মুখ্যমন্ত্ৰীৰ প্ৰচাৰ বিলাসিতাত ১০০ কোটি, ‘কীকী’ ৰ হাতলৈ ৩৬ কোটি
ডেৰ বছৰত মুখ্যমন্ত্ৰীৰ প্ৰচাৰ বিলাসিতাত ১০০ কোটি, 'কীকী' ৰ হাতলৈ ৩৬ কোটি
গৌতম প্ৰতিম গগৈ , ২ মাৰ্চ,২০২৫:
হাজাৰ হাজাৰ কোটিৰ ঋণত ককবকাই থকা ৰাজ্যত এতিয়া চলিছে কেৱল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচাৰৰ বিলাসিতা৷ যাৰ বাবে অসম চৰকাৰে প্ৰায় প্ৰতিদিনে প্ৰচাৰৰ উৎসৱ পাতি অস্থায়ী পেণ্ডেলৰ নামত কোটি কোটি টকা ব্যয় কৰিবলৈও কুণ্ঠাবোধ কৰা নাই৷ বিগত ডেৰ বছৰত ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে প্ৰায় এশ কোটি টকা ব্যয় কৰাৰ দৰে আশ্চৰ্যকৰ ঘটনা সংঘটিত কৰিছে৷ইয়াৰে ৬৬ কোটিৰো অধিক টকাৰ হিচাপ দ্য ক্ৰছকাৰেণ্টে লাভ কৰিছে৷ বিভিন্ন উপলক্ষত, সেয়া লাগিলে গণৰাজ্য দিৱস হওক বা বিকাশৰ ১২ দিন হওক নাইবা মেগা বিহু পাতি হ’লেও চৰকাৰে উৰুৱাইছে এই বিশাল পৰিমাণৰ ৰাজকোষৰ ধন৷ মেগা বিহুৰ নামত ‘কী কী’ বাহিনী অৰ্থাৎ ভূপেন্দৰ পাল সিং, কমলজিৎ সিঙে কিদৰে পোষ্ট ডেটেড নিবিদাৰ জৰিয়তে ১২ কোটি ৬৮ লাখ টকা সৰকালে সেয়া ইতিমধ্যে ‘দ্য ক্ৰছকাৰেণ্ট’ৰ প্ৰতিবেদনত প্ৰকাশ পাইছে৷ কেৱল বিহুয়েই নহয় ইটোৰ পাছত সিটো উৎসৱ পাতি একেখন চৰকাৰে একেই হাৰত অস্থায়ী পেণ্ডেলৰ নামত ‘কী কী বাহিনী’ আৰু আন আন টেণ্ট হাউচক আদায় দিছে বিশাল পৰিমাণৰ ধন৷ মেগা বিহুৰ নামত ভূপিন্দৰ পাল সিং আৰু তেওঁৰ সহযোগীসকলে ১২.৬৮ কোটি টকা আদায় কৰাৰ পাছত ২০২৪ চনৰ ২৩ ডিচেম্বৰত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীয়ে মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাইৰ বাবে আয়োজন কৰা বিশাল সভাৰ মঞ্চ আৰু পেণ্ডেল নিৰ্মাণৰ ঠিকাও লাভ কৰে কমলজিৎ সিঙৰ কেপিটেল অভাৰলেইজে৷ এই ঠিকাৰ পৰিমাণ আছিল ৩,০১,৯১,৭২০ টকা৷ আশ্চৰ্যজনক কথাটো হ’ল ২০২৪ চনৰ ২৩ ডিচেম্বৰত অনুষ্ঠিত এই সভাৰ পেণ্ডেল নিৰ্মাণৰ দায়িত্ব কমলজিৎ সিঙক দিয়া হৈছিল ২০২৫ চনৰ ২৪ জানুৱাৰীত৷ অৰ্থাত্ এমাহৰ পাছত।
