সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

Caste Census: জাতিগত লোকপিয়লেৰে সমৰ্থকৰ মুখত চূণ সানিলে নৰেন্দ্ৰ মোদীয়ে!

কাৰ্যতঃ সমৰ্থকৰ মুখত চূণ সানিলে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে৷ দেশত যুদ্ধৰ উত্তেজনা বিৰাজ কৰি থকা সময়তে নৰেন্দ্ৰ মোদী চৰকাৰে দেশত প্ৰথমবাৰৰ বাবে জাতিগত লোকপিয়ল (Caste Census) কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ কেনেদৰে এই গণনা কৰা হয়, তাৰ বিশদ তথ্য প্ৰকাশ কৰা নাই যদিও মোদী চৰকাৰৰ এই সিদ্ধান্তই এতিয়া খোদ মোদীৰ সমৰ্থকসকলকেই বিপদত পেলাইছে৷ কিয়নো জাতিগত জনগণনা হ’ল কংগ্ৰেছ দলৰ প্ৰধান দাবী৷ বিগত লোকসভা নিৰ্বাচনৰ পূৰ্বৰে পৰাই জাতিগত জনগণনাৰ দাবীত সৰৱ হৈ আহিছে ৰাহুল গান্ধী৷ নিৰ্বাচনত ৰাহুল গান্ধীৰ অন্যতম প্ৰধান ইছ্যুয়ে আছিল জাতিগত লোকপিয়ল৷

 

- Donation -

কিন্তু ৰাহুল গান্ধীৰ এই দাবীক নিৰ্বাচনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে পোনছাটেই নাকচ কৰি আহিছিল৷ তেওঁ এনে চিন্তাক আৰবান নক্সাল চিন্তা বুলিও অভিহিত কৰিছিল৷

 

বিজেপিৰ আই টি চেলৰ মুৰব্বী অমিত মালব্যই জাতিগত লোকপিয়লৰ কোনো প্ৰয়োজন নাই বুলি অভিহিত কৰাই নহয়, ইয়ে সামাজিক অস্থিৰতাৰ জন্ম দিব বুলিও ঘোষণা কৰিছিল৷

লোকসভা নিৰ্বাচন গ’ল৷ বিজেপি ক্ষমতালৈ আহিল৷ কিন্তু জাতিগত লোকপিয়লৰ দাবীত সৰৱ হৈ ৰ’ল ৰাহুল গান্ধী আৰু কংগ্ৰেছ দল৷ ইয়াৰ বিপৰীতে জাতিগত জনগণনাই হিন্দু সমাজক বিভাজিত কৰিব বুলি মন্তব্য কৰি যোগী আদিত্যনাথে ‘বাটেংগে টু কাটেংগে’ শ্ল’গান দিলে৷ শেহতীয়া মহাৰাষ্ট্ৰ নিৰ্বাচনত ৰাহুল গান্ধীৰ সামাজিক ন্যায়ৰ বিপৰীতে প্ৰধানমন্ত্ৰী মোদীৰ শ্ল’গান আছিল ‘এক হে টু চেভ হে৷’ অৰ্থাৎ সৌ সিদিনালৈকে জাতিগত জনগণনাই হিন্দু সমাজক বিভাজিত কৰিব বুলিয়েই নৰেন্দ্ৰ মোদীয়ে ধাৰণা কৰি আহিছিল আৰু ৰাহুল গান্ধীৰ দাবীক নাকচ কৰি আহিছিল৷ মোদীৰ সুৰতেই সুৰ মিলাই আই টি চেল, একাংশ সংবাদ মাধ্যম আৰু মোদী সমৰ্থকসকলে জাতিগত জনগণনাৰ বিৰোধিতা কৰি আহিছিল৷

বিজেপিয়ে আৰম্ভণিৰে পৰাই জাতিগত জনগণনাৰ বিৰোধিতা কৰাৰ লগতে ইয়ে হিন্দু সমাজক জাতিৰ আধাৰত বিভাজিত কৰিব বুলি গণ্য কৰে৷ কিন্তু সমৰ্থকসকলৰ মুখত ছাই সানি হঠাৎ বুধবাৰৰ কেবিনেটত লোৱা হ’ল জাতিগত জনগণনাৰ সিদ্ধান্ত৷এই এটা মাত্ৰ সিদ্ধান্তই মোদী ভক্ত আৰু মোদী সমৰ্থকসকলক বাৰুকৈয়ে বিপদত পেলালে৷

জাতিগত লোকপিয়ল (Caste Census)ক লৈ কিয় অকস্মাৎ মোদীয়ে নিজৰ সুৰ সলালে?

উত্তৰ এটাই – নিৰ্বাচন৷ মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে হিন্দু একতাৰ কথা কৈছিল কিন্তু বিহাৰত সেয়া সম্ভৱ নহয়৷ বিহাৰৰ ৰাজনীতি জাতিৰ আধাৰত প্ৰতিষ্ঠিত৷ জাতিগত সমীকৰণেই বিহাৰৰ ৰাজনীতিৰ মূল আধাৰ৷ ৰাহুল গান্ধী আৰু তেজস্বী যাদৱে সমাগত বিহাৰ বিধানসভা নিৰ্বাচনত জাতিগত জনগণনাকেই মূল ইছ্যু হিচাপে কৈ অৱতীৰ্ণ হোৱাটো নিশ্চিত৷ এই ৰণনীতিয়ে নিশ্চিতভাৱে বিজেপিক বেকফুটলৈ ঠেলি দিয়াৰ সম্ভাৱনা প্ৰবল৷ এনে পৰিস্থিতিত নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া বিহাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধীৰ মূল অস্ত্ৰপাত কাঢ়ি আনিবলৈ মোদী কেবিনেটে জাতিগত লোকপিয়লৰ সিদ্ধান্ত গ্ৰহণ কৰিলে৷ কিন্তু সেয়া অহা কিছুদিনৰ ভিতৰতেই নহয়৷ ২০২১ ত দেশৰ লোকপিয়ল নহ’ল৷ ২০২৬ ত হ’ব এই লোকপিয়ল৷ তাৰ মাজত পাৰ হৈ যাব বিধানসভা নিৰ্বাচন৷ সেইবাবেই কেতিয়ালৈ জাতিগত লোকপিয়ল সম্পন্ন হ’ব, তাক লৈ প্ৰশ্ন কৰিছে কংগ্ৰেছ দলে৷

Leave A Reply

Your email address will not be published.