অভিযান আৰম্ভ কৰি অগ্ৰজসকলৰ পথেই যেন অনুসৰণ কৰিছে৷ উল্লেখ্য যে, ২০২১ৰ বিধানসভা নিৰ্বাচনত জয়ন্ত মল্লবৰুৱাই দাখিল কৰা শপতনামা অনুসৰি, তেওঁৰ পত্নীৰ নামত কেৱল ১.১ বিঘা অকৃষিভূমিহে আছিল৷ নাছিল কোনো কৃষিভূমি৷ কিন্তু তাৰ পাছত জয়ন্ত মল্লবৰুৱাৰ মন্ত্ৰীসভাত স্থান লাভৰ পাছতেই অকস্মাৎ পৰিয়ালটোৱে আলাদিনৰ চাকি লাভ কৰে বুলি সৰ্বত্ৰ চৰ্চা চলিছে৷ ১০৭ বিঘা ভূমিৰ কৃষি পামৰ গৰাকী হোৱাৰ পাছতো জুলি ডেকা বৰুৱাই যি হাৰত ভূমি ক্ৰয় অভিযান আৰম্ভ কৰিছে, তাৰ পৰা এনে চৰ্চা চলাটোৱে স্বাভাৱিক৷
মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মা, কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ পত্নী, ডিমাহাচাও স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবোলাল গাৰ্লোচাৰ পত্নীৰ বিৰুদ্ধে ভূমি ক্ৰয়ৰ অশ্বমেধ অভিযানৰ যি অভিযোগ উত্থাপন হৈছে, সেই একেই অভিযোগত এইবাৰ নাম সাঙোৰ খাইছে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ পত্নী জুলি ডেকা বৰুৱাৰ৷ পত্নীৰ সম্পত্তিৰ ক্ষেত্ৰত এতিয়া মুখ্যমন্ত্ৰীৰ পৰা মন্ত্ৰীলৈকে এইদৰেই একেডাল সূতাৰে বান্ধ খাই পৰিছে৷

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296