সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কোন নেতাক হাতত লৈ দেবোলাল বাহিনীৰ ভূমি দখল অভিযান?

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মাটি দালাল, দালালক সহযোগ কৰা চৰকাৰী বিষয়া–কৰ্মচাৰীৰ বিৰুদ্ধে ৰাজ্যজুৰি চলিছে অভিযান ৷ কিন্তু সেই একেগৰাকী মুখ্যমন্ত্ৰীৰ চকুৰ সন্মুখতে এতিয়া পাহাৰীয়া জিলা ডিমা হাচাওত চলিছে হাজাৰ হাজাৰ বিঘা চৰকাৰী মাটিত মুকলি বেদখল ৷ খোদ ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য, প্ৰাক্তন উগ্ৰপন্থী নেতা দেবোলাল গাৰ্লোচাৰ পৃষ্ঠপোষকতাত এই বেদখল চলাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ তাৰ পাছতো দেবোলাল গাৰ্লোচাক আকৌ এবাৰ ডিমা হাচাওৰ দায়িত্ব দিবলৈ জিলাখনত উবুৰি খাই পৰিছে বিজেপি নেতা মন্ত্ৰী ৷

দ্য ক্ৰছকাৰেণ্টৰ হাতত পৰা অভিযোগ অনুসৰি, দেবোলাল গাৰ্লোচা ওৰফে ডেনিয়েল ডিমাচাই ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ দায়িত্ব লোৱাৰ দিনটোৰে পৰা জিলাখনত আৰম্ভ হয় একনায়কত্ববাদ ৷ কেৱল চৰকাৰী আঁচনিৰ অবাধ দুৰ্নীতিয়েই নহয়, চৰকাৰী ভূমিতো মুকলি বেদখল আৰম্ভ হয় শাসকীয় পক্ষৰ পৃষ্ঠপোষকতাত ৷ আৰম্ভ হয় ভয় ভাবুকি, দমন-নিপীড়ন আৰু মুকলি গুণ্ডাৰাজ ৷ দেবোলাল গাৰ্লোচা বাহিনীৰ ভয়ত এতিয়া ডিমা হাচাওত কোনেও মুখ খুলি কথা ক’ব নোৱাৰা পৰিস্থিতি ৷ জনতাৰ কণ্ঠ স্তব্ধ কৰি দেবোলাল বাহিনীয়ে বিঘাই বিঘাই চৰকাৰী মাটি বেদখল কৰি যোৱাৰ গুৰুতৰ অভিযোগো উত্থাপন হৈছে ৷

- Donation -

এয়া উমাৰাংছুৰ পুশ্ৰীঙদি ইজলেণ্ড৷ য’ত আছে বন বিভাগৰ প্ৰায় ১০০০ বিঘা ভূমি ৷ কিন্তু এই ভূমিও এয়া দেবোলাল গাৰ্লোচাৰ কব্জাত থকাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ বন বিভাগৰ ভূমিত দেবোলাল গাৰ্লোচাৰ নিজৰ জীয়ৰীৰ নামত ইজলেণ্ড চলি থকাৰ খবৰ এতিয়া ডিমাহাচাওৰ সকলোৰে মুখে মুখে ৷


এয়া লোকনিৰ্মাণ বিভাগে মাইবঙত নতুনকৈ নিৰ্মাণ কৰা এটা চৰকাৰী আবাস ৷ লোকনিৰ্মাণৰ মাইবং ডিভিজনে পুৰণি দুটা আবাস ভাঙি তাৰ স্থানত এই অট্টালিকা নিৰ্মাণ কৰিছে ৷ কিন্তু এই অট্টালিকা এতিয়া দেবোলাল গাৰ্লোচাৰ পৰিয়ালৰ লোকে বসবাসৰ বাবে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷


বন বা লোকনিৰ্মাণেই নহয়, হাফলঙত থকা পশুপালন বিভাগ(ওপৰৰ ফটোত)ৰ এই চৰকাৰী আবসো এতিয়া একেটা মহলৰ হাতৰ মুঠিত ৷

 

 

 

 

 

 

 

