Caste Census: জাতিগত লোকপিয়লেৰে সমৰ্থকৰ মুখত চূণ সানিলে নৰেন্দ্ৰ মোদীয়ে!

কাৰ্যতঃ সমৰ্থকৰ মুখত চূণ সানিলে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে৷ দেশত যুদ্ধৰ উত্তেজনা বিৰাজ কৰি থকা সময়তে নৰেন্দ্ৰ মোদী চৰকাৰে দেশত প্ৰথমবাৰৰ বাবে জাতিগত লোকপিয়ল (Caste Census) কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ কেনেদৰে এই গণনা কৰা হয়, তাৰ বিশদ তথ্য প্ৰকাশ কৰা নাই যদিও মোদী চৰকাৰৰ এই সিদ্ধান্তই এতিয়া খোদ মোদীৰ সমৰ্থকসকলকেই বিপদত পেলাইছে৷ কিয়নো জাতিগত জনগণনা হ’ল কংগ্ৰেছ দলৰ প্ৰধান দাবী৷ বিগত লোকসভা নিৰ্বাচনৰ পূৰ্বৰে পৰাই জাতিগত জনগণনাৰ দাবীত সৰৱ হৈ আহিছে ৰাহুল গান্ধী৷ নিৰ্বাচনত ৰাহুল গান্ধীৰ অন্যতম প্ৰধান ইছ্যুয়ে আছিল জাতিগত লোকপিয়ল৷

 

কিন্তু ৰাহুল গান্ধীৰ এই দাবীক নিৰ্বাচনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে পোনছাটেই নাকচ কৰি আহিছিল৷ তেওঁ এনে চিন্তাক আৰবান নক্সাল চিন্তা বুলিও অভিহিত কৰিছিল৷

 

বিজেপিৰ আই টি চেলৰ মুৰব্বী অমিত মালব্যই জাতিগত লোকপিয়লৰ কোনো প্ৰয়োজন নাই বুলি অভিহিত কৰাই নহয়, ইয়ে সামাজিক অস্থিৰতাৰ জন্ম দিব বুলিও ঘোষণা কৰিছিল৷

লোকসভা নিৰ্বাচন গ’ল৷ বিজেপি ক্ষমতালৈ আহিল৷ কিন্তু জাতিগত লোকপিয়লৰ দাবীত সৰৱ হৈ ৰ’ল ৰাহুল গান্ধী আৰু কংগ্ৰেছ দল৷ ইয়াৰ বিপৰীতে জাতিগত জনগণনাই হিন্দু সমাজক বিভাজিত কৰিব বুলি মন্তব্য কৰি যোগী আদিত্যনাথে ‘বাটেংগে টু কাটেংগে’ শ্ল’গান দিলে৷ শেহতীয়া মহাৰাষ্ট্ৰ নিৰ্বাচনত ৰাহুল গান্ধীৰ সামাজিক ন্যায়ৰ বিপৰীতে প্ৰধানমন্ত্ৰী মোদীৰ শ্ল’গান আছিল ‘এক হে টু চেভ হে৷’ অৰ্থাৎ সৌ সিদিনালৈকে জাতিগত জনগণনাই হিন্দু সমাজক বিভাজিত কৰিব বুলিয়েই নৰেন্দ্ৰ মোদীয়ে ধাৰণা কৰি আহিছিল আৰু ৰাহুল গান্ধীৰ দাবীক নাকচ কৰি আহিছিল৷ মোদীৰ সুৰতেই সুৰ মিলাই আই টি চেল, একাংশ সংবাদ মাধ্যম আৰু মোদী সমৰ্থকসকলে জাতিগত জনগণনাৰ বিৰোধিতা কৰি আহিছিল৷

বিজেপিয়ে আৰম্ভণিৰে পৰাই জাতিগত জনগণনাৰ বিৰোধিতা কৰাৰ লগতে ইয়ে হিন্দু সমাজক জাতিৰ আধাৰত বিভাজিত কৰিব বুলি গণ্য কৰে৷ কিন্তু সমৰ্থকসকলৰ মুখত ছাই সানি হঠাৎ বুধবাৰৰ কেবিনেটত লোৱা হ’ল জাতিগত জনগণনাৰ সিদ্ধান্ত৷এই এটা মাত্ৰ সিদ্ধান্তই মোদী ভক্ত আৰু মোদী সমৰ্থকসকলক বাৰুকৈয়ে বিপদত পেলালে৷

জাতিগত লোকপিয়ল (Caste Census)ক লৈ কিয় অকস্মাৎ মোদীয়ে নিজৰ সুৰ সলালে?

উত্তৰ এটাই – নিৰ্বাচন৷ মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে হিন্দু একতাৰ কথা কৈছিল কিন্তু বিহাৰত সেয়া সম্ভৱ নহয়৷ বিহাৰৰ ৰাজনীতি জাতিৰ আধাৰত প্ৰতিষ্ঠিত৷ জাতিগত সমীকৰণেই বিহাৰৰ ৰাজনীতিৰ মূল আধাৰ৷ ৰাহুল গান্ধী আৰু তেজস্বী যাদৱে সমাগত বিহাৰ বিধানসভা নিৰ্বাচনত জাতিগত জনগণনাকেই মূল ইছ্যু হিচাপে কৈ অৱতীৰ্ণ হোৱাটো নিশ্চিত৷ এই ৰণনীতিয়ে নিশ্চিতভাৱে বিজেপিক বেকফুটলৈ ঠেলি দিয়াৰ সম্ভাৱনা প্ৰবল৷ এনে পৰিস্থিতিত নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া বিহাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধীৰ মূল অস্ত্ৰপাত কাঢ়ি আনিবলৈ মোদী কেবিনেটে জাতিগত লোকপিয়লৰ সিদ্ধান্ত গ্ৰহণ কৰিলে৷ কিন্তু সেয়া অহা কিছুদিনৰ ভিতৰতেই নহয়৷ ২০২১ ত দেশৰ লোকপিয়ল নহ’ল৷ ২০২৬ ত হ’ব এই লোকপিয়ল৷ তাৰ মাজত পাৰ হৈ যাব বিধানসভা নিৰ্বাচন৷ সেইবাবেই কেতিয়ালৈ জাতিগত লোকপিয়ল সম্পন্ন হ’ব, তাক লৈ প্ৰশ্ন কৰিছে কংগ্ৰেছ দলে৷

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296