ইয়াতেই শেষ হোৱা নাই কীকী বাহিনীৰ কাহিনী। ভূপিন্দৰ সিং পালৰ এ চি এম ই ইভেণ্টছ আৰু কমলজিৎ সিঙৰ কেপিটেল অভাৰলেইজে লাভ কৰিছিল এইমছৰ উদ্বোধনী অনুষ্ঠানৰ ঠিকা৷ ২০২৩ চনৰ ১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিছিল চাংসাৰিত নিৰ্মাণ কৰা এই চিকিৎসা প্ৰতিষ্ঠানখন৷ এই অনুষ্ঠানৰ পেণ্ডেল, মঞ্চ আদি নিৰ্মাণৰ নামত ‘কী কী’ বাহিনীক আদায় দিয়া হয় মুঠ ৪,৬২,৫৭,৫২১ টকা৷ আচৰিত হ’বলগীয়া কথাটো হ’ল এই ভূপিন্দৰ পাল সিং অৰ্থাৎ কীকীয়ে গ্ৰাছ কাৰ্পেটৰ নামত ৩৫,০২,১৩৯ টকা আৰু ৰেড কাৰ্পেটৰ নামতেই ১৪,৭৬,১৬৫ টকা আদায় কৰে৷ সেই একেদিনাই তিনিখন আন মেডিকেল কলেজো ৰাজ্যবাসীলৈ উৎসৰ্গা কৰিছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে৷ সেই উপলক্ষে নগাঁও, কোকৰাঝাৰ আৰু নলবাৰী মেডিকেল কলেজতো সুকীয়া অনুষ্ঠানৰ আয়োজন কৰা হৈছিল৷ ইয়াৰে কেৱল নগাঁও মেডিকেল কলেজত অস্থায়ী পেণ্ডেলৰ নামত ব্যয় কৰা হৈছিল ৯৫,৯৪,৬০১ টকা৷এই ধনো লাভ কৰিছিল কমলজিৎ সিঙে৷ সেইদৰে নলবাৰী আৰু কোকৰাঝাৰতো অস্থায়ী পেণ্ডেল নিৰ্মাণৰ নামত কোটিৰ ঘৰত ধন ব্যয় কৰা হৈছিল৷ এইদৰে এটা উদ্বোধনী অনুষ্ঠানৰ নামত ৫ কোটিতকৈ অধিক টকা কেৱল অস্থায়ী মঞ্চ আৰু পেণ্ডেলৰ নামতে ব্যয় কৰা হ’ল।
২০২৩ চনতেই অসম চৰকাৰে মুকলি কৰিছিল অৰুণোদয় ২.০ আঁচনি৷ ইয়াৰ লগত সংগতি ৰাখি জিলাই জিলাই সভাৰ আয়োজন কৰা হৈছিল৷ ২০২৩ চনৰ ১১ অক্টোবৰৰ পৰা ১৮ অক্টোবৰলৈ সকলো জিলাতেই এই সভাৰ বাবে অস্থায়ী পেণ্ডেল আৰু মঞ্চৰ ব্যৱস্থা কৰা হৈছিল৷ ইয়াৰে ২৪ খন জিলাত পেণ্ডেল আৰু মঞ্চৰ নামত ব্যয় কৰা হৈছিল ২০ ,১৮,৬১,৬০২ টকা৷ আন জিলাসমূহক সাঙুৰিলে এই ধনৰ পৰিমাণ নিশ্চয় অধিক বৃদ্ধি পাব৷ ইয়াৰ বাহিৰেও ২০২৩ চনত খানাপাৰত নিযুক্তি পত্ৰ বিতৰণৰ বাবে বিশাল অনুষ্ঠানৰ আয়োজন কৰা হৈছিল৷ এই অনুষ্ঠানৰ মঞ্চ–পেণ্ডেলৰ নামত ব্যয় কৰা হয় ২,৩১,৪০,১১৫ টকা৷ সেই একেটা বছৰৰে ১৯ মে’ত কলাক্ষেত্ৰত আয়োজন কৰা হৈছিল নেচনেল ফাৰ্মাৰ কনক্লেভ৷ য’ত অস্থায়ী মঞ্চ আন পেণ্ডেলৰ নামত ১,৭৬,৪৪,৫২৫ টকা ব্যয় কৰা হয়৷ অসম চৰকাৰে প্ৰদান কৰা অসামৰিক অনুষ্ঠানৰ সময়তো কলাক্ষেত্ৰত