সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

এইবাৰ তুলিৰাম ৰংহাঙৰ ভুৱা পি এইচ ডি!

২০০ কোটি টকীয়া ফাৰ্ম হাউচ নিৰ্মাণ কৰি বিতৰ্কৰ আৱৰ্তত সোমাই পৰা কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ তুলিৰাম ৰংহাঙৰ পি এইচ ডি ডিগ্ৰীক লৈ আৰম্ভ হৈছে এক নতুন বিতৰ্ক৷ তুলিৰাম ৰংহাঙে এক অস্তিত্বহীন বিশ্ববিদ্যালয়ৰ পৰা ভুৱা পি এইচ ডি ডিগ্ৰী লাভ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷
২০২১ চনৰ ৭ নৱেম্বৰত সামাজিক মাধ্যমত বিতৰ্কিত তুলিৰাম ৰংহাঙে নিজেই ফেচবুকত আপলোড কৰিছিল এটা বিশেষ ভিডিঅ’ পোষ্ট৷ য’ত তেওঁ ভাৰথ ভাৰ্ছুৱেল ইউনিভাৰ্ছিটীৰ পৰা সন্মনীয় ডক্টৰেট ডিগ্ৰী লাভ কৰা বুলি উল্লেখ কৰিছে৷ বাংগালুৰুত ডক্টৰেট ডিগ্ৰী লৈ তুলিৰাম ৰংহাঙে এই সন্মান অৰ্পণ কৰিছে কাৰ্বি আংলঙৰ জনতাৰ হাতত। ভালদৰে মন কৰক–তুলিৰাম ৰংহাঙে ডক্টৰেট ডিগ্ৰী লাভ কৰা বিশ্ববিদ্যালয়খনলৈ৷

 

Receiving the honorary doctorate degree from Bharath Virtual University for Peace and Development in Bangalore today. This is a recognition of our joint efforts. Thanks to you all. Dedicating it to the people of Karbi Anglong.

Posted by Tuliram Ronghang on Sunday 7 November 2021

- Donation -

বিশ্ববিদ্যালয়খনৰ নাম–ভাৰথ ভাৰ্ছুয়েল ইউনিভাৰ্ছিটী ফৰ পীচ এণ্ড এডুকেশ্যন। কোৱা হৈছে যে এই বিশ্ববিদ্যালয়খন ইউ জি চি এফ টি নামৰ এটা সংস্থাৰ অন্তৰ্গত আৰু নীতি আয়োগৰ অধীনত পঞ্জীয়নভুক্ত৷ কিন্তু ইউ জি চি আইন ১৯৫৬ৰ অনুচ্ছেদ ২২ অনুসৰি বিশ্ববিদ‍্যালয়খন ইউ জি চি, ভাৰত বা কোনো ৰাজ‍্য চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত নহয়। কেৱল স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ‍্যালয়েহে ডিগ্ৰী প্ৰদান কৰিব পাৰে। ভাৰতৰ বিশ্ববিদ্যালয়সমূহক অনুমোদন দিয়ে বিশ্ববিদ্যালয় অনুদান আয়োগ অৰ্থাৎ ইউনিভাৰ্ছিটী গ্ৰাণ্ট কমিছন চমুকৈ ইউ জি চিয়ে৷ ভাৰথ ভাৰ্ছুয়েল ইউনিভাৰ্ছিটীখনো ইউ জি চি এফ টি নামৰ এটা সংস্থাৰ অন্তৰ্গত বুলি কোৱা হৈছে৷ কিন্তু সেয়া ইউ জি চি অৰ্থাৎ ইউনিভাৰ্ছিটী গ্ৰাণ্ট কমিছন নহয়৷ বিশ্ববিদ্যালয়খনৰ ৱেবচাইটত উল্লেখ থকা অনুসৰি, ভাৰথ ভাৰ্ছুয়েল ইউনিভাৰ্ছিটীখন ইউনিভাৰ্ছেল কেয়াৰ ফাউণ্ডেশ্যন ট্ৰাষ্টৰহে অধীনষ্ঠ৷ অৰ্থাৎ এই বিশ্ববিদ্যালয়খনৰ কোনো অনুমোদন ইউ জি চিয়ে প্ৰদান কৰা নাই৷ বিশ্ববিদ্যালয়খনৰ কোনো অস্তিত্বও নাই৷ ৱেবচাইটত উল্লেখ থকা অনুসৰি, ভাৰ্ছুয়েল ইউনিভাৰ্ছিটী হোৱা বাবেই হেনো কোনো শ্ৰেণীকোঠা, প্ৰেক্ষাগৃহ, পুথিভঁৰাল আদি নাথাকে৷ কেৱল এটা কাৰ্যালয়ৰ পৰা চলি আছে এই ভাৰ্ছুয়েল ইউনিভাৰ্ছিটীখন৷ বিশ্ববিদ্যালয় অনুদান আয়োগৰ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ তালিকাতো এনে কোনো বিশ্ববিদ্যালয়ৰ নাম নাই৷

অৰ্থাৎ এখন অস্তিত্বহীন বিশ্ববিদ্যালয়ৰ পৰা ভুৱা পি এইচ ডি লৈ তুলিৰাম ৰংহাঙে যে ৰাইজক আভুৱা ভাৰিছে, সেয়া দিনৰ পোহৰৰ দৰেই স্পষ্ট৷ এনেদৰেই এগৰাকী মন্ত্ৰীয়ে এখন ভুৱা বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি ডিগ্ৰী লাভ কৰাক লৈ উত্তাল হৈ পৰিছে ঝাৰখণ্ডৰ ৰাজনীতি৷

 

ঝাৰখণ্ডৰ সংখ্যালঘু কল্যাণ মন্ত্ৰী হাফিজুল হাছানে ভাৰত ভাৰ্ছুয়েল অপেন ইউনিভাৰ্ছিটীৰ পৰা পি এই ডি লাভ কৰাৰ এটা খবৰ প্ৰকাশ কৰিছিল৷ তাৰ পাছতেই এই ভুৱা পি এইচ ডিক লৈ সৰৱ হৈ পৰে বিজেপি দল৷ বিজেপি মুখপাত্ৰৰ অভিযোগ-ভাৰত ভাৰ্ছুয়েল অপেন ইউনিভাৰ্ছিটীৰ পৰা লোৱা এই পি এইচ ডি ভুৱাই নহয়, ইয়াৰ সৈতে পাকিস্তানৰো সম্পৰ্ক আছে৷

এতিয়া প্ৰশ্ন হৈছে ঝাৰখণ্ডত ভুৱা পি এইচ ডিক লৈ সৰৱ হোৱা বিজেপি তুলিৰাম ৰংহাঙৰ ভুৱা ডক্টৰেট ডিগ্ৰীক লৈ নীৰৱ কিয়? কিয় ভুৱা ডক্টৰেট লৈ জনতাক আভুৱা ভাৰা তুলিৰামৰ বিৰুদ্ধে লোৱা নহয় ব্যৱস্থা? নে ২০০ কোটিৰ ৰাজহাউলিৰ বিষয়টোৰ দৰেই তুলিৰামৰ ভুৱা পি এই ডিক লৈও ধৃতৰাষ্ট্ৰৰ ভূমিকা ল’ব বিজেপিয়ে? এনেদৰেই শ্যামাপ্ৰসাদ মুখাৰ্জী, দীনদয়াল উপাধ্যায়ৰ আদৰ্শ দাঙি ধৰিছে নেকি বিজেপিয়ে?

Leave A Reply

Your email address will not be published.