সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বিশেষজ্ঞৰ পৰামৰ্শ নস্যাৎ! স্বতন্ত্ৰ কৰ্তৃপক্ষ অবিহনে গেৰুকামুখৰ প্ৰকল্পত উৎপাদনৰ বাবে সাজু NHPC

চলিত মে’ মাহৰ শেষৰ ভাগত ৩-৪ টা উনিটৰ জৰিয়তে উৎপাদন আৰম্ভ কৰিবলৈ সাজু হৈছে নামনি সোৱনশিৰি জলবিদ্যুত প্ৰকল্প।

চৰকাৰে মানি লোৱা বিশেষজ্ঞৰ প্ৰতিবেদনকো নস্যাৎ কৰি তথা সৰ্বসন্মত চৰ্ত জলাঞ্জলি দি NHPC-য়ে গেৰুকামুখৰ জলবিদ্যুত প্ৰকল্পৰ উৎপাদন কাম আৰম্ভ কৰিবলৈ আগবাঢ়িছে। প্ৰাপ্ত খবৰ অনুসৰি, মে’ৰ মাহৰ শেষৰ পৰা উৎপাদনৰ বাবে সাজু নামনি সোৱনশিৰি জলবিদ্যুত প্ৰকল্প।

বহু বিৰোধিতা, প্ৰতিবাদ, আন্দোলনৰ পাছতো অৱশেষত সম্পূৰ্ণ হ’ল গেৰুকামুখৰ নামনি সোৱনশিৰি জলবিদ্যুত প্ৰকল্প। চলিত মে’ মাহৰ শেষৰ ভাগত ৩-৪ টা উনিটৰ জৰিয়তে উৎপাদন আৰম্ভ কৰিবলৈ সাজু হৈছে নামনি সোৱনশিৰি জলবিদ্যুত প্ৰকল্প। ইতিমধ্যে NHPC ৰ মুখ্য পৰিচালন সঞ্চালকে এই ঘোষণা কৰিছে।

- Donation -

কিন্তু এনে প্ৰেক্ষাপটত নামনি সোৱনশিৰি জলবিদ্যুত প্ৰকল্প নিৰ্মাণৰ ক্ষেত্ৰত পৰিস্থিতি অধ্যয়ণৰ বাবে গঠন কৰা বিশেষজ্ঞৰ সমিতিৰ প্ৰতিবেদনৰ পৰামৰ্শ নস্যাৎ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

২০১৭ চনত গঠন কৰা হৈছিল বিশেষজ্ঞৰ সমিতি

বিতৰ্ক, আন্দোলনৰ পাছত ২০১৭ চনত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে নামনি সোৱনশিৰি জলবিদ্যুত প্ৰকল্পৰ পৰিস্থিতি অধ্যয়ণৰ বাবে বিশেষজ্ঞ সমিতি গঠনৰ পৰামৰ্শ দিছিল। সেই অনুসৰি কেন্দ্ৰীয় পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে গঠন কৰিছিল বিশেষজ্ঞ সমিতি। ২০১৭ চনত প্ৰভাস পাণ্ডেৰ নেতৃত্বত গঠিত তিনিজনীয়া বিশেষজ্ঞ সমিতিয়ে ২০১৯ চনত অধ্যয়ণৰ প্ৰতিবেদন দাখিল কৰিছিল। পূৰ্বৰ কেইবাখনো বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদন অগ্ৰাহ্য কৰিলেও প্ৰভাস পাণ্ডে সমিতিৰ এই প্ৰতিবেদন এন এইচ পি চি কৰ্তৃপক্ষৰ লগতে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে মানি লৈছিল।

লগতে পঢ়ক: Caste Census: জাতিগত লোকপিয়লেৰে সমৰ্থকৰ মুখত চূণ সানিলে নৰেন্দ্ৰ মোদীয়ে!

কি আছিল প্ৰভাস পাণ্ডে সমিতিৰ প্ৰতিবেদনত?

পাণ্ডে সমিতিৰ প্ৰতিবেদনৰ আধাৰতে সম্পূৰ্ণ হৈছে গেৰুকামুখ প্ৰকল্প নিৰ্মানৰ কাম। উৎপাদনৰ বাবে সাজু হোৱাৰো মূল ভিত্তি পাণ্ডে সমিতিৰ প্ৰতিবেদন। কিন্তু এই প্ৰতিবেদনৰ পৰামৰ্শৱলীৰ ভিতৰত এটা অন্যতম পৰামৰ্শ আছিল উৎপাদন আৰম্ভ কৰাৰ আগতে গঠন কৰিব লাগিব Subansiri Independent Integrated Reservoir Management Authority বা Subansiri River Basin Authority দৰে স্বতন্ত্ৰ কৰ্তৃপক্ষ।

লগতে পঢ়ক: Nuclear Power in Pakistan: পশ্চিমীয়া দেশৰ পৰা চুৰি কৰা ধাৰণাৰে পাকিস্তান আজি পাৰমানৱিক শক্তি

পৰামৰ্শ আছিল যে এই কৰ্তৃপক্ষ গঠনৰ পাছত অসমৰ প্ৰতিনিধিকে ধৰি নামনিৰ প্ৰভাৱিত লোক তথা সামূহিক সংগঠনসমূহৰ সৈতে যোগাযোগৰ জৰিয়তে এই প্ৰকল্পৰ জলাশয়টো ঋতু বিশেষে কেনেকৈ  চলিব তাৰ ৰাজহুৱা পৰামৰ্শ গ্ৰহণ কৰাৰ।

বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদনৰ পৰামৰ্শ নস্যাৎ NHPC-ৰ

এতিয়া এন এইচ পি চিয়ে উৎপাদনৰ প্ৰস্তুতিৰ কথা ঘোষণা কৰিছে। কিন্তু বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ অনুযায়ী এই পৰ্যন্ত গঠন হোৱা নাই স্বতন্ত্ৰ কৰ্তৃপক্ষ। একেদৰে গ্ৰহণ কৰা হোৱা নাই  ৰাজহুৱা পৰামৰ্শ।

এই দিশসমূহক সম্পূৰ্ণৰূপে আওকান কৰি নিজস্ব মৈমতালিৰে উৎপাদনৰ বাবে সাজু হৈছে এন এইচ পি চি। যাৰ ফলত ভৱিষ্যতে নামনিৰ জনসাধাৰণৰ জীৱন-জীৱিকাৰ প্ৰতি আহিব পৰা ভাবুকিক গুৰুত্বহীন কৰা হৈছে। এতিয়া এনে পৰিস্থিতিত নামনিৰ ৰাইজৰ প্ৰতিবাদক আওকান কৰি এন এইচ পি চি ক ৰঙা দলিচা পাৰি দিয়া চৰকাৰে কি ব্যৱস্থা লয় সেয়াও লক্ষণীয় হ’ব।

Leave A Reply

Your email address will not be published.