কোন নেতাক হাতত লৈ দেবোলাল বাহিনীৰ ভূমি দখল অভিযান?

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মাটি দালাল, দালালক সহযোগ কৰা চৰকাৰী বিষয়া–কৰ্মচাৰীৰ বিৰুদ্ধে ৰাজ্যজুৰি চলিছে অভিযান ৷ কিন্তু সেই একেগৰাকী মুখ্যমন্ত্ৰীৰ চকুৰ সন্মুখতে এতিয়া পাহাৰীয়া জিলা ডিমা হাচাওত চলিছে হাজাৰ হাজাৰ বিঘা চৰকাৰী মাটিত মুকলি বেদখল ৷ খোদ ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য, প্ৰাক্তন উগ্ৰপন্থী নেতা দেবোলাল গাৰ্লোচাৰ পৃষ্ঠপোষকতাত এই বেদখল চলাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ তাৰ পাছতো দেবোলাল গাৰ্লোচাক আকৌ এবাৰ ডিমা হাচাওৰ দায়িত্ব দিবলৈ জিলাখনত উবুৰি খাই পৰিছে বিজেপি নেতা মন্ত্ৰী ৷

দ্য ক্ৰছকাৰেণ্টৰ হাতত পৰা অভিযোগ অনুসৰি, দেবোলাল গাৰ্লোচা ওৰফে ডেনিয়েল ডিমাচাই ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ দায়িত্ব লোৱাৰ দিনটোৰে পৰা জিলাখনত আৰম্ভ হয় একনায়কত্ববাদ ৷ কেৱল চৰকাৰী আঁচনিৰ অবাধ দুৰ্নীতিয়েই নহয়, চৰকাৰী ভূমিতো মুকলি বেদখল আৰম্ভ হয় শাসকীয় পক্ষৰ পৃষ্ঠপোষকতাত ৷ আৰম্ভ হয় ভয় ভাবুকি, দমন-নিপীড়ন আৰু মুকলি গুণ্ডাৰাজ ৷ দেবোলাল গাৰ্লোচা বাহিনীৰ ভয়ত এতিয়া ডিমা হাচাওত কোনেও মুখ খুলি কথা ক’ব নোৱাৰা পৰিস্থিতি ৷ জনতাৰ কণ্ঠ স্তব্ধ কৰি দেবোলাল বাহিনীয়ে বিঘাই বিঘাই চৰকাৰী মাটি বেদখল কৰি যোৱাৰ গুৰুতৰ অভিযোগো উত্থাপন হৈছে ৷

এয়া উমাৰাংছুৰ পুশ্ৰীঙদি ইজলেণ্ড৷ য’ত আছে বন বিভাগৰ প্ৰায় ১০০০ বিঘা ভূমি ৷ কিন্তু এই ভূমিও এয়া দেবোলাল গাৰ্লোচাৰ কব্জাত থকাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ বন বিভাগৰ ভূমিত দেবোলাল গাৰ্লোচাৰ নিজৰ জীয়ৰীৰ নামত ইজলেণ্ড চলি থকাৰ খবৰ এতিয়া ডিমাহাচাওৰ সকলোৰে মুখে মুখে ৷


এয়া লোকনিৰ্মাণ বিভাগে মাইবঙত নতুনকৈ নিৰ্মাণ কৰা এটা চৰকাৰী আবাস ৷ লোকনিৰ্মাণৰ মাইবং ডিভিজনে পুৰণি দুটা আবাস ভাঙি তাৰ স্থানত এই অট্টালিকা নিৰ্মাণ কৰিছে ৷ কিন্তু এই অট্টালিকা এতিয়া দেবোলাল গাৰ্লোচাৰ পৰিয়ালৰ লোকে বসবাসৰ বাবে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷


বন বা লোকনিৰ্মাণেই নহয়, হাফলঙত থকা পশুপালন বিভাগ(ওপৰৰ ফটোত)ৰ এই চৰকাৰী আবসো এতিয়া একেটা মহলৰ হাতৰ মুঠিত ৷

 

 

 

 

 

 

 