পেণ্ডেলৰ ব্যৱস্থা কৰা হৈছিল৷ য’ত ‘কী কী’ বাহিনীক আদায় দিয়া হয় ৮২,৭৬,০৬৯ টকা৷ একেদৰেই সাংস্কৃতিক মহাসংগ্ৰামৰ নামতো ৰাজ্যজুৰি বিশাল আয়োজন চলোৱা হৈছিল৷ ৰাজ্যৰ আন প্ৰান্ত বাদেই কেৱল গুৱাহাটীৰ ৬ টা স্থানত ইয়াৰ অস্থায়ী আয়োজনত ব্যয় কৰা হয় ১,৭৩,৭৪,৫২৭ টকা৷ শুৱালকুছিত মুখ্যমন্ত্ৰীয়ে স্থাপন কৰিছিল ১০০ বিচনাযুক্ত এখন চিকিৎসালয়ৰ আধাৰশিলা৷ তাতো মঞ্চ , পেণ্ডেল সজাৰ নামত ৭২,৩৭,০০০ টকা ব্যয় কৰে মুখ্যমন্ত্ৰীৰ অধীনষ্ঠ লোকনিৰ্মাণ বিভাগে৷ একেটা বছৰতে হজ যাত্ৰীৰ বাবে আয়োজন কৰা পেণ্ডেলৰ ৪৪,১৬,৫৭১ টকাৰ ঠিকাও ‘কী কী’ বাহিনীয়েই লাভ কৰে৷
- Donation -
এইখন চৰকাৰে স্বাধীনতা দিৱস, গণৰাজ্য দিৱস, ছহিদ দিৱসৰ নামত কিদৰে অস্থায়ী পেণ্ডেল সাজি ধন ব্যয় কৰিছে, সেয়া দেখিলে সকলোৰে চকু কপালত উঠিব৷ ২০২৩ আৰু ২০২৪ বৰ্ষত গুৱাহাটীত স্বাধীনতা দিৱসৰ পেণ্ডেলৰ নামত ব্যয় কৰা হৈছে ১,৯০,৭৮,৯০৩ টকা৷ ২০২৪ চনত খানাপাৰাত উদযাপন কৰা গণৰাজ্য দিৱসৰ পেণ্ডেলত ব্যয় কৰা হৈছিল ৯৯,৯০,৮৬৭ টকা৷ ২০২৩ আৰু ২০২৪ এই দুটা বছৰত গুৱাহাটীৰ ছহিদ উদ্যানত পালন কৰা চৰকাৰী ছহিদ দিৱসৰ কাৰ্যসূচীত অস্থায়ী পেণ্ডেলৰ নামত আদায় দিয়া হৈছে ১,২৩,৯৩,৭৬৫ টকা৷ লখিমপুৰত মাধৱদেৱ কলাক্ষেত্ৰৰ উদ্বোধনী অনুষ্ঠানতো পেণ্ডেল সজাৰ নামত ‘কীকী’ক আদায় দিয়া হৈছিল ১ কোটি ৭০ লাখ টকা৷ ইয়াৰ বাহিৰেও চৰকাৰী উদ্যোগত আয়োজন কৰা হৈছে বাণীকান্ত কাকতি পুৰষ্কাৰ বিতৰণ, বিকাশ যাত্ৰাৰ দৰে অনুষ্ঠানৰ৷ জিলাই জিলাই অয়োজন কৰা এই অনুষ্ঠানসমূহত কিদৰে পানীৰ দৰে ধন উৰুওৱা হৈছে, সেয়া জানিবলৈ কেইটামান উদাহৰণেই যথেষ্ট৷ উদাহৰণস্বৰূপে, চৰকাৰী বিকাশ যাত্ৰা অনুষ্ঠানত কেৱল লখিমপুৰ, মঙলদৈ আৰু হোজাই জিলাৰ পেণ্ডেলৰ নামত ব্যয় কৰা হৈছে ৪,৩৮,৯৫,৩০৩ টকা৷ একেদৰেই স্কুটী বিতৰণ অনুষ্ঠানত কেৱল কামৰূপ, নগাঁও আৰু কাছাৰ জিলাত পেণ্ডেলৰ নামত ব্যয় কৰা হৈছে ৩,৮৫,০৩,৮৬৮ টকা৷