হাফলঙত থকা ভাৰতীয় খাদ্য নিগমৰ এই গুডাম (ওপৰৰ ফটোত) এতিয়া চৰকাৰী কামত ব্যৱহাৰ নহয় ৷ কাৰণ, এই ভূমি এতিয়া ক্ষমতাশালী মহলৰ ব্যক্তিগত ব্যৱহাৰৰ বাবে সংৰক্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

এয়া হাফলঙত পৰ্যটন বিভাগৰ ভূমিত স্থাপন হোৱা পেট্ৰ’ল পাম্প ৷ আনটো পেট্ৰ’ল পাম্প স্থাপন কৰা হৈছে দিয়ুংব্ৰাত(তলৰ ফটোত) থকা লোকনিৰ্মাণ বিভাগৰ ভূমিত ৷ কোনে চৰকাৰী মাটি দখল কৰি তাত ব্যৱসায় চলাই আছে , তাক উল্লেখ কৰাৰ নিশ্চয় প্ৰয়োজন নাই ৷

ইয়াতেই ডিমা হাচাওৰ চৰকাৰী ভূমি বেদখলৰ কাহিনী শেষ হোৱা নাই ৷ হাফলঙত থকা গোপীনাথ বৰদলৈ প্ৰাথমিক বিদ্যালয় (তলৰ প্ৰথমখন ফটোত) , হাফলঙৰ হাগজেৰ নগৰ প্ৰাথমিক বিদ্যালয় (তলৰ দ্বিতীয়খন ফটোত) সকলোতে এতিয়া ডিমা হাচাওৰ ৰাজনৈতিকভাৱে আটাইতকৈ ক্ষমতাশালী বাহিনীৰ দখল চলাৰ গুৰুতৰ অভিযোগ বিগত সময়ছোৱাত উত্থাপন হৈ আছে ৷

 

 

 

 

 

 

বন বিভাগ , পৰ্যটন বিভাগৰ , লোকনিৰ্মাণ বিভাগৰ পৰা আৰম্ভ কৰি বিদ্যালয়ৰ ভূমি একোয়েই বেদখলৰ পৰা বাদ পৰি যোৱা নাই ৷ সন্দেহ নাই যে ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদৰ পৃষ্ঠপোষকতা অবিহনে এই ব্যাপক হাৰত চৰকাৰী ভূমি দখল অসম্ভৱ ৷ আনকি খোদ মুখ্য কাৰ্যবাহী সদস্য দেবোলাল গাৰ্লোচাৰ পৃষ্ঠপোষকতাতে চৰকাৰী ভূমি দখল অভিযান চলি থকাৰ বাতৰি ধাৰাবাহিভাৱে প্ৰকাশ হৈ আহিছে ৷ আনকি ভয় ভাবুকিৰে ব্যক্তিগত ভূমি কম দামত বিক্ৰীৰ বাবে বাধ্য কৰোৱাৰো অনেক অভিযোগ বিগত সময়ছোৱাত উত্থাপন হৈ আহিছে ৷ কিন্তু তাৰ পাছতো ভূ-মাফিয়াৰ বিৰুদ্ধে চলা অভিযানে ঢুকি নাপায় ডিমা হাচাওক ৷ কাৰণ, ডিমাহাচাও স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবোলাল গাৰ্লোচাৰ হাতৰ মুঠিত বন্দী হৈ পৰিছে বিজেপিৰ বহু ক্ষমতাশালী নেতা ৷ দেবোলালৰ বিশাল সাম্ৰাজ্যৰ অংশীদাৰ হোৱাৰ আশাতে আকৌ এবাৰ ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদত দেবোলালৰ হাতত গতাই দিবলৈ উঠি পৰি লাগিছে নিজকে নিকা আৰু সংস্কাৰী বুলি দাবী কৰা বিজেপি দল ৷ এই কুচকাৱাজলৈ চালেই বিজেপি চৰকাৰৰ দুৰ্নীতি বিৰোধী শ্ল’গান হৈ পৰে কৌতুকৰ নামান্তৰ মাত্ৰ ৷

Leave A Reply

Your email address will not be published.