হাফলঙত থকা ভাৰতীয় খাদ্য নিগমৰ এই গুডাম (ওপৰৰ ফটোত) এতিয়া চৰকাৰী কামত ব্যৱহাৰ নহয় ৷ কাৰণ, এই ভূমি এতিয়া ক্ষমতাশালী মহলৰ ব্যক্তিগত ব্যৱহাৰৰ বাবে সংৰক্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

এয়া হাফলঙত পৰ্যটন বিভাগৰ ভূমিত স্থাপন হোৱা পেট্ৰ’ল পাম্প ৷ আনটো পেট্ৰ’ল পাম্প স্থাপন কৰা হৈছে দিয়ুংব্ৰাত(তলৰ ফটোত) থকা লোকনিৰ্মাণ বিভাগৰ ভূমিত ৷ কোনে চৰকাৰী মাটি দখল কৰি তাত ব্যৱসায় চলাই আছে , তাক উল্লেখ কৰাৰ নিশ্চয় প্ৰয়োজন নাই ৷

ইয়াতেই ডিমা হাচাওৰ চৰকাৰী ভূমি বেদখলৰ কাহিনী শেষ হোৱা নাই ৷ হাফলঙত থকা গোপীনাথ বৰদলৈ প্ৰাথমিক বিদ্যালয় (তলৰ প্ৰথমখন ফটোত) , হাফলঙৰ হাগজেৰ নগৰ প্ৰাথমিক বিদ্যালয় (তলৰ দ্বিতীয়খন ফটোত) সকলোতে এতিয়া ডিমা হাচাওৰ ৰাজনৈতিকভাৱে আটাইতকৈ ক্ষমতাশালী বাহিনীৰ দখল চলাৰ গুৰুতৰ অভিযোগ বিগত সময়ছোৱাত উত্থাপন হৈ আছে ৷

 

 

 

 

 

 

বন বিভাগ , পৰ্যটন বিভাগৰ , লোকনিৰ্মাণ বিভাগৰ পৰা আৰম্ভ কৰি বিদ্যালয়ৰ ভূমি একোয়েই বেদখলৰ পৰা বাদ পৰি যোৱা নাই ৷ সন্দেহ নাই যে ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদৰ পৃষ্ঠপোষকতা অবিহনে এই ব্যাপক হাৰত চৰকাৰী ভূমি দখল অসম্ভৱ ৷ আনকি খোদ মুখ্য কাৰ্যবাহী সদস্য দেবোলাল গাৰ্লোচাৰ পৃষ্ঠপোষকতাতে চৰকাৰী ভূমি দখল অভিযান চলি থকাৰ বাতৰি ধাৰাবাহিভাৱে প্ৰকাশ হৈ আহিছে ৷ আনকি ভয় ভাবুকিৰে ব্যক্তিগত ভূমি কম দামত বিক্ৰীৰ বাবে বাধ্য কৰোৱাৰো অনেক অভিযোগ বিগত সময়ছোৱাত উত্থাপন হৈ আহিছে ৷ কিন্তু তাৰ পাছতো ভূ-মাফিয়াৰ বিৰুদ্ধে চলা অভিযানে ঢুকি নাপায় ডিমা হাচাওক ৷ কাৰণ, ডিমাহাচাও স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবোলাল গাৰ্লোচাৰ হাতৰ মুঠিত বন্দী হৈ পৰিছে বিজেপিৰ বহু ক্ষমতাশালী নেতা ৷ দেবোলালৰ বিশাল সাম্ৰাজ্যৰ অংশীদাৰ হোৱাৰ আশাতে আকৌ এবাৰ ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদত দেবোলালৰ হাতত গতাই দিবলৈ উঠি পৰি লাগিছে নিজকে নিকা আৰু সংস্কাৰী বুলি দাবী কৰা বিজেপি দল ৷ এই কুচকাৱাজলৈ চালেই বিজেপি চৰকাৰৰ দুৰ্নীতি বিৰোধী শ্ল’গান হৈ পৰে কৌতুকৰ নামান্তৰ মাত্ৰ ৷

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296