২০২৪ চনৰ ৬ ছেপ্তেম্বৰত ডিব্ৰুগড়ত মুকলি কৰা হৈছিল মুখ্যমন্ত্ৰীৰ সচিবালয়৷ এই সচিবালয় মুকলি অনুষ্ঠানত অস্থায়ী মঞ্চ, পেণ্ডেল নিৰ্মাণৰ নামত ‘কী কী’ বাহিনীয়ে লাভ কৰে ৭৭,৮৭,৫২৪ টকাৰ ঠিকা৷ একেদৰেই ২০২৪ চনৰ ২৩ ডিচেম্বৰত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীয়ে মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাইৰ বাবে বিশাল সভাৰ আয়োজন কৰিছিল৷ এই সভাৰ মঞ্চ আৰু পেণ্ডেল নিৰ্মাণৰ ঠিকাও লাভ কৰে কমলজিৎ সিঙৰ কেপিটেল অভাৰলেইজে৷ এই ঠিকাৰ পৰিমাণ আছিল -৩,০১,৯১,৭২০ টকা৷ আশ্চৰ্যজনক কথাটো হ’ল ২০২৪ চনৰ ২৩ ডিচেম্বৰত অনুষ্ঠিত এই সভাৰ পেণ্ডেল নিৰ্মাণৰ দায়িত্ব কমলজিৎ সিঙক দিয়া হৈছিল ২০২৫ চনৰ ২৪ জানুৱাৰীত৷ ঠিক একেদৰেই এইবাৰ ডিব্ৰুগড়ৰ গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷ এই কাৰ্যসূচীৰ পেণ্ডেলৰ নামত ‘কী কী’ বাহিনীক দিয়া হৈছিল ১,০১,০৪,১২৪ টকা৷ একেটা দিনতেই গুৱাহাটীৰ গণৰাজ্য দিৱসৰ পেণ্ডেলৰ নামতো ‘কী কী’ বাহিনীক আদায় দিয়া হয় ৯৯,৯৮,৮৬৭ টকা৷ ইয়াৰ বাহিৰে সৰুসজাইত অনুষ্ঠিত মেগা বিহুৰ নামতো ‘কী কী’য়ে লাভ কৰিছিল মুঠ ১২,৬৮,৭৭,৪৫৬ টকাৰ ঠিকা৷
এইদৰে বিগত ডেৰটা বছৰত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে কেৱল অস্থায়ী মঞ্চ পেণ্ডেল সজাৰ নামত ব্যয় কৰিছে ১০০ কোটিৰো অধিক টকা৷ ইয়াৰে ৬৬,১৫,৭৫,০১১ টকাৰ অস্থায়ী মঞ্চ , পেণ্ডেল সজাৰ নথি ‘দ্য ক্ৰছকাৰেণ্ট’ৰ হাতত আহি পৰিছে৷ ইয়াৰ ভিতৰত ৩৫,৯২,৭১,৯০৭ টকাই গৈছে ‘কীকী’ৰ জেপলৈ৷ অস্থায়ী মঞ্চ -পেণ্ডেল নিৰ্মাণৰ আংশিক তথ্যহে এতিয়ালৈকে ‘দ্য ক্ৰছকাৰেন্ট’-এ লাভ কৰিছে৷ তাৰ পৰাই ওলাই পৰিছে যে এটা মাহত ৩৬০০ কোটি টকাৰ ঋণ লোৱা চৰকাৰখনে কেনেদৰে অবাবত প্ৰচাৰ সভা পাতি মঞ্চ–পেণ্ডেলৰ নামত পানীৰ দৰে ধন ব্যয় কৰিছে৷ ইয়াৰ ফলত ৰাজ্যৰ অৰ্থনীতিৰ ওপৰত কি প্ৰভাৱ পৰিছে, সেয়া গৌণ৷ মূল কথা হৈছে এই প্ৰচাৰ সভাই মুখ্যমন্ত্ৰীৰ অতি ঘনিষ্ঠ ‘কীকী’ক দিনে দিনে জাতিষ্কাৰ কৰি তুলিছে৷ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ প্ৰচাৰ সভা মানেই যে ‘কীকী’ৰ জেপ গৰম, সেয়া এতিয়া দিনৰ পোহৰৰ দৰেই স্পষ্ট হৈ পৰিছে৷